মা কামাখ্যৰ আশীৰ্বাদ লৈ ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

অৱশেষত বৃহস্পতিবাৰে প্ৰকাশ হ’ল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। ৩৭নং জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব মনোনয়ন পত্ৰ ।

আৰু মাত্ৰ কেইটামান ঘন্টাৰ অপেক্ষা। কাইলৈ অর্থাৎ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।কাইলৈ দিনৰ ১২.৩০ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। ৩৭নং জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ।

মা কামাখ্যাৰ আশীষ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে দাখিল কৰিব মনোনয়ন। মনোয়ন দাখিলৰ বাবে ইতিমধ্যে সাজু হৈছে বিশাল ৰেলী। হাজাৰ হাজাৰ লোকৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন।

লগতে পঢ়ক: টিকটৰ দৌৰত পিছ পৰিল বিজেপিৰ বহু পুৰণি খেলুৱৈ, নতুনে পালে অগ্ৰাধিকাৰ

‘বিজেপিত আত্মসন্মান আৰু মুৰ তুলি থাকিব পাৰিম’; গেৰুৱা বসন পিন্ধি  প্ৰথম প্ৰতিক্ৰিয়া প্ৰদ্যুৎ বৰদলৈৰ

বুধবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিত যোগদান কৰিয়েই বিস্ফোৰক মন্তব্য দিছে প্ৰদ্যুৎ বৰদলৈয়ে।

দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ বাসগৃহত আজি প্ৰদ্যুৎ বৰদলৈয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে।কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৱ বিজেপি প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিত যোগদান কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।

তেওঁ কয় যে, কংগ্ৰেছত মই ষোল্ল বছৰ বয়সৰ পৰাই কাম কৰিছো। মই কংগ্ৰেছ দলটোৰ বাবে বহু সংগ্ৰামৰো সন্মুখীন হৈছিলোঁ।কিন্তু কংগ্ৰেছত জ্যেষ্ঠ নেতা হিচাপে যিমান সন্মান পাব লাগিছিল সেই সন্মান নাপালো।কংগ্ৰেছত এতিয়া স্বাভিমানী লোকে কাম কৰাৰ পৰিৱেশ নাই।কংগ্ৰেছত থাকি মানসিক অশান্তিত ভুগি আছিলো।দুটা বছৰে শ্বাসৰুদ্ধ হৈ কাম কৰিছিলো।সেই সময়ত মই কংগ্ৰেছত অকলশৰীয়া অনুভৱ কৰিছিলো। এই সিদ্ধান্ত মোৰ বাবে সহজ নাছিল’।   

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়- মই মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আছিলো। তেওঁৰ কামকাজৰ ধৰণ দেখি সন্তুষ্ট হৈ মই বিজেপিলৈ আহিছো। মুখ্যমন্ত্ৰী কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰিছে। বিজেপিত মই আত্মসন্মান ৰক্ষা কৰি মুৰ তুলি এখন অসমীয়াৰ হিচাপে কাম কৰি যাম।

লগতে পঢ়ক: দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

‘২০৩০ চনৰ ভিতৰত কংগ্ৰেছত হিন্দু শূণ্য হৈ পৰিব’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ ভৱিষ্যদ্বাণী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে,কোনো স্বাভিমানী হিন্দু নেতাৰ বাবে এতিয়া কংগ্ৰেছত স্থান নাই।

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যদ্বাণী কৰিছে যে, ২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব।কংগ্ৰেছ এতিয়া মুছলমান সৰ্বস্ব দললৈ পৰিণত হৈছে।কোনো স্বাভিমানী হিন্দু নেতাৰ বাবে এতিয়া কংগ্ৰেছত স্থান নাই।২০৩০ চনৰ ভিতৰত খালী হ’ব কংগ্ৰেছৰ হিন্দু নেতৃত্ব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছত এতিয়া হিন্দু থকাৰ পৰিৱেশ নাই। কংগ্ৰেছৰ পৰিৱেশ এতিয়া খুব বেয়া।গৌৰৱ গগৈৰ সৈতে কোনো হিন্দু নেতাই কাম কৰিব নোৱাৰে। গৌৰৱ গগৈৰ চিন্তাধাৰা বেলেগ।কংগ্ৰেছত নতুন সভাপতি হোৱাৰ পৰা দলত বিসম্বাদ হৈছে। সেই কাৰণ ইজনৰ পিছত সিজন নেতাই কংগ্ৰেছ এৰিছে। ৰাইজৰ লগত কংগ্ৰেছৰ সভাপতিৰ কোনো সম্পৰ্ক নাই।গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো নেতা অসন্তুষ্ট হৈছে।

প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰদ্যুৎ বৰদলৈয়ে ২০২৯ ৰ ভিতৰত বিজেপিত যোগদান কৰি।এতিয়া তেওঁ বিজেপিলৈ আহিলে সাংসদৰ আসনখন এৰিব লাগিব। সেয়ে মই তেওঁৰ যোগদান ২০২৯ লৈ ৰাখিছো।  

লগতে পঢ়ক: ‘প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে’; মুখ্যমন্ত্ৰী

‘প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে’; মুখ্যমন্ত্ৰী

প্ৰদ্যুৎ বৰদলৈয়ে হাই কামাণ্ডাৰলৈ দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কয় যে, প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে।

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হৈছে। দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটত কংগ্ৰেছ বিধায়ক আছিফ নজৰৰ বিৰুদ্ধে হাই কামাণ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহেৰে দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ দিছে প্ৰদ্যুৎ বৰদলৈয়ে।  

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘প্ৰদ্যুৎ বৰদলৈৰ লগত মই পোন্ধৰ বছৰ একেলগে কাম কৰিছো। প্ৰদ্যুৎ বৰদলৈ স্বাভিমান থকা মানুহ। প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে।স্বাভিমান বন্ধকত থৈ কোনো লোকেই কংগ্ৰেছত বেছিদিন থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত যে এই দিনটো আহিব সেই কথা মই ২০২৯ ধৰি থৈছিলো। আৰু তেওঁ ২০২৯ত বিজেপিত যোগদান কৰিব বুলি মই ধৰি থৈছো ।

লগতে পঢ়ক: কংগ্ৰেছত বিদ্ৰোহ! দল এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

‘গৌৰৱ গগৈ, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰিব’; মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লৈ এক বিস্ফোৰক মন্তব্য দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গৌৰৱ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটোক এটা সময়ত শেষ কৰিব।

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,অসমৰ কংগ্ৰেছত যেতিয়ালৈকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন থাকিব তেতিয়ালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব।এই দুইজন ব্যক্তি কংগ্ৰেছত থকালৈকে বিজেপি ক্ষমতাত থাকিব।

গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকালৈকে বিজেপিৰ লাভ হৈয়ে থাকিব।গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছক এফালৰ পৰা ধ্বংস কৰি আহিছে।

এটা সময়ত তেওঁলোক দুজনৰ বাবেই কংগ্ৰেছ দলটো নোহোৱা হ’ব।  আনহাতে ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী সদায় দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলিও মুখ্যমন্তত্ৰী গৰাকীয়ে মন্তব্য কৰে।

লগতে পঢ়ক: আজি লোকসভাৰ অধ্যক্ষ চকীত বহিব নোৱাৰিব ওম বিৰলা; সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ

ব্যক্তিগত নাৰ্ছিংহোমে টকাৰ বাবে ৰাখি থব নোৱাৰিব মৃতদেহ; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মুখ্যমন্ত্ৰীৰ ঘোষণা; টকাৰ বাবে ৰাখি থব নোৱাৰিব মৃতদেহ

ব্যক্তিগত নাৰ্ছিংহোমক লৈ এইবাৰ কঠোৰ হৈছে ৰাজ্যচৰকাৰ। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ব্যক্তিগত নাৰ্ছিংহোমক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়াৰে পৰা কোনো ব্যক্তিগত নাৰ্ছিংহোমে টকা নোপোৱাৰ বাবে কোনো ৰোগীৰে মৃতদেহ ৰাখি থব নোৱাৰিব।

মৃতদেহ ৪ ঘন্টাতকৈ অধিক সময় ৰাখি থলে বন্ধ হ’ব নাৰ্ছিংহোমখন।ইয়াৰ বাবে কেৱল ৰোগীৰ আত্মীয়ই ১০৪ত ফোন কৰিলে অভিযোগ দিলেই চৰকাৰে ল’ব এক্সন।

তেওঁ লগতে কয় যে, ১০৪ ৰ সলনি স্থানীয় আৰক্ষীকো জনাব পাৰিব আত্মীয়ই। তাৰ পিছতেই আৰক্ষীয়ে গৈ ব্যক্তিগত হাস্পতালখনৰ পৰা উদ্ধাৰ কৰিব মৃতদেহ।

যদি ৰাজ্যৰ ব্যক্তিগত হাস্পতালসমূহ এই নিয়ম বংগ কৰে, তেতিয়াহলে ৩ৰ পৰা ৬ মাহলৈ হাস্পতালখনৰ লাইচেন্স বাতিল হোৱাৰ লগতে ৫ লাখ টকালৈকে ভৰিব লাগিব জৰিমনা।

আৰু যদি বাৰে বাৰে এই নিয়ম ভংগ কৰে তেনেহলে বন্ধ কৰি দিয়া হ’ব নাৰ্ছিংহোমখন। ১ আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।

লগতে পঢ়ক: বিপদ বাঢ়িছে শ্বেখ হাছিনাৰ; মানৱতাৰ বিৰুদ্ধে অপৰাধ গোচৰত ফ্ৰেমৱৰ্ক কৰা অভিযোগ

বৃদ্ধি হ’ব মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধি

দেওবাৰে বিয়লিৰ ভাগত দিশপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

এই কেবিনেট বৈঠকত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাবে ভালখবৰ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ১অক্টোবৰৰ পৰা দৰমহা বাঢ়িব মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ।

ৰান্ধনীসকলৰ দৰমহা ২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে ব্যয় কৰিব ৮ কোটি টকা। ইয়াৰ পূৰ্বে ১ হাজাৰ টকা লাভ কৰিছিল তেওঁলোকে।

ইফালে অংগনৱাড়ী ছুপাৰভাইজাৰ পদৰ ক্ষেত্রত নতুন নিয়ম প্ৰযোজ্য কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। অংগনাবাড়ী কৰ্মীৰ পৰা পদোন্নতি কৰি ছুপাৰভাইজাৰ কৰা হ’ব।

পূৰ্বে ২৫% পদোন্নতি হৈছিল৷ এতিয়াৰ পৰা ৫০% পদোন্নতিত সংৰক্ষণ থাকিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷

আনহাতে বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ যুৱক-যুৱতীৰ মৃতদেহ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ খৰচত এতিয়াৰে পৰা লৈ অনা হ’ব মৃতদেহ। উল্লেখযোগ্য যে, ‘শ্রদ্ধাঞ্জলি’ নামেৰে আৰম্ভ হ’ব এই আঁচনিখন। তাৰোপৰি এই আঁচনিখন অসম আৰক্ষীয়ে চোৱাচিতা কৰিব বুলি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ এক্সন; ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী

ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে এক্সন। থানাই থানাই গ্ৰেপ্তাৰ কৰিছে  অপৰাধীক। চহৰখনত নিশা টহল দিছিল ৰেপিড এক্সন ফৰ্ছে। বিশেষ বাহন লৈ ৰেপিড ফৰ্ছ ঘূৰিছে চহৰখনত।

বজ্ৰ বাহনেৰে RAFৰ দিছে টহল ।চহৰখনখনৰ প্ৰতিটো প্ৰান্ততত নজৰ ৰাখিছে ৰেপিড ফৰ্ছে। এতিয়াৰ পৰা চহৰখনত নিস্তাৰ নাই অপৰাধীৰ।

জামিন বিহীন ধাৰাত ৰুজু হৈছিল গোচৰ। বৰ্তমানলৈকে ৩০ অপৰাধী পৰিছে আৰক্ষীৰ জালত।ধুবুৰী সদৰ থানাত ৪টা, তামাৰহাটত ৫টা, আগমনিত ১টা, গোলকগঞ্জত ৪টা, বিলাসীপাৰাত ১টা, চাপৰত ৩টা, আৰু সপটগ্ৰামত ৫টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ লগতে আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা। আজিও চহৰখনৰ বিভিন্ন প্ৰান্তত চলিব বৃহৎ অভিযান।

লগতে পঢ়ক: ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