কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানি চলিব লাগিব এই সমূহ নিয়ম

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। কাইলৈ পুৱা ৯ বজাৰ পৰাই আৰম্ভ হ’ব পৰীক্ষা।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। মুঠ ১,০৪৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলেই বিপদত পৰিব পাৰে পৰীক্ষাৰ্থী।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধত চৰকাৰে ১৬৩ ধাৰা জাৰি কৰিছে।

পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে-পাজৰে কোনো অচিনাকি লোকৰ সমাগমো নিষিদ্ধ কৰা হৈছে।জানিব পৰা মতে মুঠ ৪৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব উত্তৰ বহীৰ মূল্যায়ন প্ৰক্ৰিয়া

আনহাতে ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষা। ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। HSৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৩৪৪ পৰীক্ষাৰ্থী।  

লগতে পঢ়ক: অনলাইন গেমেই কাল হ’ল মহম্মদ কাঈফৰ; ৰক্তচাপ বৃদ্ধি হৈ ফাটিলে মগজুৰ শিৰা

আজি হেঁপাহৰ ভোগালী বিহু; ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। মেজিৰ জুইয়ে নাশ কৰক সকলো অপায় অমংগল।ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। পৰম্পৰা ৰক্ষা কৰি পুৱাই ৰাজ্যজুৰি প্ৰজ্বলন কৰা হ’ল মেজি। পুৱাতেই মেজিৰ জ্বলাই সেৱা প্ৰতিগৰাকী অসমীয়াৰ।

মেজিৰ জুইত সকলো  অপায়-অমংগল আদি জাহ যাবলৈ কৰিছে প্ৰাৰ্থনা।অগ্নিক সেৱা কৰি বছৰটোৰ কুশল-মংগল কামনা প্ৰতিগৰাকী অসমীয়াৰ। মাঘ বিহুক লৈ উখল মাখল ৰাজ্য। ভোগালীৰ আনন্দত উল্লাসিত অসমবাসী।

উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছতে আজি সকলোৱে মেজি জ্বলাই অগ্নিক সেৱা কৰে। বিশ্বাস অনুসৰি, মেজিৰ জুইত সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ সুখ শান্তি আহে।

এই মাঘবিহুত ঠাইভেদে বিভিন্ন খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম।

লগতে পঢ়ক: আজি ভোগালীৰ উৰুকা; ৰাজ্যজুৰী ভোগৰ প্ৰস্তুতি

পুৱতি নিশা কঁপি উঠিল ৰাজ্য; কিয় অসমত সঘনাই হ’বলৈ ধৰিছে ভূমিকম্প

নতুন বছৰৰ পঞ্চমটো দিনতে বৰ ভূঁইকপত কঁপি উঠিল সমগ্ৰ অসম। পুৱতি নিশা অহা ভূমিকম্পৰ ফলত ৰাজ্যজুৰি হাহাকাৰ।

নতুন বছৰৰ পঞ্চমটো দিনতে বৰ ভূঁইকপত কঁপি উঠিল অসম। সোমবাৰে পুৱতি নিশা প্ৰায় ৪:১৭ বজাত অনুভূত হয় জোকাৰণি।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও।

৫০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ৰাজ্যখনত সঘনাই হ’বলৈ ধৰা ভূমিকম্পৰ ফলত লৈ চিন্তিত হৈ পৰিছে সকলো। অৱশ্যে বৰ্তমানলৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ অহা নাই।

লগতে পঢ়ক: ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে… নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ বিভিষীকাত কঁপিছে বিশ্ব

‘মই শিৱ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ’… কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ দৰং জিলাৰ মঙলদৈত ৬৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক লক্ষ্য কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা আছে । কংগ্ৰেছে ভাৰত ৰত্ন ভূপেন হাজৰিকাক অপমান কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উন্নত ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা-

দৰঙত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘আজি সমগ্ৰ দেশ এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে । বিশেষকৈ আমাৰ ডেকা বন্ধুসকল । তেওঁলোকৰ বাবে উন্নত ভাৰত এক সপোনৰ লগতে এটা সংকল্প । এই সংকল্প সম্পন্ন কৰাত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অতি ডাঙৰ ।’ প্ৰধানমন্ত্ৰীয়ে কয় যে ‘একবিংশ শতিকাটো পূবৰ, উত্তৰ-পূৰ্বাঞ্চলৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ জিলিকি উঠাৰ সময় আহি পৰিছে । যিকোনো অঞ্চলৰ উন্নয়নত সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰ উৎসৰ্গিত । পথ, ৰেলপথ আৰু বিমানপথৰ উন্নয়নৰ কাম চলি আছে । ইয়াৰ ফলত মানুহৰ জীৱন সলনি হৈছে আৰু উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হৈছে ।’

প্ৰধানমন্ত্ৰীগৰায়ে কয় যে এই কংগ্ৰেছীসকলে মোক যিমানেই গালি-গালাজ নকৰক কিয়, মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ, কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰো । আপোনালোকে কওক, ভূপেন দাক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ মোৰ সিদ্ধান্ত শুদ্ধ নে ভুল ?

অবৈধ অনুপ্ৰৱেশক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘কংগ্ৰেছৰ বাবে ভোট বেংকৰ স্বাৰ্থই আটাইতকৈ গুৰুত্বপূৰ্ণ । কংগ্ৰেছে কেতিয়াও ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে । আজি কংগ্ৰেছ হৈ পৰিছে ৰাষ্ট্ৰ বিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক । কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু আজি কংগ্ৰেছে বিচাৰে যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতত চিৰদিনৰ বাবে বসতি স্থাপন কৰক আৰু ভাৰতৰ ভৱিষ্যত অনুপ্ৰৱেশকাৰীয়ে নিৰ্ধাৰণ কৰক ।’

হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জি এন এম স্কুল নিৰ্মাণৰ শুভাৰম্ভ কৰে । এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ ৫৭০ কোটি টকা বিনিয়োগ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে আনুমানিক ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাৰেংগী-কুৰুৱা দলং আৰু কামৰূপ আৰু দৰং জিলা আৰু মেঘালয়ৰ ৰি ভৈ সংযোগী ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ৰিং ৰোড প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ৪৫৩০ কোটি টকা ।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত ৫০০০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা বাঁহ ভিত্তিক ইথানল প্লাণ্ট আৰু ৭,২৩০ কোটি টকা ব্যয় সাপেক্ষে পেট্ৰ’ ফ্লুইডাইজড কেটালাইটিক ক্ৰেকাৰ ইউনিট উদ্বোধন কৰিব । এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক ১৮ হাজাৰ কোটিতকৈ অধিক মূল্যৰ মুঠ উন্নয়নমূলক প্ৰকল্প উপহাৰ দিব । শনিবাৰে সন্ধিয়া অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । অসম ভ্ৰমণৰ দ্বিতীয়টো দিনত তেওঁ প্ৰথম দৰঙত উপস্থিত হ’ব, য’ত তেওঁ ৰাজহুৱা সভাত ভাষণ দি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ ভিতৰত আছে দৰং মেডিকেল কলেজ এণ্ড হাস্পতাল, জি এন এম স্কুল আৰু বি এছ চি নাৰ্চিং কলেজৰ লগতে ৰাজধানী অঞ্চলত যান-জঁটৰ সমস্যা হ্ৰাস আৰু গতিশীলতা বৃদ্ধিৰ বাবে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট নামৰ এটা গুৰুত্বপূৰ্ণ নগৰ আন্তঃগাঁথনি প্ৰকল্প ।

তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৰুৱা-নাৰেংগী দলঙৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে আঞ্চলিক সংযোগৰ যথেষ্ট উন্নতি সাধন কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গোলাঘাটৰ নুমলীগড় ভ্ৰমণ কৰিব, য’ত তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’-ইথানল প্লাণ্ট উদ্বোধন কৰিব । জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে স্বচ্ছ আৰু নবীকৰণযোগ্য শক্তিৰ দিশত ভাৰতৰ পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ এই উদ্যোগ ।

উদ্বোধন কৰিব নিম কৰিডৰ ?

প্ৰধানমন্ত্ৰী মোদীয়ে আজি নুমলীগড়ত বিশ্বৰ প্ৰথমটো বায়’-ইথানল প্ৰকল্প আৰু পলিপ্ৰ’পাইলিন প্ৰকল্প উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক স্মৰণীয় কৰি তুলিবলৈ বিশেষ উদ্যোগ লোৱা হৈছে । লেটেকুজান চাহ বাগিচাৰ মাজেৰে যোৱা প্ৰায় ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোক “প্ৰধানমন্ত্ৰী নিম কৰিডৰ” নামেৰে নামাকৰণ কৰা হৈছে । এই পথৰ দুয়োকাষে নিম গছ ৰোপণ কৰি এক সেউজ পৰিবেশৰ সৃষ্টি কৰা হৈছে । খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই পদক্ষেপক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে ।

ইয়াৰ উপৰিও তেওঁ একেটা শোধনাগাৰতে পলিপ্ৰ’পাইলিন উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব, যিটোৱে অসমৰ ক্ৰমবৰ্ধমান পেট্ৰ’কেমিকেল খণ্ডত এক বৃহৎ বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ ঔদ্যোগিক বিকাশৰ উত্থান ঘটাব বুলি আশা কৰা হৈছে ।

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-

ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা স্মাৰক মুদ্ৰা মুকলি কৰাৰ লগতে বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ জীৱন ভিত্তিক এখনি গ্ৰন্থও উন্মোচন কৰে ।

লগতে পঢ়ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা… ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী

চাৰি বছৰৰ মূৰত ন্যায় পালে নন্দিতা শইকীয়াই; ৰিন্টু শৰ্মাক  মৃত্যুদণ্ডৰ ৰায়

চাৰি বছৰৰ মূৰত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই। সুদীৰ্ঘ ৪ বছৰৰ মূৰত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰে।

নন্দিতাৰ প্ৰাণ লোৱা  ৰিন্টু শৰ্মাক  মৃত্যুদণ্ডৰ ৰায় প্ৰদান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ। মুঠ ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ অন্তত ৰিণ্টু  শৰ্মাক  মৃত্যুদণ্ডৰ ৰায় আদালতৰ।  

উল্লেখ্য যে, ৪ বছৰ পূৰ্বে আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীক ৰাজপথতে দাৰে আঘাত কৰি হত্যা কৰিছিল মহাবিদ্যালয়খনৰে সহকাৰী লাইব্ৰেৰীয়ান ৰিণ্টু শৰ্মাই।

৪ দিনে মৃত্যুৰে যুঁজি ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিছিল নন্দিতাই। তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল ৰিন্টুক।

ধেমাজি আৰক্ষীয়ে ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে আদালতত দাখিল কৰিছিল ৪০০ পৃষ্টাজোৰা চাৰ্জশ্বীট ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২ নং ধাৰাত দোষী সাব্যস্ত ৰিণ্টু শৰ্মা ৷ ধেমাজি সদৰ থানাত ৰুজু কৰা হৈছিল ৩৯৭/২০২১ নম্বৰত এক গোচৰ ৷

লগতে পঢ়ক: “এই আক্ৰমণে মনোবল ভাঙিব নোৱাৰে”; প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

আহি আছে তৃতীয় বাৰ্ষিক ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ

তৃতীয় বাৰ্ষিক ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ

অহা ইংৰাজী ৩ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ তৃতীয় বৰ্ষৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ‘‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ’’

ক্ৰৱেচীয়া,  দক্ষিণ কোৰিয়া,ৰোমানিয়া,টিউনিচিয়া, শ্ৰীলংকা,লেবানন আৰু ভাৰতকে ধৰি ৭খন বিভিন্ন ৰাষ্ট্ৰৰ  মুঠ ১১ টাকৈ নাট্যদলে এই নাট মহোৎসৱত নাট পৰিৱেশন কৰিব৷

গুৱাহাটীৰ উজানবজাৰস্থিত  ‘সমলয় সূৰ্য ক্লাৱ’ৰ প্ৰেক্ষাগৃহত আয়োজিত সংবাদমেলত আঁক _এ’ ক্ৰিয়েটিভ লাইনৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণালজ্যোতি গোস্বামী,উপদেষ্টা ক্ৰমে নয়ন প্ৰসাদ,তপন দত্ত,কৌস্তুভমণি শইকীয়া, মহোৎসৱ সম্পাদক অনুপম শইকীয়া আৰু কেইবাগৰাকীও সদস্য উপস্থিত থাকি সাংবাদিকৰ লগত মত বিনিময় কৰে৷

ইয়াৰ লগতে এই নাট মহোৎসৱত আমন্ত্ৰিত ব্যক্তি দক্ষিণ কোৰিয়াৰ জিনইয়ং য়ুনৰ লগতে টিউনিচিয়াৰ হাফেদ খালিফা,লেবাননৰ কাছেম ইষ্টানবুল,ৰোমানিয়াৰ এণ্ডদ্ৰিয়া ,শ্ৰীলংকাৰ প্ৰসাদ উইক্ৰামাৰাথ্‌না আৰু সুজীবা পাথনিচেকাৰা আদিয়ে  অনলাইন যোগে এই সংবাদমেলত অংশগ্ৰহণ কৰে৷

