“আৰু কোনো জাহাজক অহা-যোৱা কৰিবলৈ দিয়া নহ’ব”; হৰমুজ প্ৰণালী অৱৰোধৰ ঘোষণা আমেৰিকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ড’নাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীত অহা-যোৱা কৰা জাহাজ অৱৰোধৰ কথা ঘোষণা কৰিছে।

ইছলামবাদত ইৰাণৰ সৈতে শান্তি আলোচনা আধৰুৱা হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে এক বৃহৎ ঘোষণা কৰি কয় যে, অতি সোনকালে আমেৰিকাই হৰমুজ প্ৰণালীত প্ৰৱেশ আৰু প্ৰস্থান কৰা জাহাজৰ ওপৰত অৱৰোধ আৰম্ভ কৰিব।তেওঁৰ এই বক্তব্যই অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

ট্ৰাম্পে কয় যে, আমেৰিকাৰ নৌসেনাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ হৰমুজ প্ৰণালীত প্ৰৱেশ বা প্ৰস্থান কৰা সকলো জাহাজক নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তেওঁ কয়-মই মোৰ নৌসেনাকো নিৰ্দেশ দিছো যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় জলসীমাত ইৰাণক টোল দিয়া প্ৰতিখন জাহাজক বিচাৰি উলিয়াব লাগে আৰু বাধা দিব লাগে।

তেওঁ অভিযোগ উত্থাপন কৰে যে, ইৰাণ এই গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথটো মুকলি কৰি ৰখাৰ আশ্বাস ৰক্ষা কৰাত ব্যৰ্থ হৈছে। ট্ৰাম্পৰ মতে, সাগৰত নৌসেনাৰ খনিৰ আশংকাৰ বাবে ইতিমধ্যে জাহাজৰ যাতায়ত ব্যাহত হৈ পৰিছে।

লগতে পঢ়ক: ইৰাণ-আমেৰিকাৰ শান্তি আলোচনাত ব্যৰ্থ; আন্তঃৰাষ্ট্ৰীয় অপমানৰ সন্মুখীন পাকিস্তান

“আজি নিশা অন্ত পৰিব এটা সভ্যতাৰ…,” ইৰাণক ট্ৰাম্পৰ বৃহৎ ভাবুকি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ৪৮ ঘণ্টাৰ সময়সীমা জাৰি কৰিছিল, যিটোৰ ম্যাদ উকলি যোৱাৰ উপক্ৰম হৈছে

বিগত ৬টা সপ্তাহ ধৰি চলি আছে ইৰাণ যুদ্ধ । এই যুদ্ধ কেৱল মধ্য প্ৰাচ্যতে নহয় বিশ্বৰ আন আন প্ৰান্ততো প্ৰভাৱ পেলাইছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ৪৮ ঘণ্টাৰ সময়সীমা জাৰি কৰিছিল, যিটোৰ ম্যাদ উকলি যোৱাৰ উপক্ৰম হৈছে । কিন্তু তাৰ পূৰ্বে ট্ৰাম্পে ইৰাণক এতিয়ালৈকে দিয়া আটাইতকৈ ডাঙৰ ভাবুকিৰ প্ৰদান কৰিছে । যিয়ে এতিয়া ফদ্বেগৰ সৃষ্টি কৰাৰ লগতে আমেৰিকাৰ পৰৱৰ্তী পদক্ষেপক লৈ কৌতুহলৰ সৃষ্টি কৰিছে ।

ট্ৰাম্পে ইৰাণক ভাবুকি দি কয় যে, “আজি নিশা এটা সম্পূৰ্ণ সভ্যতাৰ অন্ত পৰিব, যাক কেতিয়াও পুনৰ ঘূৰাই আনিব পৰা নাযাব । মই এনে হোৱাটো নিবিচাৰো, কিন্তু সেয়া সম্ভৱতঃ হ’ব ।”

