আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ ভৱিষ্যদ্বাণী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আনগন্তুক বিধানসভা নিৰ্বচনৰ বাবে প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ মাজতে সোমবাৰে নিৰ্বাচনী ফলাফলক লৈ ভৱিষ্যদ্বাণী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ শোচনীয় পৰাজয়ৰ ভৱিষ্যদ্বাণী কৰে তেওঁ ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে উজনি অসমৰ পৰা কংগ্ৰেছ “নিশ্চিহ্ন” হ’ব আৰু সমগ্ৰ ৰাজ্যত ২০খন আসন অতিক্ৰম কৰিবলৈও দলটোৱে সংগ্ৰাম কৰিব লগা হ’ব । তেওঁ ভৱিষ্যদ্বাণী কৰে যে কংগ্ৰেছে মাত্ৰ ১৫–১৭খন আসনহে লাভ কৰিব, আনহাতে এআইইউডিএফ-এ ৫–৬খন আসন লাভ কৰিব পাৰে । তেওঁ লগতে কয় যে অখিল গগৈৰ ৰাইজৰ দলে ধিং সমষ্টিহে লাভ কৰিব পাৰে আৰু অসম জাতীয় পৰিষদে এখন আসনতো জয়ী হ’বলৈ সক্ষম নহ’ব ।
মুখ্যমন্ত্ৰীগৰাকীয়ে নাওবৈচাৰ দৰে কংগ্ৰেছৰ পুৰণি দুৰ্গসমূহো এতিয়া দলটোৰ হাতৰ পৰা ওলাই গৈছে বুলি দাবী কৰে । তেওঁ দাবী কৰে যে সংখ্যালঘু ভোটাৰৰ এটা অংশ, যিসকলক তেওঁ “মিঞা” বুলি অভিহিত কৰিছে, তেওঁলোকৰ কংগ্ৰেছৰ প্ৰতি আৰু আস্থা নাই । তেওঁ লগতে কয় যে কংগ্ৰেছ দলে ৰাজ্যখনত নিৰ্বাচনী পৰাজয়ৰ “নিজৰ অভিলেখ নিজেই ভংগ কৰাৰ” দিশে আগবাঢ়িছে ।
ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অসমলৈ আহি নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মল্লিকাৰ্জুন খাৰ্গে অসমলৈ অহাটোৱেই অপমানজনক কথা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক : ‘অখিল গগৈয়ে আনে নকৰা বেয়াৰ উদাহৰণ স্থাপন কৰে’; মুখ্যমন্ত্ৰী









