‘৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা’; পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰিণিকি ভূঞা শৰ্মাৰ…

কংগ্ৰেছ নেতা পৱন খেড়াই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ পাছপ’ৰ্ট থকাৰ যি অভিযোগ তুলিছিল সেই অভিযোগক মিছা আৰু ভিত্তিহীন আখ্যা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ।

দেওবাৰে নিশা ১২.৩০ বজাত কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। কংগ্ৰেছ নেতা পৱন খেৰাই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ পাছপ’ৰ্ট থকাৰ যি অভিযোগ তুলিছিল, তাক মিছা বুলি অভিহিত কৰি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই।

এজাহাৰ দাখিল কৰি ৰিণিকি ভূঞা শৰ্মাই কয় যে, এনে মিছা কথা মই জীৱনত কেতিয়াও শুনা নাই। ৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা। পাছপৰ্ট কেইখন সম্পূৰ্ণ এআই জেনেৰেটেত আৰু সম্পূৰ্ণ ফটোশ্বপ কৰি কৰা হৈছে। নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ডা নাই।সেয়ে মোক চফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে। কোনো মগজ থকা মানুহে এনে কাম নকৰে। এতিয়া আৰক্ষীৰ ওচৰত গোচৰ দিয়া হৈছে। তেওঁলোকে সকলো চালি-জাৰি চাই তদন্ত কৰিব আৰু দোষীয়ে শাস্তি পাব লাগিব।

৫২ হাজাৰ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? এনেকে হলে ৩-৪ খন ৰাজ্য মোৰ অধীনত থাকিলে হয়।মিছা কথা কলেও এটা সীমা থাকিব লাগে। এতিয়া সকলো আইনীভাৱে আগবাঢ়িব। কংগ্ৰেছৰ এই অভিযোগক মিছা আৰু ভিত্তিহীন।

লগতে পঢ়ক: UAEৰ নাগৰিকত্ব নাই ৰিণিকি ভূঞা শৰ্মাৰ; ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে

UAEৰ নাগৰিকত্ব নাই ৰিণিকি ভূঞা শৰ্মাৰ; ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে

পত্নী ৰিণিকি ভূঞা শৰ্মাৰ UAEৰ নাগৰিকত্ব থকা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পবন খেড়ে  UAEৰ নাগৰিকত্ব থকা বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু সেই অভিযোগ যে মিছা আছিল তাৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।ৰিণিকি ভূঞা শৰ্মাৰ কোনো UAE-ৰ নাগৰিকত্ব নাই বুলি ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে।

কংগ্ৰেছৰ বিৰুদ্ধে পাছপৰ্ট জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।ইজিপ্তৰ এজন নাগৰিকৰ হেৰোৱা পাছপৰ্টক ৰিণিকি ভূঞা শৰ্মাৰ বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। টিপু চুলতান নামৰ এগৰাকী লোকৰ হেৰুৱা পাছপৰ্টক ৰিণিকি ভূঞা শৰ্মাৰ বুলি কৈছিলে।  

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ডুবাই চৰকাৰৰ এটা ৱেবচাইট আছে, য’ত তেওঁলোকে যি পাছপৰ্ট দিয়ে তাক নিৰিক্ষণ কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যে পাছপৰ্টখনৰ পুনৰিক্ষণ কৰিলে। আৰু তেতিয়া সেই পাছপৰ্টখন ভুৱা বুলি আহে। বাকী দুখন পাৰ্ছপৰ্টৰ ৰিপৰ্টো মঙলবাৰৰ ভিতৰত পাই য়াম। এখন পাছপৰ্টৰ ফটোখনত থকা গৰাকী ৰিণিকি নহয়। পাছপৰ্ট বিতৰ্কৰ সত্যতাৰ বাবে ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও ভাৰত চৰকাৰে যোগাযোগ কৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মানুহৰ জন্ম ভাৰত হ’ব পাৰে নেকি। অসম বা আন ঠাইৰ নাম হ’ব পাৰে। গোটেই পাছপৰ্টখন ভুলৰ ওপৰত ভুল। এই ঘটনাটো যে হ’ব সেই কথা মই ৪ দিন আগতেই আৰক্ষীক জনাইছিলো। কংগ্ৰেছ যিমান তলত যাব বুলি ভাবিছিল তাতকৈ বহুত তলত গৈছে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ভুৱা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে।     

লগতে পঢ়ক: কংগ্ৰেছে অনা পাছপৰ্ট সম্পৰ্কীয় অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰীৰ, পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি

‘গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আচ্ছালাম আলাইকুমেৰে’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে বাংলাদেশী মিঞাৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলিও কয়।

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দেওবাৰে নামনি অসমত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।গোৱালপাৰত উপস্থিত হৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছে বাংলাদেশী মিঞাৰ ওচৰত আত্মসমৰ্পণ কৰিছে।বৰ্তমান সময়ত গৌৰৱ গগৈয়ে প্ৰতিখন মিটিঙত আচ্ছালাম আলাইকুমেৰেহে আৰম্ভ কৰে।তেওঁ কেতিয়াও জয় গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰা দেখিছে নেকি?  

