“তেজ দান কৰক, জীৱন বচাওক”; বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট  

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱসত স্বেচ্ছামূলক ৰক্তদাতাক ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪ জুনত ৰক্তদাতাসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প পুনৰবাৰ ব্যক্ত কৰে।

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স যোগে এক পোষ্টত স্বেচ্ছাই তেজ দান কৰা ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু স্বাস্থ্যসেৱা ব্যৱস্থাক সমৰ্থন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তেজ দান কৰক, জীৱন বচাওক। বিশ্ব ৰক্তদাতা দিৱসত মই প্ৰতিগৰাকী ৰক্তদাতালৈ মোৰ আন্তৰিক শলাগ জ্ঞাপন কৰিছোঁ, যাৰ নিস্বাৰ্থ কাৰ্যই অগণন জীৱন ৰক্ষা কৰাত সহায় কৰিছে।”

শৰ্মাই লগতে উল্লেখ কৰে যে অসমে ব্লাড বেংকৰ সা-সুবিধাৰ উন্নয়ন আৰু স্বেচ্ছামূলক ৰক্তদানক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা জনসচেতনতামূলক পদক্ষেপৰ জৰিয়তে স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰটোক শক্তিশালী কৰিবলৈ কাম কৰি আহিছে।

প্ৰতি বছৰে ১৪ জুনত সুৰক্ষিত তেজ আৰু তেজৰ উপাদানসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ আৰু বিশ্বজুৰি স্বাস্থ্যসেৱা ব্যৱস্থাত স্বেচ্ছাসেৱী, বিনামূলীয়া ৰক্তদাতাসকলৰ অৱদানক স্বীকৃতি দিবলৈ বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়।

লগতে পঢ়ক: নুমলীগড়-গহপুৰ সুৰংগ পথ আমাক কিয় লাগে? ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নুমলীগড়-গহপুৰ সুৰংগ পথ আমাক কিয় লাগে? ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গহপুৰ আৰু নুমলীগড়ৰ মাজত প্রস্তাৱিত পানীৰ তলৰ সুৰংগটো অর্থনৈতিক বিবেচনা বা যান-বাহনৰ চাহিদাতকৈ প্রধানকৈ কৌশলগত আৰু ৰাষ্ট্রীয় নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা গঢ়ি তোলা হৈছে৷

প্ৰস্তাৱিত গহপুৰ-নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগটোক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই ব্যয়বহুল প্ৰকল্পটো কোনো অৰ্থনৈতিক দিশ বা যান-বাহনৰ চলাচলৰ সাধাৰণ প্ৰয়োজনীয়তাৰ বাবে নিৰ্মাণ কৰা হোৱা নাই । বৰঞ্চ এক কৌশলগত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিভংগীৰ পৰাহে ইয়াক নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

প্ৰধানমন্ত্ৰীৰ বৃহৎ পৰিকল্পনা আৰু অসমৰ গুৰুত্ব

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই প্ৰকল্পটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ পৰিকল্পনাত অসমৰ কৌশলগত গুৰুত্বক প্ৰতিফলিত কৰে । ইয়াৰ মূল লক্ষ্য হৈছে জৰুৰীকালীন সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত অবিৰত সংযোগ নিশ্চিত কৰা । মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি :

“গহপুৰ আৰু নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ পৰিকল্পনাত অসমৰ কৌশলগত গুৰুত্বৰ এক অন্যতম উদাহৰণ । এই প্ৰকল্পটো যান-বাহনৰ চাহিদা বা অৰ্থনৈতিক লাভৰ দ্বাৰা পৰিচালিত হোৱা নাই ।”

যুদ্ধকালীন পৰিস্থিতি আৰু দলংসমূহৰ নিৰাপত্তা

প্ৰকল্পটোৰ অন্তৰালৰ প্ৰকৃত যুক্তি বাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধকালীন পৰিস্থিতিৰ আশংকাৰ কথা প্ৰকাশ কৰে । তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰৰ পৰম্পৰাগত দলংসমূহ যুদ্ধৰ পৰিস্থিতিত অতি সহজে শত্ৰুপক্ষৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব পাৰে ।

