মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই আজি দাখিল কৰিব পদত্যাগ পত্ৰ   

আজি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ বিপুল বিজয়ৰ পিছত ৰাজ্যখনত নতুন বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।দিনৰ ১১:৩০ বজাত ৰাজ্যপালৰ বাসভৱনলৈ গৈ ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰিব।১০ মে’ত পুনৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।  

 বিজয়ৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপি কেন্দ্ৰীয় নেতৃত্বই বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দলৰ জ্যেষ্ঠ নেতাসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। তেওঁ লগতে কয় যে নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকৰ সময়সূচী সন্দৰ্ভত তেওঁ অতি সোনকালেই জে.পি. নাড্ডাৰ সৈতে কথা পাতিব।তেওঁ লগতে কয় “পৰ্যবেক্ষকসকলে আমাক বিধায়কসকলৰ বৈঠক আহ্বান কৰিবলৈ কোৱাৰ লগে লগে আমি সেইটো কৰিম। তাৰ পিছতহে শপত গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব,” ।

শৰ্মাই লগতে উল্লেখ কৰে যে নিৰ্বাচন আয়োগে চৰকাৰীভাৱে চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পিছত, তেওঁ আনুষ্ঠানিকভাৱে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব যাতে নতুন চৰকাৰ গঠনৰ সাংবিধানিক প্ৰক্ৰিয়াটো সুচাৰুৰূপে আগবাঢ়ি যায়।

লগতে পঢ়ক: “মোৰ প্ৰথম ভৱিষ্যদ্বাণী সঁচা হ’ল”: দেৱব্ৰত শইকীয়াৰ পৰাজয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

“মোৰ প্ৰথম ভৱিষ্যদ্বাণী সঁচা হ’ল”: দেৱব্ৰত শইকীয়াৰ পৰাজয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

অসম বিধানসভা নিৰ্বাচন ২০২৬ ত নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়া পৰাস্ত হ’ব বুলি কোৱা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী সঁচা হ’ল। তাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

নাজিৰা সমষ্টিৰ পৰা অসম বিধানসভা নিৰ্বাচন ২০২৬ ত জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া পৰাস্ত হোৱাৰ পিছত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বৰ ভৱিষ্যদ্বাণীক পুনৰ দোহাৰে।

দেৱব্ৰত শইকীয়াৰ পৰাজয় সন্দৰ্ভত মন্তব্য কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “মই ভৱিষ্যদ্বাণী কৰিছিলো যে দেৱব্ৰত শইকীয়া এই বিধানসভা নিৰ্বাচনত পৰাস্ত হ’ব আৰু পিছলৈ বিজেপিত যোগদান কৰিব। চাওক, মোৰ দুয়োটা ভৱিষ্যদ্বাণী সঁচা আছিল। প্ৰথমটো আছিল দেৱব্ৰত শইকীয়াৰ পৰাজয় আৰু দ্বিতীয়টো আছিল তেওঁ বিজেপিত যোগদান কৰিব। গতিকে মোৰ ভৱিষ্যদ্বাণীৰ প্ৰথম অংশটো সত্য প্ৰমাণিত হ’ল। পাছলৈ তেওঁ বিজেপিত যোগদান কৰিব পাৰে। পাঁচ বছৰ বহুত দীঘলীয়া সময়।”

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শইকীয়াই শিৱসাগৰ জিলাৰ তেওঁৰ দুৰ্গ হিচাপে পৰিচিত নাজিৰাৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে, তেওঁ বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হাতত ৪৬,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হয়।

উজনি অসমত এই পৰাজয় কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে, যিহেতু নাজিৰাক দীৰ্ঘদিন ধৰি দলটোৰ অন্যতম দুৰ্গ হিচাপে গণ্য কৰা হৈছিল। এই সমষ্টিটো দশক দশক ধৰি শইকীয়া পৰিয়ালৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে।চলিত বৰ্ষৰ  এপ্ৰিল মাহত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত, শইকীয়াই এন.ডি.এ.-ৰ বিপুল বিজয়ৰ আগজাননী দিয়া ‘এগজিট প’ল’ৰ ফলাফলসমূহ নাকচ কৰিছিল আৰু দৃঢ়তাৰে কৈছিল যে ভোটাৰসকলে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে’।  

