‘কোৰবানিৰ পৰা বিৰত থকা সকলক ধন্যবাদ ’; সদনৰ পৰাই মুখ্যমন্ত্ৰীৰ আহ্বান

অসম বিধানসভাৰ অধিৱেশনত কোৰবানি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আহ্বান কৰিছে। কোৰবানিৰ নিদিয়াৰ সিদ্ধান্ত লোৱা সকলক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

২৮ মে’ তাৰিখে সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ঈদ-উল-আজহা। বকৰিদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাই। তেওঁ ইছলাম ধৰ্মালম্বী লোক সকলক বকৰিদত গৰু কোৰবানিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, গৰুক কোৰবানি দিয়াৰ কথা কোনো ধৰ্মীয় গ্ৰন্থত লিখা নাই।অসমৰ একাংশ মুছলমান সংগঠনে এই ঈদত গৰু কোৰবানি নিদিয়াৰ নসিদ্ধান্ত লৈছে, সেই সকলক মই ধন্যবাদ জনাইছো।এই সিদ্ধান্তই অসমৰ শান্তি-সম্প্ৰীতি সুদৃঢ় কৰিব।

সাম্প্ৰদায়িক সম্প্ৰীতিৰ দিশত এক চিন্তাশীল পদক্ষেপ বুলি অভিহিত কৰা অসমৰ মুছলমান সম্প্ৰদায়ক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘হিন্দু সম্প্ৰদায়ৰ আৱেগক সন্মান জনাই যি সিদ্ধান্ত লোৱা হৈছে,এইটোৱে নতুন যুগৰ ইংগিত দিয়ে আৰু আমাৰ সন্মুখত ভৱিষ্যতৰ বাবে এক স্পষ্ট দিশ দাঙি ধৰে’।

শৰ্মাই কয় যে এই সিদ্ধান্ত ব্যাপকভাৱে কাৰ্যকৰী হ’লে হিন্দু সম্প্ৰদায়ৰ ওপৰত “গভীৰ প্ৰভাৱ” পৰিব আৰু ৰাজ্যখনত শান্তিপূৰ্ণ সহাৱস্থান শক্তিশালী হ’ব। আমি সদায়েই বিচাৰি আহিছো যে অসমৰ মানুহে শান্তিপূৰ্ণভাৱে একেলগে জীয়াই থাকক, আৰু এই পদক্ষেপে নিশ্চিতভাৱে সেই মনোভাৱক আগুৱাই নিব।’

তেওঁ আহ্বান জনায় কয় যে ‘ইতিমধ্যে বহু লোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু  যিসকলে এতিয়াও সিদ্ধান্ত লোৱা নাই আনৰ পৰা প্ৰেৰণা লৈ এইবাৰ গৰু কোৰবানিৰ পৰা বিৰত থাকিব।

লগতে পঢ়ক: “জুবিন গাৰ্গক লৈ ৰাজনাতি নহয়”;  সদনত মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

“জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়”;  সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

অসম বিধানসভাৰ চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ প্ৰসংগ উত্থাপন কৰে।

সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে হাৰ্টথ্ৰৰ্ব জুবিন গাৰ্গ প্ৰসংগ। জুবিন গাৰ্গৰ কথা উল্লেখ কৰি মুক্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘জুবিন অসমীয়াৰ সম্পদ। জুবিনক লৈ কেতিয়াও ৰাজনীতি নহয়। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলে এইবাৰৰ নিৰ্বাচনত সেইসকল তথাকথিত জুবিনপ্ৰেমীক ৰাইজে শিক্ষা দিলে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া সমালোচনা কৰিছিল, ব্যক্তিগত ভাৱে মই থিয় হৈ এইকেইটা মন্তব্য কৰিছিলো। নিৰ্বাচনৰ পূৰ্বে জুবিনক লৈ বিৰোধিয়ে ২ খন সমাজ গঢ়িছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকল লোকে ৰাজনীতি কৰিছিল সেই সকলে জীৱিত কালত জুবিনক সমালোচনা কৰিছিল।জুবিনৰ মৃত্যুৰ পিছত ৰাতিটোৰ ভিতৰতে একাংশ জুবিনৰ

কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নিৰ্বাচনৰ টেবুলতো কংগ্ৰেছে জুবিন গাৰ্গৰ ফটো আঁৰি দিছিল। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিক নেতাৰ নহয়, জুবিন গাৰ্গৰ ফটোহে দেখা গৈছিল।জুবিনক লৈ ৰাজনীতি কৰা সকলক ৰাইজে তেওঁলোকৰ বিধায়ক ১৯ জনলৈ হ্ৰাস কৰিলে। ১৯ জনৰ ১৮ জনেই এটা বিশেষ সম্প্ৰদায়ৰ। শংকৰদেৱ মাধৱদেৱ, জ্যোতিপ্ৰসাদক লৈ ৰাজনীতি নহয়।

লগতে পঢ়ক: গুৱাহাটীত ভূটানৰ প্ৰধানমন্ত্ৰী: ৰঙা দলিচা পাৰি ভব্য আদৰণি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ

আজি সদনত উপস্থাপন হ’ব বহু চৰ্চিত UCC বিধেয়ক; লিভ ইন ৰিলেশ্বনশ্বীপৰ পৰা বহু বিবাহলৈকে আহিব কঠোৰ নিয়ম!

অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিনত সদনত উত্থাপন হ’ব পাৰে বহু চৰ্চিত UCC বিধেয়ক।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত উপস্থাপন কৰিব এই বিধেয়ক।

অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ কাম-কাজ। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ’ব অধিৱেশনৰৱ কাম-কাজ। ৰাজ্যপালৰ ভাষণৰ ওপৰত হ’ব বিতৰ্ক।সদনত সদনত সম নাগৰিক সংহিতা বিধেয়ক উত্থাপন  হোৱাৰ লগতে আন কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।আজি সদনত উপত্থাপন হ’ব নাৰী শক্তি বন্দন অধিনিয়ম। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব মহিলাৰ বাবে ৩৩%  সংৰক্ষণৰ প্ৰস্তাৱ।ইয়াৰ অধীনত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত থাকিব।

আজি সদনত উত্থাপন হ’ব পাৰে বহু চৰ্চিত UCC বিধেয়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত উপস্থাপন কৰিব এই বিধেয়ক। উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন জনাইছিল।৪ টা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ’ব UNIFORM  CIVIL CODE। এই UCC অনুসৰি বিয়াৰ বয়সত থাকিব নূন্যতম সীমা। UCC বলৱ হ’লেই ৰাজ্যত আৰু কোনেও বহু বিবাহ কৰিব নোৱাৰিব।

সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে কন্যাৰো অধিকাৰ থাকিব। ৰাজ্যত সম্পূৰ্ণ ৰূপে বন্ধ হ’ব লিভ ইন ৰিলেশ্বনশ্বীপ। অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, এই UCCৰ পৰা জনজাতীয় লোকক বাহিৰত ৰখা হ’ব। বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCC ৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। কেৱল ইমানেই নহয় এই UCC ত সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব।    

লগতে পঢ়ক: অসমৰ ৮২ গৰাকী নৱনিৰ্বাচিত বিধায়কক বিজেপিয়ে জনাব সম্বৰ্ধনা

‘জুবিনক লৈ যাতে ভৱিষ্যতে কোনেও ৰাজনীতি কৰিব নালাগে ’;জুবিনক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

বুধবাৰে পুৱা দিল্লীৰ পৰা আহি জুবিনক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জুবিনক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিত সেৱা কৰি শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীয়ে।

