ৰাজ্যৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীক টেলিফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোন কৰি ধেমাজি জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে (২৯ জুন) অসমৰ ধেমাজি জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। ৰাজ্যখনত চলি থকা উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে।

এই সম্পৰ্কে ‘এক্স’ যোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিয়ে যে তেওঁ গৃহমন্ত্ৰীগৰাকীক ধেমাজিত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক বৰ্তমান চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কামৰ বিষয়ে অৱগত কৰিছোঁ। এই জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে।”

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে, য’ত চাৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯ খন গাঁৱৰ লোক প্ৰভাৱিত হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে বানাক্ৰান্ত লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু তেওঁলোকৰ দীৰ্ঘম্যাদী পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে সকলো সম্পদ ব্যৱহাৰ কৰিছে। লগতে, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তক উদ্ধাৰ আৰু সাহায্য কাৰ্য তদাৰক কৰিবলৈ ধেমাজিত বাহৰ পাতিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক: আহাৰৰ প্ৰথমটো বান; অসমৰ ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ; গুৱাহাটী আৰু ডিব্ৰুগড়ত ‘মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক’ৰ আয়োজন

অসমৰ ক্ৰীড়া সংস্কৃতিক এক নতুন দিশ প্ৰদান কৰিবলৈ ‘মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক’ নামৰ এক পদক্ষেপ গ্ৰহণ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে।

ফিফা বিশ্বকাপ ২০২৬ চলি থকাৰ মাজতে ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক এক নতুন দিশ প্ৰদান কৰিবলৈ ‘মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক’ নামৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ ফুটবল অনুৰাগীসকলে গুৱাহাটী আৰু ডিব্ৰুগড়ত স্থাপন কৰা বিশেষ ফ্যান পাৰ্কত ফিফা বিশ্বকাপ ২০২৬ৰ খেলসমূহ উপভোগ কৰিব পাৰিব বুলি দেওবাৰে, ২৮ জুনত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

সামাজিক মাধ্যম যোগে কৰা এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম পৰ্যটন উন্নয়ন নিগমৰ (ATDC) দ্বাৰা আয়োজিত ‘মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক’ (CM FIFA Fan Park) পদক্ষেপটোৰ উদ্দেশ্য হ’ল ফুটবল অনুৰাগীসকলক এই প্ৰতিযোগিতাৰ সময়ত এক অনন্য সামূহিক প্ৰদৰ্শনীৰ অভিজ্ঞতা প্ৰদান কৰা। এই ফেন পাৰ্কসমূহ ২৯ জুনত গুৱাহাটীৰ লতাশিল খেলপথাৰত আৰু ৩০ জুনত ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত মুকলি কৰা হ’ব, য’ত সমৰ্থকসকলে বৃহৎ স্ক্ৰীনত আন অনুৰাগীসকলৰ সৈতে খেল উপভোগ কৰিব পাৰিব।

ফুটবল প্ৰেমীসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কেইবাশ সমৰ্থকৰ সৈতে একেলগে বিশ্বকাপ চোৱাটোৱে এই অভিজ্ঞতাক অধিক স্মৰণীয় কৰি তুলিব।

লগতে পঢ়ক: গুৱাহাটীত মুখ্যমন্ত্ৰীক সাক্ষাৎ ক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰৰ

‘২০২৫ চনৰ পৰা অসমত ৬২ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভুৱা চিকিৎসক সন্দৰ্ভত এক ডাঙৰ তথ্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে যে বিগত বছৰৰ পৰা ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ২৬ জুনত ৰোগীক সুৰক্ষা প্ৰদান আৰু স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰাৰ প্ৰয়াসত ২০২৫ চনৰ পৰা ৰাজ্যজুৰি ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছে।

তথ্য সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষীয়ে এতিয়ালৈকে এই অভিযানৰ সৈতে জড়িত ৫৯টা গোচৰ পঞ্জীয়ন কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স যোগে কৰা এক পোষ্টত কয়, “আমি আমাৰ সমাজৰ পৰা সকলো ধৰণৰ কু-সংস্কাৰ আঁতৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ড্ৰাগছ সৰবৰাহকাৰী আৰু বাল্য বিবাহৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পিছত, এতিয়া আমি আমাৰ স্বাস্থ্যখণ্ডৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু ৰোগীসকলক সুৰক্ষা দিবলৈ ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে এক অভিযান চলাই আছো।”

মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা এক ইনফোগ্ৰাফিকত উল্লেখ কৰা মতে, ৰাজ্যত ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলাই থকা এই অভিযানৰ অধীনত এতিয়ালৈকে ৫৯টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাজ্য চৰকাৰে বৈধ ডিগ্ৰী বা পঞ্জীয়ন নথকাকৈ চিকিৎসা সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ তীব্ৰতৰ কৰি তুলিছে। বিগত এবছৰ ধৰি কৰ্তৃপক্ষই বিভিন্ন জিলাত অভিযান চলাই আইনী ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

বিষয়া সকলৰ মতে, এই অভিযানৰ মূল লক্ষ্য হৈছে প্ৰৱঞ্চনামূলক চিকিৎসা ব্যৱস্থাক বাধা দিয়া, জনস্বাস্থ্য সুৰক্ষিত কৰা আৰু স্বাস্থ্যখণ্ডত বৃত্তিমূলক মানদণ্ড অক্ষুণ্ণ ৰখা।

লগতে পঢ়ক: ‘এটা দশকত অসমৰ মূলধনী ব্যয় ২৬ হাজাৰ কোটি টকা লৈ বৃদ্ধি হৈছে’; মুখ্যমন্ত্ৰী

এটা দশকত অসমৰ মূলধনী ব্যয় ২৬ হাজাৰ কোটিলৈ বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে ৰাজ্যখনৰ মূলধনী ব্যয়ৰ দ্ৰুত বৃদ্ধিৰ কথা উল্লেখ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৬ জুনত ৰাজ্যখনৰ মূলধনী ব্যয়ৰ দ্ৰুত বৃদ্ধিৰ কথা আলোকপাত কৰি কয় যে, বাৰ্ষিক মূলধনী ব্যয় ২০১৪-১৫ চনত ২০০০ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ২৬,০০০ কোটি টকালৈ বৃদ্ধি পাইছে—যিটো যোৱা দশকৰ তুলনাত ১৩গুণতকৈও অধিক বৃদ্ধি পাইছে।

এক্স যোগে এই তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিনিয়োগ কৰা প্ৰতিটো টকাই বিদ্যালয়, চিকিৎসালয়, পথ আৰু দলংসহ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগাইছে, যিয়ে ৰাজ্যখনৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ লগতে নতুন সুযোগৰ সৃষ্টি কৰিছে।

মুখ্যমন্ত্ৰীৰ মতে, মূলধনী ব্যয়ত হোৱা এই তাৎপৰ্যপূৰ্ণ বৃদ্ধিয়ে আন্তঃগাঁথনি-চালিত উন্নয়নৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰতিফলিত কৰে, যাৰ লক্ষ্য হৈছে অসমৰ অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰা আৰু ৰাজ্যজুৰি ৰাজহুৱা সেৱাৰ মানদণ্ড উন্নত কৰা।

এই পোষ্টটোত উন্নয়নমূলক প্ৰকল্প আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণত নিৰন্তৰ বিনিয়োগৰ জৰিয়তে “বিকশিত অসম” গঢ়াৰ চৰকাৰৰ দৃষ্টিভংগীৰ কথাও পুনৰ দোহাৰা হৈছে।

লগতে পঢ়ক: আতিথ্য খণ্ডৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ২০০ লাখপতি বাইদেউৱে : প্ৰশংসা মুখ্যমন্ত্ৰীৰ

‘ৰাহুল গান্ধীয়ে হাতত লৈ থকা সংবিধানখনত ইন্দিৰা গান্ধীৰ কাৰ্যকলাপৰ কথা আছে’; মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ কৰে। তেওঁ ৰাহুল গান্ধীয়ে হাতত লৈ থকা সংবিধানখনত ইন্দিৰা গান্ধীৰ কাৰ্যকলাপৰ কথা আছে বুলি উল্লেখ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সৰু সংবিধান পুস্তিকা সঘনাই প্ৰদৰ্শন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত নতুনকৈ আক্ৰমণ চলাই আৰু দাবী কৰে যে সেই নথিখনতে ১৯৭৫ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ উল্লেখ আছে।

