ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

ৰাজ্যসভা নিৰ্বাচন ২০২৬ৰ দিন ঘোষণা কৰা হৈছে। বুধবাৰে নিৰ্বাচন আয়োগে ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে ১০খন ৰাজ্যত খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিকভাৱে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

২০২৬ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে ভোটদান ১৬ মাৰ্চত হোৱাৰ লগতে সেইদিনাই ঘোষণা কৰা হ’ব ফলাফলো।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তীশগড়, পশ্চিম বংগ, অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু বিহাৰৰ খালী ৰাজ্যসভাৰ আসনসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ তিনিখন আসনৰ বাবেও হ’ব নিৰ্বাচন। অন্ত পৰিব ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলীৰ কাৰ্যকাল।

১৬ মাৰ্চত পুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ২৬ ফেব্ৰুৱাৰীত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৫ মাৰ্চ ২০২৬।

লগতে পঢ়ক: বাংলাদেশৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত তাৰিক ৰহমানৰ, ২৫ জনীয়া মন্ত্ৰীসভাত এখন হিন্দু মুখ

ভাৰতৰ প্ৰথটো Rail cum Road tunnel হ’ব অসমত; অসমবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

অসমত হ’ব দেশৰ প্ৰথমটো Rail cum Road tunnel পথ। ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে হ’ব সুৰংগ পথটো। মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিলে কেইবাটাও ভাল খবৰ।

ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ লৈ দেওবাৰে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমত শীঘ্ৰেই আৰম্ভ হ’ব দেশৰ প্ৰথমটো আৰু বিশ্বৰ দ্বিতীয়টো Rail cum Road tunnel য’ত ৰে’ল আৰু যান-বাহন একেলগে চলিব।

ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে হ’ব সুৰংগ পথটো। ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে ৰাজ্য চৰকাৰে।

১৮,৬৬২ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব সুৰংগ পথ। এই সুৰংগ পথটোৱে গহপুৰৰ পৰা নুমলীগড়ক সংযোগ কৰিব। দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ হ’ব এই গহপুৰ-নুমলীগড় সুৰংগ পথ।

গহপুৰ নুমলীগড় সংযোগী সুৰংগ পথৰ মুঠ দূৰত্ব হ’ব ৩৪ কিলোমিটাৰৰ। দেশৰ নিৰাপত্তাৰ বাবে এই প্ৰকল্প অতি গুৰুত্বপূৰ্ণ। শত্ৰু ৰাষ্ট্ৰৰে যুদ্ধ হ’লে এই প্ৰকল্পই সুৰক্ষা দিব উত্তৰ-পূবক।

বগীবিল আৰু কলিয়াভোমোৰা দলঙত বোমা দিলে বিচ্ছিন্ন হ’ব উত্তৰ-পূবৰ যোগাযোগ। এই  নদী সুৰংগ পথৰ নিৰ্মাণ হ’লে বিচ্ছিন্ন নহ’ব অসমৰ যোগাযোগ। সেই বাবে এই প্ৰকল্পৰ সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছে ভাৰতীয় সেনাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ফৰকাটিঙৰ পৰা গহপুৰ সংযোগী হ’ব নতুন ৰে’ল পথ। মাৰ্চত শিলচৰ-শ্বিলং-গুৱাহাটী হাইস্পীড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে মাৰ্চত শিলন্যাস কৰিব এই প্ৰকল্পৰ।

এই কৰিড’ৰটো ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব। আনহাতে বাইহাটা চাৰিআলিৰ পৰা দিছপুৰলৈ ৪টা লেনযুক্ত পথ,গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড’ৰ হ’ব।  

মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলখনত লগতে কয় যে, শীঘ্ৰে আৰম্ভ হ’ব কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ কাম। এতিয়া কামাখ্যা ৰ’পৱে নিৰ্মাণৰ বাবে থকা আইনী বাধা আঁতৰিল।

IIT গুৱাহাটী  আৰু NIH অধ্যয়নত কামাখ্যাৰ ক্ষতি নহয় বুল প্ৰতিবেদনত আহিছে।ন্যায়ালয়ৰ বাধা আঁতৰাৰ বাবে এতিয়া আৰম্ভ হ’ব নিৰ্মাণকাৰ্য। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ধামলৈ হ’ব ৰ’পৱে।

গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ বাবে ৫৭২৯ কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যয় কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পত নতুন সংযোজন হ’ব। বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ হ’ব এলিভেটেড কৰিড’ৰ। এই এলিভেটেড কৰিড’ত ১৫০০কোটি টকা ব্যয় হ’ব।

লগতে পঢ়ক: গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু অসমবাসী; প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান

আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। প্ৰথমবাৰলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি অসমবাসীক দিব কেইবাটাও উপহাৰ।ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ-পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

তাৰ পূৰ্বে মৰাণৰ আকাশ কঁপাই তুলিব শ্ৰেষ্ঠ যুদ্ধ বিমান ছুখয়, ৰাফেল, তেজছে। ১৬ খনকৈ বিভিন্ন যুদ্ধ বিমানে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। মৰাণৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষ ৰানৱে’ত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান।

প্ৰধানমন্ত্ৰীৰ আজিৰ এই ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ যোৱা ভাৰতীয় বায়ুসেনাৰ চি-১৩০ বিমান শনিবাৰে অসমৰ ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ এটা অংশত অৱস্থিত মৰাণ ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ই এল এফ)ত অৱতৰণ কৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে এক্সত লিখিছে যে,’১৪ ফেব্ৰুৱাৰীত মৰাণৰ জৰুৰীকালীন অৱতৰণ সুবিধা প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব।পৰীক্ষণ পৰ্যায়ৰ পৰা সফল অপাৰেচনলৈকে,সংযোগ আৰু কৌশলগত শক্তিৰ এক নতুন অধ্যায় গঢ় লৈ উঠিছে।’

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰিবলৈ আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃগাঁথনি সৃষ্টিৰ কৃতিত্ব দিয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,মৰাণ ই এল এফ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ বিমানে প্ৰয়োজন সাপেক্ষে চলাচল কৰিব পাৰিব আৰু এই কৌশলগত দৃষ্টিভংগীত নিজৰ অৰিহণা যোগাবলৈ পাই অসম সুখী।’

লগতে পঢ়ক: ‘পুৰণি অট্টালিকাবোৰ দাসত্বৰ প্ৰতীক আছিল’; সেৱা তীৰ্থৰ পৰা প্ৰধানমন্ত্ৰী প্ৰথম প্ৰতিক্ৰিয়া

ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত ‘মনকবিতা’

ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ‘মনকবিতা ২০২৬’। এই অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত ‘মনকবিতা’ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ দ্বাৰা আয়োজিত মনকবিতা ২০২৬-ৰ অন্তৰ্গত আলোচনা চক্ৰখন উদ্বোধন কৰে অধ্যাপক মৃণাল কান্তি মণ্ডলে।

ড° ভূপেন হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি মূলতঃ অসমীয়াত হ’লেও ভাৰতীয় ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতিজন অনুৰাগী তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত আৰু সমৄদ্ধ হৈছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতিষ্ঠাপিত বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনৰ অধ্যক্ষ, অধ্যপক মৃণাল কান্তি মণ্ডলে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

“A Commemorative  Seminar on the Life, Literature and Cultural Contributions of Dr Bhupen Hazarika and Navakanta Barua” শীৰ্ষক এই আলোচনা চক্ৰখন সঞ্চালনা কৰে বিশ্ব-ভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰণজিৎ কুমাৰ দেৱ গোস্বামীয়ে।

আলোচনা চক্ৰত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক বিভাস চৌধুৰী, বিশ্ব-ভাৰতীৰ বাংলা বিভাগৰ অধ্যাপিকা শ্ৰীলা বসু আৰু বিশিষ্ট সমালোচক আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে ড° হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সাহিত্যকৃতি, জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে।

অধ্যাপক বিভাস চৌধুৰীয়ে তেখেতৰ ভাষণত নৱকান্ত বৰুৱাৰ কবিতাৰ সৈতে বিশ্বসাহিত্যৰ কেইবাগৰাকীও বৰেণ্য কবি, যেনে এলিয়ট, ৰিল্কে আৰু ৱাল্ট হুইটমেন আদিৰ কবিতাৰ তুলনাত্মক বিশ্লেষণ আগবঢ়ায়।

