টিকটৰ দৌৰত পিছ পৰিল পুৰণি খেলুৱৈ, বিজেপিৰ নতুন মুখত মোহৰ

টিকটৰ দৌৰত পিছ পৰিল বিজেপিৰ বহু পুৰণি খেলুৱৈ, নতুনে পালে অগ্ৰাধিকাৰ

দিছপুৰত জ্যেষ্ঠ বিজেপি নেতা অতুল বৰাক বাদ দি প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰিছে দলে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজেপিয়ে ঘোষণা কৰে চূড়ান্ত প্ৰাৰ্থী তালিকা । ৮৮ জনীয়া এই তালিকাত বাদ পৰিল দলটোৰ বৰ্তমানৰ কেইবাজনো বিধায়ক তথা হাই প্ৰফাইল নেতা ।

দিছপুৰত জ্যেষ্ঠ বিজেপি নেতা অতুল বৰাক বাদ দি প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰিছে দলে

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজেপিয়ে ঘোষণা কৰে চূড়ান্ত প্ৰাৰ্থী তালিকা । ৮৮ জনীয়া এই তালিকাত বাদ পৰিল দলটোৰ বৰ্তমানৰ কেইবাজনো বিধায়ক তথা হাই প্ৰফাইল নেতা । তেওঁলোকৰ সলনি বিজপিয়ে প্ৰাৰ্থী তালিকাত নতুন মুখ অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈছে ।

গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰত জ্যেষ্ঠ বিজেপি নেতা অতুল বৰাক বাদ দি প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰিছে বিজেপিয়ে । শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বৰদলৈৰ প্ৰাৰ্থিত্বই যথেষ্ট চৰ্চা লাভ কৰিছে । ইফালে গুৱাহাটী পূব (নিউ গুৱাহাটী) সমষ্টিত প্ৰাক্তন ৰাজ্যিক বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকট কৰ্তন কৰি তেওঁৰ স্থানত দিপ্লু ৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰা হৈছে ।

একেদৰে, পলাশবাৰীত হেমাংগ ঠাকুৰীয়াৰ ঠাইত হিমাংশু শেখৰ বৈশ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপি দলে । বিহপুৰীয়াত জ্যেষ্ঠ বিজেপি নেতা অমিয় ভূঞাক বাদ দি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিজেপি নেতা ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছে, যিয়ে সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ সলনি কৰাৰ সম্ভাৱনা আছে ।

ইফালে, ২০২১ চনৰ পৰা হোজাই সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা ৰামকৃষ্ণ ঘোষৰ পৰিবৰ্তে শিলাদিত্য দেৱক প্ৰক্ষেপ কৰা হৈছে । আনহাতে, বিহালীৰ বৰ্তমানৰ বিধায়ক দিগন্ত ঘটোৱালৰ স্থানত মুনীন্দ্ৰ দাসক টিকট প্ৰদান কৰা হৈছে । আনহাতে বৰচলা সমষ্টিত বৰ্তমানৰ বিধায়ক গণেশ লিম্বুৰ পৰিৱৰ্তে ঋতু বৰণ শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ।

ইফালে দলটোৱে কেইবাজনো জেষ্ঠ্যে প্ৰতিষ্ঠিত নেতাক পুনৰ টিকট প্ৰদান কৰিছে । ডিগবৈত সুৰেন ফুকনে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডিব্ৰুগড়ত জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনক প্ৰক্ষেপ কৰা হৈছে । তিনিচুকীয়াত সঞ্জয় কিষাণৰ স্থানত পুলক গোহাঁইক প্ৰক্ষেপ কৰা হৈছে; সঞ্জয় কিষাণে এইবাৰ মাকুমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

বিশ্বনাথত অভিজ্ঞ নেতা প্ৰমোদ বৰঠাকুৰৰ ঠাইত পল্লৱ লোচন দাসক প্ৰক্ষেপ কৰা হৈছে, আনহাতে বোকাজানত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক বাদ দি সূৰ্য ৰংফাৰক টিকট দিয়া হৈছে । ইফালে, শিলচৰত দ্বীপায়ন চক্ৰৱৰ্তীৰ পৰিৱৰ্তে প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

এই নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় যুঁজখন যোৰহাটত হোৱাৰ সম্ভাৱনা আছে, য’ত বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ হিত্দ্ৰেন্দ্ৰ নাথ গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । ই এক তীব্ৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে ।

টিকট বঞ্চিত বিজেপি নেতা-

নন্দিতা গাৰ্লোছা
ডাঃ নোমল মমিন
সিদ্ধাৰ্থ ভট্টাচাৰ্য
ৰাম কৃষ্ণ ঘোষ
অমিয় ভূঞা
বীৰেন সিং ইংলেং
দৰছিং ৰংহাং
অজয় ৰয়
হেমাংগ ঠাকুৰীয়া
মিহিৰ কান্তি সোম
প্ৰমোদ বৰঠাকুৰ
অতুল বৰা
গণেশ লিম্বু
দিগন্ত ঘাটোৱাল
নিহাৰ ৰঞ্জন দাস
দ্বীপায়ণ চক্ৰৱৰ্তী
সুমন হৰিপ্ৰিয়া
ৰুপছিং টেৰন

লগতে পঢ়ক : জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