নিস্তেজ মুম্বাই… চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হাৰ্দিক বাহিনী

নিস্তেজ মুম্বাই… চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হাৰ্দিক বাহিনী

শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে চলিত আই পি এলত আন এক পকাজয়ৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছ । শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে ।

শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে

চলিত আই পি এলত আন এক পকাজয়ৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছ । শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে । মেচখনত ৮ উইকেটত জয়লাভ কৰে চেন্নাই চুপাৰ কিংছে । এই খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হয় । টছত জয়ী হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি মুম্বাইয়ে মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় যিটো চেন্নাইয়ে ১৯ অভাৰতে উপনীত হয় ।

১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি চেন্নাই চুপাৰ কিংছে সঞ্জু চেমছন আৰু ৰুতুৰাজ গাইকোৱাদৰ সৈতে ইনিংছৰ আৰম্ভণি কৰে । চেমছন ১১ ৰানত আউট হয় যদিও গাইকোৱাদে আনটো মূৰত দলৰ ইনিংছ চম্ভালে । উৰভিল আউট হোৱাৰ পিছতে গাইকোৱাদে কাৰ্তিক শৰ্মাৰ সৈতে ১৯ অভাৰত মেচখন জয় কৰে । কাৰ্তিক শৰ্মাই আই পি এলৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে ।

প্ৰথম বেটিং কৰা মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত উইল জেকছৰ উইকেট হেৰুৱাই দলটোৱে । জেকছে মাত্ৰ এক ৰানহে সংগ্ৰহ কৰে । তাৰ পাছত ৰিকেল্টনে ভাল ইনিংছ খেলিছিল যদিও সপ্তম অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । এই খেলখনত সূৰ্য কুমাৰ যাদৱে ১২টা বলত ২১ ৰান সংগ্ৰহ কৰে । মুম্বাইৰ স্ক’ৰে ১১ অভাৰত ১০০ ৰান অতিক্ৰম কৰে । নমন ধীৰে ৩৭টা বলত ৫৭ ৰান সংগ্ৰহ কৰে । অৱশ্যে মুম্বাইৰ নিম্ন ক্ৰম সম্পূৰ্ণৰূপে ফ্লপ হোৱাৰ ফলত মুঠ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় দলটো । চি এছ কেৰ হৈ নূৰ আহমেদে ৪ অভাৰত মাত্ৰ ২৬ ৰানত দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক : বৈভৱৰ উইকেট দখল কৰি হৰ্ষোল্লাস কৰা জেমিছনৰ বিৰুদ্ধে কঠোৰ বিচিচিআই