ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ‘মনকবিতা ২০২৬’। এই অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত ‘মনকবিতা’ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ দ্বাৰা আয়োজিত মনকবিতা ২০২৬-ৰ অন্তৰ্গত আলোচনা চক্ৰখন উদ্বোধন কৰে অধ্যাপক মৃণাল কান্তি মণ্ডলে।
ড° ভূপেন হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি মূলতঃ অসমীয়াত হ’লেও ভাৰতীয় ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতিজন অনুৰাগী তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত আৰু সমৄদ্ধ হৈছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতিষ্ঠাপিত বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনৰ অধ্যক্ষ, অধ্যপক মৃণাল কান্তি মণ্ডলে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
“A Commemorative Seminar on the Life, Literature and Cultural Contributions of Dr Bhupen Hazarika and Navakanta Barua” শীৰ্ষক এই আলোচনা চক্ৰখন সঞ্চালনা কৰে বিশ্ব-ভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰণজিৎ কুমাৰ দেৱ গোস্বামীয়ে।
আলোচনা চক্ৰত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক বিভাস চৌধুৰী, বিশ্ব-ভাৰতীৰ বাংলা বিভাগৰ অধ্যাপিকা শ্ৰীলা বসু আৰু বিশিষ্ট সমালোচক আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে ড° হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সাহিত্যকৃতি, জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে।
অধ্যাপক বিভাস চৌধুৰীয়ে তেখেতৰ ভাষণত নৱকান্ত বৰুৱাৰ কবিতাৰ সৈতে বিশ্বসাহিত্যৰ কেইবাগৰাকীও বৰেণ্য কবি, যেনে এলিয়ট, ৰিল্কে আৰু ৱাল্ট হুইটমেন আদিৰ কবিতাৰ তুলনাত্মক বিশ্লেষণ আগবঢ়ায়।
অধ্যাপক দেৱ গোস্বামীয়ে তেখেতৰ ভাষণত বাৰ্ট্ৰাণ্ড ৰাছেলৰ আত্মজীৱনীৰ উদ্ধৃতি দি কয় যে ড৹ হাজৰিকাৰ জীৱনো তিনিটা দৰ্শনৰ দ্বাৰা পৰিচালিত হৈছিল – প্ৰেমৰ আকুলতা, জ্ঞানৰ অন্বেষণ আৰু মানৱীয় দুখ-দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা।
এইবাৰৰ মনকবিতা HDFC Bank আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ আংশিক আৰ্থিক সহযোগিতাত আয়োজিত হৈছে।
বিশ্ব-ভাৰতীৰ অসমীয়া বিভাগ আৰু ভাষা ভৱন তথা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগিতাত ৰাউল কৌশিক নাথ ফাউণ্ডেশ্যনে শান্তিনিকেতনত এইবাৰৰ মনকবিতা অনুষ্ঠিত কৰে।
এই অনুষ্ঠানত জয় বৰুৱা, কল্যাণ বৰুৱা, ৰূপম ভূঞা, অৰূপজ্যোতি বৰুৱা, অভিনেতা তপন দাস, সত্ৰীয়া শিল্পী অনিতা শৰ্মা আৰু উপাসনা মহন্ত গগৈ, বনশ্ৰী বাইলুং আৰু বংগৰ মনীষা মজুমদাৰ আৰু পূজা সিঙে অংশগ্ৰহণ কৰে।
ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ তৰফৰ পৰা এই অনুষ্ঠানত উপস্থিত থাকে কৌশিক নাথ, কৃষ্ণা বৰুৱা, উৎপল বৰপূজাৰী আৰু আন্না কৌশিক। উল্লেখযোগ্য যে মনকবিতা-ৰ উদ্যোক্তা হ’ল নয়ন প্ৰসাদ আৰু বিপুলজ্যোতি শইকীয়া।
লগতে পঢ়ক: এতিয়াও ২৫ বছৰ বাকী… জন্মদিনৰ শুভেচ্ছাৰ উত্তৰত কিয় এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে









