অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক ভ্ৰমণৰ প্ৰস্তুতি আৰু নৱনিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ পৰ্যালোচনা কৰে।
১২ মে’ত খানাপাৰা খেলপথাৰত নতুন চৰকাৰে ল’ব শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হ’ব বিশাল সমাৰোহ। যাৰ বাবে বৃহস্পতিবাৰে নিশা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাই। এনডিএ ৩.০ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
৯ মে’ত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে অসমলৈ ২ পৰ্যবেক্ষক আহিব। জে পি নাড্ডা, নায়াব সিং চাইনীয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা। ইয়াৰ পূৰ্বে বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক তেওঁৰ আনুষ্ঠানিক পদত্যাগ পত্ৰ দাখিল কৰে। বিজেপি নেতৃত্বাধীন এনডিএ-য়ে অসম নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰিছে। ৰাজ্যখনে এইবাৰ একেৰাহে তৃতীয়খন এনডিএ চৰকাৰ লাভ কৰিব।
মঙলবাৰে শৰ্মাই বিজেপি নেতৃত্বাধীন এনডিএ-ক নিৰ্ণায়ক জন ৰায়দান দিয়াৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে এই ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণৰ আস্থা প্ৰতিফলিত কৰিছে।
লগতে পঢ়ক: নীতিশৰ পুত্ৰ নিশান্তলৈ স্বাস্থ্য মন্ত্ৰালয়; বিহাৰ চৰকাৰৰ মন্ত্ৰীত্বৰ ভাগ-বতৰা









