২০২৬ চনৰ টি-২০ বিশ্বকাপ ১২ জুনত আৰম্ভ হ’ব আৰু ৫ জুলাইত অনুষ্ঠিত হ’ব এই মেগা প্ৰতিযোগিতাৰ ফাইনেল
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ ১৫ জনীয়া দল ঘোষণা কৰিছে বিচিচিআইয়ে । হৰমনপ্ৰীত কৌৰ দলৰ অধিনায়ক হিচাপে থাকিব, আনহাতে স্মৃতি মন্ধানা সহ-অধিনায়ক হিচাপে থাকিব । ইংলেণ্ড আৰু ৱেলছৰ উদ্যোগত ২০২৬ চনৰ টি-২০ বিশ্বকাপ ১২ জুনত আৰম্ভ হ’ব আৰু ৫ জুলাইত অনুষ্ঠিত হ’ব এই মেগা প্ৰতিযোগিতাৰ ফাইনেল ।
আঘাতৰ বাবে বেগী বলাৰ কৰণ কাশৱী গৌতম আৰু অল ৰাউণ্ডাৰ অমনজোত কৌৰ নিৰ্বাচনৰ বাবে উপলব্ধ নহ’ল । ভাল খবৰটো হ’ল যে দলটোৰ হাতত আছে ৰেনুকা ঠাকুৰ, ক্ৰান্তি গৌড়, অৰুন্ধতী ৰেড্ডী আৰু নন্দিনী শৰ্মাৰ উৎকৃষ্ট বেগী বলিঙৰ বিকল্প । এয়া হ’ব নন্দিনীৰ প্ৰথমটো বিশ্বকাপ ।
টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল :
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগোজ, ভাৰতী ফুলমালি, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), শ্ৰী চৰাণী, যস্তিকা ভাটিয়া (উইকেটকীপাৰ), নন্দিনী শৰ্মা, অৰুন্ধতী ৰেড্ডী, ৰেনুকা ঠাকুৰ, ক্ৰান্তি গৌড়, শ্ৰেয়ংকা পাটিল, ৰাধা যাদৱ ।
শনিবাৰে অনুষ্ঠিত হোৱা বাছনি সমিতিৰ বৈঠকত দলটো নিৰ্বাচিত কৰা হয় । এই বৈঠকত অধিনায়ক দলৰ হৰমনপ্ৰীত কৌৰ, মুখ্য প্ৰশিক্ষক আমোল মজুমদাৰ, বাছনি সমিতিৰ অধ্যক্ষ অমিতা শৰ্মা আৰু বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়া উপস্থিত থাকে ।
ইফালে টি-২০ বিশ্বকাপৰ পূৰ্বে ইংলেণ্ড ভ্ৰমণৰ বাবেও ঘোষণা কৰা হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল ।
লৰ্ডছ টেষ্টৰ বাবে ভাৰতীয় দল (ইংলেণ্ডৰ বিৰুদ্ধে):
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগোজ, প্ৰতিকা ৰাৱাল, শ্ৰী চৰাণী, যস্তিকা ভাটিয়া, নন্দিনী শৰ্মা, হৰলীন দেওল, ৰেনুকা সিং ঠাকুৰ, ক্ৰান্তি গৌড়, ছাইলী সাতঘৰে, স্নেহ ৰানা ।
লগতে পঢ়ক : ৰিয়ান পৰাগৰ বেটত ৰানৰ ধুমুহা: সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰেৰে আই পি এলত শক্তিশালী কামবেক