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ট্ৰাম্পে কয় যে, “আমি এতিয়া ইৰাণৰ শাসন ব্যৱস্থা সলনি কৰিছো । তাত পূৰ্বতকৈ স্মাৰ্ট আৰু কম উগ্ৰ মানুহ আছে । কোনে জানে, হয়তো কিবা এটা বৈপ্লৱিক পদক্ষেপ লোৱা হ’ব পাৰে ? আমি আজি নিশা গম পাম । এইটো বিশ্ব ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত হ’ব পাৰে । ৪৭ বছৰীয়া ধন দাবী, দুৰ্নীতি, মৃত্যুৰ অন্ত পৰিব । ভগৱান মহান । অনুগ্ৰহ কৰি ইৰাণৰ জনসাধাৰণক আশীৰ্বাদ কৰক ।”

উল্লেখ্য যে ইৰাণত আবদ্ধ হৈ থকা আমেৰিকান পাইলটগৰাকীৰ উদ্ধাৰ অভিযানৰ বিশদ বিৱৰণ দি সংবাদমেল অনুষ্ঠিত কৰাৰ মাত্ৰ এদিন পিছতে ট্ৰাম্পে এই বক্তব্য প্ৰকাশ কৰিছে । ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰি চুক্তিত উপনীত হ’বলৈও ৪৮ ঘণ্টাৰ সময় দিছিল, যাৰ ম্যাদ অতি সোনকালে শেষ হ’ব ।

ট্ৰাম্পে প্ৰথমে ইৰাণক ৪৮ ঘণ্টাৰ সময় দিছিল আৰু সেই সময়ৰ ভিতৰত ইৰাণে প্ৰণালী মুকলি নকৰিলে আক্ৰমণৰ সকীয়নি দিছিল । কিন্তু বিশ্বই এই সংঘাতৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ট্ৰাম্পে উত্তেজনা ম্লান কৰি সময়সীমা বৃদ্ধি কৰে ।

এতিয়ালৈকে ট্ৰাম্পে তিনিবাৰকৈ এই সময়সীমা বৃদ্ধি কৰিছে আৰু নতুন সময়সীমা ৭ এপ্ৰিলত শেষ হ’ব । প্ৰথম সতৰ্কবাণী ৪৮ ঘণ্টাৰ বাবে দিয়া হৈছিল, যিটো পিছত পাঁচ দিন আৰু তাৰ পিছত আৰু ১০ দিন বৃদ্ধি কৰা হৈছিল । এইদৰে মূল ৪৮ ঘণ্টাৰ সময়সীমা এতিয়া মুঠ ৪০৮ ঘণ্টালৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : নামানিলে হ’ব মহাবিপৰ্যয়… হৰমুজক লৈ পুনৰ ইৰাণক ৪৮ ঘন্টাৰ সময়সীমা ট্ৰাম্পৰ

‘বুৰ্বকসকল!হৰমুজ খুলি দিয়ক, নহ’লে নৰকত যাবা’; আল্টিমেটামৰ পিছত পুনৰ ইৰাণক ধমকি ড’নাল্ড ট্ৰাম্পৰ

ইৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰিছে।তেওঁলোকে কয় যে এই জলপথৰ মাজেৰে কেৱল ইৰাণৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ জাহাজহে পাৰ হ’ব পাৰিব। তাৰ পিছতেই ইৰাণক পুনৰ ট্ৰাম্পে ভাবুকি দিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ১০ দিনৰ বাবে আল্টিমেটাম প্ৰদান কৰিছিল,যিটো ক্ৰমান্বয়ে ম্লান হৈ আহিছে।ট্ৰাম্পে এতিয়া ইৰাণক পুনৰবাৰ ভাবুকি দিছে।তেওঁ খঙেৰে ঘোষণা কৰিছে যে, ” বুৰ্বকসকল, হৰমুজ  খুলি দিয়া—নহ’লে, তোমালোক নৰকলৈ যাবা।”

