“গুৱাহাটী বিজেপিৰ দুৰ্গ তাত সন্দেহ নাই”; গুৱাহাটীক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য  

বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

নিৰ্বাচনী প্ৰচাৰৰ বাবে বুধবাৰে টংলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠে মুখ্যমন্ত্ৰীগৰাকী।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বৰ্তমান অসমত কংগ্ৰেছ এটা অস্তিত্বশূন্য দল।ৰাজ্যত এতিয়া কংগ্ৰেছৰ শিপা অতি দুৰ্বল।নিৰ্বাচনৰ পিছত দলটো চলাই নিয়াটোৱেই তেওঁলোকৰ বাবে কঠিন হ’ব।  কংগ্ৰেছে সফলতা লাভ কৰিব নোৱাৰে। তেওঁ কয় যে, গুৱাহাটী হৈছে বিজেপিৰ দুৰ্গ। গুৱাহাটীৰ আটাইকেইখন আসনেই আমাৰ হাততেই থাকিব।  

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাইজৰ দলে মাত্ৰ ধিঙত হে জয়লাভ কৰিব।এইবাৰ শিৱসাগৰত যুঁজখন কঠিন হ’ব। আনহাতে অসম জাতীয় পৰিষদে এখনো আসনত জয়লাভ নকৰে। কংগ্ৰেছ দলটোৱে ১৫ ৰ পৰা ১৭ খন আসন লাভ কৰিব আৰু এআইইউডিএফ এ ৫ খন আসন পাব।

প্ৰমোদ বড়োৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘প্ৰমোদ বড়ো জিকিলেও বিধায়ক পদ এৰিব লাগিব। কাৰণ তেওঁ ইতিমধ্যে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।তেওঁ সাংসদ পদ এৰি বিধায়ক পদ হ’বলৈ নাহে।আৰু প্ৰমোদ বড়োৱে একেলগে তিনিটা পদত থাকিব নোৱাৰে। তেওঁ জয় লাভ কৰিলে পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। তাত কাৰোৰে লাভ নহ’ব। সেই কাৰণে উপ-নিৰ্বাচন কৰাতকৈ UPPL ৰ মানুহেও বিশ্বজি দৈমাৰীকে ভোট দিব লাগে।

আনহাতে কংগ্ৰেছৰ ইস্তাহাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, জুবিন গাৰ্গৰ নাম নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰি কংগ্ৰেছে অতি অক্ষমণীয় কাম কৰিছে। কাৰণ জুবিনে নিজে কৈছিল যে পলিটিষ্ক নকৰিবা বন্ধু। গতিকে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা জুবিনৰ নামটো আঁতৰাই দিব লাগে।

লগতে পঢ়ক: ‘এইবাৰ অসমত মংগলেই মংগল হ’ব’; গোগামুখৰ পৰা অসমবাসীলৈ প্ৰধানমন্ত্ৰী উপহাৰ

‘ৰাজকুমাৰৰ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব’; অসমৰ পৰা ৰাহুল গান্ধীক লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ

নিৰ্বাচনৰ ৰণডংকা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখত এখন জনসভা সম্বোধন কৰি ৰাহুল গান্ধীক লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আজি গোগামুখৰ লগতে বিহালীতো নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।ধেমাজি আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ গোগামুখত প্ৰধানমন্ত্ৰীয়ে চলালে প্ৰচাৰ।গোগামুখত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

অসমীয়াতে গোগামুখবাসীক সম্বোধন কৰি তেওঁ কয় যে-অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হ’ব।প্ৰথমে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসমে বিগত ১০ বছৰত সেৱা আৰু সুশাসনৰ এক নতুন যুগৰ সাক্ষী হৈ পৰিছে।অসমৰ এই নিৰ্বাচনসমূহ উন্নত অসমৰ পৰা উন্নত ভাৰত গঢ়াৰ নিৰ্বাচন।এইবাৰ বিজেপি-এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিত।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অসমত এইবাৰ কংগ্ৰেছৰ পৰাজয় নিশ্চিত। কংগ্ৰেছৰ স্বঘোষিত ‘ৰাজকুমাৰ’ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব।

