শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী

আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব । এই দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে চীন, ৰাছিয়া, ইৰাক, পাকিস্তান আদিও আছে । অৰ্থাৎ ভাৰতীয় জাহাজক এই পথেৰে নিৰাপদে পাৰ হ’বলৈ দিয়া হ’ব । অৱশ্যে এটা চৰ্ত হ’ল জাহাজসমূহে প্ৰথমে ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ।

বিশ্বৰ অন্যতম বৃহৎ তেল যোগান পথ এই প্ৰণালীটোক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লৈছে ইৰাণে । যদি এই পথ সম্পূৰ্ণৰূপে বন্ধ কৰা হয় তেন্তে ভাৰতৰ দৰে দেশৰ তেলৰ মূল্য আৰু যোগান দুয়োটাতে ইয়াৰ প্ৰভাৱ পৰিব ।

ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছেও এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ কয় যে হৰমুজ প্ৰমালী বন্ধ হোৱাৰ ফলত তেল, গেছ, সাৰৰ যোগানত ব্যাঘাত জন্মিছে, বিশেষকৈ কৃষিৰ বতৰত বিশ্বত প্ৰভাৱ পৰিছে ।

গুটেৰেছে আমেৰিকা আৰু ইজৰাইলক শীঘ্ৰেই যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনায়, কিয়নো ই সাধাৰণ নাগৰিকৰ বাবে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু বিশ্ব অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাইছে । ইৰাণক চুবুৰীয়া ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈও আহ্বান জনায় ।

ইৰাণৰ এই সিদ্ধান্তই ভাৰতক যথেষ্ট সকাহ দিছে, কিয়নো ভাৰতৰ বহুখিনি তেল এই পথেৰে আহে । এই পথটো বন্ধ হৈ থকা হ’লে পেট্ৰ’ল-ডিজেলৰ দাম অধিক ব্যয়বহুল হ’ল হেঁতেন । ইৰাণে পূৰ্বে স্পষ্ট কৰি দিছিল যে শত্ৰুতাহীন জাহাজ (অৰ্থাৎ ইৰাণৰ সৈতে শত্ৰুতা নথকা দেশৰ জাহাজ) এই পথৰ মাজেৰে পাৰ হ’ব পাৰে, কিন্তু এতিয়া এই নিয়ম আৰু কঠোৰ কৰা হৈছে । প্ৰতিখন জাহাজে প্ৰথমে অনুমতি ল’ব লাগিব আৰু সুৰক্ষাৰ নিয়ম মানি চলিব লাগিব ।

লগতে পঢ়ক : আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীলৈ ফোন ট্ৰাম্পৰ

যুদ্ধৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে

আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে এক্সৰ এটা পোষ্টত এই বাৰ্তালাপৰ সবিশেষ শ্বেয়াৰ কৰিছে । দুয়োগৰাকী নেতাই মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে । তদুপৰি দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে হৰমুজ প্ৰণালী মুকলি কৰি ৰখাৰ বিষয়েও আলোচনা কৰে ।

ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে এক্সত লিখিছে, “ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতে । তেওঁলোকে মধ্যপ্ৰাচ্যৰ চলি থকা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে, য’ত হৰমুজ প্ৰণালী মুকলি কৰি ৰখাৰ বিষয়েও স্থান পায় ।”

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজৰ এই বাৰ্তালাপ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ শেহতীয়াকৈ ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আলটিমেটাম জাৰি কৰিছিল । হৰমুজ প্ৰমালী বন্ধ হোৱাৰ ফলত তেল আৰু গেছৰ মূল্য আৰু বিশ্বৰ যোগান শৃংখলত প্ৰভাৱ পৰিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমুজ প্ৰমালী অৱৰোধ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে । সোমবাৰে লোকসভাত আৰু মঙলবাৰে ৰাজ্যসভাত এই কথা পুনৰ দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় যে সাধাৰণ নাগৰিক, বাণিজ্যিক জাহাজ, বা হৰমুজ জলদ্বীপৰ ওপৰত যিকোনো আক্ৰমণ গ্ৰহণযোগ্য নহয় ।

লগতে পঢ়ক : ৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালীঃ ইৰাণক অন্তিম সকীয়নি ট্ৰাম্পৰ

