প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক অতীতৰ কথাত গুৰুত্ব নিদি আগন্তুক সময়খিনিত মনোনিৱেশ কৰি সেই সময়খিনিত জীয়াই থাকিবলৈ উৎসাহিত কৰে ।
দিল্লীস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত হয় “পৰীক্ষা পে চৰ্চা“ৰ প্ৰথম খণ্ড । এই খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক অতীতৰ কথাত গুৰুত্ব নিদি আগন্তুক সময়খিনিত মনোনিৱেশ কৰি সেই সময়খিনিত জীয়াই থাকিবলৈ উৎসাহিত কৰে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এটা কাহিনীও কয় । তেওঁ কয়, এই বছৰ মোৰ জন্মদিনত এজন নেতাই মোক ফোন কৰি কয় যে অভিনন্দন, আপুনি ৭৫ বছৰ সম্পূৰ্ণ কৰিলে ।
ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “এতিয়াও ২৫ বাকী আছে ।” তেওঁ কয়, “মই অতীতৰ কথা গণনা নকৰো, বৰঞ্চ বাকী থকাখিনিত গুৰুত্ব দিওঁ ।” প্ৰধানমন্ত্ৰীয়ে কয়, “সেইবাবেই জীৱনত মই কওঁ যে অতীতৰ কথা গণনা কৰি সময় নষ্ট নকৰিব; বাকী থকাখিনি জীয়াই থকাৰ কথা ভাবিব ।”
শিক্ষা বোজা হ’ব নালাগে-
“পৰীক্ষা পে চৰ্চা ২০২৬”ৰ নৱম সংস্কৰণত ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শিক্ষা বোজা হ’ব নালাগে আৰু ইয়াত সকলোৱে সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিব লাগে, কিয়নো আধৰুৱা হৈ ৰোৱা শিক্ষাই জীৱনত সফলতা নিদিয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ লক্ষ্য এনেকুৱা হ’ব লাগে যিটো আমাৰ ওচৰতে থাকে, কিন্তু সহজে লাভ কৰিব নোৱাৰি । মনটোক নিয়ন্ত্ৰণ কৰক, তাৰ পিছত মনটোক নিয়োজিত কৰক আৰু তাৰ পিছত অধ্যয়ন কৰিবলগীয়া বিষয়বোৰ অধ্যয়ন কৰক । তেতিয়াহে আপুনি ছাত্ৰ হিচাপে সফলতা লাভ কৰিব । নতুন দিল্লীত থকা বাসগৃহত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এদল ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ বিষয়ে এইদৰে আলোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
গেমিংত সময় নষ্ট নকৰিব-
প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক মনোৰঞ্জনৰ বাবে গেমিংত সময় নষ্ট নকৰিবলৈও আহ্বান জনায় । তেওঁ কয় যে যদি আপুনি গেমিংৰ প্ৰতি আগ্ৰহী তেন্তে কেৱল সময় পাৰ কৰিবলৈ ইয়াত লিপ্ত নহ’ব ।
টকাৰ বিনিময়ত গেমিংত লিপ্ত হোৱাসকল নষ্ট হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি দেশত জুৱাৰ প্ৰচাৰ কৰা উচিত নহয় । অনলাইন জুৱা খেলাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে । কিন্তু প্ৰধানমন্ত্ৰীয়ে কয় যে গেমিং এটা দক্ষতা কাৰণ ইয়াত বহু গতি জড়িত হৈ থাকে আৰু ইয়াক সজাগতা পৰীক্ষা আৰু আত্মবিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।
লগতে পঢ়ক : শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ









