ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ সামৰিক শক্তি বিশেষকৈ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাক লৈ ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে

ইৰাণৰ পৰা হোৱাইট হাউচলৈ আহিছে এটা অতি বিশেষ প্রস্তাৱ । কি আছে সেই প্রস্তাৱত ?  এয়া শান্তিৰ দিশে এক পদক্ষেপ নে আমেৰিকাক বিভ্রান্ত কৰাৰ আন এক কৌশল ?  যোৱা ৪৭ বছৰ ধৰি চলা শত্ৰুতাৰ মাজত হঠাৎ ইৰাণৰ এই কোমল সুৰে এতিয়া বিশ্বজুৰি তোলপাৰ লগাইছে । ড’নাল্ড ট্ৰাম্পৰ মেজত পৰি থকা এই ৰূপৰেখাই হয়তো সলনি কৰি দিব পাৰে মধ্য প্ৰাচ্যৰ ইতিহাস, কিন্তু এটা ভুল পদক্ষেপ আৰু গোটেই পৰিকল্পনাটো ভস্মীভূত হ’বলৈ লাগিব মাথোঁ কেইটামান ছেকেণ্ড । সকলোৰে চকু এতিয়া ট্ৰাম্পৰ ওপৰত ।

ইৰাণৰ শেহতীয়া প্ৰস্তাৱৰ ওপৰত আমেৰিকাৰ স্থিতি সতৰ্ক যদিও দৃঢ় যেন পৰিলক্ষিত হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুয়োখন দেশৰ মাজত আলোচনা আগবাঢ়িছে বুলি উল্লেখ কৰিছে যদিও এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই । তেওঁ ইংগিত দিয়ে যে এই প্ৰস্তাৱটো গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে, কিন্তু ইয়াক গ্ৰহণ কৰাটো সহজ নহ’ব ।

আলোচনাৰ অৱস্থাৰ সন্দৰ্ভত মন্তব্য কৰি ট্ৰাম্পে কয় যে আমি ইৰাণৰ সৈতে ভাল অগ্ৰগতি লাভ কৰিছো । তেওঁলোকে চুক্তি কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ নেতৃত্বৰ বিষয়ে স্পষ্টতাৰ অভাৱ । মই প্ৰস্তাৱটো নিৰীক্ষণ কৰি আছো । তেওঁলোকে চুক্তিখনৰ ৰূপৰেখা শ্বেয়াৰ কৰিছে আৰু এতিয়া তেওঁলোকে সম্পূৰ্ণ সবিশেষ শ্বেয়াৰ কৰিবলৈ ওলাইছে । তেওঁৰ বক্তব্যই স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ইৰাণৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে নাকচ কৰা নাই, বৰঞ্চ প্ৰতিটো দিশ ভালদৰে পৰীক্ষা কৰি আছে ।

ইৰাণৰ সামৰিক শক্তি বিশেষকৈ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাক লৈ ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ট্ৰাম্পে কয় যে তেওঁ ইৰাণৰ বাকী থকা ক্ষেপণাস্ত্ৰৰ ক্ষমতা সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো বিচাৰে । ট্ৰাম্পে কয় যে মই ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বিচাৰো । তেওঁ কয়- “সেইটোৱে তেওঁলোকক পুনৰ নিজৰ সামৰ্থ্য সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰাত বাধা দিব ।”

ইৰাণে যদি কোনো আগ্ৰাসী বা ভুল পদক্ষেপ গ্ৰহণ কৰে তেন্তে আমেৰিকাই সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি নাযায় বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে । তেওঁ কয়, “যদি তেওঁলোকে কোনো ভুল পদক্ষেপ গ্ৰহণ কৰে বা অনুচিত আচৰণ কৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে । এই মুহূৰ্তত পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে, কিন্তু এই সম্ভাৱনা সম্পূৰ্ণৰূপে আছে ।”

ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টযোগে ঘোষণা কৰে যে তেওঁ অতি সোনকালে ইৰাণে প্ৰেৰণ কৰা প্ৰস্তাৱটো পুনৰীক্ষণ কৰিব । অৱশ্যে এই প্ৰস্তাৱক লৈ সন্দেহো প্ৰকাশ কৰে । তেওঁ লিখিছে, “ইৰাণে আমালৈ পঠোৱা পৰিকল্পনাটো মই অতি সোনকালে পৰ্যালোচনা কৰিম, কিন্তু মই নাভাবো যে ইয়াক গ্ৰহণ কৰাটো সহজ হ’ব, কিয়নো যোৱা ৪৭ বছৰত যি হৈছে তাৰ বাবে তেওঁলোকে এতিয়াও পৰ্যাপ্ত মূল্য দিয়া নাই ।”

লগতে পঢ়ক : ট্ৰাম্পৰ ওপৰত সামান্যতমো বিশ্বাস নাইঃ আমেৰিকাৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ ইংগিত ইৰাণৰ

ট্ৰাম্পৰ ওপৰত সামান্যতমো বিশ্বাস নাইঃ আমেৰিকাৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ ইংগিত ইৰাণৰ

ইৰাণৰ সেনাই আমেৰিকাৰ সৈতে পুনৰ সংঘৰ্ষৰ সম্ভাৱনাৰ স্পষ্ট সংকেত দিছে

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইৰাণৰ সেনাই আমেৰিকাৰ সৈতে পুনৰ সংঘৰ্ষৰ সম্ভাৱনাৰ স্পষ্ট সংকেত দিছে । তেওঁলোকে কয় যে এনে এক পৰিস্থিতি গঢ় লৈ উঠিছে য’ত চুক্তিসমূহ দুৰ্বল হৈ পৰিছে আৰু আস্থা ক্ষয় হৈছে ।

ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ইৰাণৰ সামৰিক কমাণ্ডৰ সৈতে জড়িত বিষয়া মহম্মদ জাফৰ আছাদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে আমেৰিকাৰ পৰা অহা সংকেতসমূহে ইংগিত দিয়ে যে আমেৰিকাৰ কোনো আপোচ বা বুজাবুজি মানি চলিবলৈ ইচ্ছুক নহয় । আছাদীয়ে বিশ্বাস কৰে যে আমেৰিকাৰ শেহতীয়া বাক্যবাণেই ইয়াৰ উদ্দেশ্যৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিবলৈ যথেষ্ট । সামগ্ৰিকভাৱে ইৰাণৰ এই বক্তব্যই এই বাৰ্তা প্ৰদান কৰিছে যে তেওঁলোকে আমেৰিকাক অলপো বিশ্বাস নকৰে ।

সমগ্ৰ বিষয়টো আৰু অধিক উত্তপ্ত হৈ পৰে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক অতি কঠোৰ বিবৃতি প্ৰকাশ কৰে । ট্ৰাম্পে স্পষ্টভাৱে কয় যে আমি পাগলক পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰো । ট্ৰাম্পৰ এই মন্তব্যই ইতিমধ্যে চলি থকা উত্তেজনাৰ জুইত ঘিউ ঢালিছে । তেওঁৰ এই বক্তব্যক ইৰাণৰ প্ৰতি প্ৰত্যক্ষ সতৰ্কবাণী হিচাপে বিবেচিত হৈছে, যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ‘আপোনালোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে’; নাটোক সকীয়নি ট্ৰাম্পৰ

ইৰাণেও নিজৰ সামৰিক বাহিনী সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰা বুলি উল্লেখ কৰিছে । পৰিস্থিতি অধিক বেয়া হ’লে বা আমেৰিকাই কোনো নতুন পদক্ষেপ ল’লে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাজু । আছাদীয়ে কয় যে যদি কোনো “নতুন কাৰ্য্য বা ভুল” হয় তেন্তে ইৰাণ পিছুৱাই নাযায় । তেওঁ লগতে অভিযোগ কৰে যে আমেৰিকাৰ বহু বক্তব্য কেৱল দেখুৱাবলৈহে । তেওঁলোকৰ উদ্দেশ্য প্ৰকৃত সমস্যাটোৰ সমাধান কৰা নহয়, বৰঞ্চ নিজৰ পৰিস্থিতি নিজেই পৰিচালনা কৰা । বিশেষকৈ আমেৰিকাই তেলৰ মূল্য আৰু ইয়াৰ ভাবমূর্তিক লৈ বিশেষভাৱে চিন্তিত হোৱা যেন লাগে ৷

লগতে পঢ়ক : ১৯ দিনত চাৰিটাকৈ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ, কম্পিত জাপান-দক্ষিণ কোৰিয়া

‘আপোনালোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে’; নাটোক সকীয়নি ট্ৰাম্পৰ

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা অব্যাহত আছে,যুদ্ধবিৰতিৰ সময়সীমা শেষ হোৱাৰ পাছতো দুয়োখন দেশে নিজ নিজ স্থিতিত অটল হৈ আছে। এইবাৰ নাটোক সকীয়নি দিছে ট্ৰাম্পে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাটো দেশসমূহক পৰামৰ্শ দি কয়,”…ইৰাণক আপোনালোকে পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে।কাৰণ তেওঁলোকে ইয়াক ইজৰাইলৰ ওপৰত, মধ্যপ্ৰাচ্যত  আৰু ইউৰোপতো অতি বেছিকৈ ব্যৱহাৰ কৰিব।আৰু মই ভাবো আমি পৰৱৰ্তী হ’ম,আৰু সেইটো কেতিয়াও হ’ব নোৱাৰে…তেওঁলোকৰ ১৫৯খন জাহাজ আছে।বৰ্তমান প্ৰতিখন জাহাজ সমুদ্ৰৰ তলত ডুব গৈছে…”। এই কথা কোৱাৰ পিছত ট্ৰাম্পে পুনৰবাৰ ইমানুৱেল মেক্ৰনক উপহাস কৰে, তেওঁ দাবী কৰে যে, আমি তেওঁলোকক ২৫০% শুল্ক দিয়াৰ ভাবুকি দি ঔষধৰ উচ্চ মূল্য গ্ৰহণ কৰিবলৈ বাধ্য কৰিলোঁ।

ট্ৰাম্পে কয় যে, ইৰাণে আমাৰ প্ৰত্যাশিত চুক্তিসমূহ মানি চলা নাই।আমি এইটো সঠিকভাৱে সম্পূৰ্ণ কৰিম আৰু তিনি বছৰৰ পাছতো আমি এই সমস্যাৰ সন্মুখিন হ’বলৈ অকালতে পিছুৱাই নাযাওঁ।তেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, আন বস্তুৰ দাম যথেষ্ট কম, কিন্তু পেট্ৰ’লৰ দাম বেছি।কিন্তু যেতিয়া সকলো শেষ হ’ব, তেন্তে আপোনাৰ ওচৰত ইৰাণৰ সৈতে পাৰমাণৱিক অস্ত্ৰমুক্ত এখন পৃথিৱী থাকিব।যদি আপুনি ইৰাণক পাৰমাণৱিক অস্ত্ৰ ৰখাৰ অনুমতি দিয়ে,তেতিয়া পৃথিৱীখন ভয়াৱহ বিপদত পৰিব।গতিকে, সেইটো হ’ব নোৱাৰে…”।  

লগতে পঢ়ক: ভয়াৱহ বিমান দুৰ্ঘটনা, ঘটনাস্থলীতেই ৫ জনৰ মৃত্যু

“মই মৰিবলৈ ভয় নকৰো”; গুলীচালনাৰ ঘটনাৰ পিছতে ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক ভাষ্য

শনিবাৰে নিশা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগত হোৱা গুলীচালনাৰ ঘটনাক লৈ ট্ৰাম্পে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰত গুলীচালনাৰ ঘটনাৰ পিছত এক সাক্ষাৎকাৰ দিয়ে।তেওঁ কয় যে, ‘যেতিয়া গুলীচালনা হৈছিল তেতিয়া মই মাটিত শুই দিছিলো।নিৰাপত্তা বাহিনীক তাৎক্ষণিকভাৱে সক্ৰিয় কৰাৰ কথা ট্ৰাম্পে কয় যে মই চাব বিচাৰিছিলো যে আচলতে কি হৈছে, আৰু মই তেওঁলোকৰ বাবে সহজ কৰি দিয়া নাছিলো।ভাল মানুহবোৰে মোক আগুৰি ধৰিছিল আৰু হয়তো মই তেওঁলোকক অলপ লাহে লাহে কাম কৰিবলৈ বাধ্য কৰালোঁ’।

