ৰাজ্যচৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ

 

প্ৰথমখন কেবিনেটতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দিলে ভাল খবৰ। বৃদ্ধি হ’ল ২% মৰগীয়া বানচ ।

নতুন মন্ত্ৰী পৰিষদ গঠন  কৰিয়েই প্ৰথমখন কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ অতিৰিক্ত ২ % মৰগীয়া বানচ বৃদ্ধি কৰিলে।পূৰ্বে এই বানচ ৫৮ % আছিল আৰু এই সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বানচ ৬০ % লৈ বৃদ্ধি পালে।  

লগতে পঢ়ক: “১ আগষ্টৰ পৰা পুনৰ চেনি, চাউল, তেল লাভ কৰিব”;কেবিনেটত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত

“১ আগষ্টৰ পৰা পুনৰ চেনি, চাউল, তেল লাভ কৰিব”;কেবিনেটত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত

হিতাধিকাৰীক লৈ অসম কেবিনেটে আকৌ ভাল খবৰ দিছে। ১ আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনীৰ সুবিধা পূৰ্বৰ দৰেই লাভ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

চৰকাৰী আঁচনি, ৰেচনক লৈ এক ডাঙৰ খবৰ আহি গ’ল। ১ আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব ৰাজ্যবাসীয়ে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষত প্ৰথমখন কেবিনেট বৈঠত অনুষ্ঠিত হয়। এই কেবিনট বৈঠক অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে ভাল খবৰ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৬ জুলাইৰ পৰা ২১ দিনীয়া পূৰ্ণাংগ বাজেট অধিবেশনখন হ’ব। এই বাজেট অধিৱেশনৰ পিছতেই ১ আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব ৰাজ্যবাসীয়ে। ইমানেই নহয় অৰুণোদয় হিতাধিকাৰীয়েও পাব ধন। ৰাজ্যত পূৰ্ণ্যোদ্যমে চলিব আঁচনি ৰূপায়নৰ কাম।

তেওঁ লগতে কয় যে, ৭ দিনৰ ভিতৰত চূড়ান্ত হ’ব মন্ত্ৰীৰ দপ্তৰ। কিন্তু শনিবাৰে জিলা সমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব।

লগতে পঢ়ক: শপত গ্ৰহণ পিছতেই মন্ত্ৰীসভাৰ সদস্যৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক

শপত গ্ৰহণ পিছতেই মন্ত্ৰীসভাৰ সদস্যৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক

১২ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বেঠক অনুষ্ঠিত কৰিছে।

আজি খানাপাৰাস্থিত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰত শপত ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২ গৰাকী নতুন মন্ত্ৰীয়ে।মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই সন্ধিয়া ৬ বজাত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক।

৬ বজাত হ’বলগীয়া এই কেবিনেট বৈঠকত আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যবাসীৰ বাবে বহুকেইটা ডাঙৰ ঘোষণা অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সম্প্ৰসাৰণ : ১২ বিধায়কৰ শপত গ্ৰহণ, মন্ত্ৰীসভাত ৪ নতুন মুখ

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কোন নতুন মুখে পালে স্থান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ১২ গৰাকী মন্ত্ৰীয়ে ৫ জুন তাৰিখে শপত গ্ৰহণ কৰিব। এই ১২ জনীয়া মন্ত্ৰীসভাত ৪ খন নতুন মুখে স্থান লাভ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ১২ গৰাকী মন্ত্ৰীৰ তালিকা ঘোষণা কৰে। ইয়াৰ ফলত মন্ত্ৰী পৰিষদৰ সদস্য সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি পাব। ১৯ জনীয়া কেবিনেটখনৰ দুটা পদ এতিয়াও খালী হৈ থাকিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰী সকলে ৫ জুনৰ ১২:৪৫ বজাত শপত গ্ৰহণ কৰিব।মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা এই মন্ত্ৰীসভাত ৪ খন নতুন মুখেও স্থান পাইছে।   

কেবিনেট মন্ত্ৰী হিচাপে শপত ল’বলগীয়া বিধায়কসকল হ’ল— অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘাল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীয়ূষ হাজৰিকা, ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁই।

ইয়াৰ ভিতৰত অশ্বিনী ৰায় চৰকাৰ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সুশান্ত বৰগোহাঁই আৰু নীলিমা দেৱীয়ে প্ৰথমবাৰৰ বাবে কেবিনেটত প্ৰৱেশ কৰিব। যোৱা ১২ মে’ত শৰ্মাই চাৰিগৰাকী মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এমাহ নৌহওঁতেই এই কেবিনেট সম্প্ৰসাৰণ কৰা হৈছে, যিয়ে ৰাজ্যখনত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টী (BJP) নেতৃত্বাধীন চৰকাৰৰ যাত্ৰা আৰম্ভ কৰিছিল।

এই কেবিনেটত অভিজ্ঞ নেতা আৰু নতুন মুখৰ এক সংমিশ্ৰণ দেখা পোৱা গৈছে। মঙলদৈৰ প্ৰথমবাৰৰ বিধায়িকা তথা বিজেপিৰ জ্যেষ্ঠ মহিলা নেত্ৰী নীলিমা দেৱীৰ নাম মন্ত্ৰীসভাত অন্তৰ্ভুক্তিক এক উল্লেখনীয় পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। তেওঁৰ অন্তৰ্ভুক্তিৰ লগে লগে অসম কেবিনেটত মহিলা মন্ত্ৰীৰ সংখ্যা দুগৰাকী হ’ব, আনগৰাকী হৈছে বিত্ত মন্ত্ৰী অজন্তা নেওগ, যিয়ে ১২ মে’ত শপত গ্ৰহণ কৰিছিল।

কেবিনেট সম্প্ৰসাৰণত মিত্ৰদলসমূহৰ প্ৰতিনিধিত্বও অক্ষুণ্ণ ৰখা হৈছে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ পিছত কেশৱ মহন্ত কেবিনেটত দলটোৰ দ্বিতীয়গৰাকী মন্ত্ৰী হ’ব। এই ঘোষণাই জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈ আৰু ভূপেন কুমাৰ বৰাৰ সাম্ভাব্য কেবিনেট প্ৰৱেশক লৈ চলি থকা জল্পনা-কল্পনাৰো অন্ত পেলালে, যিসকলে বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে বিজেপিত যোগ দিছিল। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মন্ত্ৰীৰ তালিকাত দুয়োগৰাকী নেতাৰে নাম অন্তৰ্ভুক্ত হোৱা নাই।

পূৰ্বৰ চৰকাৰসমূহত কাৰ্যনিৰ্বাহ কৰা কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাকো এই নতুন কেবিনেটৰ পৰা বাদ দিয়া হৈছে। ইয়াৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দলৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকন অন্যতম। শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰীসকলৰ দপ্তৰসমূহ ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকা ঘোষণা

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকা ঘোষণা

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে ঘোষণা কৰিলে ১২ জনীয়া মন্ত্ৰীৰ নাম।

অৱশেষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ১২ জনীয়া মন্ত্ৰীৰ তালিকা। কাইলৈ এই সকল মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

কাইলৈ শপত ল’ব লগীয়া মন্ত্ৰী সকল হৈছে- অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ড° ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁই।

লগতে পঢ়ক: কেবিনেট সম্প্ৰসাৰণক লৈ অব্যাহত জল্পনা-কল্পনা: মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাত কোন কোন ?