হৰমুজ পাৰ হৈ ভাৰত অভিমুখে আৰু দুখন জাহাজ, ইৰাণে দিলে সেউজ সংকেত

দুয়োখন জাহাজ পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ বাবে কিছু সকাহ । দুখনকৈ এল পি জি টেংকাৰ “পাইন গেছ” আৰু “জগ বসন্ত” পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব । শেহতীয়া খবৰ অনুসৰি জাহাজ দুখনে নিজৰ পৰিচয় পৰীক্ষা কৰোৱাৰ পিছত হৰমুজ প্ৰণালী পাৰ হ’বলৈ সাজু হৈছে ।

পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছত উপসাগৰীয় অঞ্চলত আবদ্ধ হৈ থকা ভাৰতৰ পতাকা থকা ২২খন জাহাজৰ ভিতৰত এই দুখন জাহাজ অন্যতম । ইৰাণ আৰু ওমানৰ মাজত হৰমুজ প্ৰণালী হৈছে এক অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ, যাৰ মাজেৰে উপসাগৰীয় দেশসমূহৰ তেল আৰু গেছ বিশ্বজুৰি পৰিবহ হয় । ইয়াৰ পূৰ্বে প্ৰায় ৯২,৭১২ টন এল পি জি কঢ়িয়াই অনা “শিৱালিক” আৰু “নন্দা দেৱী” নামৰ দুখন জাহাজে গুজৰাটৰ মুন্দ্ৰা আৰু কণ্ডলা বন্দৰত নিৰাপদে উপস্থিত হৈছিল । দুয়োখন জাহাজেই দেশৰ বাবে প্ৰায় এদিনৰ বাবে প্ৰয়োজনীয় ৰন্ধন গেছ কঢ়িয়াই আনিছিল ।

যুদ্ধ আৰম্ভ হোৱাৰ সময়ত মুঠ ২৮খন ভাৰতীয় জাহাজ হৰমুজ প্ৰমালীত, ২৪খন পশ্চিম অংশত আৰু চাৰিখন পূব অংশত আৱদ্ধ হৈ আছিল । যোৱা কিছুদিনত দুয়োপক্ষৰ পৰা দুখনকৈ জাহাজ নিৰাপদে যাত্ৰা কৰিবলৈ সক্ষম হৈছে । ১৬ মাৰ্চত শিৱালিক জাহাজখন মুন্দ্ৰা বন্দৰত উপস্থিত হোৱাৰ বিপৰীতে ১৭ মাৰ্চত কণ্ডলাত উপস্থিত হয় নন্দা দেৱী । ইফালে ৮০,৮৮৬ টন খাৰুৱা তেল কঢ়িয়াই অনা তেল টেংকাৰ “জাগ লড়কী” ১৮ মাৰ্চত মুন্দ্ৰাত উপস্থিত হয় । আন এখন টেংকাৰ “জগ প্ৰকাশ” ওমানৰ পৰা আফ্ৰিকা অভিমুখে ৰাওনা হয় আৰু নিৰাপদে হৰমুজ প্ৰণালী পাৰ হৈ তাঞ্জানিয়া অভিমুখে ৰাওনা হৈছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো গ্ৰহণযোগ্য নহয় ।

ইৰাণ যুদ্ধ আৰু পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতি প্ৰকাশ কৰিছে । তেওঁ উল্লেখ কৰে যে পশ্চিম এছিয়াৰ পৰিস্থিতি চিন্তনীয় । তেওঁ উল্লেখ কৰে যে প্ৰায় এক কোটি ভাৰতীয়ই পশ্চিম এছিয়াত বাস কৰে আৰু কৰ্মৰত হৈ আছে । এই বিষয়ত সংসদ একমত হোৱাটো গুৰুত্বপূৰ্ণ । তেওঁ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়ত বাৰ্তালাপত মিলিত হৈছে আৰু ভাৰতৰ সকলো মিছনে ক্ষতিগ্ৰস্ত দেশত আবদ্ধ ভাৰতীয়সকলক সহায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে ।

সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ৩ লাখ ৭৫ হাজাৰতকৈ অধিক ভাৰতীয় ঘূৰি আহিছে । ইৰাণৰ পৰা উভতি আহিছে প্ৰায় ১০০০ ভাৰতীয়, ইয়াৰে বহুতেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো গ্ৰহণযোগ্য নহয় ।