তেওঁ সতৰ্ক কৰি দি কয়, “যদি যুদ্ধ লাগে, ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংসমূহ শত্ৰুপক্ষৰ লক্ষ্য হৈ পৰিব পাৰে । তেনে পৰিস্থিতিত অসমৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজৰ সংযোগ বিছিন্ন হৈ পৰাৰ সম্ভাৱনা থাকে ।”

বগীবিল আৰু কলীয়াভোমোৰা দলঙৰ প্ৰসংগ

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে বৰ্তমান বগীবিল আৰু কলীয়াভোমোৰাৰ দৰে গুৰুত্বপূৰ্ণ দলংসমূহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তক সংযোগ কৰা অতি অপৰিহাৰ্য পৰিবহণ মাধ্যম । কিন্তু সামৰিক বা জৰুৰীকালীন প্ৰেক্ষাপটত এই সংযোগসমূহত কোনো ধৰণৰ ব্যাঘাত জন্মিলে সমগ্ৰ যাতায়াত আৰু ৰণকৌশলগত সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে ।

কেন্দ্ৰীয় চৰকাৰে সকলো পৰিস্থিতিতে যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল দেশৰ মূল ভূখণ্ডৰ সৈতে সুৰক্ষিত আৰু সংযুক্ত হৈ থাকে, তাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে । সেইবাবেই কোনো ধৰণৰ আপোচ নকৰি ব্ৰহ্মপুত্ৰৰ তলেৰে এই পানীৰ তলৰ সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে ।

লগতে পঢ়ক: গুৱাহাটীত হ’ব ছেটেলাইট চিটী : কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

“নলবাৰী আৰু গোৱালপাৰা কাণ্ড গাপ দিবলৈ আৰ্যনগৰ কাণ্ডৰ সৃষ্টি কৰা হ’ল”; মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে গুৱাহাটীৰ শেহতীয়া আর্য নগৰ ঘটনাৰ বিতৰ্কটো অতিমাত্ৰা ডাঙৰকৈ প্ৰদৰ্শন কৰা হৈছে। নলবাৰী আৰু গোৱালপাৰা কাণ্ড গাপ দিবলৈ আৰ্ষনগৰ কাণ্ডৰ সৃষ্টি কৰা হ’ল।

গুৱাহাটীৰ আৰ্যনগৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে গুৱাহাটীৰ শেহতীয়া আর্য নগৰ ঘটনাৰ বিতৰ্কটো অতিমাত্ৰা ডাঙৰকৈ প্ৰদৰ্শন কৰা হৈছে। যাতে ৰাজ্যখনৰ আন দুটা গুৰুত্বপূৰ্ণ ঘটনা ক্ৰমে নলবাৰীৰ ৰোজ আলী এনকাউণ্টাৰ ঘটনা আৰু বৰ্তমান চলি থকা গোৱালপাৰাৰ গো-মাংসৰ টিফিন বিতৰ্কৰ পৰা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।  

কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে আর্য নগৰৰ ঘটনাটোৱে (যিটো প্ৰথম অৱস্থাত অসমীয়া আৰু বিহাৰী গোটৰ মাজৰ সংঘাত হিচাপে চৰ্চালৈ আহিছিল) এনে এটা সময়ত গুৰুত্ব লাভ কৰিছে যিটো সময়ত নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাক লৈ ৰাজহুৱাকৈ তীব্ৰ আলোচনা চলি আছিল।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমত অসমীয়া-বিহাৰী-বঙালীক লৈ যদি সংঘাত চলি থাকে, তেন্তে পুনৰ অসম আন্দোলনৰ দিনলৈ গুচি যাব। এজন অসমীয়া হিন্দীভাষী হ’ব পাৰে। কিন্তু এজন হিন্দীভাষী কেতিয়াও অসমীয়া হ’ব নোৱাৰে। এজন বিহাৰী-অসমীয়াই কাজিয়া লাগিলেই সমগ্ৰ বিহাৰী-অসমীয়াক টানি অনাটো গ্ৰহণযোগ্য নহয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমত যিমান হিন্দীভাষী লোক থাকে, তাততৈ বেছি যুৱক বহিঃৰাজ্যত বেছি আছে। ২৫ লাখতকৈ বেছি অসমীয়া অসমৰ বাহিৰত আছে। দুজন অপৰাধীৰ কাজিয়া অসমীয়া-বিহাৰীৰ সংঘাত কেনেকৈ হ’ব পাৰে? সন্দেহযুক্ত বাংলাদেশীয়েহে এইসমূহ বেছিকৈ প্ৰচাৰ কৰে। নলবাৰী কাণ্ড কোনো হিন্দীভাষীয়ে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালীভাষীয়ে কৰাৰ উদাহৰণ আছে নেকি?  নলবাৰী আৰু গোৱালপাৰা কাণ্ড আৰ্ষনগৰ কাণ্ডৰ সৃষ্টি কৰা হ’ল।   

আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে পৰৱৰ্তী সময়ত তদন্তই ইয়াক এটা ধন দাবী সংক্ৰান্তীয় বিবাদৰ ফালেহে আঙুলিয়াই দিয়া স্বত্বেও, এই ঘটনাটোক জাতিগত সংঘাতৰ ৰূপ দি জনমানসত অধিক প্ৰচাৰ কৰা হৈছে। তেওঁ ইংগিত দিয়ে যে আৰ্য নগৰৰ ঘটনাৰ আখ্যানটোৱে নলবাৰীৰ এনকাউণ্টাৰ আৰু গোৱালপাৰাৰ ঘটনাৰ আলোচনাক গাপ দিছে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই তেওঁৰ ৰাজনৈতিক মূল্যায়নক প্ৰতিফলিত কৰিছে। অৱশ্যে, নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা দৃষ্টি আঁতৰাবলৈ আৰ্য নগৰৰ বিতৰ্কটো ইচ্ছাকৃতভাৱে তুলি ধৰা হৈছে বুলি কৰা অভিযোগৰ কোনো স্বতন্ত্ৰ সত্যতা এতিয়ালৈকে প্ৰমাণিত হোৱা নাই।

লগতে পঢ়ক: আধাৰ কাৰ্ডক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…

আধাৰ কাৰ্ডক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…

আজি ৰাজ্যিক কেবিনেটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ এক ডাঙৰ মন্তব্য কৰিছে।

ৰাজ্যিক কেবিনেট ৰ তৃতীয়খন বৈঠক আজি অনুষ্ঠিত হয়। কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই কেবিনেটত আধাৰ কাৰ্ডক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসমত ১৮ বছৰৰ উৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। ১৮ বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে দিয়া হৈছে এতিয়া কোনোবা ব্যক্তিক আধাৰ লাগিলে আয়ুক্তই ল’ব লাগিব চৰকাৰৰ অনুমতি।

অবৈধ বাংলাদেশী লোকে যাতে অসমত আডাৰ কাৰ্ড পাব নোৱাৰে তাৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে।আধাৰ কাৰ্ড ল’বৰ বাবে চৰকাৰৰ অনুমতি ল’ব লাগিব। TE ,ST আৰু  SC ৰ লোকে ২০২৭ চনৰ মাৰ্চ লৈকে পাব আধাৰ কাৰ্ড।  

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমা বিবাদৰ ঐতিহাসিক সমাধান; স্বাক্ষৰিত হ’ল বুজাবুজি চুক্তি

‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ই ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰিব’; মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত নতুন প্ৰচেছিং আৰু কৃষি আন্তঃগাঁথনি প্ৰকল্পৰ ওপৰত আলোকপাত কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ জুনত ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰাৰ বাবে ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ ৰূপায়ণৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ কৃষিৰ ভৱিষ্যত খেতিয়ক আৰু গ্ৰাম্য সমাজৰ বাবে অধিক মূল্য সৃষ্টি কৰাৰ ওপৰত নিৰ্ভৰ কৰিছে।

এক্সত এই সন্দৰ্ভত তথ্য দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যতে আধুনিক সংসাধন আৰু কৃষি-আন্তঃগাঁথনি প্ৰকল্পসমূহে গঢ় লৈ উঠিছে, যিয়ে কৃষক, উদ্যোগী আৰু গ্ৰাম্য অংশীদাৰসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

এই আঁচনিৰ অধীনত বিভিন্ন জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প গঢ়ি তোলা হৈছে। ইয়াৰ ভিতৰত লখিমপুৰত আনাৰস প্ৰচেছিং ইউনিট, মৰিগাঁৱৰ আধুনিক চাউল মিল, তিনিচুকীয়াত উচ্চ প্ৰযুক্তিৰ ভেঁকুৰৰ পোনা উৎপাদন ইউনিট আৰু কামৰূপৰ উন্নত মছলা প্ৰক্ৰিয়াকৰণ ইউনিট।মুখ্যমন্ত্ৰী গৰাকীৰ মতে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে কৃষি আন্তঃগাঁথনিৰ আধুনিকীকৰণ, মূল্য সংযোজনৰ উন্নতি সাধন কৰা আৰু কৃষকসকলৰ বাবে বজাৰৰ সংযোগ শক্তিশালী কৰা।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমৰ কৃষিৰ ভৱিষ্যত অধিক মূল্য সৃষ্টি কৰাৰ ওপৰত নিৰ্ভৰ কৰিছে। এই প্ৰকল্পসমূহে গ্ৰাম্য জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু কৃষি খণ্ডত উদ্যোগীসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

গ্ৰাম্য অসমত আন্তঃগাঁথনি-চালিত বিকাশৰ জৰিয়তে কৃষিৰ আধুনিকীকৰণ, খাদ্য সংসাধনৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ যি ব্যাপক ৰণনীতি, তাৰে এক অংশ হৈছে এই ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’।

লগতে পঢ়ক: “প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লীক অসমৰ কাষ চপাই আনিছে”; মুখ্যমন্ত্ৰী

“প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লীক অসমৰ কাষ চপাই আনিছে”; মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ জুনত অসমৰ ৩.৫ কোটি জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১০ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ ৩.৫ কোটি জনসাধাৰণৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বই ৰাজ্যখনৰ উন্নয়নৰ দিশটোক মৌলিকভাৱে সলনি কৰিছে আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত অসমৰ স্থান সুদৃঢ় কৰিছে।

ভাৰতৰ আটাইতকৈ দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে।  মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত অসম আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কত এক গভীৰ পৰিৱৰ্তন ঘটিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী গৰাকীৰ নেতৃত্বই অসমৰ উন্নয়নৰ গতিপথক এক নিৰ্ভৰশীল ৰাজ্যৰ পৰা ভাৰতৰ বিকাশৰ যাত্ৰাত এক অৰিহণা যোগোৱা ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে।”

মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক “অষ্টলক্ষ্মী” বুলি কৰা বৰ্ণনা আৰু এই অঞ্চলটোক ভাৰতৰ বাবে “বিকাশৰ নতুন ইঞ্জিন” হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ধাৰণাসমূহে লাখ লাখ লোকৰ মনত আত্মবিশ্বাস জগাই তুলিছে আৰু অঞ্চলটোক লৈ থকা পুৰণি চিন্তাধাৰা সলনি কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত ৩৬ বাৰ অসম ভ্ৰমণ কৰিছে, যিটো তেওঁৰ যিকোনো পূৰ্বসূৰীতকৈ বেছি। এই ভ্ৰমণসমূহে ধাৰাবাহিকভাৱে এটাই বাৰ্তাই প্ৰেৰণ কৰিছে যে দেশৰ ভৱিষ্যতৰ বাবে অসম আৰু ইয়াৰ জনসাধাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দশক দশক ধৰি অসমৰ বহু লোকে ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰা স্বত্বেও ৰাষ্ট্ৰীয় মূলসুঁতিৰ পৰা নিজক দূৰত থকা যেন অনুভৱ কৰিছিল। তেওঁৰ মতে, মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলক লৈ থকা ধাৰণাটো উল্লেখযোগ্যভাৱে সলনি হৈছে আৰু এই অঞ্চলটো প্ৰান্তীয় অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় মনোযোগৰ কেন্দ্ৰবিন্দুলৈ গতি কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব দিয়ে। ইয়াৰ ভিতৰত চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা আৰু লাচিত বৰফুকনৰ বীৰত্বক উদযাপন কৰাৰ বাবে কৰা প্ৰয়াসসমূহক তেওঁ উল্লেখ কৰে।

উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  মোদীৰ কাৰ্যকালত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে, যাৰ ভিতৰত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সম্প্ৰসাৰণ, অসম বায়’-ৰিফাইনেৰীৰ প্ৰতিষ্ঠা, জাগীৰোডত ২৭,০০০ কোটি টকীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ নতুন টাৰ্মিনেল অন্তৰ্ভূক্ত।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী গৰাকীক কয় যে, “আপুনি অসমক এক পৰিচিতি দিলে। আপুনি অসমক আত্মবিশ্বাস দিলে। আপুনি অসমক মৰ্যাদা দিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আপুনি অসমক এক গভীৰ আপোনত্বৰ অনুভৱ দিলে। তেওঁ লগতে কয় যে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাক প্ৰশংসা, স্নেহ আৰু কৃতজ্ঞতাৰে উপচাইছে।

লগতে পঢ়ক: ভাৰতৰ ইতিহাসত নতুন অভিলেখ : প্ৰধানমন্ত্ৰী মোদীৰ সাফল্যক বিশ্বনেতাৰ অভনন্দন

বিতৰণ হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ; কোন মন্ত্ৰীয়ে পালে কি বিভাগ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে বিতৰণ কৰিলে মন্ত্ৰীসভাৰ দপ্তৰ।

জল্পনা কল্পনাৰ অন্ত পেলাই বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই ঘোষণা কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মা-মুখ্যমন্ত্ৰী গৃহ আৰু ৰাজনৈতিক বিভাগ লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) লোক নিৰ্মাণ বিভাগ (পথ) শক্তি বিভাগ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰী।

বিমল বৰা-সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী বিষয়ক পৰিক্ৰমা।

অশ্বিনী ৰায় চৰকাৰঃ সমাজ ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন

বিশ্বজিৎ দৈমাৰীঃ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক।

অশোক সিংহলঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা।

কেশৱ মহন্তঃ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন।

জয়ন্ত মল্লবৰুৱাঃ বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ

কৃষ্ণেন্দু পালঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়ন

কৌশিক ৰায়- খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা,গৃহ আৰু নগৰ পৰিক্ৰমা, সমবায়

নীলিমা দেৱীঃ পশুপালন আৰু পশু চিকিৎসা, মীন পালন

পীযুষ হাজৰিকাঃ কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা

সুশান্ত বৰগোহাঁইঃ জল সম্পদ, ন্যায় বিভাগ

ডাঃ ৰণোজ পেগুঃ বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (সমতল), তথ্য প্ৰযুক্তি

পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক: আজি বিতৰণ কৰা হ’ব মন্ত্ৰীসকলৰ দপ্তৰ; কাৰ হাতলৈ যাব কি বিভাগ ?