জৰুৰীকালীন অৱস্থাৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এটা কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজনৈতিক সমাৱেশ আৰু ৰাজহুৱা সভাসমূহত ৰাহুল গান্ধীয়ে প্ৰায়ে হাতত লৈ থকা ৰঙা ৰঙৰ সংবিধানৰ পুস্তিকাখনত কি আছে, তাক লৈ তেওঁ এসময়ত কৌতূহলী হৈ পৰিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আপোনালোকে যদি কেতিয়াবা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰঙা ৰঙৰ সংবিধানৰ পুস্তিকা এখন হাতত লৈ ভাষণ দি থকা দেখে, তেন্তে আপোনালোকে জনা উচিত যে সেই একেখন পুস্তিকাতে উল্লেখ আছে কেনেকৈ ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত সংবিধানখন হত্যা কৰিছিল।”

মুখ্যমন্ত্ৰীজনে দাবী কৰে যে দিল্লী ভ্ৰমণৰ সময়ত তেওঁ পুস্তিকাখনৰ বিষয়বস্তু পৰীক্ষা কৰিবলৈ  কিতাপৰ দোকানৰ পৰা এখন সৰু সংবিধানৰ পুস্তিকা ক্ৰয় কৰিছিল।

তেওঁ কয়, “মোৰ সন্দেহ হৈছিল যে পুস্তিকাখনত তেওঁৰ নিজৰ আইতাকৰ কাৰ্যকলাপৰ কথা উল্লেখ আছে নে নাই। প্ৰথমতে মই ভাবিছিলো যে যিসকলে ইয়াক অনুবাদ বা প্ৰকাশ কৰিছে, তেওঁলোকে হয়তো সেই অধ্যায়টো বাদ দিছে। কিন্তু যেতিয়া মই ইয়াৰ প্ৰস্তাৱনা পঢ়িলোঁ, তেতিয়া দেখিলোঁ যে তাত ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা জাপি দি কেনেকৈ সংবিধানক আঘাত কৰিছিল, সেই কথা স্পষ্টকৈ উল্লেখ আছে।”

মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে যে জৰুৰীকালীন অৱস্থা ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ আটাইতকৈ ক’লা অধ্যায়সমূহৰ অন্যতম আছিল, যাৰ সময়ত সাংবিধানিক মূল্যবোধ, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু নাগৰিকৰ স্বাধীনতা গুৰুতৰভাৱে ক্ষুণ্ণ হৈছিল।

ভাৰতীয় জনতা পাৰ্টীয়ে জৰুৰীকালীন অৱস্থাৰ ৫১ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি আয়োজন কৰা কাৰ্যসূচীৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য প্ৰকাশ পাইছে। বিজেপিয়ে এই দিনটোক কংগ্ৰেছ চৰকাৰৰ দিনত গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণৰ সোঁৱৰণি হিচাপে পালন কৰি আহিছে।

লগতে পঢ়ক: ১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা গণতন্ত্ৰৰ ‘ক’লা অধ্যায়’ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘অসম প্ৰিমিয়াৰ লীগ’, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ট্ৰফী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে এক মঞ্চ প্ৰদান আৰু ৰাজ্যৰ ক্ৰীড়া পৰিৱেশক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যিক পৰ্যায়ৰ নতুন ক্ৰিকেট প্ৰতিযোগিতা অসম প্ৰিমিয়াৰ লীগৰ উদ্ধোধন কৰে।

অসম ক্ৰিকেট সংস্থাই (ACA) দেওবাৰে বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামৰ ৯১ য়াৰ্ডছ ক্লাব প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে অসম প্ৰিমিয়াৰ লীগ (APL) মুকলি কৰি ৰাজ্যখনৰ ক্ৰীড়া জগতত এক ঐতিহাসিক মাইলৰখুঁটি স্থাপন কৰে।

এই ঐতিহাসিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সন্মানীয় যুটীয়া সম্পাদক  দেৱজিত শইকীয়া, অসম ক্ৰিকেট সংস্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস, অন্যান্য বিষয়ববীয়া, ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী আৰু ক্ৰীড়াপ্ৰেমীসকলৰ উপস্থিতিত লীগৰ অফিচিয়েল ল’গ’, ট্ৰফী আৰু অংশগ্ৰহণকাৰী দলসমূহৰ পৰিচয় উন্মোচন কৰে। এই অসম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰিকেটাৰসকলৰ বাবে এক সুসংগঠিত, থলুৱা প্ৰতিযোগিতাৰ আৰম্ভণি বুলি অভিহিত কৰিছে।

অসম প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ ৰাজদীপ ওজাই আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। তেওঁ লীগটোৰ আঁৰৰ দৃষ্টিভংগী আৰু ই উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে কেনেকৈ এক বৃত্তিগত আৰু বহনক্ষম মঞ্চ গঢ়ি তুলিব, সেই বিষয়ে আলোকপাত কৰে। এপিএল (APL) মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ঘৰুৱা খেলুৱৈসকলক নিজা মাটিত এক নিয়মীয়া প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা আৰু অসমৰ ক্ৰিকেটৰ প্ৰতিভাক বিকাশ কৰা।

এই অসম প্ৰিমিয়াৰ লীগক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অসমৰ ৰাইজৰ হৃদয়ত ক্ৰিকেটৰ এক বিশেষ স্থান আছে আৰু অসম প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভই আমাৰ ৰাজ্যত ক্ৰীড়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী ক্ষণক প্ৰতিনিধিত্ব কৰিছে। মই নিশ্চিত যে এই লীগ অনাগত বছৰবোৰত আটাইতকৈ প্ৰভাৱশালী ৰাজ্যিক লীগসমূহৰ ভিতৰত অন্যতম হৈ পৰিব।”

বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “বিচিচিআয়ে সদায় শক্তিশালী ঘৰুৱা ক্ৰিকেটৰ বিকাশক উদগনি দি আহিছে। অসম প্ৰিমিয়াৰ লীগৰ দৰে এক বৃত্তিগতভাৱে পৰিচালিত ৰাজ্যিক লীগে ক্ৰিকেট গাঁথনিটোলৈ উল্লেখনীয় গভীৰতা কঢ়িয়াই আনিব।”

উদ্বোধনী সংস্কৰণত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আঠটা দল হ’ল-

 
যোৰহাট ষ্টেলিয়নছ (Jorhat Stallions)

তেজপুৰ টাইটানছ (Tezpur Titans)

ডিব্ৰুগড় ৱাৰিয়ৰ্ছ (Dibrugarh Warriors)

বৰাক লেজেণ্ডছ (Barak Legends)

নগাঁও ৰেঞ্জাৰ্ছ (Nagaon Rangers)

বৰপেটা ব্ৰেভছ (Barpeta Braves)

গুৱাহাটী ৰয়েলছ (Guwahati Royals)

চৰাইদেউ ছানৰাইজীৰ্ছ (Charaideo Sunrisers)

খেলুৱৈৰ নিলাম (Auction), খেলৰ সূচী আৰু অন্যান্য সবিশেষ তথ্য অনাগত সপ্তাহবোৰত ঘোষণা কৰা হ’ব।

লগতে পঢ়ক: শ্ৰীলংকাক পৰাস্ত কৰি ট্ৰাই ছিৰিজত জয়লাভ টিম ইণ্ডিয়াৰ…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ৬৮ সংখ্যক জন্মদিন। এই জন্মদিন উপলক্ষ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱন যাত্ৰাক স্থিতিস্থাপকতা, গণতন্ত্ৰ আৰু সৰ্বাংগীনতাৰ এক শক্তিশালী প্ৰমাণ হিচাপে অভিহিত কৰে।

শনিবাৰে ৬৮ বছৰত ভৰি দিয়া মুৰ্মুৱে দেশৰ বিভিন্ন প্ৰান্তৰ নেতাৰ পৰা শুভেচ্ছা লাভ কৰে। ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাত তেওঁ আগবঢ়োৱা অৱদানক মুখ্যমন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে।

এক্স যোগে কৰা এটা পোষ্টত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মাননীয় ৰাষ্ট্ৰপতি মহোদয়া, শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীক তেওঁৰ জন্মদিনত আন্তৰিক শুভেচ্ছা জনাইছোঁ।”

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীক মৰ্যাদা, প্ৰজ্ঞা আৰু গৰিমাৰ এক প্ৰতীক বুলি বৰ্ণনা কৰে, যাক দেশখনক শক্তিশালী কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে দল-মত নিৰ্বিশেষে সকলোৱে শ্ৰদ্ধা কৰে।

তেওঁ কয়, “আমাৰ সৰ্বোচ্চ সেনাধ্যক্ষগৰাকীৰ জীৱন যাত্ৰা হৈছে স্থিতিস্থাপকতা, গণতন্ত্ৰ আৰু সৰ্বাংগীনতাৰ শক্তিৰ এক গভীৰ প্ৰমাণ।”

সামাজিক ন্যায় আৰু জনকল্যাণৰ প্ৰতি মুৰ্মুৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনসেৱাৰ প্ৰতি থকা তেওঁৰ অলৰ-অচৰ উচৰ্গাই সমগ্ৰ দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে।

তেওঁ লগতে উল্লেখ কৰে, “সামাজিক ন্যায় আৰু জনসেৱাৰ প্ৰতি থকা তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিয়ে আমাৰ মহান গণতান্ত্ৰিক ৰাষ্ট্ৰখনক অনুপ্ৰাণিত কৰে।”

ইয়াৰ লগতে তেওঁ মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ বিচাৰি ৰাষ্ট্ৰপতিগৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে শেষত কয়, “তেওঁৰ মাৰ্গদৰ্শনে দেশখনক প্ৰগতি আৰু সমৃদ্ধিৰ এক নতুন শিখৰলৈ লৈ যাওক, তাকেই কামনা কৰিলোঁ।”

লগতে পঢ়ক: ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

অসমৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন আৰু সকলো স্তৰতে শিক্ষণৰ মানদণ্ড উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগৰ অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু সকলো স্তৰতে শিক্ষণৰ মানদণ্ড উন্নত কৰাৰ ওপৰত চৰকাৰৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে।

সামাজিক মাধ্যম ‘এক্স’ ত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ লক্ষ্য হৈছে “ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক পৰিৱৰ্তন সাধন কৰা আৰু শিক্ষাৰ্থী সমাজক সৰ্বোত্তম মানদণ্ডৰ শিক্ষাদান কৰা। অসমৰ শিক্ষা বিভাগৰ অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। আমাৰ লক্ষ্য হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক সামগ্ৰিকভাৱে ৰূপান্তৰিত কৰা আৰু শিক্ষাৰ্থী সমাজৰ বাবে সৰ্বোত্তম মানদণ্ডৰ শিক্ষাদান সুনিশ্চিত কৰা”।

তেওঁ লগতে উল্লেখ কৰে যে এই সংস্কাৰ কাৰ্যসূচী তিনিটা মুখ্য স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত: গুণগত মানৰ উন্নয়ন, আঞ্চলিক বৈষম্যৰ অৱসান আৰু ৰাজ্যৰ চুকে-কোণে থকা শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ সহজলভ্য কৰি তোলা।

তেওঁ আৰু লিখিছে, “আমাৰ গুৰুত্ব তিনিটা মূল স্তম্ভৰ ওপৰত ন্যস্ত আছে— গুণগত মান উন্নত কৰা, আঞ্চলিক বৈষম্য দূৰ কৰা আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ সুযোগ বৃদ্ধি কৰা। এই খণ্ডটোক কেনেকৈ পৰিৱৰ্তন কৰিব পৰা যায়, সেই সন্দৰ্ভত আমি বিতংভাৱে আলোচনা কৰিছোঁ। ‘নিজুত মইনা’ আৰু ‘নিজুত বাবু’ৰ দৰে মুখ্য আঁচনিসমূহ ৰূপায়ণৰ ৰূপৰেখা, মাচুল ৰেহাই আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ অগ্ৰগতি, চৰকাৰী আৰ্হি মহাবিদ্যালয় (Model Colleges) আৰু চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আদি।”

এই পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া পৰ্যায়ৰ লোকসকলক শিক্ষাৰ গুৰুত্বপূৰ্ণ সূচকসমূহ শক্তিশালী কৰিবলৈ আৰু স্কুলীয়া শিক্ষা আধাতে এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ, শিক্ষক-ছাত্ৰৰ অনুপাত, ভৌগোলিক সমতা আৰু মুঠ নামভৰ্তিৰ হাৰৰ দৰে গুৰুত্বপূৰ্ণ মাপকাঠীত অসমে যাতে ৰাষ্ট্ৰীয় গড়তকৈ উন্নত প্ৰদৰ্শন কৰে, তাৰ বাবে স্পষ্ট নিৰ্দেশনা দিয়ে।

পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শিক্ষাৰ মূল সূচকসমূহ ৰাষ্ট্ৰীয় গড় মানদণ্ডতকৈ ওপৰলৈ লৈ যাবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয়, “বিষয়াসকললৈ মোৰ নিৰ্দেশনা স্পষ্ট। স্কুল এৰাৰ হাৰ, শিক্ষক-ছাত্ৰৰ অনুপাত, ভৌগোলিক সমতা, মুঠ নামভৰ্তিৰ হাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ সূচকসমূহ যাতে ৰাষ্ট্ৰীয় গড়তকৈ অধিক হয়, সেয়া নিশ্চিত কৰক। প্ৰতিখন বিদ্যালয়তে বিদ্যুতীকৰণ, শৌচাগাৰ, খোৱাপানী আৰু কাৰ্যক্ষম শ্ৰেণীকোঠাৰ দৰে মানদণ্ডসম্পন্ন আন্তঃগাঁথনিমূলক সুবিধাসমূহ সৰ্বোত্তম পৰ্যায়ত থকাটো সুনিশ্চিত কৰক। সকলোৰে কল্যাণৰ বাবে এটা শক্তিশালী শিক্ষা খণ্ড গঢ়ি তুলিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ”।

ইফালে, বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET-UG 2026 ৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰো বুজ লয়। জিলা উপায়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই পৰ্যালোচনা কৰা হয়।

লগতে পঢ়ক: ১৯২৯ কোটি টকাৰ ‘VB-GRAMG’আঁচনি ৰূপায়ণৰ বাবে সাজু হৈছে অসম

২১ জুনত অসমত NEET পৰীক্ষা; মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশ

২১ জুন অসমত NEET পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাটো মুক্ত, নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাটো নিশ্চিত কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া পুনৰ নিৰ্ধাৰিত NEET-UG পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । নীট পৰীক্ষাটো মুক্ত, নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে।

এখন উচ্চস্তৰীয় বৈঠকত আলোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে ৰাজ্যখনৰ “শূন্য সহনশীলতা” নীতিৰ কথা দোহাৰে আৰু যিকোনো ধৰণৰ খেলিমেলি ৰোধ কৰিবলৈ ত্ৰুটিহীন ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমে সদায় পৰীক্ষা প্ৰক্ৰিয়াৰ সুৰুঙা সমূহ দূৰ কৰাৰ কাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

বৰ্ধিত নিৰাপত্তা প্ৰট’কলৰ অংশ হিচাপে সকলো পৰীক্ষাৰ্থী সকলক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে ডাবল লেয়াৰ ফ্ৰিস্কিং কৰা হ’ব। কৰ্তৃপক্ষই অনাধিকাৰ প্ৰৱেশ ৰোধ কৰিবলৈ আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ সকলো পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰা হ’ব।

ইলেক্ট্ৰনিক সঁজুলি আৰু যোগাযোগৰ মাধ্যমসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে এক ডাঙৰ পদক্ষেপ হিচাপে পৰীক্ষাকেন্দ্ৰসমূহত ম’বাইল জামাৰ (mobile jammers) সংস্থাপন কৰা হ’ব। সকলো পৰীক্ষাকেন্দ্ৰ চিচিটিভিৰ নিৰীক্ষণত থাকিব আৰু পৰীক্ষাৰ পূৰ্বে, চলি থকা সময়ত আৰু পৰীক্ষাৰ পিছত কেন্দ্ৰসমূহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৌবিশ ঘণ্টাই আৰক্ষী মোতায়েন কৰা হ’ব।

প্ৰক্ৰিয়াটোৰ বিশ্বাসযোগ্যতা অধিক শক্তিশালী কৰিবলৈ, প্ৰশ্নকাকতসমূহ সামৰিক বিষয়াৰ তত্ত্বাৱধানত পৰিবহন কৰা হ’ব, যাতে ইয়াৰ সৈতে হেতালি খেলা বা প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকা হ্ৰাস কৰিব পৰা যায়।

ৰাজ্য চৰকাৰে বৈধ NEET প্ৰৱেশ পত্ৰ (admit card) থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগম (ASTC)ৰ বাছত বিনামূলীয়া যাত্ৰাৰ সুবিধাও ঘোষণা কৰিছে, যাৰ ফলত পৰীক্ষাকেন্দ্ৰলৈ যোৱা শিক্ষাৰ্থীসকলে যাতায়তৰ ক্ষেত্ৰত সহায় পাব।

বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে পৰীক্ষাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শিক্ষা, পৰিবহন আৰু আৰক্ষী বিভাগকে ধৰি বিভিন্ন বিভাগৰ মাজত এক সৰ্বাংগীণ সমন্বয় গঢ়ি তোলা হৈছে।

২১ জুনৰ NEET-UG পুনৰীক্ষাত অসমৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বহুস্তৰীয় নিৰাপত্তা আৰু নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে ৰাজ্য চৰকাৰে পৰীক্ষাটো সৰ্বোচ্চ পৰ্যায়ৰ নিকা, স্বচ্ছ আৰু বিশ্বাসযোগ্যতাৰে অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাখিছে।

লগতে পঢ়ক: স্কুল বেগৰ ওজনক লৈ মহানগৰীৰ বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা