৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালীঃ ইৰাণক অন্তিম সকীয়নি ট্ৰাম্পৰ

৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালীঃ ইৰাণক অন্তিম সকীয়নি ট্ৰাম্পৰ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই ধ্বংসলীলাৰ সৃষ্টি কৰিব হৰমুজ প্ৰণালীক লৈ আমেৰিকাই ইৰাণক সতৰ্কবাণী জাৰি কৰিছে । দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই ধ্বংসলীলাৰ সৃষ্টি কৰিব

হৰমুজ প্ৰণালীক লৈ আমেৰিকাই ইৰাণক সতৰ্কবাণী জাৰি কৰিছে । দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই ধ্বংসলীলাৰ সৃষ্টি কৰিব । আমেৰিকাই স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোকে ইৰাণৰ পাৱাৰ প্লান্টত আক্ৰমণ সংঘটিত কৰিব ।

ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত ট্ৰাম্পে ইৰাণক হৰমুজ জলপথ ৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখ্য য়ে, আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইৰাণে এই গুৰুত্বপূৰ্ণ জলপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে । ট্ৰাম্পে পোষ্টটোত উল্লেখ কৰিছে যে যদিহে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি নকৰে তেন্তে আমেৰিকাই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰসমূহ আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰিব । এই আক্ৰমণ আটাইতকৈ ডাঙৰ বিদ্যুৎ কেন্দ্ৰৰ পৰা আৰম্ভ কৰিব বুলিও ট্ৰাম্পে উল্লেখ কৰে ।

ইৰানে হৰমুজ প্ৰণালীত জাহাজ চলাচলত আহি পৰা ভাবুকিৰ বাবে তেলৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে ট্ৰাম্পে এই সকীয়নি প্ৰদান কৰিছে । শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ইংগিত দিয়ে যে বিশ্বৰ গুৰুত্বপূৰ্ণ তেল যোগানৰ জলপথ হৰমুজ প্ৰণালী সুস্থিৰ নকৰাকৈয়ে চলি থকা সংঘাতৰ পৰা আমেৰিকাই আঁতৰি আহিব পাৰে ।

লগতে পঢ়ক : ইজৰাইলৰ পাৰমাণৱিক ঘাটিত ইৰাণৰ ভীষণ আক্ৰমণ