'অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ কংগ্ৰেছে ওৱেছিক অসমলৈ আনিছে'; মুখ্যমন্ত্ৰী

‘অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ কংগ্ৰেছে ওৱেছিক অসমলৈ আনিছে’; মুখ্যমন্ত্ৰী

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহি আছাদুদ্দিন ওৱেছিয়ে যি মন্তব্য কৰিছিল তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমীয়াৰ বিৰুদ্ধে মিঞাই অস্ত্ৰ তুলি ল’ব । সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে।প্ৰতিটো ৰাজনৈতিক দলৰে ষ্টাৰ কেম্পেনাৰ

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহি আছাদুদ্দিন ওৱেছিয়ে যি মন্তব্য কৰিছিল তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমীয়াৰ বিৰুদ্ধে মিঞাই অস্ত্ৰ তুলি ল’ব ।

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে।প্ৰতিটো ৰাজনৈতিক দলৰে ষ্টাৰ কেম্পেনাৰ অসমলৈ আহিছে। এআইইউডিএফৰ প্ৰচাৰ কৰিবৰ বাবে অসমলৈ আহিছিল আছাদুদ্দিন ওৱেইছি।অসমত আহি মিঞাক লৈ বহু উচটনি মূলক মন্তব্য কৰিছিল তেওঁ। ওৱেছিৰ এই উচটনিক লৈ কংগ্ৰেছক লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ আছাদুদ্দিন ওৱেছিক কংগ্ৰেছে অসমলৈ আনিছে।ওৱেছি আৰু কংগ্ৰেছে মিলি এটা বিশেষ সম্প্ৰদায়ক হিংসাত্মক কৰাৰ চেষ্টা চলাইছে।আছাদুদ্দিন ওৱেছিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিঞাক তেওঁ দিয়া উচটনিমূলক ভাষণৰ পৰাই মিঞাই সাহস পাইছে।এতিয়া অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈও মিঞাই ভয় নকৰিব।কোনো কোনো জিলাত অসমীয়াতকৈ তেওঁলোকৰ সংখ্যা বেছি।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই ভাষণৰ পিছত  কাইলৈ ৰাজপথলৈ মিঞা ওলাই আহিবলৈও ভয় নকৰিব। কিন্তু ওৱেছিৰ সাম্প্ৰদায়িক ভাষণ দিয়াৰ পিছটো তেওঁক গ্ৰেপ্তাৰ কৰক বুলি কংগ্ৰেছে কেতিয়াও নকয়।কংগ্ৰেছে এতিয়া কিয় মৌনতা অৱলম্বন কৰিছে।ওৱেইছি আৰু কংগ্ৰেছৰ গোপন মিত্ৰতাৰ ফলত অসমৰ সামাজিক স্থিতি এতিয়া বিপন্ন হৈছে।কিন্তু বিজেপিয়ে সদায় সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাসকলক কঠোৰ ভাষাৰে সদায় গৰিহণা দি আহিছে।

লগতে পঢ়ক: ‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