দ্বিতীয়বাৰ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বুধবাৰে পুৱা জুবিনক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জুবিনক্ষেত্ৰত উপস্থিত হৈ সমাধিক্ষেত্ৰৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে।নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পিছতে তেওঁ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিব।আজি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি জুবিন গাৰ্গ সন্দৰ্ভত বহু কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইতিমধ্যে লোকনিৰ্মাণ বিভাগে জুবিনক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে।প্ৰায় ৩ কোটি টকাৰ ব্যয়ৰে চৌহদৰ দেৱাল নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ওপৰৰ পাহাৰৰ পৰা যাতে মাটি খহি পৰিব নোৱাৰে তাৰ কাৰণেও কিছু ব্যৱস্থা লোৱা হৈছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জুবিন গাৰ্গৰ এই সমাধিক্ষেত্ৰখনত ৰাজনীতি ক্ষেত্ৰৰ লগত জড়িত একাংশ লোকে ইমানেই ৰাজনীতি কৰিলে যে এটা সময়ত ইয়ালৈ আহিবলৈ বেয়া লগা হ’ল।ইয়াত জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা কৰা হ’ল। আৰু মই জানিছিলো লোৱা নিৰ্বাচন শেষ হোৱাৰ পিছত সেই আলোচনাবোৰ শেষ হ’ব। এতিয়া ৰাজনীতি শেষ হ’ল।বৰ্তমান মানুহবোৰে জুবিনৰ সংগীত কেনেকৈ জীয়াই ৰাখিব, সংগীত, অৱদান, স্মৃতি কেনেকৈ জীয়াই ৰাখিব তাক লৈ আলোচনা কৰিব।আৰু ভৱিষ্যতেও যাতে জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে।তেতিয়াহে জুবিনৰ প্ৰকৃত সত্বাটো জীয়াই থাকিব পাৰিব। জীয়াই থকাৰ দিনত সেই সকলে জুবিনক সমালোচনা কৰিছিল। আমাৰ কাৰণে জুবিন অতীতত যেনেদৰে আছিল বৰ্তমান আৰু ভৱিষ্যতেও একেদৰেই থাকিব।

তেওঁ লগতে কয় যে, নিৰ্বাচনৰ পুলিং বুথত, কাৰ্যালয়ত জুবিনৰ ফটো লৈ ৰাজনীতি কৰাটো মানুহে নিবিচাৰে। মানুহে শিল্পীক অৰাজনৈতিক ভাৱে থকাটোৱেই বিচাৰে। কংগ্ৰেছে হাতৰ চিহ্নৰ পৰিৱৰ্তে জুবিনৰ ফটো লৈ ৰাজনীতি কৰিলে।জুবিনক লৈ ৰাজনীতি নকৰাৰ বাবেই বিধানসভা নিৰ্বাচনত আমি প্ৰতিটো সমষ্টিত ২০ শতাংশ ভোট বেছি পাইছোঁ।বিজেপিৰ স্পষ্ট কথা আছিল যে, আমি কেতিয়াও জুবিনক লৈ ৰাজনীতি নকৰো। সেই সিদ্ধান্ত শুদ্ধ আছিল তাক সময়ে প্ৰমাণ কৰিছে।   

লগতে পঢ়ক: মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব

নেদাৰলেণ্ডত বড়ো ‘আৰনাই’ পৰিধান প্ৰধানমন্ত্ৰীৰ; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট  

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ দি এটা পোষ্ট শ্বেয়াৰ কৰিছে।

১৭ মে’ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই পোষ্টটোত লিখিছে যে, নেদাৰলেণ্ডত এক অনুষ্ঠানৰ  সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত বড়ো গামোচা ‘আৰনাই’ পৰিধান কৰাটো অসমৰ বডো সম্প্ৰদায়ৰ চহকী হস্ততাঁত ঐতিহ্য আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতিফলন। আৰনাই বড়ো জনগোষ্ঠীৰ পৰিচয়, গৌৰৱ আৰু পৰম্পৰাগত কাৰুকাৰ্য্যৰ প্ৰতীক আৰু ইয়াক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰা দেখি গৌৰৱ প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘অৰনাইয়ে অসমৰ বড়ো সম্প্ৰদায়ৰ গৌৰৱ আৰু চহকী হস্ততাঁত ঐতিহ্যক প্ৰতিফলিত কৰিছে।আদৰনিয় নৰেন্দ্ৰ মোদী জীয়ে নেদাৰলেণ্ডৰ বিশ্ব মঞ্চত ইয়াক কঢ়িয়াই নিয়া দেখি গৌৰৱান্বিত।’

দৰাচলতে ইউৰোপ ভ্ৰমণৰ অংশ হিচাপে হেগত প্ৰৱাসী ভাৰতীয় সকলক সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰম্পৰাগত বড়ো গামোচা পৰিধান কৰা দেখা গৈছিল। বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰা বুলি অভিহিত কৰা কামৰ বাবেও ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনায়।

২০২০ চনত স্বাক্ষৰিত বডো শান্তি চুক্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই চুক্তিয়ে অঞ্চলটোৰ স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰি তোলাৰ লগতে বড়োলেণ্ডত দশক দশক ধৰি চলি থকা বিদ্ৰোহৰ অন্ত পেলোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