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এইবাৰ দেৱব্ৰত শইকীয়া পৰাস্ত হ’ব। আৰু সেই ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈ ৪৬,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হ’ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া।

লগতে পঢ়ক: গেৰুৱা ধুমুহাত ধূলিস্যাৎ তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ৰাজনৈতিক দুৰ্গ

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

অৱশেষত উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ X যোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেলত পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে।পুৱা ১০ বজাৰ লগে লগেই ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে।

কলা,বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰে ফলাফল একেলগে ঘোষণা কৰা হ’ব। শীঘ্ৰে কেইবাটাও অনলাইন ৱেবছাইট মুকলি কৰা হ’ব।   

লগতে পঢ়ক: “কোনো প্ৰমাণ নোহোৱাকৈ ৭ মাহে শ্যামকানুক জে’লত ভৰাই থৈছে”: অনিতা মহন্ত

“চৰবাসীক প্ৰদান কৰা হ’ব ভূমি”: ড০ হিমন্ত বিশ্ব শৰ্মা

চৰবাসীক ভাল খবৰ দিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ’ব ভূমি।

চৰবাসীক ভাল খবৰ দিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ’ব ভূমি। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বেদখল ভূমি সমূহ হিন্দু মুছলমান বুলি কোনো কথা নাই। ডেৰ লাখ বিঘা মাটিৰ মাত্ৰ ৫০ লাখ বিঘা হে বেদখল মুক্ত কৰা হৈছে।ইয়াৰ বাবে ২০-২৫ বছৰ লাগি যাব পাৰে।

তেওঁ লগতে কয় যে, চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি চৰৰে দৰিদ্ৰ লোকক মাটিখিনি দিব বিচাৰিছো।ইয়াত কোনো সাম্প্ৰদায়িক  কথা নাই। আমাৰ যিসমূহ মাটি দখল কৰি ৰাখিছে, সেই সমূহ দখল মুক্ত কৰাৰ পিছত দৰিদ্ৰ লোকক ডেৰ কথা দিয়াত আপত্তি নাই।প্ৰথমে উচ্ছেদ হ’ব। তাৰ পিছত ভূমিনীতি অনুসৰি মাটি দিয়াত আপত্তি নাই। কিন্তু এতিয়া যি সকলে ৫০ ৬০ বিঘাকৈ মাটি দখল কৰি আছে, সেইটো কোনো আইন নহয়। দৰিদ্ৰ সকলো মাটি পাব লাগে। কিন্তু ছদ্ম বেশী দৰিদ্ৰ হ’ব নালাগে।  

লগতে পঢ়ক: “অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ সংস্কৃতি পৰিৱৰ্তন কৰিছে”: মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ  

“মমতা বেনাৰ্জী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত I Love You সম্পৰ্ক আছে ‘; মুখ্যমন্ত্ৰী

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ কৰে।তেওঁ মমতা বেনাৰ্জীয়ে প্ৰতিদিনে অনুপ্ৰৱেশকাৰী অহাটো বিচাৰে বুলিও কয়।

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে। প্ৰচাৰৰ সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগত যদি বিজেপিৰ চৰকাৰ নাহে তেন্তে প্ৰতিদিনেই অনুপ্ৰৱেশকাৰী আহিয়েই থাকিব। অনুপ্ৰৱেশকাৰী সকল আহি আহি পশ্চিম বংগখন শেষ কৰি পেলাব।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়, এবাৰ পশ্চিম বংগত বিজেপি চৰকাৰ আহিব দিয়ক, অনুপ্ৰৱেশকাৰীৰ গতিয়াই গতিয়াই খেদাই দিয়া হ’ব।ভাৰতীয় মুছলমান সকলৰ প্ৰতি আমি বিৰোধী নহয়।আমাৰ এটাই উদ্দেশ্য যে এজনো অনুপ্ৰৱেশকাৰী আহিব নালাগে। কিন্তু মমতা বেনাৰ্জীয়ে অনুপ্ৰৱেশকাৰী অহাটো বিচাৰে। মমতা বেনাৰ্জী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত আই লাভ ইউৰ সম্পৰ্ক আছে।সেয়েহে তেওঁ অনুপ্ৰৱেশকাৰী নোহোৱাকৈ থাকিব নোৱাৰে। পুৱাৰ পৰা ৰাতিলৈকে মমতা জীক অনুপ্ৰৱেশকাৰীক লাগে।কাৰণ অনুপ্ৰৱেশকাৰীৰ ভোটৰ দ্বাৰা হে তেওঁৰ চৰকাৰ গঠন হ’ব। আমাৰ ভোটৰ দ্বাৰা মমতা জীৰ চৰকাৰ গঠন নহয়।

লগতে পঢ়ক: ১৭ এপ্ৰিলৰ দিনটোক “ক’লা দিন” বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

১৭ এপ্ৰিলৰ দিনটোক “ক’লা দিন” বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত নোহোৱাক লৈ বিৰোধীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিছে। তেওঁ ১৭ এপ্ৰিলৰ দিনটোক এটা “ক’লা দিন” বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৯ চনৰ ভিতৰত বিধানমণ্ডলসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে উত্থাপন কৰা সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাৰ পিছত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলকসমূহক তীব্ৰ সমালোচনা কৰে ।

বিৰোধীক চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৭ এপ্ৰিলৰ দিনটোক এটা “ক’লা দিন” বুলি অভিহিত কৰে আৰু বিৰোধীক “মহিলা বিৰোধী” বুলি অভিযোগ উত্থাপন কৰে । ‘এক্স’ৰ এটা পোষ্টত তেওঁ কয় যে বিধেয়কখনৰ পৰাজয়ে মহিলাসকলক অধিক ৰাজনৈতিক প্ৰতিনিধিত্ব প্ৰদানৰ ক্ষেত্ৰত বিৰোধীৰ অনিচ্ছাকে প্ৰতিফলিত কৰিছে ।

উল্লেখ্য য়ে, প্ৰস্তাৱিত আইনখনে সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰাৰ লগতে লোকসভাৰ মুঠ আসনৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । অৱশ্যে, সপক্ষে ২৯৮ টা ভোট লাভ কৰাৰ পাছতো বিধেয়কখনৰ বাবে প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল । কাষ্ট হোৱা মুঠ ৫২৮ টা ভোটৰ ভিতৰত ২৩০ জন সদস্যই ইয়াৰ বিৰুদ্ধে ভোটদান কৰে ।

সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়কৰ ব্যৱস্থা অনুসৰি ২০১১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩ খনৰ পৰা ৮১৬ খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল । ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ ৰূপায়ণৰ সুবিধাৰ বাবে এই আসন বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছিল ।

বিধেয়কখনত সংৰক্ষণৰ কোটা মিলাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাতো অনুৰূপ ধৰণে আসন বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছিল । বিধেয়কখনৰ পৰাজয়ে এতিয়া শাসক-বিৰোধীৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: মহিলাৰ ক্ৰোধৰ সন্মুখীন হ’ব লাগিব বিৰোধীয়ে : কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে সৰৱ অমিত শ্বাহ

“বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰত মমতা বেনাৰ্জীকো কটাক্ষ।

বৃহস্পতিবাৰে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম বংগৰ পৰাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী গৰাকীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগ আৰু অসমত হয় আমি জীয়াই থাকিম নহ’লে বাংলাদেশী মুছলমান জীয়াই থাকিব। দুয়োটাই একেলগে বাস কৰিবই নোৱাৰে। সীমান্তত বেৰ নাই। যাৰ বাবে অভিষেক বেনাৰ্জীয়ে গৰু পঠিয়াই দিয়ে আৰু তাৰ বাংলাদেশৰ পৰা মানুহ আহি থাকে। যদি ইমান বাংলাদেশী আহি থাকে, তেনেহলে আমি কেনেকৈ জীয়াই থাকিম। বাংলাদেশী মুছলমানে অসম আৰু পশ্চিম বংগক একেবাৰে খাই পেলাব। ২০ বছৰৰ পিছত ইয়াত কোনো হিন্দুৱে বাস কৰিব নোৱাৰিব।