অসমৰ ৯১.৭% মহিলা এতিয়া আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ অংশ: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বেংকিং সেৱাত অসমৰ মহিলাৰ প্ৰৱেশাধিকাৰক লৈ এক তথ্য প্ৰকাশ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ প্ৰগতিক লৈ এক্স প্লেটফৰ্মত এক তথ্য শ্বেয়াৰ কৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই সাফল্যক বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ দিশত অসমৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ ৯১.৭ শতাংশ মহিলাই এতিয়া আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে।

তেওঁ লগতে কয়, বেংকিং সেৱাত মহিলাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত হোৱাৰ ফলত পৰিয়ালসমূহ শক্তিশালী কৰা আৰু সমগ্ৰ ৰাজ্যতে সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে, “যেতিয়া এগৰাকী মহিলাই বেংকিং সেৱাৰ সুবিধা লাভ কৰে, তেতিয়া এটা সমগ্ৰ পৰিয়াল আগবাঢ়ি যায়। আজি অসমৰ ৯১.৭% মহিলা আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ অংশীদাৰ, যিটো আমাৰ ‘নাৰী শক্তি’ সৱলীকৰণ আৰু প্ৰতিটো পৰিয়ালত উন্নয়ন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ।”

তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক মহিলাৰ হাতত এতিয়া সঞ্চয়ী বেংক একাউণ্ট আৰু পাছবুক আছে, যাৰ ফলত চৰকাৰী সা-সুবিধা, সঞ্চয়ৰ ব্যৱস্থা আৰু বিত্তীয় সেৱাসমূহ লাভ কৰাটো অধিক সহজ হৈ পৰিছে।

এই অগ্ৰগতিয়ে বেংকিং সেৱাৰ সম্প্ৰসাৰণ, বিত্তীয় সাক্ষৰতাৰ প্ৰসাৰ আৰু আনুষ্ঠানিক অৰ্থনীতিত পোনপটীয়া অংশগ্ৰহণৰ জৰিয়তে মহিলাসকলক সৱলীকৰণ কৰাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে চলাই থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।অসমত মহিলাৰ সৱলীকৰণ আৰু সামগ্ৰিক বিকাশৰ ওপৰত চৰকাৰে দিয়া ব্যাপক গুৰুত্বৰ অংশ হিচাপে মুখ্যমন্ত্ৰী শৰ্মাই এই পৰিসংখ্যা শ্বেয়াৰ কৰে।

লগতে পঢ়ক: দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু পিয়ুষ গোৱেলক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজনাথ সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ প্ৰতিৰক্ষা খণ্ডক লৈ বিচাৰিলে মাৰ্গদৰ্শন

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে ৰাজ্যখনক দেশৰ প্ৰতিৰক্ষা পৰিস্থিতিতন্ত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ উপায় সন্দৰ্ভত আলোচনা কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু ৰাজ্যখনক দেশৰ প্ৰতিৰক্ষা পৰিস্থিতিতন্ত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকৰ সবিশেষ ‘X’ (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰি শৰ্মাই কয় যে জ্যেষ্ঠ নেতাগৰাকীক লগ পোৱাটো সদায় ‘সমৃদ্ধিদায়ক’ আৰু এজন প্ৰশাসক, জনপ্ৰতিনিধি তথা দলীয় কৰ্মী হিচাপে সিঙৰ অভিজ্ঞতাৰ তেওঁ প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “তেওঁ প্ৰজ্ঞা আৰু জ্ঞানৰ এক ভঁৰাল। এজন উৎকৃষ্ট প্ৰশাসক, নিষ্ঠাবান জনপ্ৰতিনিধি আৰু এজন অভিজ্ঞ কাৰ্যকৰ্তা হিচাপে তেওঁৰ বিশাল অভিজ্ঞতাৰ পৰা আমাৰ বহু কথাই শিকিবলৈ আছে।”

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম বিধানসভা নিৰ্বাচনৰ সময়ত চলোৱা নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ বাবে তেওঁৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শন বিচাৰে।

উদ্যোগিক উন্নয়ন আৰু কৌশলগত আন্তঃগাঁথনিৰ ওপৰত ৰাজ্যখনে প্ৰদান কৰা বৰ্ধিত গুৰুত্বৰ সৈতে সংগতি ৰাখি আগন্তুক বছৰবোৰত অসমক প্ৰতিৰক্ষা খণ্ডৰ এক অন্যতম প্ৰধান অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁ আলোচনা কৰে।

কেন্দ্ৰ চৰকাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ অধীনত প্ৰতিৰক্ষা উৎপাদন শক্তিশালী কৰা আৰু থলুৱা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে চলোৱা প্ৰচেষ্টাৰ মাজতে এই বৈঠক অনুষ্ঠিত হৈছে।

ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (EAM) এছ জয়শংকৰক সাক্ষাৎ কৰে আৰু চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য তথা পৰ্যটন সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ সম্ভাৱ্য ভূমিকাৰ বুজ লোৱাৰ লগতে কেন্দ্ৰৰ ‘এক্ট ইষ্ট পলিচি’ অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে।

লগতে পঢ়ক: দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ অভিলেখ: মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা প্ৰকাশ কৰা অনুসৰি ২০২৫-২৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাই অভিলেখ সৃষ্টি কৰিছে ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ মে’ত সদৰী কৰা অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা ১৫ শতাংশতকৈও অধিক বৃদ্ধি পাই ৪.৬৮ লাখলৈ বৃদ্ধি পাইছে, যি এক অভিলেখ।

সামাজিক মাধ্যমত কেইবাটাও পোষ্টৰ জৰিয়তে শৰ্মাই ২০২৫-২৬ বৰ্ষটোক ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ বাবে “সৰ্বকালৰ শ্ৰেষ্ঠ বছৰ” বুলি অভিহিত কৰে আৰু কয় যে এই ধাৰাবাহিক বৃদ্ধি অসমৰ সংৰক্ষণ আৰু পৰ্যটন বিকাশৰ প্ৰচেষ্টাৰ প্ৰতিফলন।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “পৰ্যটকৰ সংখ্যা যোৱাবাৰৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে। যোৱাবাৰৰ পৰ্যটকৰ সংখ্যা ৪.০৬ লাখৰ পৰা বৃদ্ধি পাই ৪.৬৮ লাখ হৈছে। দহ বছৰৰ আগতে এই সংখ্যা আছিল মাত্ৰ ১.৫৫ লাখ। এই পৰিৱৰ্তন অবিৰত, পৰিকল্পিত আৰু ধাৰাবাহিক।” তেওঁ লগতে জানিবলৈ দিয়ে যে যোৱা বিত্তীয় বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও ১৭,৬৯৩ ৰ পৰা ৩০,৪৭৪ লৈ বৃদ্ধি পাইছে।

শৰ্মাৰ মতে, ২০২৫ চনৰ এপ্ৰিলৰ পৰা আজিলৈকে কাজিৰঙাত ৫.৪৮ লাখ পৰ্যটকে ভিৰ কৰিছে আৰু ই ভাৰতৰ পৰ্যটন খণ্ডৰ এক উল্লেখনীয় সফল কাহিনী হিচাপে পৰিগণিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজা আৰু ৬০ গৰাকীতকৈও অধিক মুৰব্বীৰ ভ্ৰমণে কাজিৰঙাৰ বিশ্বব্যাপী প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, “যেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে অসমক বাছনি কৰে, তেতিয়া সেয়া বিশ্বমানৰ পৰ্যটন আন্তঃগাঁথনি গঢ়ি তোলাৰ আমাৰ প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰে।”