লগতে পঢ়ক: তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ বিৰুদ্ধে অসমক অৱহেলা কৰাৰ অভিযোগ

উন্নয়নৰ বাবে শান্তি প্ৰথম চৰ্তঃ অসমৰ দলীয় কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মীসকলৰ মতামত বিচাৰি নিৰ্বাচনত জয়ী হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ পৰামৰ্শ দিয়ে

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “মেৰা বুথ সবচে মাজবুত সংবাদ” নামৰ জনসংযোগ কাৰ্যসূচীৰ অংশ হিচাপে নমো এপৰ জৰিয়তে অসমৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে । এই মত বিনিময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মীসকলৰ মতামত বিচাৰি নিৰ্বাচনত জয়ী হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ পৰামৰ্শ দিয়ে । বিগত দশকত অসমৰ দ্ৰুত বিকাশৰ বিষয়েও তেওঁ কয় ।

অসমৰ বিজেপিৰ বুথ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ বাবে শান্তি প্ৰাথমিক চৰ্ত । তেওঁ কয় যে ৰাজ্যখনে দীৰ্ঘদিন ধৰি অস্থিৰতাৰ সৈতে যুঁজি আহিছে যদিও যোৱা দশকত পৰিস্থিতি সলনি হৈছে । তেওঁ আঙুলিয়াই দিয়ে যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সংগঠনৰ সৈতে ১২খন শান্তি চুক্তি স্বাক্ষৰ কৰিছে । কংগ্ৰেছ চৰকাৰে কেৱল শিৰোনাম দখল কৰিবলৈ আৰু ৰাইজক বিপথে পৰিচালিত কৰিবলৈহে কাগজত চুক্তি স্বাক্ষৰ কৰিছিল বুলি বিজেপি কৰ্মীসকলে মানুহক সোঁৱৰাই দিব লাগে বুলি মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, “আমি এনে এটা সময় দেখিছো যেতিয়া অসম হিংসাৰ জুইত জ্বলি আছিল । দীৰ্ঘদিন ধৰি অসমত অস্থিৰতা আছিল যদিও যোৱা দশকত পৰিস্থিতি সলনি হৈছে । আজি বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনত এক নতুন আস্থা দেখা গৈছে ।” কংগ্ৰেছৰ শাসনকালত শান্তি চুক্তিক আওকাণ কৰি যুৱক-যুৱতীসকলক এৰি দিয়াৰ অভিযোগ উত্থাপন কৰে তেওঁ ।

তেওঁ কয়, “কংগ্ৰেছৰ শাসনকালত উগ্ৰপন্থী আৰু ছাত্ৰ সংগঠনৰ সৈতে কোনো চুক্তি সফল হোৱা নাছিল । কংগ্ৰেছে বড়ো সকলক বিশ্বাসঘাতকতা কৰিছিল ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে শান্তি প্ৰতিষ্ঠা আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কাম কৰিছে আৰু শান্তি চুক্তিসমূহ সততাৰে ৰূপায়ণ কৰা হৈছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীসকলক কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক বিগত কংগ্ৰেছ চৰকাৰ কাৰ্যকালসমূহৰ কথা সোঁৱৰাই দিয়াৰ প্ৰয়োজন আছে আৰু এটা সৰু ভুলে ৰাজ্যখনক পিছুৱাই নিব । বিজেপি-এনডিএ চৰকাৰৰ বিজয়ৰ হেট্ৰিক নিশ্চিত কৰিবলৈ দলীয় কৰ্মীসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনায় ।

লগতে পঢ়ক : ধূলিস্যাৎ হ’ব কংগ্ৰেছ, ৯০ খনতকৈও বেছি আসন পাব বিজেপি মিত্ৰজোঁটেঃ মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী

 ‘নুৰুল হুদা গ’ বেক’; ভোট বিচাৰি যোৱা বিধায়কক পহুখেদা ৰাইজৰ

গ’ বেক ধ্বনি দি ভোট বিচাৰি ৰূপহীহাটৰ জুৰিয়ালৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক পহুখেদা দিলে স্থানীয় ৰাইজে।

শুকুৰবাৰে নিশা ভোট বিচাৰি ৰূপহীহাটৰ জুৰিয়ালৈ গৈছিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা। নিশা জুৰীয়াৰ কছাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল নুৰুল হুদাই।কিন্তু

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক পহুখেদা দিলে ৰাইজে।বিধায়ক নুৰুল হুদাই যোৱা ৫ বছৰতকছাৰী গাঁৱত কোনো উন্নয়নমূলক কাম-কাজ নকৰাৰ অভিযোগ জনতাৰ।নুৰুল হুদাক পহুখেদা দিয়াৰ লগতে স্থানীয় লোকে ‘নুৰুল হুদা গ’ বেক’ ধ্বনিও দিয়ে। জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিয়ে নুৰুল হুদাই।

লগতে পঢ়কঃ ‘দেশত নহয় কোনো লকডাউন’; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আঢ়ৈ ঘণ্টীয়া বৈঠক

‘মোৰ গাত আহোমৰ তেজ আছে’; অসমৰ জাতীয় সংগঠনক প্ৰত্যাহ্বান ইউনুছ তামুলীৰ

নিজৰ গাত আহোমৰ তেজ থকা বুলি দাবী কৰি ইউনুজ তামুলীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে যে, মই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়।বৰ বৰ কথা কোৱা জাতীয় সংগঠসমূহে নো জাতিটোৰ বাবে একো কৰা নাই।

অসমৰ জাতীয় সংগঠনক হুংকাৰ দিছে ইউনুছ তামুলীয়ে। মিঞা ৰক্ষক ইউনুছ তামুলীয়ে এইবাৰ সংবাদমেল পাতি পুনৰ অসমৰ জাতীয় সংগঠনক প্ৰত্যাহ্বান জনাইছে। ইউনুছ তামুলীয়ে কয় যে, বৰ বৰ কথা কোৱা জাতীয় সংগঠসমূহে নো জাতিটোৰ বাবে কি কাম কৰিছে? তেওঁলোকে নিজৰ নিজৰ জনগোষ্ঠীৰ বাবে কি কাম কৰিছে ?

তেওঁ কয় য়ে,চিতু বৰুৱাই মোৰ পিঠি বহল কৰাৰ কথা কয়। কিন্তু মোক দেখিলে চিতু বৰুৱাই নেগুৰ ডাঙি পলাই। মোৰ গাত আহোমৰ তেজ আছে। মোৰ  পিঠি বহল কৰা ইমান সহজ নহয়। এইখন অসমত সকলোৰে সাংবিধানিক অধিকাৰ আছে। কিন্তু আহোম সংগঠন সমূহে আহোমৰ কাৰণে কি কৰিছে।তেওঁলোকে কেৱল ইউনুছ তামুলীয়ে কিবা ক’লে কেৱল সংবাদমেল দিব পাৰে। অসমখন মোৰ হয়। মই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। যিবোৰ মানুহে নিৰ্বাচনৰ আগত ধৰ্মৰ নামত বিষবাষ্প বিয়পাই তেওঁলোকক অসমৰ পৰা বাহিৰ কৰিব লাগিব।  

লগতে পঢ়ক: ‘ঐতিহাসিক বিজয়’ৰ দিশে অগ্ৰসৰ বিজেপি, ‘সম্পূৰ্ণৰূপে ধ্বংস’ বিৰোধী : মুখ্যমন্ত্ৰী

ৰাজ্যত নাটনি হোৱা নাই পেট্ৰ’ল-ডিজেল; ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ ইণ্ডিয়ান অইলৰ আহ্বান

মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পেট্ৰ’ল-ডিজেলৰ নাটনিক লৈ বহু উৰা বাতৰি বিয়পি পৰিছে। পুৱাৰে পৰা পেট্ৰ’ল পাম্প সমূহক দীঘলিয়া শাৰীও দেখিবলৈ পোৱা গৈছে। তাম মাজতে ইণ্ডিয়ান অইলে এক ডাঙৰ খবৰ দিছে।

ৰাজ্যত পেট্ৰ’ল-ডিজেল নাটনি হ’ব বুলি বিভিন্ন প্ৰান্তত পুৱাৰে পৰা দীঘলিয়া শাৰী দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰ মাজতে ইণ্ডিয়ান অইলে কৈছে যে,অসমত নাটনি হোৱা নাই পেট্ৰ’ল-ডিজেল। পেট্ৰ’ল-ডিজেলক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই।

IOCL-এ স্পষ্ট কৰি দিছে যে ৰাজ্যত বৰ্তমানেও পৰ্যাপ্ত ইন্ধন মজুত আছে। গ্ৰাহক সকলক প্ৰয়োজনতকৈ অধিক তেল কিনি ভিৰ নকৰিবলৈ অনুৰোধ কৰিছে। ইণ্ডিয়ান অইলে উৰাবাতৰি বিয়পোৱাসকলক সাৱধানো কৰি দিয়।  

 তাৰ লগতে গুৱাহাটী পেট্ৰ’ল পাম্প পৰিদৰ্শন কৰি জিলা আয়ুক্তই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।জিলা উপাযুক্ত গৰাকীয়ে মহানগৰবাসীক ভুৱা বাতৰিত আতংকিত নহ’বলৈ আহ্বান কৰিছে। তেওঁ কয় যে, গুৱাহাটীতো পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল-ডিজেল মজুত আছে।

IOCL ৰ ৪৫ লাখ লিটাৰ পেট্ৰ’ল আৰু ৫৫ লাখ লিটাৰ ডিজেল গুৱাহাটীত মজুত আছে। আনহাতে HPCL ৰ ৪ লাখ লিটাৰ পেট্ৰ’ল গুৱাহাটীত মজুত আছে। গুৱাহাটীত বন্ধ নহয় পেট্ৰ’ল পাম্প। জনসাধাৰণক ভুৱা বাতৰি প্ৰচাৰ কৰা সকলক সাধান কৰি দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে।আনহাতে পেট্ৰ’ল-ডিজেলৰ সমস্যা থাকিলে মহানগৰবাসীয়ে ১০৭৭ হেল্পলাইন নম্বৰত জনাব পাৰিব বুলিও তেওঁ কৈছে।

লগতে পঢ়ক: অৱনতি ঘটিছে পশ্চিম এছিয়াৰ পৰিস্থিতি; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ ফোন

পৰাজয়ৰ শতকৰ দিশে আগবাঢ়িছে কংগ্ৰেছ: প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ সমালোচনা

বাৰে বাৰে হোৱা নিৰ্বাচনী পৰাজয়ৰ হতাশাত কংগ্ৰেছ নেতাসকলে দেশক বদনাম কৰিবলৈ চেষ্টা কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসমত এক জনসভা সম্বোধন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে দলটোৱে সমগ্ৰ দেশতে জনসমৰ্থন হেৰুৱাইছে আৰু শীঘ্ৰেই নিৰ্বাচনী পৰাজয়ৰ “শতক অৰ্জন” কৰিব ।

সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৰাইজে ইতিমধ্যে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে আৰু দেশৰ ভোটাৰসকলেও ধাৰাবাহিক নিৰ্বাচনত একেই সঁহাৰি জনাই আহিছে ।

