হায়দৰাবাদে পইন্ট তালিকাৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলছক ৫৭ ৰানত পৰাস্ত কৰে
সোমবাৰে আই পি এল ২০২৬ৰ ২১ সংখ্যক মেচত মুখামুখি হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ । মেচখনত হায়দৰাবাদে পইন্ট তালিকাৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলছক ৫৭ ৰানত পৰাস্ত কৰে । এই জয়ৰ নায়ক আছিল ছাকিব হুছেইন আৰু প্ৰফুল হিংগে, যিয়ে নিজৰ অভিষেক মেচত চাৰিটাকৈ উইকেট দখল কৰি ৰাজস্থানৰ সমগ্ৰ বেটিং লাইন আপ ভাঙি দিয়ে ।
এই মেচত ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । ঈশান কিষনৰ ৯১ ৰানৰ সহায়ত হায়দৰাবাদে ৰাজস্থানক ২১৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত ইনিংছ আৰম্ভ কৰি বিপৰ্যয়ৰ সন্মুখীন হয় ৰাজস্থান । প্ৰথম অভাৰতে এক ৰানতে তিনিটা উইকেট হেৰুৱাই শলঠেকত পৰে দলটো । পূৰ্বৰ মেচসমূহত বিস্ফোৰক ইনিংছ খেলা বৈভৱ আৰু যশস্বী দুয়ো বিফল হয় ।
ৰাজস্থানৰ ইনিংছ-
২১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানৰ আৰম্ভণি বিপৰ্যয়েৰে আৰম্ভ হৈছিল । প্ৰথম অভাৰত প্ৰফুলে তিনিটা উইকেট দখল কৰে । বৈভৱ সূৰ্য্যবংশী, জুৰেল আৰু প্ৰটেৰিয়াছৰ উইকেট দখল কৰে অভিষেককাৰী প্ৰফুলে । পিছৰ অভাৰত মাত্ৰ এক ৰান সংগ্ৰহ কৰি আউট হয় যশস্বী । তাৰ পিছত ৰিয়ান পৰাগো ক্ৰীজত তিষ্ঠিব নোৱাৰি পেভিলিয়নমুখী হয় । অৱশ্যে ফেৰেইৰা আৰু জাডেজাই ধৈৰ্যশীল বেটিঙেৰে দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰৰ চেষ্টা চলাই । অৱশ্যে ১৫ অভাৰত ফেৰেইৰাৰ উইকেটৰ পতন ঘটে । ফেৰেইৰাই ৬৯ ৰান সংগ্ৰহ কৰে । তাৰ পিছৰ অভাৰত জাডেজাৰ উইকেটৰো পতন ঘটে । অৱশেষত ১৫৯ ৰানত আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ৰাজস্থানে ।
অভিষেক মেচতে জিলিকিল ছাকিব-প্ৰফুল
ঈশান কিষনৰ অধিনায়কত্বত এই মেচত ছাকিব হুছেইন আৰু প্ৰফুল হিংগক অভিষেকৰ সুযোগ দিয়া হয় । দুয়োজনে এই সুযোগৰ সদ্ব্যৱহাৰ কৰে । প্ৰফুলে ৪ অভাৰত মাত্ৰ ৩৪ ৰান দি ৪টা উইকেট দখল কৰে । বৈভৱৰ উইকেটকে ধৰি প্ৰথম অভাৰত তিনিটা উইকেট দখল কৰে তেওঁ । ইফালে ছাকিবে চাৰি অভাৰত মাত্ৰ ২৪ ৰান দি ৪টা উইকেট দখল কৰে । অৰ্থাৎ অভিষেক মেচতে দুয়োগৰাকীয়ে মুঠ ৮টা উইকেট দখল কৰি ৰাজস্থানৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।
হায়দৰাবাদৰ ইনিংছ-
প্ৰথমে বেটিং কৰি হায়দৰাবাদে প্ৰথমটো বলত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । অভিষেক শৰ্মা জোফ্ৰা আৰ্চাৰৰ হাতত কোনো ৰান সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । ইয়াৰ পিছতে ট্ৰেভিছ হেড আৰু ঈশান কিষনে দায়িত্ব লয় । ছয় অভাৰেৰে গঠিত পাৱাৰপ্লে’ত দুয়োজনে হায়দৰাবাদৰ স্ক’ৰ ৫০ৰ ওপৰলৈ লৈ যায় । কিন্তু সপ্তম অভাৰত হায়দৰাবাদে আন এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া ট্ৰেভিছ হেড ১৮ ৰানত আউট হয় । কিন্তু ঈশান কিষনে মাত্ৰ ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰে ।
অৰ্ধ শতকৰ পাছত ঈশানে আগ্ৰাসী বেটিং কৰি ১১ অভাৰত দলৰ স্ক’ৰ ১০০ৰ ওপৰলৈ লৈ যায় । ১৪ নং অভাৰত হায়দৰাবাদে তৃতীয়টো আঘাতৰ সন্মুখীন হয়, ঈশান কিষান ৯১ ৰানত আউট হয় । ঈশানে নিজৰ ইনিংছত ৪৪টা বলৰ মুখামুখি হয় আৰু ৮টা চাৰি আৰু ৬টা ছয় কোবাই ।
ইয়াৰ পিছতে ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি হাইনৰিখ ক্লাচেন পেভিলিয়নমুখী হয় । ইফালে, নীতিশ ৰেড্ডীয়ে ১৩টা বলত ২৮ ৰান সংগ্ৰহ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত ২১৬ ৰান সংগ্ৰহ কৰাত সহায় কৰে ।
লগতে পঢ়ক : টি-২০ বিশ্বকাপ : আইচিচিয়ে বৃদ্ধি কৰিলে প্ৰাইজমানি, কিমান ধন লাভ কৰিব চেম্পিয়ন দলে ?