সংঘাতত গুৰুত্বপূৰ্ণ হৈ পৰা হৰমুজ প্ৰণালীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খাৰুৱা তেল, গেছ, সাৰ আৰু বহু শক্তিৰ উৎসৰ বৃহৎ অংশ হৰমুজ জলপথেৰে আহে আৰু এই পথটো বন্ধ হৈ থকাৰ পিছতো আমি নিশ্চিত কৰিছো যে আমাৰ প্ৰয়োজন পূৰণ হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আলোচনাৰ বাবে হৰমুজ প্ৰণালীত আবদ্ধ হৈ থকা আমাৰ বহু জাহাজ যাত্ৰা কৰিবলৈ দিয়া হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতলৈ বৃহৎ পৰিমাণৰ খাৰুৱা তেল, গেছ, সাৰ আৰু বহুতো অত্যাৱশ্যকীয় সামগ্ৰী ভাৰতলৈ আহে । যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল অতি কঠিন হৈ পৰিছে । ইয়াৰ পিছতো আমাৰ চৰকাৰে পেট্ৰ’ল, ডিজেল, গেছৰ যোগানত যাতে বিশেষ প্ৰভাৱ নপৰে তাৰ বাবে চেষ্টা কৰিছে ।”

তেওঁ আৰু কয়, “আমি সকলোৱে জানো যে,  দেশে ৬০% এল পি জিৰ প্ৰয়োজনীয়তা আমদানিৰ জৰিয়তে পূৰণ কৰে । যোগানৰ অনিশ্চয়তাৰ বাবে চৰকাৰে ঘৰুৱা এল পি জি গ্ৰাহকক অগ্ৰাধিকাৰ দিছে । লগতে এল পি জিৰ ঘৰুৱা উৎপাদনো বৃদ্ধি কৰা হৈছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে এই যুদ্ধত অংশগ্ৰহণ কৰা দেশসমূহলৈ প্ৰেৰণ কৰা বাৰ্তাত উল্লেখ কৰে যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো গ্ৰহণযোগ্য নহয় । তেওঁ উল্লেখ কৰে যে ভাৰতে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁ নিজেই পশ্চিম এছিয়াৰ নেতাসকলৰ সৈতে কথা পাতিছে, তেওঁলোকক উত্তেজনা হ্ৰাস কৰি সংঘাতৰ অন্ত পেলাবলৈ আহ্বান জনাইছে ।

বিশ্ববাসীলৈ প্ৰেৰণ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সাধাৰণ নাগৰিক, শক্তি আৰু পৰিবহণ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ বিৰোধিতা কৰে । বাণিজ্যিক জাহাজত আক্ৰমণ আৰু হৰমুজ প্ৰণালীৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলপথ বন্ধ কৰাটো গ্ৰহণযোগ্য নহয় ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; জ্যেষ্ঠ কেবিনেট মন্ত্ৰীও উপস্থিত

‘এয়া আমাৰ অধিকাৰ…’; হৰমুজ প্ৰণালীত ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

ট্ৰাম্পে হৰমুজ প্ৰণালীক লৈ সকীয়নি দিয়াৰ পিছটো ভয় খোৱা নাই ইৰাণে। ইৰাণে এইবাৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰ (প্ৰায় ১৮.৮ কোটি ₹)কৰ  সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে।

মধ্যপ্ৰাচ্যত দিনে দিনে বৃদ্ধি পাইছে উত্তেজনা। ইৰাণে এতিয়া হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰ (প্ৰায় ১৮.৮ কোটি ₹) টোল কৰ  সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে।এই পদক্ষেপ বিশ্ব জাহাজৰ এই গুৰুত্বপূৰ্ণ পথটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰদৰ্শনৰ বাবে ইৰাণে গ্ৰহণ কৰিছে।

ইৰাণী সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সদস্য আলায়েদ্দিন বৰৌজাৰ্ডিয়ে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা কিছুমান জাহাজৰ ওপৰত ২০ লাখ ডলাৰৰ  নতুন টোল আৰোপ কৰা হৈছে, ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰা হৈছে।তেওঁ কয় যে এই পদক্ষেপে দশক দশক ধৰি এই জলদ্বীপত ইৰাণৰ অধিকাৰ প্ৰদৰ্শন কৰে।

বৰৌজৰ্দীয়ে কয় যে, ‘কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰৰ টোল সংগ্ৰহ কৰাটোৱে ইৰাণৰ শক্তি প্ৰদৰ্শন কৰে। কাৰণ এতিয়া যুদ্ধৰ খৰচ বৃদ্ধি পাইছে,গতিকে আমি এই কামটো প্ৰয়োজনীয় বুলি বিবেচনা কৰোঁ।হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা জাহাজৰ পৰা ট্ৰেনজিট মাচুল সংগ্ৰহ কৰিলে ইছলামিক ৰিপাব্লিকৰ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদৰ্শন হ’ব’।

