অসম বিধানসভাৰ মজিয়াৰ পৰা বিদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ। অবা ৫ বছৰত বিদেশীমুক্ত অসম হ’ব বুলি উল্লেখ কৰে।
সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদেশীমুক্ত অসম গঢ়া সন্দৰ্ভত মন্তব্য কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিকাশ আৰু সুৰক্ষাৰ বাবে অসমৰ ৰাইজে NDA ক জয়ী কৰিলে। খিলঞ্জীয়াৰ সুৰক্ষা বাবে NDA সদায় বদ্ধপৰিকৰ। অহা ৫ বছৰত বিজেশী মুক্ত অসম গঢ়া চৰকাৰৰ মূল লক্ষ্য। অসমৰ অনুপ্ৰৱেশৰ পৰা মুক্ত কৰিবলৈ বদ্ধপৰিকৰ চৰকাৰ। অসমত থকা বিদেশীক ওভতাই পঠিয়াবলৈ চৰকাৰে উচিত ব্যৱস্থা ল’ব।
মুখ্যমন্ত্ৰী গাৰকীয়ে UCC ৰ কথা উল্লেখ কৰি কয় যে, সংখ্যালঘু মহিলাক সুৰক্ষীত কৰিবৰ বাবে UCC আনিছো। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলো আমাক যদি ৰখাব পাৰে ৰখাই লওঁক। নিৰ্বাচনত জয়ী হ’লেই আমি প্ৰথম অধিৱেশনতে UCC আনিম। সেয়ে জয়ৰ পাছতেই বিধানসবাত UCC উত্থাপন কৰিলো। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC বলব কৰা তৃতীয় ৰাজ্য হ’ব অসম।
সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম। এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম। ১০ লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম। যি যুৱ প্ৰজন্মই আন ১০ জনক কৰ্মসংস্থাপন দিব।
পূৰ্বৰ কংগ্ৰেছক তুলাধুনা দি মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ কাৰ্যকালত কোনো ৰাজহ নাছিল বুলি দাবী কৰি চৰকাৰী কৰ্মচাৰীৰ এটা সময়ত ছমাহৰ দৰমহা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয় যে, অহা ৫ বছৰত অসমৰ দৰিদ্ৰতা সীমা ৰেখা ২-৩ শতাংশ লৈ হ্ৰাস পাব। বিগত ১০ বছৰত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা সম্পূৰ্ণ কমিছে।
১২৬ আসনৰ ১০২খন আসন লাভ কৰাটো আমাৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ। প্ৰথমবাৰৰ বাবে এক কোটি ভোট NDAই লাভ কৰিছে। নতুনকৈ ১৫ লাখ লোকে আমাৰ ওপৰত আস্থা পোষণ কৰিছে বুলিও সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে।
লগতে পঢ়ক: ‘কোৰবানিৰ পৰা বিৰত থকা সকলক ধন্যবাদ ’; সদনৰ পৰাই মুখ্যমন্ত্ৰীৰ আহ্বান