BBITF’২৫ ৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণাল জ্যোতি গোস্বামীয়ে জানিবলৈ দিয়া মতে এয়া অসমত আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ এক নতুন মঞ্চ৷

আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুস্থিত কৰি অসমীয়া নাটকক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াস হিচাপেও পৰিগণিত হৈছে ভু্ল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ৷

BBITF’২৫-এ সমান্তৰালভাৱে  মহোৎসৱৰ দিনৰ ভাগত ‘‘থিয়েটাৰ কৰ্মশালা’’, ‘‘আলোচনাচক্ৰ’’ অনুস্থিত কৰাৰ লগতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিষয়ক সজাগতা সৃষ্টিৰ বাবে ৰাজ্যখনৰ প্ৰকৃতি বিষয়ক সংগঠন ‘‘আৰণ্যক’’ৰ সহযোগিতাত পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালাৰো আয়োজন কৰিছে৷

লগতে পঢ়ক: মুম্বাইত ৰেড এলাৰ্ট; কৃত্ৰিম বানৰ ফলত অমিতাভ বচ্চনৰ বাংলোত সোমাল পানী

আজি পহিলা ভাদ ; হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ। ভাদমাহ উপলক্ষ্যে হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰ। অসমীয়া জনবিশ্বাস অনুসৰি ভাদ মাহটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয় ।

অসমীয়া সমাজ জীৱনত পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ভাদ মাহ।এই পৱিত্ৰ ভাদ মাহতেই দুয়োজনা গুৰুৰ মহাপ্ৰয়াণ ঘটিছিল ।

এই ভাদ মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে পালন কৰা হয় ।ভগৱান কৃষ্ণও ভাদ মাহতেই উপজিছিল।

ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে সমগ্ৰ ৰাজ্য। ভাদ মাহ উপলক্ষ্যে দিনে-নিশাই সত্ৰ-নামঘৰত চলিব নাম-কীৰ্তন।

যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।

ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰাকৈ আয়োজন কৰিছে চাৰি প্ৰসংগীয়া নাম। অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰায় ৪০ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি।

আজি পহিলা ভাদ উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা এমাহজুৰি ভকত-বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম, কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।

পুৱাৰে পৰা বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ। পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে বটদ্ৰৱাত।

লগতে পঢ়ক: স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’

গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক, বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা

গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক

অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ মাজতে শনিবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “আজি গুৱাহাটীত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰোঁ । দুয়োখন ৰাজ্যৰ পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ সৈতে জড়িত বহু বিষয় আলোচনা কৰিলোঁ ।” অৱশ্যে কোনবোৰ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে সেয়া তেওঁ স্পষ্ট কৰা নাই ।

ইয়াৰ পূৰ্বে ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ বৈঠকত ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ৬টা ক্ষেত্ৰত একমতত উপনীত হৈছিল । ইয়াৰে ৫টা অঞ্চলত স্বাধীনতা দিৱসৰ ভিতৰত সীমান্ত স্তম্ভ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়, আনহাতে পিলিংগাটা অঞ্চলত অব্যাহত থকা মতানৈক্যৰ বাবে আলোচনা জিলা আয়ুক্তসকলৰ হাতত অৰ্পণ কৰা হয় ।

অসম আৰু মেঘালয়ে ২০২২ চনৰ মাৰ্চ মাহত এক চুক্তিত স্বাক্ষৰ কৰিছিল, যাৰ অধীনত ১২টা বিবাদিত এলেকাৰ ভিতৰত ৬টা এলেকাৰ সমাধান হৈছিল । প্ৰথম পৰ্যায়ত ৩৬.৭৯ বৰ্গ কিলোমিটাৰ এলেকাৰ বাবে চুক্তি কৰা হয়, য’ত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ে ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি লাভ কৰে ।

উল্লেখ্য যে ১৯৭২ চনত অসমৰ পৰা পৃথক ৰাজ্য হিচাপে মেঘালয় গঠন হৈছিল । অসম পুনৰ্গঠন আইন, ১৯৭১ক মেঘালয়ে প্ৰত্যাহ্বান জনাইছিল, তাৰ পিছত ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ১২টা অঞ্চলত বিবাদৰ সৃষ্টি হৈছিল । ২০২১ চনৰ মে’ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল যে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰাটোত তেওঁৰ অগ্ৰাধিকাৰ দিব । ইয়াৰ বাবে ২০২১ চনৰ আগষ্ট মাহত তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়, যাৰ পৰামৰ্শ অনুসৰি ২০২২ চনৰ মাৰ্চ মাহত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।

লগতে পঢ়ক : ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা