“যদি আমি পাৰ হ’ব নোৱাৰো, তেন্তে আনৰ বাবে হৰমুজ পাৰ হোৱাটো অসম্ভৱ”; ট্ৰাম্পক ধমকি ইৰাণৰ
ইৰাণে পুনৰ হৰমুজ প্ৰণালী বন্ধ কৰি দিছে। ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফে কয় যে হৰমুজৰ মাজেৰে কাৰোৰে জাহাজ পাৰ হোৱাটো অসম্ভৱ।
হৰমুজ প্ৰণালীক লৈ ইৰাণ আৰু আমেৰিকাৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ট্ৰাম্পৰ মন্তব্যৰ বাবে ইৰাণে পুনৰবাৰ হৰমুজ প্ৰণালী বন্ধ কৰি দিছে।ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফে কয় “যদি আমি নিজেই হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব নোৱাৰো, তেন্তে আনৰ বাবে পাৰ হোৱাটো অসম্ভৱ।”
ইৰাণে নিজৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰি কয়- যেতিয়ালৈকে আমেৰিকাৰ দ্বাৰা ইৰাণৰ বন্দৰত অৱৰোধ উঠাই নলয়, তেতিয়ালৈকে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা জাহাজসমূহৰ ওপৰত নিষেধাজ্ঞা বলবৎ থাকিব।
ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতিৰ তিনিদিনৰ পাছত অৰ্থাৎ ২২ এপ্ৰিলত অন্ত পৰিব। ইয়াৰ পিছতে পুনৰবাৰ দুয়োখন দেশৰ মাজত যুদ্ধ সৃষ্টি হোৱাৰ সম্ভাৱনা বাঢ়িছে। কাৰণ এতিয়ালৈকে দ্বিতীয় বাৰ আলোচনাৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই আৰু এনেকুৱা হোৱাৰ সম্ভাৱনাও অতি ক্ষীণ যেন লাগে।
এক সাক্ষাৎকাৰত গালিবাফে কয় যে তেহৰানে এই গুৰুত্বপূৰ্ণ জলপথৰ মাজেৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজসমূহক অহৰহ ভাবুকি দি থাকিব। শনিবাৰে ইৰানে তাৰ মাজেৰে পাৰ হ’বলৈ চেষ্টা কৰা জাহাজত গুলীচালনা কৰে।ইৰাণৰ নৌসেনাই জাহাজসমূহক এই জলদ্বীপৰ মাজেৰে পাৰ নহ’বলৈ সকীয়াই দিছে।
লগতে পঢ়ক: হৰমুজ বন্ধ, উভতি যাওক… ভাৰতীয় জাহাজক ইৰাণ সেনাৰ নিৰ্দেশ