ট্ৰাম্পে ছ’চিয়েল ট্ৰুথত পোষ্ট কৰি কয়, মঙলবাৰে ইৰাণত একেলগে বিদ্যুৎ কেন্দ্ৰ দিৱস আৰু দলং দিৱস উদযাপন কৰা হ’ব।এনেকুৱা কিবা এটা আগতে কেতিয়াও হোৱা নাই!!!তোমালোক বুৰ্বকসকল—হৰমুজ খুলি দিয়া, নহ’লে নৰকলৈ যাবা!চাই থাকিব! আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক।

৪ এপ্ৰিলৰ নিশা ট্ৰাম্পে ইৰাণক সোঁৱৰাই দিছিল যে মই তেওঁলোকক চুক্তি কৰিবৰ বাবে বা হৰমুজ জলদ্বীপ মুকলি কৰিবলৈ ১০ দিনৰ সময় দিছিলো। তেওঁ কয় দ্ৰুতগতিত সময় পাৰ হৈ গৈ আছে। ৪৮ ঘণ্টাৰ পাছত আমেৰিকাই তেওঁলোকৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিব।

লগতে পঢ়ক: আমেৰিকাই উদ্ধাৰ কৰিলে ইৰাণত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক

নামানিলে হ’ব মহাবিপৰ্যয়… হৰমুজক লৈ পুনৰ ইৰাণক ৪৮ ঘন্টাৰ সময়সীমা ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে পুনৰ সকীয়াই দিছে যে যদি ইৰাণে নিৰ্দিষ্ট সময়ৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব

আমেৰিকা আৰু ইৰাণ যুদ্ধৰ ৩৬ দিন অতিক্ৰম কৰিলে যদিও কোনো পক্ষই পিছুৱাই যাবলৈ সাজু নহয় । ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ সকীয়াই দিছে যে যদি ইৰাণে নিৰ্দিষ্ট সময়ৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব । তেওঁ ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি লিখিছে যে সময় শেষ হৈ গৈ আছে । আমেৰিকাই ইৰাণক চুক্তিত উপনীত হ’বলৈ আৰু হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে ।

ট্ৰাম্পে কয়, “মনত আছেনে যেতিয়া মই ইৰাণক চুক্তিত উপনীত হ’বলৈ বা হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ১০ দিনৰ সময় দিছিলো ?  সময় শেষ হৈ গৈ আছে । ৪৮ ঘণ্টাৰ পিছত আমেৰিকাই তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব ।” ২৬ মাৰ্চত ট্ৰাম্পে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তিৰ সময়সীমা বৃদ্ধি কৰা বুলি দাবী কৰিছিল । তেওঁ উল্লেখ কৰে যে এই সময়ছোৱাত আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰসমূহক লক্ষ্য কৰি নলয় । কিন্তু ইৰাণে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱক একপক্ষীয় আৰু অন্যায় বুলি অভিহিত কৰি নাকচ কৰে ।

ট্ৰাম্পে কয় যে ইৰাণে নিজৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণৰ ক্ষেত্ৰত সাত দিনৰ বাবে স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছিল যদিও তেওঁ এই সময়সীমা ১০ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়, যিটো ৬ এপ্ৰিলত শেষ হ’ব । ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে তেহৰাণৰ বিষয়াসকলে তেওঁৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি কূটনৈতিক আলোচনাৰ অংশ হিচাপে অধিক সময়ৰ অনুৰোধ জনাইছে । ট্ৰাম্পে কয়, “তেওঁলোকে মোক অতি ভদ্ৰভাৱে মোৰ মানুহৰ জৰিয়তে সুধিছিল, ‘আমি অলপ বেছি সময় পাব পাৰোনে ? যদি তেওঁলোকে মোৰ কথা নুশুনে, তেন্তে মই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰি দিম ।’

ট্ৰাম্পে বাৰে বাৰে হৰমুজ প্ৰণালী সন্দৰ্ভত নিজৰ বক্তব্য সলনি কৰি আহিছে । শনিবাৰে দহ দিনৰ সময়সীমাৰ পূৰ্বে ট্ৰাম্পে বিদ্যুৎ কেন্দ্ৰটো ৪৮ ঘণ্টাৰ ভিতৰত আক্ৰমণ কৰাৰ হুংকাৰ দিয়ে । ইয়াৰ পিছত তেওঁ এই সময়সীমা আৰু দহ দিন বৃদ্ধি কৰে আৰু ইয়াৰ মাজতে নাটোক লক্ষ্য কৰি আন এক বিবৃতি প্ৰকাশ কৰি কয় যে হৰমুজ মুকলি কৰাৰ দায়িত্ব এতিয়া তেওঁলোকৰ ওপৰত । তেওঁ লগতে কয় যে এই পথৰ পৰা আমেৰিকাক তেলৰ প্ৰয়োজন নাই আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল দেশসমূহে এই দায়িত্ব বহন কৰিব লাগে ।

লগতে পঢ়ক : বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ

ইৰাণক পুনৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ, খাৰ্গ দ্বীপ ধ্বংস কৰি দিয়াৰ হুংকাৰ

যদিহে হৰমুজ প্ৰণালী বাণিজ্যৰ বাবে মুকলি নহয়, তেন্তে ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ, তেলৰ কূপ আৰু খাৰ্গ দ্বীপ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ হুংকাৰ ট্ৰাম্পৰ

সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁৰ দেশে ইৰাণত সামৰিক অভিযান শেষ কৰিবলৈ অধিক বুদ্ধিমান শাসন ব্যৱস্থাৰ সৈতে গুৰুত্বসহকাৰে আলোচনা কৰি আছে ।

এই দিশত যথেষ্ট অগ্ৰগতি লাভ কৰা বুলিও তেওঁ কয় । ট্ৰাম্পে কয়- কিন্তু যদি কোনো কাৰণত সোনকালে কোনো চুক্তিত উপনীত নহয় (যিটো অতি সম্ভাৱনাপূৰ্ণ) আৰু যদিহে হৰমুজ প্ৰণালী বাণিজ্যৰ বাবে মুকলি নহয়, তেন্তে আমি তেওঁলোকৰ সকলো বিদ্যুৎ কেন্দ্ৰ, তেলৰ কূপ আৰু খাৰ্গ দ্বীপ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম, যিবোৰ আমি ইচ্ছাকৃতভাৱে এতিয়াও স্পৰ্শ কৰা নাই । তেওঁ লিখিছে যে ইয়াৰ প্ৰতিশোধ হ’ব পূৰ্বৰ শাসন ব্যৱস্থাৰ ৪৭ বছৰীয়া সন্ত্ৰাসবাদৰ সময়ত ইৰাণে নিৰ্মমভাৱে হত্যা কৰা অগণন সৈনিক আৰু আন লোকৰ বাবে ।

ইয়াৰ পূৰ্বে স্পেইনে আমেৰিকাৰ যুদ্ধ বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল । স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰবলেছে কয় যে আমি ইৰাণৰ সৈতে হোৱা যুদ্ধৰ সৈতে জড়িত কোনো কাৰ্য্যৰ বাবে সামৰিক ঘাটি বা আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিওঁ । এই পদক্ষেপৰ বিষয়ে প্ৰথমে স্পেইনৰ এল পেইছ কাকতত প্ৰকাশ পাইছিল, য’ত সামৰিক সূত্ৰৰ উদ্ধৃতি দিয়া হৈছিল ।

প্ৰতিবেদন অনুসৰি এই নিষেধাজ্ঞাৰ ফলত পশ্চিম এছিয়াৰ লক্ষ্যস্থানলৈ যোৱা সামৰিক বিমানে নাটোৰ সদস্য স্পেইনৰ মাজেৰে পাৰ হোৱাৰ পৰিৱৰ্তে বিকল্প পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব । অৱশ্যে জৰুৰীকালীন পৰিস্থিতিত এই আকাশমাৰ্গ বন্ধৰ নিয়ম প্ৰযোজ্য নহ’ব । ইয়াৰ পূৰ্বে দেওবাৰে ট্ৰাম্পে কিউবাক আক্ৰমণ কৰাৰ ভাবুকি দিছিল ।

লগতে পঢ়ক : ৯৪০০০ টন গেছ লৈ হৰমুজ অতিক্ৰম কৰি ভাৰত অভিমুখে দুখনকৈ জাহাজ

৯৪০০০ টন গেছ লৈ হৰমুজ অতিক্ৰম কৰি ভাৰত অভিমুখে দুখনকৈ জাহাজ

হৰমুজ অতিক্ৰম কৰি এল পি জি ভৰ্তি কেইবাখনো জাহাজ নিৰাপদে ভাৰত অভিমুখে আহি আছে

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই বিশ্বৰ আন দেশসমূহকো প্ৰভাৱিত কৰিছে । এই যুদ্ধৰ ফলত তেল আৰু গেছৰ নাটনি হৈছে । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । ইয়াৰ মাজতে ভাৰতৰ বাবে এক ভাল খবৰ । এল পি জি ভৰ্তি কেইবাখনো জাহাজ নিৰাপদে ভাৰত অভিমুখে আহি আছে, যাৰ ফলত যোগানৰ সংকট লাঘৱ হ’ব বুলি আশা কৰা হৈছে ।

খবৰ অনুসৰি এল পি জি ভৰ্তি দুখন বৃহৎ জাহাজ হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে । এই দুখন জাহাজে প্ৰায় ৯৪,০০০ টন এল পি জি ভাৰতলৈ কঢ়িয়াই আনিছে । BW TYR (ভাৰতীয় পতাকা থকা জাহাজ) প্ৰায় ৪৬,৫০০ টন এল পি জি লৈ মুম্বাই অভিমুখে আহি আছে । এই কাৰ্গো ভাৰত পেট্ৰলিয়ামৰ বাবে আৰু ৩১ মাৰ্চৰ সন্ধিয়াৰ ভিতৰত আহি পোৱাৰ সম্ভাৱনা আছে ।

BW TYR বৰ্তমান আৰব সাগৰত আছে আৰু মুম্বাই বন্দৰ অভিমুখে আহি আছে । কাইলৈ ​​অৰ্থাৎ মঙলবাৰে নিশা ১১ বজাৰ ভিতৰত জাহাজখন মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

ইফালে, BW Elm নামৰ হিন্দুস্তান পেট্ৰলিয়ামৰ বাবে প্ৰায় ৪৭ হাজাৰ টন এল পি জি কঢ়িয়াই অনা জাহাজখন নিউ মংগালুৰু বন্দৰলৈ ৰাওনা হৈছে আৰু ১ এপ্ৰিল বুধবাৰে আহি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : উন্নয়নৰ বাবে শান্তি প্ৰথম চৰ্তঃ অসমৰ দলীয় কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ

ইতিমধ্যে হৰমুজ প্ৰণালীত বিদ্যমান সংকটে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই নতুন আৰু অধিক বিপজ্জনক পৰ্যায়ত প্ৰৱেশ কৰিছে । শেহতীয়াকৈ হৌথীয়ে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সংঘাতত প্ৰৱেশ কৰি এই উত্তেজনা বৃদ্ধিত অধিক ইন্ধন যোগাইছে । হৌথীয়ে ইজৰাইলৰ ওপৰত পোনপটীয়াকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সংঘাত আৰু অধিক তীব্ৰতৰ কৰি তুলিছে । এই পদক্ষেপে কেৱল আঞ্চলিক উত্তেজনা বৃদ্ধি কৰাই নহয়, বিশ্ব অৰ্থনীতিৰ প্ৰতিও নতুন ভাবুকিৰ সৃষ্টি কৰিছে ।