প্ৰধানমন্ত্ৰীয়ে কয়- “আপোনালোকে অসমৰ পৰা কংগ্ৰেছক উৎখাত কৰিছে । আজি দেশৰ প্ৰতিখন ৰাজ্যই কংগ্ৰেছক এশিকনি দিছে । এটাৰ পিছত এটাকৈ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছে । নিকট ভৱিষ্যতে কংগ্ৰেছে পৰাজয়ৰ শতক অৰ্জন কৰাৰ দিশে আগবাঢ়িছে ।”

বাৰে বাৰে হোৱা নিৰ্বাচনী পৰাজয়ৰ হতাশাত কংগ্ৰেছ নেতাসকলে দেশক বদনাম কৰিবলৈ চেষ্টা কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । এআই সন্মিলনৰ সৈতে জড়িত এক প্ৰতিবাদৰ প্ৰসংগ টানি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ নেতাসকলে এক অস্বাভাৱিক প্ৰতিবাদ কৰিছিল বুলি অভিযোগ কৰে ।

তেওঁ কয়- “এআই সন্মিলনক লৈ বিৰূপ ধাৰণা সৃষ্টি কৰিবলৈ কংগ্ৰেছে এক অদ্ভুত প্ৰতিবাদ সাব্যস্ত কৰিছিল, ৰাজহুৱাকৈ নিজৰ কাপোৰ নিজেই ফালিছিল । এনে লাগে যেন হতাশাত নিজৰ কাপোৰ ফলাৰ বাহিৰে কংগ্ৰেছৰ হাতত এতিয়া একোৱেই বাকী নাই । সমগ্ৰ দেশে এই কাণ্ডক গৰিহণা দিছে ।”

লগতে পঢ়ক : কংগ্ৰেছ ভাৰত বিৰোধী শক্তিৰ হাতৰ পুতলা হৈ পৰিছে: শিলচৰত প্ৰধানমন্ত্ৰী মোদী

পুনৰ জনতাক মাধমাৰ; পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোলগেটৰ মাচুল

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ বৃদ্ধি কৰা হ’ল টোলগেটৰ মাচুল। পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা।

জনতাৰ মূৰত মাধমাৰ শোধাই আকৌ বৃদ্ধি পালে টোল কৰ। প্ৰতিখন টোলগেটৰ বাবদ ৰাইজে এতিয়াৰে পৰা ভৰিব লাগিব অতিৰিক্ত ধন। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা।

পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোলগেটৰ মাচুল। নূন্যতম ৫ টকাৰ পৰা ৩৫ টকালৈ বৃদ্ধি পাব মাচুল। অসমৰ ৭ খন টোলগেটৰ বৃদ্ধি পাব মাচুল। ১৫ শতাংশ পৰ্যন্ত টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত NHAI ৰ।লঘু আৰু গধুৰ সকলো বাহনৰ ক্ষেত্ৰত টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত।

লগতে পঢ়ক: শোকাৱহ; পুৱতি নিশা বোকাজানত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ

ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

ৰাজ্যসভা নিৰ্বাচন ২০২৬ৰ দিন ঘোষণা কৰা হৈছে। বুধবাৰে নিৰ্বাচন আয়োগে ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে ১০খন ৰাজ্যত খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিকভাৱে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

২০২৬ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে ভোটদান ১৬ মাৰ্চত হোৱাৰ লগতে সেইদিনাই ঘোষণা কৰা হ’ব ফলাফলো।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তীশগড়, পশ্চিম বংগ, অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু বিহাৰৰ খালী ৰাজ্যসভাৰ আসনসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ তিনিখন আসনৰ বাবেও হ’ব নিৰ্বাচন। অন্ত পৰিব ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলীৰ কাৰ্যকাল।

১৬ মাৰ্চত পুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ২৬ ফেব্ৰুৱাৰীত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৫ মাৰ্চ ২০২৬।

লগতে পঢ়ক: বাংলাদেশৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত তাৰিক ৰহমানৰ, ২৫ জনীয়া মন্ত্ৰীসভাত এখন হিন্দু মুখ