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, বিগত ৫ বছৰত আমি মিঞাৰ হাত ভৰি ভাঙি দিয়া হৈছে।আৰু এইবাৰ বাংলাদেশী মুছলমানৰ ৰাজহাড় ভাঙিম।অৱশ্যে অসমীয়া মুছলমান সকলৰ চিন্তা আছে।বাংলাদেশী মিঞাৰ অসমৰ পৰা খেদাটো ইমান সহজ নহয়। কিন্তু ইয়াত আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম যে বাংলাদেশীয়ে নিজেই অসম এৰিবলৈ বাধ্য হ’ব।

লগতে পঢ়ক: কংগ্ৰেছে অনা পাছপৰ্ট সম্পৰ্কীয় অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰীৰ, পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি

‘অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ কংগ্ৰেছে ওৱেছিক অসমলৈ আনিছে’; মুখ্যমন্ত্ৰী

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহি আছাদুদ্দিন ওৱেছিয়ে যি মন্তব্য কৰিছিল তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমীয়াৰ বিৰুদ্ধে মিঞাই অস্ত্ৰ তুলি ল’ব ।

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে।প্ৰতিটো ৰাজনৈতিক দলৰে ষ্টাৰ কেম্পেনাৰ অসমলৈ আহিছে। এআইইউডিএফৰ প্ৰচাৰ কৰিবৰ বাবে অসমলৈ আহিছিল আছাদুদ্দিন ওৱেইছি।অসমত আহি মিঞাক লৈ বহু উচটনি মূলক মন্তব্য কৰিছিল তেওঁ। ওৱেছিৰ এই উচটনিক লৈ কংগ্ৰেছক লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ আছাদুদ্দিন ওৱেছিক কংগ্ৰেছে অসমলৈ আনিছে।ওৱেছি আৰু কংগ্ৰেছে মিলি এটা বিশেষ সম্প্ৰদায়ক হিংসাত্মক কৰাৰ চেষ্টা চলাইছে।আছাদুদ্দিন ওৱেছিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিঞাক তেওঁ দিয়া উচটনিমূলক ভাষণৰ পৰাই মিঞাই সাহস পাইছে।এতিয়া অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈও মিঞাই ভয় নকৰিব।কোনো কোনো জিলাত অসমীয়াতকৈ তেওঁলোকৰ সংখ্যা বেছি।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই ভাষণৰ পিছত  কাইলৈ ৰাজপথলৈ মিঞা ওলাই আহিবলৈও ভয় নকৰিব। কিন্তু ওৱেছিৰ সাম্প্ৰদায়িক ভাষণ দিয়াৰ পিছটো তেওঁক গ্ৰেপ্তাৰ কৰক বুলি কংগ্ৰেছে কেতিয়াও নকয়।কংগ্ৰেছে এতিয়া কিয় মৌনতা অৱলম্বন কৰিছে।ওৱেইছি আৰু কংগ্ৰেছৰ গোপন মিত্ৰতাৰ ফলত অসমৰ সামাজিক স্থিতি এতিয়া বিপন্ন হৈছে।কিন্তু বিজেপিয়ে সদায় সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাসকলক কঠোৰ ভাষাৰে সদায় গৰিহণা দি আহিছে।

লগতে পঢ়ক: ‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ

‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ

বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে।মাহমৰা সমষ্টি নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিলে বিহুৰ উপহাৰ

ব’হাগ বিহুৰ প্ৰকাক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে বিহুৰ উপহাৰ।মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে মাহমৰা নিৰ্বাচনী সভাত ৰাইজৰ কেইবাটাও প্ৰতিশ্ৰুতি দিছে।

প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আছে।এতিয়াৰে পৰা বিহু আৰু দূৰ্গা পূজাত প্ৰতিঘৰ লোকেই দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব।বিহুত এটা চিলিণ্ডাৰ আৰু দুৰ্গা পূজাত এটাকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব।অৱশ্যে এই দুটা চিলিণ্ডাৰৰ মূল্য ৰাইজে দিব নালাগে।ইয়াৰ মূল্য চৰকাৰে দিব।

লগতে পঢ়ক: ‘কংগ্ৰেছৰ দিনত চাকৰিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আমি নিৰ্মূল কৰিলো’;কংগ্ৰেছক কটাক্ষ পীয়ুষ হাজৰিকাৰ   

‘কঠোৰ আইন থকাৰ পিছটো মাকে গৰু মাংস খোৱাটো আচৰিত’; পুনৰ কুংকী চৌধুৰীৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃয়ে সামাজিক মাধ্যমত গো মাংস ভক্ষণক লৈ পুনৰ তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কুংকী চৌধুৰীৰ পিতৃ-মাতৃয়ে কেৱল গৰু মাংখ খোৱাই নহয় তেওঁ সামাজিক মাধ্যমত সেই ফটোও শ্বেয়াৰ কৰিছে।মহাত্মা গান্ধীৱে গো হত্যা নিষিদ্ধ কৰিছিল। অসমটো আইন আছে যে, ৰাজহুৱা স্থানত গো মাংখ ভক্ষণ কৰিব নোৱাৰে। য’ত হিন্দু মানুহ থাকে তাত গৰু মাংস কাব নোৱাৰে আৰু গৰু মাংস খালে তিনি বছৰৰ জেল হ’ব।কিন্তু ইমান কঠোৰ আইন থকাৰ পিছটো কুংকী চৌধুৰীৰ মাকে গৰু মাংস খোৱাটো আচৰিত কথা।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, গৰু আমাৰ মা হয়। গৰু নাথাকিলে সমাজ খনেই নাথাকিলে হয়। বহুত মুছলিম মানুহে মোৰ কথা শুনি গো মাংস খোৱাটো বন্ধ কৰি দিছে। কিন্তু তেওঁ গৰু মাংসৰ পিছটো লৈ ফটোৰ প’জ দিছে। ৰাইজক তেওঁৰ বিৰুদ্ধে গোচৰ দিবলৈ অনুৰোধ কৰিছো। কাৰণ ৰাজহুৱা স্থানত গৰু খালে ৩ বছৰ জেল হ’ব।   

লগতে পঢ়ক: ‘UCC আনি অনুপ্ৰৱেশকাৰীক ৪ বাৰ বিয়া পতা বন্ধ কৰা হ’ব’; অসমত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহৰ হুংকাৰ

‘কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ চাকৰিৰ বাবে ২ লাখকৈ টকা দিব লগা হৈছিলঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছৰ দিনত ১ৰ পৰা ২ লাখ টকা উৎকোচ লয় বুলি উল্লেখ কৰে।

বৃহস্পতিবাৰে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ এটা চাকৰিৰ বাবে বা আশাকৰ্মীৰ চাকৰিৰ বাবে ১ৰ পৰা ২ লাখ টকা উৎকোচ দিব লগা হৈছিল। APS, ACS ৰ চাকৰিৰ বাবে ১ কোটিকৈ টকা কংগ্ৰেছে লৈছিল। কিন্তু এতিয়া বিজেপিয়ে ১ লাখ ৬৫ হাজাৰ ল’ৰা-ছোৱালীক এক টকা নোলোৱাকৈ চাকৰি দিলো। আমি কাৰোৰে পৰা তামোল এখনো খোৱা নাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই সৎ সাহস থকাৰ বাবেই আজি মানুহৰ আগত ক’ব পাৰিছো যে অসমে এতিয়া আকাশ চুব পাৰে। আমি সকলোৱে মিলি ৰাজ্যখনক একেলগে আগবঢ়াই নিব বিচাৰিছো। যদি আকৌ আমাৰ চৰকাৰ আহে তেনেহলে পুনৰ ২ লাখ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হ’ব।

লগতে পঢ়ক: ‘বিজেপি আৰু নিৰ্বাচনী আয়োগে জুইৰ সৈতে খেলি আছে’; খঙত অগ্নিশৰ্মা মমতা বেনাৰ্জী  

‘অতুল বৰা বিজেপিত আছিল আৰু বিজেপিতে থাকিব: মুখ্যমন্ত্ৰী

দিছপুৰ সমষ্টিৰ পৰা টিকট বঞ্চিত হৈ ক্ষোভিত হৈ পৰিছিল বিধায়ক অতুল বৰা। তাৰ পিছতে বৃহস্পতিবাৰে নিশা অতুল বৰাৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

টিকট বঞ্চিত অতুল বৰাৰ ঘৰত বৃহস্পতিবাৰে নিশা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।পদূলিৰ পৰাই মুখ্যমন্ত্ৰী গৰাকীক আদৰি নিলে অতুল বৰাই।দিছপুৰ সমষ্টিৰ পৰা টিকট লাভ নকৰাৰ পিছত ক্ষুন্ন হৈ পৰিছিল অতুল বৰা। তাৰ পিছতেই অতুল বৰাক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

অতুল বৰাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, দিছপুৰ সমষ্টিৰ পৰা টিকট নিশ্চিত আছিল। কিন্তু বিশেষ ৰাজনৈতিক কাৰণত তেওঁক টিকট দিব পৰা নগ’ল। অতুল বৰা আমাৰ জ্যেষ্ঠ। গতিকে তেওঁ দুষাৰ ক’লে আমি শুনিবও লাগিব।অতুল দা বিজেপিত আছিল আৰু বিজেপিতেই থাকিব। আৰু তেওঁ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব।ভগৱানে যদি চৰকাৰ খন আনে তেতিয়া অতুল বৰা দা আগকৈও অধিক সক্ৰিয় হৈ থাকিব। দলৰ প্ৰচাৰটো তেওঁ উপস্থিত থাকিব।

লগতে মীৰা বৰঠাকুৰক আশীৰ্বাদ দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আশীৰ্বাদ দিয়াটো ডাঙৰ কথা নহয়। আশীৰ্বাদ দুই ধৰণৰ। এটা আয়ুষ্মান ভৱঃ আৰু আন এটা বিজয়ী ভৱঃ।কাক কেনেকৈ আশীৰ্বাদ দিব লাগে সেই কথা অতুল দাই ভালকৈ জানে। তাত মই অতুল দাক শিকাবলগীয়া একো নাই। অতুল দাই যিটো আশীৰ্বাদ দিয়াৰ প্ৰয়োজন সেইটোৱেই দিছে।   

আনহাতে অতুল বৰাই কৈছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ ঘৰলৈ আহিছে আৰু মই ভাল পাইছো। এই সন্দৰ্ভত অহা ২২ মাৰ্চত মোৰ নিজৰ স্থিতি স্পষ্ট কৰিম।

লগতে পঢ়ক: জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ২০ সহস্ৰাধিক সমৰ্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বাবে খানাপাৰাৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ মুখ্যমন্ত্ৰীৰ বিশাল ৰেলী। মুখ্যমন্ত্ৰীৰ মনোনয়ন দাখিল পৰ্বত সংগ দিলে পত্নী পুত্ৰই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি মনোনয়ন যাত্ৰাত অগণন সমৰ্থকেৰে শক্তি প্ৰদৰ্শন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁ আগবঢ়া এই যুঁজখনে এক বিশেষ চৰ্চা লাভ কৰিছে ।

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মাতৃ মৃণালিনী দেৱীৰ আশীৰ্বাদ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লক্ষাধিক সমৰ্থকসহ খানাপাৰাৰ পৰা মনোনয়ন দাখিল যাত্ৰা আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই গুৱাহাটীৰ কামৰূপ (মহানগৰ) ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে উপস্থিত হৈ শৰ্মাই তেওঁৰ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলত অগণন সমৰ্থকৰ লগতে তেওঁক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শর্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে।

এইবাৰ তেওঁৰ “সপ্তম নিৰ্বাচন” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী শৰ্মাই পৰিচয় আৰু উন্নয়নক কেন্দ্ৰ কৰি তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয়, “আমি অসমৰ পৰিচয় সুৰক্ষিত কৰিব বিচাৰো। আমি দ্ৰুত উন্নয়ন বিচাৰো। এই দুয়োটাই আমাৰ উদ্দেশ্য।” লগতে তেওঁ “অসমৰ ৰাইজৰ পূৰ্ণ সমৰ্থন” লাভ কৰিব বুলিও আত্মবিশ্বাস প্ৰকাশ কৰে।

উল্লেখযোগ্য যে​জালুকবাৰীৰ পৰা পাঁচবাৰৰ বিধায়ক শৰ্মাই প্ৰথমে ২০০১ চনত বিধানভালৈ নিৰ্বাচিত হৈছিল আৰু ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰাৰ আগলৈকে তিনিটা কাৰ্যকাল সেৱা আগবঢ়াইছিল।

লগতে পঢ়ক: মা কামাখ্যৰ আশীৰ্বাদ লৈ ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই