আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধত এইবাৰ প্ৰৱেশ ঘটিছে হৌথী আৰু হিজবুল্লাহৰ । হৰমুজৰ পাছত বন্ধ হ’ব নেকি আন এক জলপথ ?
আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধত এইবাৰ প্ৰৱেশ ঘটিছে হৌথী বিদ্ৰোহীৰ । ইজৰাইলী সেনাই আজি পুৱা য়েমেনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ চিনাক্ত কৰাৰ বাতৰি প্ৰকাশ পাইছে । যুদ্ধ আৰম্ভ হোৱাৰ পিছত য়েমেনৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে । গাজা যুদ্ধৰ সময়ত হামাছ আৰু পেলেষ্টাইনক সমৰ্থন কৰি ইজৰাইল আৰু আমেৰিকাৰ জাহাজক লোহিত সাগৰত প্ৰৱেশ নিষিদ্ধ কৰিছিল য়েমেনৰ হৌথী বিদ্ৰোহীয়ে ।
ইৰাণ সমৰ্থিত হৌথী বিদ্ৰোহীয়ে ইৰাণ আৰু এক্সিছ অব্ ৰেজিছটেন্সৰ বিৰুদ্ধে এক্সন অব্যাহত থাকিলে প্ৰতিশোধ ল’বলৈ সাজু বুলি কোৱাৰ এদিন পিছতে এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে । কিন্তু তেওঁলোকে তেওঁলোকৰ হস্তক্ষেপৰ ৰূপ নিৰ্দিষ্ট কৰা নাছিল । বাতৰি অনুসৰি হৌথী বিদ্ৰোহীয়ে ইজৰাইলৰ ডিমোনাত থকা পাৰমাণৱিক স্থানত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ।
যুদ্ধত হৌথী বিদ্ৰোহীৰ জড়িত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত এই বৃহৎ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই দেখা দিছে । এই আশংকা আৰু অধিক তীব্ৰতৰ হৈ উঠিছে কাৰণ হৌথী বিদ্ৰোহীসকলৰ য়েমেনৰ সীমান্তৰ বহু দূৰৰ লক্ষ্যত আক্ৰমণ কৰাৰ ক্ষমতা আছে আৰু আৰব সাগৰ আৰু লোহিত সাগৰৰ চাৰিওফালে থকা সাগৰীয় পথত ব্যাঘাত জন্মাব পৰা ক্ষমতা আছে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ আক্ৰমণৰ পিছত গাজাত হামাছৰ সমৰ্থনত তেওঁলোকে এনে কৰিছিল ।
হৰমুজৰ পিছত বন্ধ হ’ব আন এক জলপথ!
ইতিমধ্যে লেবানন আৰু ইৰাকত থকা ইৰাণৰ ছিয়া মিত্ৰ দেশসমূহেও এই আঞ্চলিক সংঘাতত যোগদান কৰিছে । এতিয়া হৌথীৰ হস্তক্ষেপৰ পিছত বাব এল মাণ্ডেব বন্ধ হোৱাৰ আশংকা দেখা গৈছে । বাব এল-মাণ্ডেব বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক চ’কপইণ্ট । ই য়েমেন আৰু জিবুতি/ইৰিত্ৰিয়াৰ মাজত অৱস্থিত ।
ই লোহিত সাগৰক এডেন উপসাগৰ আৰু ভাৰত মহাসাগৰৰ সৈতে সংযোগ কৰে । ই ছুৱেজ খাললৈ যোৱা একমাত্ৰ সাগৰীয় পথ আৰু বিশ্বৰ সামুদ্ৰিক বাণিজ্যৰ প্ৰায় ১০-১৫ শতাংশ ইয়াৰ মাজেৰে পাৰ হয় । ইতিমধ্যে ইৰাণে হৰমুজ প্ৰণালীত অৱৰোধ আৰোপ কৰিছে । যদি হৌথীয়েও এই পথ বন্ধ কৰি দিয়ে তেন্তে ইয়াৰ ফলত এক বৃহৎ অৰ্থনৈতিক সংকটৰ সৃষ্টি হ’ব পাৰে ।
লগতে পঢ়ক : শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী









