আজি ভোগালীৰ উৰুকা; ৰাজ্যজুৰী ভোগৰ প্ৰস্তুতি

আজি ভোগালীৰ উৰুকা; ৰাজ্যজুৰী ভোগৰ প্ৰস্তুতি

আজি হেঁপাহৰ ভোগালীৰ উৰুকা। কাহিলিপুৱাৰে পৰাই মাছৰ বজাৰত লাগিছে ভিৰ। আজি মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ ফূৰ্তি। উৰুকাৰ নিশা লগে-ভাগে সম্প্ৰীতিৰ এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ঘৰে ঘৰে আৰম্ভ উৰুকাৰ ব্যস্ততা। শদিয়াৰ পৰা ধুবুৰীলৈ সীমাহীন ব্যস্ততা প্ৰতিগৰাকী অসমীয়াৰ

আজি হেঁপাহৰ ভোগালীৰ উৰুকা। কাহিলিপুৱাৰে পৰাই মাছৰ বজাৰত লাগিছে ভিৰ।

আজি মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ ফূৰ্তি। উৰুকাৰ নিশা লগে-ভাগে সম্প্ৰীতিৰ এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ঘৰে ঘৰে আৰম্ভ উৰুকাৰ ব্যস্ততা। শদিয়াৰ পৰা ধুবুৰীলৈ সীমাহীন ব্যস্ততা প্ৰতিগৰাকী অসমীয়াৰ মাজত।

গাঁৱে-ভূঁয়ে ,চহৰে-নগৰে পুৱাৰে পৰাই বজাৰত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে। মাছ, মাংস আৰু বিভিন্ন ধৰণৰ থলুৱা খাদ্য সামগ্ৰীৰে ভৰি পৰিছে বজাৰসমূহ।

পৰম্পৰা অনুসৰি আজি নিশা সকলোৱে একেলগে বহি এসাজ লগে-ভাগে খোৱাৰ প্ৰস্তুতি চলাইছে।প্ৰতিখন বজাৰতে চিতল, ৰৌ, আৰি, ভকুৱা, বৰালী মাছৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে।

পুৱাই পছন্দৰ মাছ কিনি নিশা উপভোগ কৰিবলৈ বজাৰত ভিৰ কৰিছে বহুজনে।পথাৰসমূহত ইতিমধ্যে ডেকাসকলে অতি সুন্দৰকৈ ভেলাঘৰ আৰু মেজি সাজি উলিয়াইছে।

এই ভেলাঘৰসমূহতেই আজি নিশা উৰুকাৰ ভোজৰ আয়োজন কৰা হৈছে। সৰু-বৰ সকলোৱে মিলি খৰি সংগ্ৰহ কৰা আৰু ভোজৰ বজাৰ কৰাত ব্যস্ত হৈ পৰা দৃশ্যই অসমীয়া সমাজৰ একতাৰ নিদৰ্শন দাঙি ধৰিছে।

উৰুকাৰ নিশা ভোজভাতৰ পাছত জুইৰ উম লৈ ওৰেটো নিশা উজাগৰে থাকি পুৱালৈ মেজিৰ সেক ল’ব একাংশ গাঁওবাসীয়ে। কাইলৈ পুৱাই অপায়-অমংগল নাশৰ কামনাৰে অসমীয়াই জ্বলাব মেজি।

লগতে পঢ়ক: ‘সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য