‘সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

‘সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

অসমীয়া ল’ৰা-ছোৱালীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অসমীয়া ল’ৰা-ছোৱালীৱে সোনকালে বিয়া পাতক। আজি ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৪,৩৭৪কৈও অধিক লোকক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত অসমীয়া ল’ৰা-ছোৱালীক

অসমীয়া ল’ৰা-ছোৱালীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অসমীয়া ল’ৰা-ছোৱালীৱে সোনকালে বিয়া পাতক।

আজি ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৪,৩৭৪কৈও অধিক লোকক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰে।

এই অনুষ্ঠানত অসমীয়া ল’ৰা-ছোৱালীক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিয়া নপতা সকলে সোনকালে বিয়া পাতক।অসমীয়া ল’ৰা-ছোৱালীয়ে বিয়া পাতিবলৈ ৩০ বছৰ বয়সলৈকে ৰৈ থাকিব নালাগে।

দেৰিকৈ বিয়া পতাৰ বাবেই অসমীয়া মানুহৰ সংখ্যা লাহে লাহে কমি গৈছে। আজি যি সকলে চাকৰি পাইছে সেইসকলে এবছৰৰ ভিতৰত বিয়া পাতক।

আৰু এবছৰ-দুবছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে শীঘ্ৰেই সন্তান জন্ম দিয়ক। অন্যথা আমি নিজৰ ঠাইতে সংখ্যালঘু হৈ যাম।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, উজনিৰ বিপৰীতে ধুবুৰী, মানকাছৰত সন্তান বহুত। ধুবুৰী, মানকাছৰত এঘৰতে ৭-৮ টাকৈ সন্তান আছে। কিন্তু আমাৰ অসমীয়া গাঁও বোৰত শিশুৱেই নাই।  

লগতে পঢ়ক: ‘মিঞাৰ দখলত থাকিব নোৱাৰিব অসমীয়াৰ মাটি’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য