আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীলৈ ফোন ট্ৰাম্পৰ

আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীলৈ ফোন ট্ৰাম্পৰ

যুদ্ধৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে এক্সৰ এটা পোষ্টত এই বাৰ্তালাপৰ সবিশেষ শ্বেয়াৰ কৰিছে । দুয়োগৰাকী নেতাই

যুদ্ধৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে

আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে এক্সৰ এটা পোষ্টত এই বাৰ্তালাপৰ সবিশেষ শ্বেয়াৰ কৰিছে । দুয়োগৰাকী নেতাই মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে । তদুপৰি দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে হৰমুজ প্ৰণালী মুকলি কৰি ৰখাৰ বিষয়েও আলোচনা কৰে ।

ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে এক্সত লিখিছে, “ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতে । তেওঁলোকে মধ্যপ্ৰাচ্যৰ চলি থকা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে, য’ত হৰমুজ প্ৰণালী মুকলি কৰি ৰখাৰ বিষয়েও স্থান পায় ।”

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজৰ এই বাৰ্তালাপ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ শেহতীয়াকৈ ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আলটিমেটাম জাৰি কৰিছিল । হৰমুজ প্ৰমালী বন্ধ হোৱাৰ ফলত তেল আৰু গেছৰ মূল্য আৰু বিশ্বৰ যোগান শৃংখলত প্ৰভাৱ পৰিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমুজ প্ৰমালী অৱৰোধ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে । সোমবাৰে লোকসভাত আৰু মঙলবাৰে ৰাজ্যসভাত এই কথা পুনৰ দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় যে সাধাৰণ নাগৰিক, বাণিজ্যিক জাহাজ, বা হৰমুজ জলদ্বীপৰ ওপৰত যিকোনো আক্ৰমণ গ্ৰহণযোগ্য নহয় ।

লগতে পঢ়ক : ৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালীঃ ইৰাণক অন্তিম সকীয়নি ট্ৰাম্পৰ