প্ৰথম চাৰি সপ্তাহ ধৰি যুদ্ধৰ পৰা দূৰত্ব বজাই ৰখা হৌথী বিদ্ৰোহীয়ে এতিয়া মুকলিকৈ আগভাগ লৈছে । য়েমেনৰ ৰাজধানী ছানা আৰু দেশখনৰ বৃহৎ অংশ নিয়ন্ত্ৰণ কৰা এই গোটটোৱে ইয়াৰ পূৰ্বে গাজা যুদ্ধৰ সময়ত ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল । সেই আক্ৰমণবোৰে সীমিত ক্ষতি কৰিলেও এইবাৰ পৰিস্থিতি বেলেগ ।

প্ৰকৃত ভাবুকি কেৱল ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণতেই নহয়, সাগৰীয় পথত হৌথীৰ নিয়ন্ত্ৰণতো নিহিত হৈ আছে । লোহিত সাগৰ আৰু এডেন উপসাগৰৰ উপকূলত অৱস্থিত য়েমেন আৰু ইয়াৰ ৰাজধানী ছানা হৌথীৰ নিয়ন্ত্ৰণত আছে । এই দুখন সাগৰক সংযোগ কৰা চ’কপইণ্ট বাব আল-মাণ্ডেব প্ৰণালী বিশ্ব অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ । বিশ্বৰ প্ৰায় ১২% বাণিজ্য ইয়াৰ মাজেৰে পাৰ হয় । যদি হৌথীয়ে সক্ৰিয়ভাৱে এই সংঘাতত লিপ্ত হয়, বাব আল-মাণ্ডেব প্ৰণালীত নিষেধাজ্ঞা আৰোপ কৰে, আৰু জাহাজ চলোৱাত বাধা দিয়ে, তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব ।

হৰমুজ আৰু বাব-এল-মাণ্ডেবৰ গুৰুত্ব-

ইতিমধ্যে হৰমুজ প্ৰণালীত বিদ্যমান সংকটে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে । এই প্ৰণালীয়েই হৈছে বিশ্বৰ শক্তি যোগানৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পথ, ই বিশ্বৰ প্ৰায় ২০% তেল কঢ়িয়াই । যদিহে হৰমুজ আৰু বাব-আল-মাণ্ডেব দুয়োটা পথেই একেলগে প্ৰভাৱিত হয় তেন্তে বিশ্বৰ যোগান শৃংখলত দুগুণ আঘাতৰ সন্মুখীন হ’ব ।

ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব তেলৰ মূল্যত । উপসাগৰীয় দেশসমূহৰ পৰা তেলৰ যোগান ব্যাহত হ’লে বিশ্বজুৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাব । তদুপৰি জাহাজসমূহে আফ্ৰিকাৰ কেপ অৱ গুড হোপৰ মাজেৰে যাত্ৰা কৰিব লাগিব, যাৰ বাবে প্ৰায় দুসপ্তাহ বেছি সময় লাগিব আৰু খৰচো যথেষ্ট বৃদ্ধি পাব । এই খৰচ সাধাৰণ গ্ৰাহকে ভৰিব লাগিব যাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি পাব ।

ইয়াৰ প্ৰভাৱ বিশ্ব অৰ্থনীতিত কি হ’ব ?

বিশেষজ্ঞসকলৰ মতে যদি এই পৰিস্থিতি দীৰ্ঘদিন ধৰি থাকে তেন্তে বিশ্বৰ জিডিপি বৃদ্ধি ১%তকৈ অধিক হ্ৰাস পাব পাৰে । “জাষ্ট-ইন-টাইম” যোগানৰ ওপৰত নিৰ্ভৰশীল অটোম’বাইল, ইলেক্ট্ৰনিকছ আৰু উৎপাদনৰ দৰে খণ্ডসমূহ আটাইতকৈ বেছি প্ৰভাৱিত হ’ব । ইয়াৰ পূৰ্বে হৌথীয়ে লোহিত সাগৰত থকা জাহাজসমূহক লক্ষ্য কৰি চৌদি আৰব আৰু ইউ এ ইৰ শক্তি স্থাপনসমূহত আক্ৰমণ চলাইছিল । তেওঁলোকে পুনৰবাৰ বৃহৎ পৰিসৰৰ সামুদ্ৰিক অৱৰোধ বা আক্ৰমণ চলাব পাৰে বুলি আশংকা কৰা হৈছে ।

লগতে পঢ়ক : ছৌদিৰ ক্ৰাউন প্ৰিন্সৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, বিদ্যুৎ কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা

মধ্য প্ৰাচ্যৰ যুদ্ধত হৌথীৰ প্ৰৱেশ, হৰমুজৰ পাছত বন্ধ হ’ব নেকি আন এক জলপথ ?

আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধত এইবাৰ প্ৰৱেশ ঘটিছে হৌথী আৰু হিজবুল্লাহৰ । হৰমুজৰ পাছত বন্ধ হ’ব নেকি আন এক জলপথ ?

আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধত এইবাৰ প্ৰৱেশ ঘটিছে হৌথী বিদ্ৰোহীৰ । ইজৰাইলী সেনাই আজি পুৱা য়েমেনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ চিনাক্ত কৰাৰ বাতৰি প্ৰকাশ পাইছে । যুদ্ধ আৰম্ভ হোৱাৰ পিছত য়েমেনৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে । গাজা যুদ্ধৰ সময়ত হামাছ আৰু পেলেষ্টাইনক সমৰ্থন কৰি ইজৰাইল আৰু আমেৰিকাৰ জাহাজক লোহিত সাগৰত প্ৰৱেশ নিষিদ্ধ কৰিছিল য়েমেনৰ হৌথী বিদ্ৰোহীয়ে ।

ইৰাণ সমৰ্থিত হৌথী বিদ্ৰোহীয়ে ইৰাণ আৰু এক্সিছ অব্ ৰেজিছটেন্সৰ বিৰুদ্ধে এক্সন অব্যাহত থাকিলে প্ৰতিশোধ ল’বলৈ সাজু বুলি কোৱাৰ এদিন পিছতে এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে । কিন্তু তেওঁলোকে তেওঁলোকৰ হস্তক্ষেপৰ ৰূপ নিৰ্দিষ্ট কৰা নাছিল । বাতৰি অনুসৰি হৌথী বিদ্ৰোহীয়ে ইজৰাইলৰ ডিমোনাত থকা পাৰমাণৱিক স্থানত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ।

যুদ্ধত হৌথী বিদ্ৰোহীৰ জড়িত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত এই বৃহৎ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই দেখা দিছে । এই আশংকা আৰু অধিক তীব্ৰতৰ হৈ উঠিছে কাৰণ হৌথী বিদ্ৰোহীসকলৰ য়েমেনৰ সীমান্তৰ বহু দূৰৰ লক্ষ্যত আক্ৰমণ কৰাৰ ক্ষমতা আছে আৰু আৰব সাগৰ আৰু লোহিত সাগৰৰ চাৰিওফালে থকা সাগৰীয় পথত ব্যাঘাত জন্মাব পৰা ক্ষমতা আছে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ আক্ৰমণৰ পিছত গাজাত হামাছৰ সমৰ্থনত তেওঁলোকে এনে কৰিছিল ।

হৰমুজৰ পিছত বন্ধ হ’ব আন এক জলপথ!