মমতা বেনাৰ্জীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মমতাজীয়ে কৈছে যে পশ্চিম বংগত বিজেপি জয়ী হ’লে মাছ-মাংস খোৱাটো বন্ধ কৰি দিব।গতিকে মই মমতা জীক ক’ব বিচাৰিছো যে, মমতা দিদি অসমলৈ আহক, বহুত ভাল চিকেন-মাটন খুৱাম।অসমত ১০ বছৰ ধৰি বিজেপিৰ চৰকাৰ আছিলে।কিন্তু কোনোবা লোকে  মাছ-মাংস খোৱাটো নিষিদ্ধ হ’ব বুলি কৈছে নেকি?  কোনোবাই মা কামাখ্যাত বলি বন্ধ হৈছে বুলি কৈছে নেকি? তেনেহলে মমতা বেনাৰ্জীয়ে কিয় ভয় খাইছে? আচলতে ইয়াৰ কাৰণটো হৈছে বিজেপি চৰকাৰ আহিলে পশ্চিম বংগত গো মাংস বন্ধ হ’ব। মমতা জীয়ে মুখেৰে যদিও মাছ-মাংস বন্ধ হ’ব বুলি কৈছে কিন্তু মনৰ ভিতৰত ভাবিছে বিজেপিয়ে চৰকাৰলৈ আহিলে গো মাংস বন্ধ হ’ব।তৃণমূল পাৰ্টীৰ লোকে কি মাংস খায় সেই কথাটোত সন্দেহ আছে।কাৰণ তেওঁলোকে সদায় বাংলাদেশী মুছলমানৰ পক্ষত কথা কৈ থাকে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপিয়ে শাসনলৈ আহিলে বংগতো আমি নতুন আইন আনিম।আমি UCC বলৱৎ কৰিম। এই আইনৰ অধীনত এজন ব্যক্তিয়ে কেৱল এবাৰ হে বিয়া পাতিব পাৰিব। সেই কাৰণে আমাৰ ওপৰত সদায় মমতা জীয়ে খং কৰি থাকে।   

লগতে পঢ়ক: “বিধেয়কখন বিৰোধীতা কৰা সকল নিৰ্বাচনত পৰাস্ত হ’ব”; লোকসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

‘আমি গৌৰৱী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়’; কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে।

নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এইবাৰ হিন্দু আৰু খিলঞ্জীয়া লোকৰ মাজত অদ্ভুত উৎসাহ দেখিবলৈ পোৱা গৈছে। যিটো গণতন্ত্ৰৰ বাবে ভাল খবৰ। অসমীয়া মানুহে হিল-দ’ল ভাঙি আজি ভোট দিবলৈ আহিছে। ২০১৬ চনৰ পৰা অসমীয়া মানুহে ভোট দিবলৈ ওলাই আহিছিল। অসমীয়া মানুহে বুজি উঠিছে যে নিৰ্বাচনটো এৰি দিলে অসমতে সংকট হব।

ভোটগ্ৰহণ সমাপ্তিৰ অন্তত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এইবাৰ বিজেপি মিত্ৰজোঁটে ৯০খনতকৈয়ো অধিক আসন পাব পাৰে। অৱশ্যে ১০০খন আসন পালেও আচৰিত হ’বলগীয়া হব লগীয়া নাই। মই ভাবিছিলো এআইইউডিএফ এ অসমত আসন নাপাব। কিন্তু এআইইউডিএফ এ ৪-৫খন আসন লাভ কৰিব। আনহাতে কংগ্ৰেছে ১৮ৰ পৰা ২২খনৰ ভিতৰতে সীমাৱদ্ধ থাকিব।

তিনি গগৈৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, তিনি গগৈ যথেষ্ঠ চাপত থাকিব।৪ মে’ত তিনি গগৈয়ে নিৰ্বাচনৰ শেষৰটো ভোট গগনা কৰা লৈকে চিন্তাত থাকিব লাগিব।গগৈ নোহোৱা মানুহবোৰে বেছি ভোটত জিকিব। আমাৰ সমাজখন উপাধিৰ ওপৰত নচলে।৩ গগৈয়ে হয় ২০০০ ভোটত জিকিব নহয় হাৰিব। বিজেপিৰ গগৈ বিলাকে এই তিনি গগৈতকৈ ভাল ভোটত জিকিব।

গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মই ভোট দিবলৈ পত্নীক লগত লৈ গৈছো। কিন্তু গৌৰৱ গগৈয়ে মাতৃক লগত হে গৈছে। তাৰ মানে মোৰ অভিযোগবোৰ সঁচা যে গৌৰৱ গগৈয়ে আজিলৈকে নিজৰ পৰিয়ালক ভাৰতীয় কৰিব নোৱাৰিলে। আমি গৌৰবী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়। কংগ্ৰেছে যিমানেই মোক গালি পাৰে সিমানে মোৰ ভোট বাঢ়ি যায়।

লগতে পঢ়ক: ভোটদানৰ অভিলেখ; প্ৰায় ৮৫ শতাংশ ভোটাৰৰ ভোটাধিকাৰ সাব্যস্ত

‘এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে’; পৱন খেড়াক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ কৰিছিলে তাক মিছা বুলি প্ৰমাণিত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে কংগ্ৰেছে ৰিণিকি ভূঞাৰ নামত ৩খন দেশৰ পাছপৰ্ট থকা বুলি অভিযোগক লৈ সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। বাজপেয়ী ভৱনত সংবাদমেলখনৰ জৰিয়তে পৱন খেড়াক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছৰ মিথ্যাচাৰৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীয়ে দিলে প্ৰমাণ।

সংবাদমেলৰ আৰম্ভণিতে গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “তৰুণ গগৈৰ পুত্ৰ ইমান তললৈ যাব বুলি ভবা নাছিলো। গৌৰৱ গগৈৰ নামত আমিও আমেৰিকাত কোম্পানী খুলিছো।আমি গৌৰৱ-এলিজাবেথ 786 নামত ভুৱা কোম্পানী খুলিছো।এইটো ফেক হয়, যিকোনো নামতে কোম্পানী খুলিব পাৰি। সকলোৱে এনেকুৱাকৈ খুলিব পাৰে, কালি ৰিণিকি ভূঞাৰ নামতো এনেকুৱাকৈ খোলা হৈছিল।কংগ্ৰেছে দেখুৱাৰ দৰে কোম্পানী খোলাটো অতি সহজ। কংগ্ৰেছ অতি নিম্ন পৰ্যায়লৈ নামিল।কিন্তু কংগ্ৰেছৰ ষড়যন্ত্ৰ বিফল হ’ব। দেওবাৰে নিশা পবন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰু  এনে ষড়যন্ত্ৰত দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব”।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত নিৰন্তৰ চৰ্চা চলিছে।পাকিস্তানৰ ছচিয়েল মিডিয়া গ্ৰুপৰ পৰা এই সমগ্ৰ তথ্য সংগ্ৰহ কৰা হৈছে। কংগ্ৰেছে নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিছে।অসমৰ নিৰ্বাচনক লৈ পাকিস্তানৰ সংবাদ মাধ্যমত Talk show হৈছে”।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “ৰিণিকি ভূঞা শৰ্মাৰ ৩ খন পাছপৰ্টৰ এখন পাকিস্তানৰ এজন ব্যক্তিৰ হেৰুৱা পাছপৰ্ট আছিল। ব্যক্তিগৰাকীয়ে ২৮ মাৰ্চতেই পাছপৰ্টখন হেৰুৱাৰ কথা উল্লেখ কৰিছিল। ইজিপ্তৰ আশ্ৰাফ আব্দেলকেডাৰ আব্দেলছামাদ হুছেইন নামৰ এজন ব্যক্তিৰ পাছপৰ্টৰ ID নাম্বাৰ জালিয়াতি কৰি কংগ্ৰেছে AIযোগে তৈয়াৰ কৰিছিল পাছপ’ৰ্ট। ৰিণিকিৰ জন্ম হৈছিল ১৯৭৩ চনত।কিন্তু কংগ্ৰেছৰ ভুৱা পাছপৰ্টখনত আছিল ১৯৯৬ চন। কংগ্ৰেছে কপি পেষ্ট কৰোতে সেইখিনি কথা থাকি গ’ল। ডুবাইৰ এখন হোটেলত ব্যক্তি গৰাকীয়ে হেৰুৱাইছিল নথি-পত্ৰ। আৰু সেই কথা  টিপু চুলতান নামৰ এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল।পাকিস্তানী ছচিয়েল মিডিয়াৰ গ্ৰুপৰ পৰা এই তথ্য সমূহ ব্যৱহাৰ কৰা হৈছে”।

আনহাতে ইজিপ্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ” ইজিপ্তৰ এগৰাকী নাগৰিকৰ পাছপৰ্ট জালিয়াতিৰে ৰিণিকি ভূঞাৰ পাছপৰ্ট বনোৱা হৈছিল।পাছপৰ্টখন মিছ নিহা ইব্ৰাহিম আল চাহি আংলাংগা নামৰ এগৰাকী মহিলাৰ আছিল। সেই পাছপৰ্ট খনত কেৱল ৰিণিকিৰ ফটোখন বহুৱাই ভুৱা পাছপৰ্ট বনাইছিল। তেওঁলোকে ইংৰাজী কথাখিনি ফটোশ্বপ কৰিলে কিন্তু আৰবীক কথাখিনি ফটোশ্বপ কৰিব নোৱাৰিলে। তেওঁলোকে ভুলবোৰ কৰাৰ কাৰণে প্ৰকৃত কথা খিনি উলিয়াব পৰা গ’ল। এণ্টিগুৱাৰ পাছপ’ৰ্টখনত হ’ব লাগিছিল PA, লিখিলে তেওঁলোকে PPA। ATG থাকি যোৱাটো তেওঁলোকে ভুল কৰিলে। দুয়োখন পাছপ’ৰ্ট ফটো আৰু হেয়াৰ লাইন একে, AIৰ জৰিয়তে পোছাক সলনি কৰিছে। কপালৰ গাঁথনিৰ সালসলনি কৰিছে”।

ৰিণিকি ভূঞা শৰ্মাৰ UAEৰ নাগৰিকত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘UAEৰ নিয়ম হৈছে প্ৰকৃত মানুহ নহ’লে তাত কাকো নাগৰিকত্ব নিদিয়ে। ডুবাইত থাকিব বিচাৰিলে দীৰ্ঘকালীন ভিছা হে দিয়ে।’’

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “কংগ্ৰেছে যোৱাকালি ৰিণিকিৰ নামত ভুৱা কোম্পানী খুলিছিলে।৩ আৰু ৫ এপ্ৰিলত খোলা এটা কোম্পানীৰ ৫৩ হাজাৰ কোটি কেনেকৈ হ’ব পাৰে। প্ৰথমে খুলা কোম্পানীৰ নামটোও ভুল আছিল।মাত্ৰ ১৯৯ ডলাৰ দিলে কোম্পানী খুলিব পাৰি। মাত্ৰ ২০ হাজাৰ টকা দিলে যিকোনো মানুহৰ নামত কোম্পানী খুলিব পাৰি। এয়া এক ভয়ংকৰ ষড়যন্ত্ৰ”।

পবন খেড়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “তেওঁৰ শেষ জীৱনটো অসমৰ জেলতেই যাব। আইনে কঠোৰ ব্যৱস্থা লব। নিৰ্বাচনৰ আগতেই পবন খেড়াক গ্ৰেপ্তাৰ কৰা হ’ব নে নাই সেই কথা আৰক্ষীয়ে তদন্ত কৰিব।কিন্তু এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে গতিকে এইটো দেশবিৰোধী অপৰাধ।পাকিস্তানৰ সহায় লৈ গৌৰৱ গগৈয়ে আমাৰ বিৰুদ্ধে এই অভিযোগ আনিছিলে। এই কামে গৌৰৱ গগৈৰ যে পাকিস্তান সংযোগ আছে সেই কথা পুনৰ গোৰৱ গগৈয়ে প্ৰমাণ কৰিলে”।   

লগতে পঢ়ক: ‘৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা’; পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰিণিকি ভূঞা শৰ্মাৰ…