অধ্যাপক দেৱ গোস্বামীয়ে তেখেতৰ ভাষণত বাৰ্ট্ৰাণ্ড ৰাছেলৰ আত্মজীৱনীৰ উদ্ধৃতি দি কয় যে ড৹ হাজৰিকাৰ জীৱনো তিনিটা দৰ্শনৰ দ্বাৰা পৰিচালিত হৈছিল – প্ৰেমৰ আকুলতা, জ্ঞানৰ অন্বেষণ আৰু মানৱীয় দুখ-দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা।

এইবাৰৰ মনকবিতা HDFC Bank আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ আংশিক আৰ্থিক সহযোগিতাত আয়োজিত হৈছে।

বিশ্ব-ভাৰতীৰ অসমীয়া বিভাগ আৰু ভাষা ভৱন তথা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগিতাত ৰাউল কৌশিক নাথ ফাউণ্ডেশ্যনে শান্তিনিকেতনত এইবাৰৰ মনকবিতা অনুষ্ঠিত কৰে।

এই অনুষ্ঠানত জয় বৰুৱা, কল্যাণ বৰুৱা, ৰূপম ভূঞা, অৰূপজ্যোতি বৰুৱা,  অভিনেতা তপন দাস, সত্ৰীয়া শিল্পী অনিতা শৰ্মা আৰু উপাসনা মহন্ত গগৈ, বনশ্ৰী বাইলুং আৰু বংগৰ মনীষা  মজুমদাৰ আৰু পূজা সিঙে অংশগ্ৰহণ কৰে।

ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ তৰফৰ পৰা এই অনুষ্ঠানত উপস্থিত থাকে কৌশিক নাথ, কৃষ্ণা বৰুৱা, উৎপল বৰপূজাৰী আৰু আন্না কৌশিক। উল্লেখযোগ্য যে মনকবিতা-ৰ উদ্যোক্তা হ’ল নয়ন প্ৰসাদ আৰু বিপুলজ্যোতি শইকীয়া।

লগতে পঢ়ক: এতিয়াও ২৫ বছৰ বাকী… জন্মদিনৰ শুভেচ্ছাৰ উত্তৰত কিয় এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

নিৰ্বাচনমুখী অসমে আজি লাভ কৰিব পাৰে ডাঙৰ উপহাৰ, মোদী কেবিনেটে দিব ৪০ হাজাৰ কোটি!

শনিবাৰে ​​প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে বহু কেইটা সিদ্ধান্তই কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে ।

চলিত বৰ্ষতে অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনমুখী অসমক লৈ সকলো ৰাজনৈতিক দলে গুৰুত্ব আৰোপ কৰিছে । কেন্দ্রীয় চৰকাৰেও অসম সন্দর্ভত অবিৰতভাৱে বিভিন্ন উন্নয়নমূলক ঘোষণা কৰি আছে ৷ এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি মোদী চৰকাৰে ৪০,০০০ কোটিৰো অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প নিৰ্বাচনমুখী ৰাজ্য অসমক উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে ।

আজি চাউথ ব্লকত অনুষ্ঠিত হ’ব অন্তিমখন কেবিনেট বৈঠক । এই বৈঠকত কেবিনেট আন্তঃগাঁথনি সম্পৰ্কীয় কিছুমান ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । শনিবাৰে ​​প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে বহু কেইটা সিদ্ধান্তই কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে । ৪০,০০০ কোটিতকৈ অধিক কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পই অনুমোদন লাভ কৰিব পাৰে ।

আটাইতকৈ বিশিষ্ট প্ৰকল্পটো হ’ল নিৰ্বাচনমুখী ৰাজ্য অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ’ব লগা ১৯,০০০ কোটি টকাৰ প্ৰস্তাৱিত পথ-ৰে’ল সুৰংগ । এই প্ৰকল্পটো আঞ্চলিক সংযোগ আৰু কৌশলগত গুৰুত্বৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে ।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ তলত নিৰ্মাণ হ’ব এই সুৰংগ । ই অসমৰ গহপুৰক নুমলীগড়ৰ সৈতে সংযোগ কৰিব । বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) ইতিমধ্যে আন্তঃমন্ত্ৰালয় সমিতিৰ অনুমোদন লাভ কৰিছে । প্ৰস্তাৱিত সুৰংগটোত টুইন টিউবযুক্ত গঠন থাকিব, য’ত এটা টিউব পথ যাতায়তৰ বাবে আৰু আনটো ৰে’ল পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা হ’ব ।

সম্পূৰ্ণ হোৱাৰ পিছত দুয়োটা স্থানৰ মাজত যাত্ৰাৰ সময় প্ৰায় চাৰে ছয় ঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস পোৱাৰ আশা কৰা হৈছে । এই প্ৰকল্পই কেৱল অসমৰ বাবেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সংযোগ বৃদ্ধি কৰিব । ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ দৰে ৰাজ্যৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় হ’ব । প্ৰতিৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৃষ্টিকোণৰ পৰাও এই সুৰংগটোক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ।

আজিৰ কেবিনেট বৈঠকত অন্যান্য পথ আৰু ৰে’ল প্ৰকল্প সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৪০,০০০ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক : ‘প্ৰগতিশীল বাংলাদেশৰ সৈতে আছে ভাৰত’, ঐতিহাসিক বিজয়ৰ পিছত তাৰিক ৰহমানক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানি চলিব লাগিব এই সমূহ নিয়ম

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। কাইলৈ পুৱা ৯ বজাৰ পৰাই আৰম্ভ হ’ব পৰীক্ষা।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। মুঠ ১,০৪৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলেই বিপদত পৰিব পাৰে পৰীক্ষাৰ্থী।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধত চৰকাৰে ১৬৩ ধাৰা জাৰি কৰিছে।

পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে-পাজৰে কোনো অচিনাকি লোকৰ সমাগমো নিষিদ্ধ কৰা হৈছে।জানিব পৰা মতে মুঠ ৪৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব উত্তৰ বহীৰ মূল্যায়ন প্ৰক্ৰিয়া

আনহাতে ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষা। ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। HSৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৩৪৪ পৰীক্ষাৰ্থী।  

লগতে পঢ়ক: অনলাইন গেমেই কাল হ’ল মহম্মদ কাঈফৰ; ৰক্তচাপ বৃদ্ধি হৈ ফাটিলে মগজুৰ শিৰা

আজি হেঁপাহৰ ভোগালী বিহু; ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। মেজিৰ জুইয়ে নাশ কৰক সকলো অপায় অমংগল।ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। পৰম্পৰা ৰক্ষা কৰি পুৱাই ৰাজ্যজুৰি প্ৰজ্বলন কৰা হ’ল মেজি। পুৱাতেই মেজিৰ জ্বলাই সেৱা প্ৰতিগৰাকী অসমীয়াৰ।

মেজিৰ জুইত সকলো  অপায়-অমংগল আদি জাহ যাবলৈ কৰিছে প্ৰাৰ্থনা।অগ্নিক সেৱা কৰি বছৰটোৰ কুশল-মংগল কামনা প্ৰতিগৰাকী অসমীয়াৰ। মাঘ বিহুক লৈ উখল মাখল ৰাজ্য। ভোগালীৰ আনন্দত উল্লাসিত অসমবাসী।

উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছতে আজি সকলোৱে মেজি জ্বলাই অগ্নিক সেৱা কৰে। বিশ্বাস অনুসৰি, মেজিৰ জুইত সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ সুখ শান্তি আহে।

এই মাঘবিহুত ঠাইভেদে বিভিন্ন খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম।

লগতে পঢ়ক: আজি ভোগালীৰ উৰুকা; ৰাজ্যজুৰী ভোগৰ প্ৰস্তুতি

পুৱতি নিশা কঁপি উঠিল ৰাজ্য; কিয় অসমত সঘনাই হ’বলৈ ধৰিছে ভূমিকম্প

নতুন বছৰৰ পঞ্চমটো দিনতে বৰ ভূঁইকপত কঁপি উঠিল সমগ্ৰ অসম। পুৱতি নিশা অহা ভূমিকম্পৰ ফলত ৰাজ্যজুৰি হাহাকাৰ।

