'যদি আমাৰ শক্তি কেন্দ্ৰক আক্ৰমণ কৰা হয়,তেন্তে বন্ধ কৰি দিয়া হ’ব হৰমুজ প্ৰণালী’; ট্ৰাম্পৰ ধমকীৰ পিছতে ইৰাণৰ প্ৰত্যুত্তৰ

‘বন্ধ কৰি দিয়া হ’ব হৰমুজ প্ৰণালী’; ট্ৰাম্পৰ ধমকৰ প্ৰত্যুত্তৰ ইৰাণৰ

আমেৰিকা আৰু তেহৰাণৰ মাজত সংঘাত আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। ট্ৰাম্পে ইৰাণক দিয়া ৪৮ ঘন্টাৰ আল্টিমেটামৰ পিছতে হৰমুজ প্ৰণালীক লৈ ডাঙৰ মন্তব্য কৰিছে। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই আৰু অধিক বিপজ্জনক হৈ পৰিছে।আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰত্যক্ষ সতৰ্কবাণীৰ আদান-প্ৰদানৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। ইৰাণে

আমেৰিকা আৰু তেহৰাণৰ মাজত সংঘাত আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। ট্ৰাম্পে ইৰাণক দিয়া ৪৮ ঘন্টাৰ আল্টিমেটামৰ পিছতে হৰমুজ প্ৰণালীক লৈ ডাঙৰ মন্তব্য কৰিছে।

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই আৰু অধিক বিপজ্জনক হৈ পৰিছে।আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰত্যক্ষ সতৰ্কবাণীৰ আদান-প্ৰদানৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। ইৰাণে স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি আমেৰিকাই ইৰাণৰ শক্তি কেন্দ্ৰসমূহক আক্ৰমণ কৰে তেন্তে তেওঁলোকে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিব।

এই সামুদ্ৰিক পথটো বিশ্বব্যাপী তেল যোগানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়,এনে পৰিস্থিতিত হৰমুজ প্ৰণালী বন্ধ হ’লে বিশ্ব শক্তি সংকট গভীৰ হ’ব পাৰে। দৰাচলতে,আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ৪৮ ঘন্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰিবলৈ এক আল্টিমেটাম জাৰি কৰিছে।

ট্ৰাম্পে সকীয়াই দিছিল যে যদি এনেকুৱা নহয় ইৰাণৰ ডাঙৰ ডাঙৰ বিদ্যুৎ কেন্দ্ৰসমূহক লক্ষ্য কৰি ল’ব পাৰে আমেৰিকাই।ইয়াৰ উত্তৰত ইৰাণে প্ৰতিশোধৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি ইয়াৰ শক্তিৰ সুবিধাসমূহ আক্ৰমণ কৰা হয়, তেন্তে সমগ্ৰ অঞ্চলটোৰ জটিল আন্তঃগাঁথনি বিশেষকৈ শক্তি আৰু পানী উদ্যোগসমূহক লক্ষ্য কৰি ল’ব পাৰি।

লগতে পঢ়ক: ‘ইৰাণৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব একত্ৰিত হ’ব লাগে’; বিশ্বৰ দেশসমূহলৈ নেতান্যাহুৰ ডাঙৰ আহ্বান

শেহতীয়া প্ৰৱন্ধসমূহ