লগতে পঢ়ক: ‘যদি আমাৰ শক্তি কেন্দ্ৰক আক্ৰমণ কৰা হয়,তেন্তে বন্ধ কৰি দিয়া হ’ব হৰমুজ প্ৰণালী’; ট্ৰাম্পৰ ধমকীৰ পিছতে ইৰাণৰ প্ৰত্যুত্তৰ

‘বন্ধ কৰি দিয়া হ’ব হৰমুজ প্ৰণালী’; ট্ৰাম্পৰ ধমকৰ প্ৰত্যুত্তৰ ইৰাণৰ

আমেৰিকা আৰু তেহৰাণৰ মাজত সংঘাত আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। ট্ৰাম্পে ইৰাণক দিয়া ৪৮ ঘন্টাৰ আল্টিমেটামৰ পিছতে হৰমুজ প্ৰণালীক লৈ ডাঙৰ মন্তব্য কৰিছে।

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই আৰু অধিক বিপজ্জনক হৈ পৰিছে।আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰত্যক্ষ সতৰ্কবাণীৰ আদান-প্ৰদানৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। ইৰাণে স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি আমেৰিকাই ইৰাণৰ শক্তি কেন্দ্ৰসমূহক আক্ৰমণ কৰে তেন্তে তেওঁলোকে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিব।

এই সামুদ্ৰিক পথটো বিশ্বব্যাপী তেল যোগানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়,এনে পৰিস্থিতিত হৰমুজ প্ৰণালী বন্ধ হ’লে বিশ্ব শক্তি সংকট গভীৰ হ’ব পাৰে। দৰাচলতে,আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ৪৮ ঘন্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰিবলৈ এক আল্টিমেটাম জাৰি কৰিছে।

ট্ৰাম্পে সকীয়াই দিছিল যে যদি এনেকুৱা নহয় ইৰাণৰ ডাঙৰ ডাঙৰ বিদ্যুৎ কেন্দ্ৰসমূহক লক্ষ্য কৰি ল’ব পাৰে আমেৰিকাই।ইয়াৰ উত্তৰত ইৰাণে প্ৰতিশোধৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি ইয়াৰ শক্তিৰ সুবিধাসমূহ আক্ৰমণ কৰা হয়, তেন্তে সমগ্ৰ অঞ্চলটোৰ জটিল আন্তঃগাঁথনি বিশেষকৈ শক্তি আৰু পানী উদ্যোগসমূহক লক্ষ্য কৰি ল’ব পাৰি।

লগতে পঢ়ক: ‘ইৰাণৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব একত্ৰিত হ’ব লাগে’; বিশ্বৰ দেশসমূহলৈ নেতান্যাহুৰ ডাঙৰ আহ্বান

‘শত্ৰুৰ বাহিৰে সকলোৰে বাবে মুকলি হৈ আছে হৰমুজ প্ৰণালী’; ট্ৰাম্পৰ আল্টিমেটামৰ পিছত ইৰাণৰ বিস্ফোৰক মন্তব্য  

ট্ৰাম্পৰ ৪৮ ঘণ্টীয়া আল্টিমেটামৰ পিছত ইৰাণৰ স্থিতি কিছু কোমল হৈছে।ইৰাণে এতিয়া স্পষ্ট কৰি দিছে যে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ নহয়, বৰঞ্চ শত্ৰু দেশৰ জাহাজৰ বাহিৰে সকলো দেশৰ জাহাজৰ বাবে এই পথ মুকলি হৈ আছে।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাই এতিয়া বিপদজনক টাৰ্নিং পইণ্টত উপনীত হৈছে।বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেলৰ পথ হৰমুজ প্ৰণালীৰ সন্দৰ্ভত ইৰাণৰ স্থিতি হঠাতে পৰিৱৰ্তন হোৱা যেন লাগিছে।

দৰাচলতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক প্ৰত্যক্ষ সতৰ্কবাণী দিছিল যে, যদি ৪৮ ঘণ্টাৰ ভিতৰত এই সামুদ্ৰিক পথ পুনৰ মুকলি কৰা নহয়, তেন্তে আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰক লক্ষ্য কৰি ল’ব। এই ভাবুকিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ইৰাণে এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।

ইৰাণে কয় যে তেওঁলোকে এই পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিব নিবিচাৰে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাত ইৰাণৰ প্ৰতিনিধি আলী মৌছাভিয়ে দেওবাৰে কয় যে ‘শত্ৰু দেশ’ৰ জাহাজৰ বাহিৰে সকলো দেশৰ জাহাজৰ বাবে এই পথ মুকলি হৈ আছে।

