বিপদত LSGৰ অধিনায়ক ঋষভ পন্ত; বিহিলে ১২ লাখ টকাৰ জৰিমনা

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৭ উইকেটৰ জয় নিশ্চিত কৰে অৱশ্যে ইয়াৰ সমান্তৰালকৈ দলৰ অধিনায়ক ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা বিহা হয়।

২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পণ্টৰ বাবে ভাল যেন পৰিলক্ষিত হোৱা নাই।তেওঁৰ অধিনায়কত্বত লক্ষ্ণৌ এই ছিজনত প্লে অফৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।অৱশ্যে,দলটোৱে কামবেক কৰি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৭ উইকেটৰ জয় নিশ্চিত কৰে, কিন্তু ইয়াৰ লগে লগে অধিনায়ক ঋষভ পণ্ট এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।

দৰাচলতে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনৰ সময়ত অধিনায়ক ঋষভ পন্তক শ্লো’ অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।ফলত ৰেফাৰীয়ে তেওঁক ১২ লাখ টকাৰ জৰিমনা বিহিছে।এই ছিজনত লক্ষ্ণৌৰ দলটোক প্ৰথমবাৰৰ বাবে শ্লো’ অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল, যাৰ ফলত অধিনায়ক পণ্টক ডেমেৰিট পইণ্ট দিয়া হোৱা নাছিল।

লগতে পঢ়ক: দ্বিতীয় বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া; আই পি এলৰ মাজতে মহিকা শৰ্মাৰ সৈতে বহিব বিবাহত

উৰ্বিল পেটেলৰ দ্ৰুততম অৰ্ধশতক, লক্ষ্ণৌক ধূলিস্যাৎ কৰি প্লে-অফৰ দিশে চেন্নাই

ৰোমাঞ্চকৰ মেচত চেন্নাই ছুপাৰ কিঙছে লক্ষ্ণৌ ছুপাৰ জায়ণ্টছক ৫ উইকেটত পৰাস্ত কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬-ৰ দেওবাৰৰ এখন ৰোমাঞ্চকৰ মেচত চেন্নাই ছুপাৰ কিঙছে লক্ষ্ণৌ ছুপাৰ জায়ণ্টছক ৫ উইকেটত পৰাস্ত কৰে । এম.এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত জয়লাভ কৰি ঘৰুৱা দল চেন্নাইয়ে প্লে-অফৰ যুঁজত নিজৰ স্থান মজবুত কৰাৰ বিপৰীতে লক্ষ্ণৌৰ বাবে শেষ ৰাস্তাও প্ৰায় বন্ধ হৈ পৰিল ।

উৰ্বিলৰ অভিলেখ সৃষ্টিকাৰী ইনিংছ-

২০৪ ৰাণৰ এক বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ নামি চেন্নাইৰ হৈ বেটছমেন উৰ্বিল পেটেলে ইতিহাস ৰচনা কৰে । মাত্ৰ ১৩ বলত অৰ্ধশতক অৰ্জন কৰি তেওঁ আই পি এলৰ ইতিহাসত যশস্বী জয়ছোৱালৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ স্পৰ্শ কৰে । উৰ্বিলে নিজৰ ৬৩ ৰাণৰ ইনিংছত ৮ টা ছিক্সাৰ আৰু ২ টা চাৰি কোবায় । তেওঁৰ এই ধুমুহাৰ বাবেই চেন্নায়ে ৪ বল বাকী থকা অৱস্থাতে ২০৮ ৰাণ সংগ্ৰহ কৰি জয় সাব্যস্ত কৰে ।

ইনিংছৰ আৰম্ভণিতে সঞ্জু চেমচন (২৮) আৰু ঋতুৰাজ গাইকোৱাডে (৪২) দলক এক সুন্দৰ ভেটি প্ৰদান কৰিছিল । মাজভাগত কিছু উইকেট হেৰুৱালেও শিৱম ডুবে আৰু প্ৰশান্ত বীৰে ঠাণ্ডা মগজুৰে দলক বিজয়ী লক্ষ্যত উপনীত কৰায় ।

জচ ইংলিছৰ সংগ্ৰাম অথলে-

ইয়াৰ পূৰ্বে, টছত হাৰি বেটিং কৰিবলৈ নামি লক্ষ্ণৌ ছুপাৰ জায়ণ্টছে ২০৩ ৰাণৰ বিশাল স্ক’ৰ থিয় কৰাইছিল । লক্ষ্ণৌৰ হৈ জচ ইংলিছে মাত্ৰ ৩৩ বলত ৮৫ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ ইনিংছত ১০ টা চাৰি আৰু ৬ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছিল । অৱশেষত শ্বাহবাজ আহমেদৰ ৪৩ ৰাণৰ সহায়ত দলটোৱে ৮ উইকেট হেৰুৱাই ২০০ ৰাণৰ সীমা অতিক্ৰম কৰে ।

চেন্নাইৰ হৈ বলিং বিভাগত জেমি অভাৰটনে সুন্দৰ প্ৰদৰ্শন কৰি ৩ টা উইকেট দখল কৰে ।

পইণ্ট তালিকাৰ অৱস্থা-

এই জয়ৰ সৈতে চেন্নাই ছুপাৰ কিঙচৰ ১১ খন খেলত ১২ পইণ্ট হ’ল । আনহাতে, ১১ খন খেলৰ ভিতৰত মাত্ৰ ৩ খনত জয়লাভ কৰা লক্ষ্ণৌ ছুপাৰ জায়ণ্টছ ৬ পইণ্টৰ সৈতে তালিকাৰ তলৰ ফালে আছে, যাৰ ফলত তেওঁলোকৰ প্লে-অফৰ সম্ভাৱনা প্ৰায় নাইকিয়া হৈ পৰিছে ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

পৰাজয়ৰ চক্ৰবেহুত বন্দী মুম্বাই ইণ্ডিয়ানছ, অনিশ্চিত প্লে’ অফৰ পথ !

৫ বাৰৰ আই পি এল চেম্পিয়ন মুম্বাইয়ে ৯খন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয়লাভ কৰিছে আৰু ৭খন খেলত পৰাস্ত হৈছে

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছে অনুৰাগীৰ হৃদয় ভাঙি শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে । ৫ বাৰৰ আই পি এল চেম্পিয়ন মুম্বাইয়ে ৯খন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয়লাভ কৰিছে আৰু ৭খন খেলত পৰাস্ত হৈছে । ২ মে’ শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত মুম্বাই ইণ্ডিয়ানছৰ বেটিং, বলিং আৰু ফিল্ডিং অতিশয় দুৰ্বল আছিল । ৭ উইকেটত মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় দলটোৱে । কঠিন পৰিস্থিতিত নমন ধীৰে ৫৭ ৰানৰ যুঁজাৰু ইনিংছ খেলিছিল যদিও আনটো মূৰৰ পৰা তেওঁৰ বিশেষ সমৰ্থনৰ লাভত ব্যৰ্থ হয় ।

১৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰা চেন্নাই ছুপাৰ কিংছে মেচখনত একপক্ষীয় বিজয় সাব্যস্ত কৰে । অধিনায়ক ৰুতুৰাজ গাইকোৱাদে ৬৭ ৰানৰ অপৰাজিত ইনিংছ খেলি মাত্ৰ ১৮.১ অভাৰতে দলটোক বিজয় লক্ষ্যত উপনীয় কৰায় । চি এছ কেয়ে ৮ উইকেটত জয়লাভ কৰি প্লে অফৰ আশা জীয়াই ৰাখিছে । ইফালে, চি এছ কেৰ বিৰুদ্ধে পুনৰ পৰাজয়ৰ ফলত মুম্বাই ইণ্ডিয়ানছ শলঠেকত পৰিছে । ৪ পইন্টেৰে দলটো বৰ্তমান পইণ্ট তালিকাৰ নৱম স্থানত আছে আৰু দলটোৰ আৰু নেট ৰান ৰেট -০.৮০৩ ।

এই ছিজনত মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মিডল অভাৰৰ বেটিং । ভাল আৰম্ভণিৰ পিছত উইকেট হেৰুৱাই দলটো প্ৰায়ে হেঁচাত পৰে । চি এছ কেৰ বিৰুদ্ধেও একেই দেখা গ’ল, য’ত শক্তিশালী স্থান থকাৰ পাছতো হঠাতে দলটো বেকফুটলৈ যায় ৷ দলটোৰ বলিং আক্ৰমণো দুৰ্বল । কম স্ক’ৰে বলাৰসকলৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰে, যাৰ বাবে বিপক্ষই সহজেই দলটোৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

বাকী পাঁচখন খেলত মুম্বাই ইণ্ডিয়ানছ জয়ী হ’লে ১৪ পইণ্ট লাভ কৰিবলৈ সক্ষম হ’ব । এতিয়া মুম্বাইৰ বাবে আগন্তুক পথ অত্যন্ত কঠিন হৈ পৰিছে । দলটোৱে বাকী সকলো মেচতে জয়ী হ’ব লাগিব আৰু নেট ৰান ৰেট যথেষ্ট উন্নত কৰিব লাগিব । তদুপৰি তেওঁলোকে আন দলৰ ফলাফলৰ ওপৰতো নিৰ্ভৰ কৰিব লাগিব । যদিহে মুম্বাই এখন মেচতো পৰাস্ত হয় তেন্তে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত । গাণিতিকভাৱে হয়তো এতিয়াও মুম্বাই বাহিৰ হোৱা নাই, কিন্তু তেওঁলোকৰ বৰ্তমানৰ ফৰ্ম আৰু ধাৰাবাহিক ভুলৰ প্ৰতি লক্ষ্য ৰাখি প্লে অফত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ যেন লাগে ।

মুম্বাই ইণ্ডিয়ানছৰ বাকী থকা মেচ-

৪ মে’ : লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে

১০ মে’: ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে

১৪ মে’ : পঞ্জাব কিংছ, ধৰমশালা

২০ মে’ : কলকাতা নাইট ৰাইডাৰ্ছ

২৪ মে’ : ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে

ইফালে চলিত আই পি এলত আন এক গুৰুতৰ পৰাজয়ৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই নিজৰ যন্ত্ৰণা প্ৰকাশ কৰে । হাৰ্দিকে স্বীকাৰ কৰে যে এই ছিজনত তেওঁৰ দলটো পুনৰ ট্ৰেকলৈ আহিবলৈ সক্ষম নহ’ল । মেচৰ পিছত হাৰ্দিক পাণ্ডিয়াই স্পষ্টকৈ কয়, “এয়া আমাৰ ছিজন নহয় । প্ৰতিটো বিভাগতে চি এছ কে ভাল আছিল । তেওঁলোকে ভাল বলিং কৰিছিল, ভাল বেটিং কৰিছিল আৰু ভাল ফিল্ডিং কৰিছিল ।”

লগতে পঢ়ক : নিস্তেজ মুম্বাই… চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হাৰ্দিক বাহিনী

নিস্তেজ মুম্বাই… চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হাৰ্দিক বাহিনী

শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে

চলিত আই পি এলত আন এক পকাজয়ৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছ । শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে । মেচখনত ৮ উইকেটত জয়লাভ কৰে চেন্নাই চুপাৰ কিংছে । এই খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হয় । টছত জয়ী হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি মুম্বাইয়ে মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় যিটো চেন্নাইয়ে ১৯ অভাৰতে উপনীত হয় ।

১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি চেন্নাই চুপাৰ কিংছে সঞ্জু চেমছন আৰু ৰুতুৰাজ গাইকোৱাদৰ সৈতে ইনিংছৰ আৰম্ভণি কৰে । চেমছন ১১ ৰানত আউট হয় যদিও গাইকোৱাদে আনটো মূৰত দলৰ ইনিংছ চম্ভালে । উৰভিল আউট হোৱাৰ পিছতে গাইকোৱাদে কাৰ্তিক শৰ্মাৰ সৈতে ১৯ অভাৰত মেচখন জয় কৰে । কাৰ্তিক শৰ্মাই আই পি এলৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে ।

প্ৰথম বেটিং কৰা মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত উইল জেকছৰ উইকেট হেৰুৱাই দলটোৱে । জেকছে মাত্ৰ এক ৰানহে সংগ্ৰহ কৰে । তাৰ পাছত ৰিকেল্টনে ভাল ইনিংছ খেলিছিল যদিও সপ্তম অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । এই খেলখনত সূৰ্য কুমাৰ যাদৱে ১২টা বলত ২১ ৰান সংগ্ৰহ কৰে । মুম্বাইৰ স্ক’ৰে ১১ অভাৰত ১০০ ৰান অতিক্ৰম কৰে । নমন ধীৰে ৩৭টা বলত ৫৭ ৰান সংগ্ৰহ কৰে । অৱশ্যে মুম্বাইৰ নিম্ন ক্ৰম সম্পূৰ্ণৰূপে ফ্লপ হোৱাৰ ফলত মুঠ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় দলটো । চি এছ কেৰ হৈ নূৰ আহমেদে ৪ অভাৰত মাত্ৰ ২৬ ৰানত দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক : বৈভৱৰ উইকেট দখল কৰি হৰ্ষোল্লাস কৰা জেমিছনৰ বিৰুদ্ধে কঠোৰ বিচিচিআই