ইতিমধ্যে লেবানন আৰু ইৰাকত থকা ইৰাণৰ ছিয়া মিত্ৰ দেশসমূহেও এই আঞ্চলিক সংঘাতত যোগদান কৰিছে । এতিয়া হৌথীৰ হস্তক্ষেপৰ পিছত বাব এল মাণ্ডেব বন্ধ হোৱাৰ আশংকা দেখা গৈছে । বাব এল-মাণ্ডেব বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক চ’কপইণ্ট । ই য়েমেন আৰু জিবুতি/ইৰিত্ৰিয়াৰ মাজত অৱস্থিত ।

লোহিত সাগৰক এডেন উপসাগৰ আৰু ভাৰত মহাসাগৰৰ সৈতে সংযোগ কৰে । ই ছুৱেজ খাললৈ যোৱা একমাত্ৰ সাগৰীয় পথ আৰু বিশ্বৰ সামুদ্ৰিক বাণিজ্যৰ প্ৰায় ১০-১৫ শতাংশ ইয়াৰ মাজেৰে পাৰ হয় । ইতিমধ্যে ইৰাণে হৰমুজ প্ৰণালীত অৱৰোধ আৰোপ কৰিছে । যদি হৌথীয়েও এই পথ বন্ধ কৰি দিয়ে তেন্তে ইয়াৰ ফলত এক বৃহৎ অৰ্থনৈতিক সংকটৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক : শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী

‘হৰমুজৰ পৰা চাৰিখন টেংকাৰ আহিছে’; বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ডাঙৰ তথ্য

মধ্যপ্ৰাচ্যত চলি থকা সংঘাত আৰু হৰমুজ প্ৰণালীৰ পৰিস্থিতিৰ ওপৰত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, এই সময়ছোৱাত হৰমুজ প্ৰণালীৰপৰা চাৰিখন এল পি জি কাৰ্গো নিৰাপদে ভাৰতত উপস্থিত হৈছে।

 শুকুৰবাৰে ভাৰত চৰকাৰে উল্লেখ কৰে যে মধ্যপ্ৰাচ্যৰ আৱিৰ্ভাৱ হৈ থকা পৰিস্থিতিৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে দেশৰ শক্তি স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে মূল অংশীদাৰসকলৰ সৈতে নিৰন্তৰ আলোচনাত মিলিত হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনোৱা মতে,যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা হৰমুজ প্ৰণালীৰ পৰা এল পি জি কঢ়িয়াই অনা চাৰিখন মালবাহী জাহাজ ভাৰতলৈ আহিছে।ৰণধীৰ জয়ছৱালে কয় যে অঞ্চলটোৰ উন্নয়নৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইয়াৰ শক্তি স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ই মূল অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৈতে অহৰহ যোগাযোগত থাকে।

জয়ছৱালে কয় যে, ‘আমি পশ্চিম এছিয়াৰ সকলো উন্নয়নৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো…আমি অগ্ৰাধিকাৰ ভিত্তিত হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু মুক্ত পথৰ নিশ্চয়তাৰ বাবে আবেদন অব্যাহত ৰাখিছো।’

তেওঁ লগতে উল্লেখ কৰে যে শেহতীয়াকৈ ভাৰত অভিমুখী চাৰিখন জাহাজে নিৰাপদে হৰমুজ প্ৰণালী পাৰ হৈ দেশত উপস্থিত হৈছে।জয়ছৱালে কয়, আমি আপোনালোকক সেই ভাৰতীয় জাহাজসমূহৰ সন্দৰ্ভত অহৰহ আপডেট প্ৰদান কৰি আহিছো যিবোৰে এতিয়া হৰমুজ প্ৰণালী পাৰ হৈ আহিছে।কিছুদিন পূৰ্বে চাৰিখন এল পি জি ভৰ্তি জাহাজে এই পথটো নিৰাপদে অতিক্ৰম কৰি ভাৰতত উপস্থিত হৈছিল।”

লগতে পঢ়ক: দেশৰ বায়ু প্ৰতিৰক্ষাত অন্তৰ্ভুক্ত হ’ব টুংগুস্কা মিছাইল; ৰাছিয়াৰ সৈতে চুক্তি স্বাক্ষৰ