আজি বিতৰণ কৰা হ’ব মন্ত্ৰীসকলৰ দপ্তৰ; কাৰ হাতলৈ যাব কি বিভাগ ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে যে আজি বিতৰণ কৰা হ’ব কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ।

আজি বিতৰণ কৰা হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ। কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে কৰিব ঘোষণা। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।

নতুন চৰকাৰৰ ১২ গৰাকী মন্ত্ৰীৰ মাজত ভাগ কৰা হ’ব দায়িত্ব।কেবিনেটৰ ৪ গৰাকী মন্ত্ৰীক ইতিমধ্যে প্ৰদান কৰা হৈছে দপ্তৰ। ৫ জুনত ১২ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিলে। ৰাজ্যৰ সৰ্বাংগীণ উন্নতি আৰু সমৃদ্ধিৰ বাবে দপ্তৰ আবণ্টন দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

লগতে পঢ়ক: বিপৰ্যয়ৰ সন্মুখীন মমতাৰ তৃণমূল কংগ্ৰেছ; ৰাজ্যসভাৰ দুগৰাকীকৈ সাংসদৰ পদত্যাগ সম্ভাৱনা

অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰীৰ; কোন মন্ত্ৰীয়ে পালে কোনখন জিলা দায়িত্ব

প্ৰকাশ পালে ৰাজ্যৰ নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা ।
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে অভিভাৱক মন্ত্ৰীৰ নাম।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে, তেওঁৰ মন্ত্ৰীসভাৰ ১৬ গৰাকী মন্ত্ৰীক অভিভাৱক জিলাৰ দায়িত্ব অৰ্পণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই পদক্ষেপে জিলা প্ৰশাসনসমূহৰ সৈতে সমন্বয় অধিক শক্তিশালী কৰিব আৰু ৰাজ্যজুৰি উন্নয়নমূলক কাম-কাজসমূহ খৰতকীয়া কৰিব।

সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই দায়িত্ব ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে আৰু আশা প্ৰকাশ কৰে যে মন্ত্ৰীসকলে অসমৰ প্ৰগতি আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে জিলা প্ৰশাসনসমূহৰ সৈতে সক্ৰিয়ভাৱে কাম কৰিব।

 মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া তালিকা অনুসৰি, অতুল বৰাক কামৰূপ (মহানগৰ) আৰু ধেমাজি,ৰামেশ্বৰ তেলীক তিনিচুকীয়া আৰু যোৰহাট, দায়িত্ব দিয়া হৈছে।অশ্বিনী ৰয় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা, আনহাতে অশোক সিংঘলে দৰং আৰু ধুবুৰীৰ তদাৰক কৰিব।পিয়ুষ হাজৰিকাই নগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংৰ তদাৰক কৰিব। আনহাতে বিশ্বজিৎ দৈমাৰী নলবাৰী আৰু শোণিতপুৰৰ বাবে দায়িত্বপ্ৰাপ্ত হ’ব।

কৌশিক ৰায়ে শ্ৰীভূমি আৰু হাইলাকান্দিৰ তদাৰক কৰিব।কেশৱ মহন্তক দক্ষিণ শালমাৰা-মানকাচৰ আৰু উত্তৰ লক্ষীমপুৰ আবণ্টন কৰা হৈছে, ইফালে কৃষ্ণেন্দু পালে ডিমা হাচাও আৰু কাছাৰৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

ৰণোজ পেগুক বিশ্বনাথ আৰু গোলাঘাট আবণ্টন কৰা হৈছে।অজন্তা নেওগে মৰিগাঁও আৰু কামৰূপৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। সুশান্ত বৰগোহাঁইয়ে মাজুলী আৰু ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।চৰণ বড়োক কোকৰাঝাৰ, বাক্সা আৰু চিৰাং, বিমল বৰাক শিৱসাগৰ আৰু চৰাইদেউ আবণ্টন কৰা হৈছে আৰু নীলিমা দেৱীক বজালী আৰু ওদালগুৰিৰ দায়িত্ব দিয়া হৈছে।আনহাতে জয়ন্ত মল্লবৰুৱাক তামুলপুৰ আৰু গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।