ট্ৰাম্প প্ৰশাসনত মোক্ষম আঘাত! নৌসেনাৰ সচিব জন ফেলেনৰ পদত্যাগ
আমেৰিকাৰ নৌসেনাৰ শীৰ্ষ অসামৰিক বিষয়া জন ফেলেনে হঠাতে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। বুধবাৰে পেন্টাগনে এই কথা নিশ্চিত কৰিছে ।
আমেৰিকাৰ নৌসেনা সন্দৰ্ভত এক ডাঙৰ খবৰ আহিছে।আমেৰিকাৰ নৌসেনাৰ শীৰ্ষ অসামৰিক বিষয়া জন ফেলেনে হঠাতে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। বুধবাৰে পেন্টাগনে এই কথা নিশ্চিত কৰিছে।পেন্টাগনৰ মুখপাত্ৰ শ্বেন পাৰ্নেলে কয় যে ফেলনে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰশাসন এৰিব।
যদিও তেওঁৰ পদত্যাগৰ আঁৰৰ কাৰণ স্পষ্ট হোৱা নাই,অৱশ্যে এই সিদ্ধান্ত হঠাৎ লোৱা বুলি অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৩ এপ্ৰিলত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ নিৰ্দেশত আমেৰিকাৰ সেনাৰ মুৰব্বী জেনেৰেল ৰেণ্ডী জৰ্জে পদত্যাগ কৰে।
এই পদত্যাগ ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা সামৰিক উত্তেজনা আৰু ট্ৰাম্প প্ৰশাসনৰ সময়ত পেন্টাগনৰ ভিতৰত সংঘটিত হোৱা এক বৃহৎ গাঁথনিগত পৰিৱৰ্তন হিচাপে দেখা গৈছে।জন ফেলানৰ পদত্যাগ এনে এটা সময়ত আহিছে যেতিয়া আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে নেতৃত্ব পৰ্যায়ত নিৰন্তৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। তেওঁৰ পদত্যাগে নৌসেনাৰ প্ৰশাসনিক আৰু কৌশলগত সিদ্ধান্ততো প্ৰভাৱ পেলাব পাৰে।
লগতে পঢ়ক: ‘আছিম মুনীৰে ট্ৰাম্পৰ গোলামী কৰি আছে’; পাকিস্তানৰ দুমুখীয়া চৰিত্ৰক লৈ ক্ষোভ ইৰাণৰ