সাক্ষাৎকাৰটোত ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল, “আপুনি জানেনে যে আপুনি শ্বুটাৰৰ লক্ষ্যত আছিল?” ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে, ‘মই জনা নাছিলো। মই এখন ইস্তাহাৰ  পঢ়িলোঁ৷তেওঁ উগ্ৰপন্থী আছিল। তেওঁ খ্ৰীষ্টান বিশ্বাসী আছিল, আৰু তাৰ পিছত তেওঁ খ্ৰীষ্টান বিৰোধী হৈ পৰিছিল আৰু ইয়াৰ এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয় যে, আঘাতৰ বাবে মোৰ চিন্তা নাছিল।মই জীৱনটো বুজি পাওঁ।আমি পাগলৰে ভৰা এখন পৃথিৱীত বাস কৰোঁ’।

লগতে পঢ়ক: কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ,ভিডিঅ’ গেম ডেভেলপাৰ; কোন হয় ট্ৰাম্পক লক্ষ্য কৰি লোৱা যুৱক

কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ,ভিডিঅ’ গেম ডেভেলপাৰ; কোন হয় ট্ৰাম্পক লক্ষ্য কৰি লোৱা যুৱক

হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰত সংঘটিত হোৱা গুলীচালনাৰ সৈতে জড়িত সন্দেহজনক লোকজনক চিনাক্ত কৰা হৈছে। ট্ৰাম্পক লক্ষ্য কৰি লোৱা অভিযুক্ত কেলিফৰ্ণিয়াৰ টৰেন্সৰ বাসিন্দা ৩১ বছৰীয়া ক’ল এলেন।

হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰত সংঘটিত হোৱা গুলীচালনা ঘটনাৰ সৈতে জড়িত কেলিফৰ্ণিয়াৰ টৰেন্সৰ নিবাসী ৩১ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ড’নাল্ড ট্ৰাম্পৰ মতে সন্দেহযুক্ত আক্ৰমণকাৰী গৰাকী অকলে আছিলে। বিষয়াসকলে জনোৱা মতে, সন্দেহজনক লোকজনক জিম্মাত ৰখা হৈছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

তেওঁক টৰেন্সৰ বাসিন্দা ৩১ বছৰীয়া ক’ল এলেন বুলি চিনাক্ত কৰা হৈছে। তদন্তৰ সৈতে জড়িত দুটা সূত্ৰৰ মতে, তেওঁৰ হাতত এটা শ্বটগান আৰু এটা হেণ্ডগান আছিল। সন্দেহযুক্ত লোকজনে ২০১৭ চনত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজি (কেলটেক)ৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী আৰু ২০২৫ চনত কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।তেওঁ ভিডিঅ’ গেম ডেভেলপাৰ হিচাপে কাম কৰে।

শনিবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰত আক্ৰমণ চলোৱা সন্দেহযুক্ত আক্ৰমণকাৰী অকলে আছিল।এই আক্ৰমণ ইৰাণৰ সৈতে হোৱা যুদ্ধৰ লগত কোনো সম্পৰ্ক আছে বুলি বিশ্বাস কৰাৰ কোনো কাৰণ নাই। শনিবাৰে হোৱাইট হাউছৰ সংবাদদাতাসকলৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰা ৱাশ্বিংটন হোটেলখন বিশেষ নিৰাপদ নাছিল।

লগতে পঢ়ক:“ছিক্ৰেট চাৰ্ভিছে সাহসেৰে কাম কৰিলে,মই সুৰক্ষিত আছো”; গুলীচালনাৰ পিছত ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

“গণতন্ত্ৰত হিংসা…”; ড’নাল্ড ট্ৰাম্পৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰৰ সময়ত ৱাশ্বিংটন হিল্টন হোটেলত সংঘটিত গুলীচালনাৰ ফলত আমেৰিকাত আতংকৰ সৃষ্টি হৈছে ।ড’নাল্ড ট্ৰাম্পৰ লগত সংঘটিত হোৱা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৱাশ্বিংটন হোটেলৰ গুলীচালনাৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। হোয়াইট হাউছৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত সংঘটিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে এই আক্ৰমণক গৰিহণা দি কয় যে গণতন্ত্ৰত হিংসাৰ কোনো স্থান থাকিব নালাগে। তেওঁ ড’নাল্ড ট্ৰাম্পক টেগ কৰি কয় তেওঁ আৰু তেওঁৰ পত্নী ভালেই আছে বুলি জানি সকাহ পাইছো।

এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ‘এইটো জানি সকাহ পাইছো যে শেহতীয়াকৈ ৱাশ্বিংটন ডিচিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প,ফাৰ্ষ্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদ আৰু সুস্থ আছে। তেওঁলোকৰ অবিৰত সুৰক্ষা আৰু মংগলৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই আৰু ইয়াক সকলোৱে নিন্দা কৰা উচিত।

লগতে পঢ়ক: “ছিক্ৰেট চাৰ্ভিছে সাহসেৰে কাম কৰিলে,মই সুৰক্ষিত আছো”; গুলীচালনাৰ পিছত ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

“ছিক্ৰেট চাৰ্ভিছে সাহসেৰে কাম কৰিলে,মই সুৰক্ষিত আছো”; গুলীচালনাৰ পিছত ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

গুলীচালনাৰ পিছতেই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰি তেওঁৰ আৰু তেওঁৰ সমগ্ৰ কেবিনেটৰ সুৰক্ষা নিশ্চিত কৰিছে। তেওঁ ছিক্ৰেট চাৰ্ভিছৰ প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘হোৱাইট হাউছৰ কৰ্পৰেণ্ডেণ্টছ’ৰ ৰাতিৰ আহাৰ’ৰ সময়ত সংঘটিত হোৱা গুলীচালনাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে আৰু তেওঁ নিৰাপদ বুলি উল্লেখ কৰিছে।নিৰাপত্তাৰক্ষীসকলক প্ৰশংসা কৰি তেওঁ কয় যে তেওঁলোকে এক উৎকৃষ্ট কাম কৰিলে।

তেওঁ লগতে কয় যে, এই গুলীচালনাত এজন নিৰাপত্তাৰক্ষী বিষয়া আহত হৈছে আৰু বুলেটপ্ৰুফ সুৰক্ষাৰ দ্বাৰা তেওঁৰ জীৱন ৰক্ষা পৰিল। ছিক্ৰেট চাৰ্ভিছে সাহস প্ৰদৰ্শন কৰি লগে লগে এজন আক্ৰমণকাৰীক আটক কৰে।ঘটনাৰ লগে লগে নিৰাপত্তা সংস্থাৰ অনুৰোধত প্ৰট’কল অনুসৰণ কৰি অনুষ্ঠানৰ স্থান তৎক্ষণাত খালী কৰা হৈছে।

ট্ৰাম্পে কয় যে, “ছিক্ৰেট চাৰ্ভিছে যিদৰে মোক,মেলানিয়া, ভ্যান্স আৰু অন্যান্য লোক সকলক নিৰাপদে বাহিৰলৈ আনিলে, সেইটো অতি প্ৰশংসনীয়। আটক কৰা আক্ৰমণকাৰীজন কেলিফৰ্ণিয়াৰ আৰু তেওঁৰ অসুস্থ।মোৰ সকলো কেবিনেট সহকৰ্মী নিৰাপদ’।লগতে ট্ৰাম্পে কয় যে এই ঘটনাৰ বাবে স্থগিত ৰখা অনুষ্ঠানটো অহা ৩০ দিনৰ ভিতৰত পুনৰ নিৰ্ধাৰণ কৰা হ’ব।

জানিব পৰা মতে, গুলীচালনা কৰা ব্যক্তিজনৰ নাম ক’ল থমাছ এলেন বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স ৩১ বছৰ আৰু তেওঁ কেলিফৰ্ণিয়াৰ বাসিন্দা।নিৰাপত্তা সংস্থাই জেৰা অব্যাহত ৰাখিছে। তেওঁৰ হাতত বহু অস্ত্ৰ আছে।

লগতে পঢ়ক: নৈশ ভোজমেলত অঘটন; ড’নাল্ড ট্ৰাম্পলৈ পুনৰ গুলীচালনা!  

নৈশ ভোজমেলত অঘটন; ড’নাল্ড ট্ৰাম্পলৈ পুনৰ গুলীচালনা!  

ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়ত গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে।

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ ক্ৰুটি দেখা গৈছে।ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়তে কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পো উপস্থিত আছিল।

এ এফ পিয়ে কেবিনেটৰ এজন সদস্যৰ উদ্ধৃতি দি কয় যে নিশাৰ আহাৰ গ্ৰহণৰ সময়তে এই গুলীচালনা কৰা হৈছিল।গুলীৰ শব্দ শুনাৰ লগে লগেই ৰাষ্ট্ৰপতি গৰাকীক কঠকটীয়া নিৰাপত্তাৰ মাজেৰে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।স্থানীয় সময় অনুসৰি শনিবাৰে নিশা (২৫ এপ্ৰিল) সংঘটিত হয় এই ঘটনাটো।

  নৈশ ভোজনৰ অনুষ্ঠানটোত কেইবাজনো কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও উপস্থিত আছিল। প্ৰশাসনৰ এগৰাকী বিষয়াই স্পষ্ট কৰি দিয়ে যে কোনো কেবিনেট সদস্য হতাহত হোৱা নাই।

লগতে পঢ়ক: ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; চীনৰ শোধনাগাৰত নিষেধাজ্ঞা জাৰি

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; চীনৰ শোধনাগাৰত নিষেধাজ্ঞা জাৰি

ইৰাণৰ ওপৰত হেঁচা বৃদ্ধিৰ অভিযানৰ মাজতে আমেৰিকাই চীনত থকা এটা শোধনাগাৰ আৰু ইৰাণৰ তেল ব্যৱসায়ৰ সৈতে জড়িত কেইবাখনো জাহাজত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইৰাণৰ সৈতে সংঘাতৰ মাজতে চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ড’নাল্ড ট্ৰাম্পে।চীনত অৱস্থিত এটা শোধনাগাৰ আৰু ইৰাণৰ তেল বাণিজ্যৰ সৈতে জড়িত কেইবাখনো জাহাজৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে।ইয়াৰ উদ্দেশ্য হৈছে ইৰাণৰ তেলৰ ৰাজহৰ ওপৰত হেঁচা বৃদ্ধি কৰা। আমেৰিকাৰ কোষাগাৰ বিভাগে কৈছে যে, তেওঁলোকৰ বিদেশী সম্পত্তি নিয়ন্ত্ৰণৰ কাৰ্যালয়ে ‘হেংলি পেট্ৰ’কেমিকেল (ডালিয়ান) শোধনাগাৰ কোম্পানী লিমিটেড’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

বিভাগটোৰ মতে,এই কোম্পানীটো ইৰাণৰ পৰা অহা খাৰুৱা তেল আৰু পেট্ৰলিয়াম সামগ্ৰীৰ অন্যতম বৃহৎ ক্ৰেতা।কোষাগাৰ সচিব স্কট বেছাণ্টে কয়,অৰ্থনৈতিক নিষেধাজ্ঞাই ইৰাণৰ শাসন ব্যৱস্থাত আৰ্থিক ফান্দ কটকটীয়া কৰি তুলিছে,মধ্যপ্ৰাচ্যত তেওঁৰ আগ্ৰাসনক ৰোধ কৰিছে,আৰু ইয়াৰ পাৰমাণৱিক উচ্চাকাংক্ষাক ৰোধ কৰাত সহায় কৰিছে।এই অভিযানত প্ৰায় ৪০টা জাহাজ কোম্পানী আৰু জাহাজকো লক্ষ্য কৰি লোৱা হৈছে,যিবোৰক ইৰাণৰ তথাকথিত “ছাঁয়া বহৰ”ৰ অংশ বুলি গণ্য কৰা হয়।

আমেৰিকাই কয় যে এই জাহাজসমূহে সমগ্ৰ বিশ্বতে তেল আৰু পেট্ৰ’কেমিকেল সামগ্ৰী পৰিবহণ কৰে,যাৰ পৰা ইৰাণ চৰকাৰে ধন লাভ কৰে।স্কট বেছাণ্টেও কৈছে যে, ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাই পূৰ্বেও সেই জাহাজবোৰ,মধ্যভোগী আৰু ক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব,যিসকলে ইৰাণৰ তেল বিশ্বৰ বজাৰলৈ পৰিবহণ কৰাত সহায় কৰে।তেওঁ সকীয়াই দিয়ে যে যি সকল ব্যক্তি বা জাহাজে এই কামত অংশ হ’ব, তেওঁলোকে আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।  

লগতে পঢ়ক: ট্ৰাম্প প্ৰশাসনত মোক্ষম আঘাত! নৌসেনাৰ সচিব জন ফেলেনৰ পদত্যাগ