ইয়াত “শত্ৰু” বুলি তেওঁলোকে পোনপটীয়াকৈ আমেৰিকা আৰু ইজৰাইলক বুজাইছে।ইৰাণে কয় যে যদি কোনো জাহাজে নিজৰ নিৰাপত্তা নিয়ম মানি চলে আৰু যদি তেওঁলোকৰ শত্ৰুৰ লগত কোনো সম্পৰ্ক নাই, তেন্তে ইয়াৰ মাজেৰে পাৰ হৈ যাব লৈ কোনো অসুবিধাৰ সন্মুখীন নহ’ব।

লগতে পঢ়ক: হৰমুজৰ সমিপতে ধ্বংস কৰা হ’ল শত্ৰুৰ এফ-১৫ যুঁজাৰু জেট; ইৰাণৰ ডাঙৰ দাবী

হৰমুজৰ সমিপতে ধ্বংস কৰা হ’ল শত্ৰুৰ এফ-১৫ যুঁজাৰু জেট; ইৰাণৰ ডাঙৰ দাবী

ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে, দেশখনৰ দক্ষিণ উপকূলৰ সমীপত শত্ৰুৰ এখন যুদ্ধ বিমান ধ্বংস কৰা হৈছে। এই বিমানখন এফ-১৫ যুদ্ধ বিমান আছিল।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম প্ৰেছ টিভিয়ে দাবী কৰিছে যে দেশখনৰ দক্ষিণ উপকূলৰ সমীপত শত্ৰুৰ এখন যুদ্ধ বিমান ধ্বংস কৰা হৈছে। প্ৰতিবেদন অনুসৰি, এই বিমানখন এফ-১৫ যুদ্ধ বিমান আছিল, য’ত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বাধা দিয়াৰ পিছত লক্ষ্য কৰি লৈছিল।

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকাৰ সেনাবাহিনীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।খবৰ অনুসৰি আমেৰিকাই এতিয়ালৈকে কমেও ১৭খন সামৰিক বিমান হেৰুৱাইছে,য’ত ১২ খন ড্ৰোন আৰু ৪ খন মানৱ সম্পন্ন বিমান অন্তৰ্ভূক্ত আছে।ইয়াৰোপৰি এফ-৩৫ যুঁজাৰু বিমান এখনো ক্ষতিগ্ৰস্ত হৈছে।

লগতে পঢ়ক: ৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালীঃ ইৰাণক অন্তিম সকীয়নি ট্ৰাম্পৰ

৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালীঃ ইৰাণক অন্তিম সকীয়নি ট্ৰাম্পৰ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই ধ্বংসলীলাৰ সৃষ্টি কৰিব

হৰমুজ প্ৰণালীক লৈ আমেৰিকাই ইৰাণক সতৰ্কবাণী জাৰি কৰিছে । দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই ধ্বংসলীলাৰ সৃষ্টি কৰিব । আমেৰিকাই স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোকে ইৰাণৰ পাৱাৰ প্লান্টত আক্ৰমণ সংঘটিত কৰিব ।

ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত ট্ৰাম্পে ইৰাণক হৰমুজ জলপথ ৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখ্য য়ে, আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইৰাণে এই গুৰুত্বপূৰ্ণ জলপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে । ট্ৰাম্পে পোষ্টটোত উল্লেখ কৰিছে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি নকৰে তেন্তে আমেৰিকাই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰসমূহ আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰিব । এই আক্ৰমণ আটাইতকৈ ডাঙৰ বিদ্যুৎ কেন্দ্ৰৰ পৰা আৰম্ভ কৰিব বুলিও ট্ৰাম্পে উল্লেখ কৰে ।

ইৰানে হৰমুজ প্ৰণালীত জাহাজ চলাচলত আহি পৰা ভাবুকিৰ বাবে তেলৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে ট্ৰাম্পে এই সকীয়নি প্ৰদান কৰিছে । শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ইংগিত দিয়ে যে বিশ্বৰ গুৰুত্বপূৰ্ণ তেল যোগানৰ জলপথ হৰমুজ প্ৰণালী সুস্থিৰ নকৰাকৈয়ে চলি থকা সংঘাতৰ পৰা আমেৰিকাই আঁতৰি আহিব পাৰে ।

লগতে পঢ়ক : ইজৰাইলৰ পাৰমাণৱিক ঘাটিত ইৰাণৰ ভীষণ আক্ৰমণ