ইৰাণ-আমেৰিকাৰ মাজত পাকিস্তানত অনুষ্ঠিত ২১ ঘণ্টীয়া মাৰাথন বৈঠকত কোনো ফল পোৱা নগ’ল।ইয়াৰ ফলত দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি উলংঘাৰ আশংকা বৃদ্ধি পাইছে।
ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত চলা ২১ ঘণ্টীয়া শান্তি আলোচনাৰ কোনো ফলাফলত উপনীত নোহোৱাকৈয়ে সামৰণি পৰে।ইয়াৰ ফলত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ সম্ভাৱনাও ম্লান হৈ পৰিল।একে সময়তে হৰমুজ প্ৰণালী মুকলি হোৱাৰ আশাও নোহোৱা হৈ পৰিল।ইৰাণ-আমেৰিকাৰ শান্তি আলোচনাৰ বিফলতাই পাকিস্তানৰ বাবেও তীব্ৰ আন্তৰ্জাতিক অপমানৰ সৃষ্টি কৰিছে।
পাকিস্তানে ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতি আলোচনাক ইছলামাবাদত সফলতাৰে কৰি ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ গঢ়িব বিচাৰিছিল আৰু বিশ্ববাসীৰ দৃষ্টিত নিজৰ ভাবমূৰ্তি উন্নত কৰিব বিচাৰিছিল।যাতে ইয়াৰ পিছত ঋণগ্ৰস্ত পাকিস্তানক ছৌদি আৰব,আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা অলপ বেছি দয়া আৰু ভিক্ষা লাভ কৰে, কিন্তু এনেকুৱা নহ’ল।
ইছলামাবাদত ইৰাণৰ সৈতে ২১ ঘণ্টীয়া শান্তি আলোচনাৰ কোনো ফল নোপোৱাৰ পাছত অত্যন্ত অসন্তুষ্ট হৈ পৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স।তেওঁ ক্ষোভিত হৈ আলোচনাৰ ফলাফলৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।জে ডি ভ্যান্সে কয়, আমি এতিয়া ২১ ঘণ্টা ধৰি এই কামত অবিৰতভাৱে জড়িত হৈ আছো, আৰু ভাল খবৰটো হ’ল যে আমি ইৰাণীসকলৰ সৈতে কেইবাটাও গুৰুতৰ আৰু গুৰুত্বপূৰ্ণ আলোচনা কৰিছো। কিন্তু বেয়া খবৰটো হ’ল আমি চুক্তিত উপনীত হ’ব পৰা নাই৷ আৰু মই ভাবো যে আমেৰিকাৰ তুলনাত ইৰাণৰ বাবে এইটো বহুত বেছি বেয়া খবৰ। গতিকে আমি কোনো চুক্তি নকৰাকৈয়ে আমেৰিকালৈ উভতি আহিছো।
ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতিৰ দালালি কৰি পাকিস্তানে নিজৰ আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল।আনকি পাকিস্তানে ইৰাণ-আমেৰিকাৰ শান্তি আলোচনাক “ইছলামাবাদ আলোচনা” বুলিও নাম দিছিল।এই আলোচনা সফল হ’লে পাকিস্তানে এই আলোচনাক এক ডাঙৰ কৃতিত্ব হিচাপে প্ৰদৰ্শন কৰিলেহেঁতেন।
পাকিস্তানৰ উদ্দেশ্য আছিল এই অজুহাতত আমেৰিকা, চৌদি আৰব, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা অতিৰিক্ত ঋণ লাভ কৰা।যাতে তেওঁ নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিব পাৰে।অৱশ্যে ইৰাণ-আমেৰিকাৰ শান্তি আলোচনাৰ বিফলতাই পাকিস্তানৰ অসুবিধা বৃদ্ধি কৰিব পাৰে।
লগতে পঢ়ক: সফল নহ’ল আলোচনা… আমেৰিকালৈ উভতিল উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স