নতুন বছৰৰ পঞ্চমটো দিনতে বৰ ভূঁইকপত কঁপি উঠিল অসম। সোমবাৰে পুৱতি নিশা প্ৰায় ৪:১৭ বজাত অনুভূত হয় জোকাৰণি।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও।

৫০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ৰাজ্যখনত সঘনাই হ’বলৈ ধৰা ভূমিকম্পৰ ফলত লৈ চিন্তিত হৈ পৰিছে সকলো। অৱশ্যে বৰ্তমানলৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ অহা নাই।

লগতে পঢ়ক: ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে… নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ বিভিষীকাত কঁপিছে বিশ্ব

‘মই শিৱ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ’… কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ দৰং জিলাৰ মঙলদৈত ৬৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক লক্ষ্য কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা আছে । কংগ্ৰেছে ভাৰত ৰত্ন ভূপেন হাজৰিকাক অপমান কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উন্নত ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা-

দৰঙত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘আজি সমগ্ৰ দেশ এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে । বিশেষকৈ আমাৰ ডেকা বন্ধুসকল । তেওঁলোকৰ বাবে উন্নত ভাৰত এক সপোনৰ লগতে এটা সংকল্প । এই সংকল্প সম্পন্ন কৰাত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অতি ডাঙৰ ।’ প্ৰধানমন্ত্ৰীয়ে কয় যে ‘একবিংশ শতিকাটো পূবৰ, উত্তৰ-পূৰ্বাঞ্চলৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ জিলিকি উঠাৰ সময় আহি পৰিছে । যিকোনো অঞ্চলৰ উন্নয়নত সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰ উৎসৰ্গিত । পথ, ৰেলপথ আৰু বিমানপথৰ উন্নয়নৰ কাম চলি আছে । ইয়াৰ ফলত মানুহৰ জীৱন সলনি হৈছে আৰু উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হৈছে ।’

প্ৰধানমন্ত্ৰীগৰায়ে কয় যে এই কংগ্ৰেছীসকলে মোক যিমানেই গালি-গালাজ নকৰক কিয়, মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ, কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰো । আপোনালোকে কওক, ভূপেন দাক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ মোৰ সিদ্ধান্ত শুদ্ধ নে ভুল ?

অবৈধ অনুপ্ৰৱেশক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘কংগ্ৰেছৰ বাবে ভোট বেংকৰ স্বাৰ্থই আটাইতকৈ গুৰুত্বপূৰ্ণ । কংগ্ৰেছে কেতিয়াও ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে । আজি কংগ্ৰেছ হৈ পৰিছে ৰাষ্ট্ৰ বিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক । কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু আজি কংগ্ৰেছে বিচাৰে যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতত চিৰদিনৰ বাবে বসতি স্থাপন কৰক আৰু ভাৰতৰ ভৱিষ্যত অনুপ্ৰৱেশকাৰীয়ে নিৰ্ধাৰণ কৰক ।’

হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জি এন এম স্কুল নিৰ্মাণৰ শুভাৰম্ভ কৰে । এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ ৫৭০ কোটি টকা বিনিয়োগ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে আনুমানিক ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাৰেংগী-কুৰুৱা দলং আৰু কামৰূপ আৰু দৰং জিলা আৰু মেঘালয়ৰ ৰি ভৈ সংযোগী ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ৰিং ৰোড প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ৪৫৩০ কোটি টকা ।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত ৫০০০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা বাঁহ ভিত্তিক ইথানল প্লাণ্ট আৰু ৭,২৩০ কোটি টকা ব্যয় সাপেক্ষে পেট্ৰ’ ফ্লুইডাইজড কেটালাইটিক ক্ৰেকাৰ ইউনিট উদ্বোধন কৰিব । এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক ১৮ হাজাৰ কোটিতকৈ অধিক মূল্যৰ মুঠ উন্নয়নমূলক প্ৰকল্প উপহাৰ দিব । শনিবাৰে সন্ধিয়া অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প