অসমৰ সংৰক্ষণ প্ৰচেষ্টাক আলোকপাত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে কাজিৰঙাত গঁড় চিকাৰৰ ঘটনা সফলভাৱে ৰোধ কৰি “শূন্য গঁড় চিকাৰ”ৰ বহুকেইটা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে দুষ্প্ৰাপ্য সোণালী বাঘৰ প্ৰত্যক্ষদৰ্শন, এশিঙীয়া গঁড়ৰ জনসংখ্যা বৃদ্ধি, গাংগীয় ডলফিন পৰ্যটনৰ বিকাশ আৰু ‘স্মিউ’ (Smew)ৰ দৰে পৰিভ্ৰমী চৰাইৰ প্ৰত্যাৱৰ্তনে উদ্যানখনৰ উন্নত পৰিৱেশ তন্ত্ৰক সূচায় বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ পৰ্যটন নীতিৰ মূল লক্ষ্য হৈছে  প্ৰকৃতিৰ সংৰক্ষণ, জীৱিকা সৃষ্টি আৰু বিশ্বৰ বাবে আকৰ্ষণীয় পৰ্যটনস্থলী গঢ়ি তোলা।

লগতে পঢ়ক: আগন্তুক ৫ বছৰত পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে অতিক্ৰম কৰিব পাৰে বিপজ্জনক সীমা

“অহা ৫ বছৰত বিদেশীমুক্ত অসম গঢ়াই চৰকাৰৰ লক্ষ্য”;মুখ্যমন্ত্ৰী

অসম বিধানসভাৰ মজিয়াৰ পৰা বিদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ। অবা ৫ বছৰত বিদেশীমুক্ত অসম হ’ব বুলি উল্লেখ কৰে।

সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদেশীমুক্ত অসম গঢ়া সন্দৰ্ভত মন্তব্য কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিকাশ আৰু সুৰক্ষাৰ বাবে অসমৰ ৰাইজে NDA ক জয়ী কৰিলে। খিলঞ্জীয়াৰ সুৰক্ষা বাবে NDA সদায় বদ্ধপৰিকৰ। অহা ৫ বছৰত বিজেশী মুক্ত অসম গঢ়া চৰকাৰৰ মূল লক্ষ্য। অসমৰ অনুপ্ৰৱেশৰ পৰা মুক্ত কৰিবলৈ বদ্ধপৰিকৰ চৰকাৰ। অসমত থকা বিদেশীক ওভতাই পঠিয়াবলৈ চৰকাৰে উচিত ব্যৱস্থা ল’ব।

মুখ্যমন্ত্ৰী গাৰকীয়ে UCC ৰ কথা উল্লেখ কৰি কয় যে, সংখ্যালঘু মহিলাক সুৰক্ষীত কৰিবৰ বাবে UCC আনিছো। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলো আমাক যদি ৰখাব পাৰে ৰখাই লওঁক। নিৰ্বাচনত জয়ী হ’লেই আমি প্ৰথম অধিৱেশনতে UCC আনিম। সেয়ে জয়ৰ পাছতেই বিধানসবাত UCC উত্থাপন কৰিলো। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC বলব কৰা তৃতীয় ৰাজ্য হ’ব অসম।

সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম। এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম। ১০ লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম। যি যুৱ প্ৰজন্মই আন ১০ জনক কৰ্মসংস্থাপন দিব।

পূৰ্বৰ কংগ্ৰেছক তুলাধুনা দি  মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ  কাৰ্যকালত কোনো ৰাজহ নাছিল বুলি দাবী কৰি চৰকাৰী কৰ্মচাৰীৰ এটা সময়ত ছমাহৰ দৰমহা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয় যে, অহা ৫ বছৰত অসমৰ দৰিদ্ৰতা সীমা ৰেখা ২-৩ শতাংশ লৈ হ্ৰাস পাব। বিগত ১০ বছৰত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা সম্পূৰ্ণ কমিছে।

১২৬ আসনৰ ১০২খন আসন লাভ কৰাটো আমাৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ। প্ৰথমবাৰৰ বাবে এক কোটি ভোট NDAই লাভ কৰিছে। নতুনকৈ ১৫ লাখ লোকে আমাৰ ওপৰত আস্থা পোষণ কৰিছে বুলিও সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

লগতে পঢ়ক: ‘কোৰবানিৰ পৰা বিৰত থকা সকলক ধন্যবাদ ’; সদনৰ পৰাই মুখ্যমন্ত্ৰীৰ আহ্বান