লগতে পঢ়ক: ‘শিক্ষামন্ত্ৰীক কিয় বৰ্খাস্ত কৰা হোৱা নাই ‘; NEET প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীৰ সমালোচনা

ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ; কোন মন্ত্ৰীয়ে পালে কি দপ্তৰৰ দায়িত্ব

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।

নতুন চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ বিতৰণ কৰা হ’ল ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ চৰকাৰৰ অন্যতম বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।এইবাৰ জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগে নাপালে বিত্ত বিভাগ। ১৪ মে’ত অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অনুমোদন জনোৱা চৰকাৰী অধিসূচনা অনুসৰি এতিয়া অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ বাবে আবণ্টন দিয়া হৈছে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ পূৰ্বৰ কাৰ্যকালত অসমৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নেওগে প্ৰশাসনৰ বিত্তীয় আৰু বাজেট ব্যৱস্থাপনাৰ অন্যতম মূল মুখ হিচাপে বিবেচিত হৈছিল।

ইয়াৰ উপৰিও ৰামেশ্বৰ তেলীক উন্নয়ন, শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী উন্নয়নৰ দপ্তৰ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, আৰু আবকাৰী বিভাগ, চৰণ বড়োক বডোলেণ্ডৰ কল্যাণৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে।

ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ “পৰামৰ্শ অনুসৰি” প্ৰস্তাৱিত দপ্তৰৰ আবণ্টনত অনুমোদন জনাইছে।

লগতে পঢ়ক: পশ্চিমবংগত বিজেপিৰ চৰকাৰ, অধিক সুৰক্ষিত অনুভৱ কৰিছে অসমেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১২ মে’ত  এন ডি এ ৩.০ চৰকাৰৰ শপতগ্ৰহণ; প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক ভ্ৰমণৰ প্ৰস্তুতি আৰু নৱনিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ পৰ্যালোচনা কৰে।

১২ মে’ত খানাপাৰা খেলপথাৰত নতুন চৰকাৰে ল’ব শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হ’ব বিশাল সমাৰোহ। যাৰ বাবে বৃহস্পতিবাৰে নিশা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাই। এনডিএ ৩.০ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

৯ মে’ত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে অসমলৈ ২ পৰ্যবেক্ষক আহিব। জে পি নাড্ডা, নায়াব সিং চাইনীয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা। ইয়াৰ পূৰ্বে বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক তেওঁৰ আনুষ্ঠানিক পদত্যাগ পত্ৰ দাখিল কৰে। বিজেপি নেতৃত্বাধীন এনডিএ-য়ে অসম নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰিছে। ৰাজ্যখনে এইবাৰ একেৰাহে তৃতীয়খন এনডিএ চৰকাৰ লাভ কৰিব।

মঙলবাৰে শৰ্মাই বিজেপি নেতৃত্বাধীন এনডিএ-ক নিৰ্ণায়ক জন ৰায়দান দিয়াৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে এই ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণৰ আস্থা প্ৰতিফলিত কৰিছে।

লগতে পঢ়ক: নীতিশৰ পুত্ৰ নিশান্তলৈ স্বাস্থ্য মন্ত্ৰালয়; বিহাৰ চৰকাৰৰ মন্ত্ৰীত্বৰ ভাগ-বতৰা

পদত্যাগ পত্ৰ দাখিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ;  নতুন চৰকাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NDA) নিৰ্ণায়ক বিজয়ৰ পাছত এই পদক্ষেপে নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে।

বুধবাৰে ৰাজভৱনত উপস্থিত হৈ ড০ হিমন্ত শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ যাদৱক পদত্যাগ পত্ৰ দাখিল কৰে।ইয়াৰ ফলত নতুন চৰকাৰ গঠনৰ বাট মুকলি হৈছে। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰাখিবলৈ কৈছে।

পদত্যাগ পত্ৰ দাখিলৰ পিছতে সংবাদ মাধ্যমক সম্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিনে জে পি নাড্ডা আৰু নায়াব সিং ছাইনী দুয়োকে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।কিন্তু নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখনৰ মন্ত্ৰীসকলেই পালন কৰিব দায়িত্ব।

তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰী কোন হ’ব? পৰৱৰ্তী নেতা কোন হ’ব? (বিজেপি) বিধায়িনী দলেহে এই সিদ্ধান্ত ল’ব। অৱশ্যে বিধায়িনী দলৰ নেতা এতিয়াও নিৰ্বাচিত হোৱা নাই সেয়েহে আমি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰা উচিত।১১ তাৰিখৰ পিছত হ’ব নতুন চৰকাৰৰ শপত গ্ৰহণ হ’ব ।জেপি নাড্ডাৰ সৈতে আলোচনা কৰি ঘোষণা কৰা হ’ব শপতগ্ৰহণৰ দিন। বিধায়িনী দলৰ বৈঠকৰ পিছতে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।  

লগতে পঢ়ক:  মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই আজি দাখিল কৰিব পদত্যাগ পত্ৰ   

‘যদি পদত্যাগ নকৰে বৰ্খাস্ত কৰা হ’ব’; মমতা বেনাৰ্জীক লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাক লৈ বিজেপি নেতাসকলে তীব্ৰ সমালোচনা কৰিছে ।

মমতা বেনার্জীয়ে যেতিয়াৰ পৰা পদত্যাগ নকৰো বুলি কৈছে, তেতিয়াৰ পৰাই ৰাজনৈতিক মহলত এক নতুন চৰ্চা আৰম্ভ হৈছে যে যদি পদত্যাগ নকৰে, তেন্তে কি হ’ব? মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁ পৰাজিত হোৱা নাই, বৰঞ্চ ১০০খন আসন তেওঁৰ পৰা কাঢ়ি নিয়া হৈছে। ইয়াৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিছে। এটা সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ কৈছে, “যদি পদত্যাগ নকৰে, তেন্তে তেওঁক বৰ্খাস্ত কৰা হ’ব।”

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে “ মমতা বেনাৰ্জীৰ হিচাপত দেশখন নচলিব। এক নিৰ্দিষ্ট সময়লৈকে ৰাজ্যপাল মহোদয়ে (পদত্যাগৰ বাবে) অপেক্ষা কৰিব, তাৰ পিছত তেওঁক বৰ্খাস্ত কৰা হ’ব। এইটো একেবাৰে স্পষ্ট কথা। আপোনাৰ ফলাফল ওলাই গৈছে। নিৰ্বাচনৰ পৰিণাম ঘোষণা কৰা হৈছে। এতিয়া আপুনি কৈছে যে মোৰ পৰা ১০০খন আসন কাঢ়ি নিয়া হৈছে, তেন্তে ময়ো ক’ম যে অসমত কংগ্ৰেছে যি ১৯খন আসনত জয় লাভ কৰিছে, সেইবোৰ আমাৰ পৰা কাঢ়ি লৈহে জিকিছে”।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে “দেশ এনেকৈ নচলে। ভাৰতৰ দৰে এখন দেশৰ বাবেহে এনে এজন মুখ্যমন্ত্ৰীক ইমান দিনে মানুহে সহ্য কৰি আছে। আপুনি সীমান্তত ফেঞ্চিং (বেৰ) দিবলৈ নিদিয়ে আৰু এতিয়া কৈছে যে আপোনাৰ পৰা আসন কাঢ়ি নিয়া হৈছে। আপুনি বহু আগতেই নিজৰ ফলাফলৰ অনুমান কৰি ল’ব লাগিছিল”।

দৰাচলতে, যদি কোনো মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত বা সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ পিছত পদত্যাগ নকৰে, তেন্তে সাংবিধানিক ব্যৱস্থা অনুসৰি ৰাজ্যপালে তেওঁক বৰ্খাস্ত (Dismiss) কৰিব পাৰে।

অন্য এক পৰিপ্ৰেক্ষিতত, ৰাজ্যপালৰ হাতত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ফ্ল’ৰ টেষ্ট (Floor Test) অৰ্থাৎ বিশেষ অধিবেশন আহ্বান কৰাৰ অধিকাৰ আছে। যদি কোনো মুখ্যমন্ত্ৰী ইয়াত বিফল হয়, তেন্তে চৰকাৰ ভংগ হ’ব পাৰে। দৰাচলতে বিধানসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী স্বয়ংক্ৰিয়ভাৱে পদমুক্ত হয়। এনে পৰিস্থিতিত মমতা বেনাৰ্জীৰ বাবে মুখ্যমন্ত্ৰীৰ পদত মাত্ৰ কেইঘণ্টামানহে বাকী আছে।

লগতে পঢ়ক: আমি নিৰ্বাচনত পৰাজিত হোৱা নাইঃ পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে