“আলোচনা তেতিয়াহে হ’ব যেতিয়া...”;ইছলামাবাদত আলোচনাৰ পূৰ্বে আমেৰিকাক চৰ্ত ইৰাণৰ

“আলোচনা তেতিয়াহে হ’ব যেতিয়া…”; ইছলামাবাদত আলোচনাৰ পূৰ্বে আমেৰিকাক  চৰ্ত ইৰাণৰ

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ সৈতে আলোচনা তেতিয়াহে হ’ব, যেতিয়া দুটা চৰ্ত পূৰণ কৰিব । মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে কূটনৈতিক আলোচনাৰ সন্দৰ্ভত দৃঢ় স্থিতি গ্ৰহণ কৰিছে।শান্তি আলোচনাৰ ঠিক আগতেই ইৰাণে আমেৰিকাক দুটা চৰ্ত দাখিল কৰিছে।ইৰাণৰ সংসদৰ অধ্যক্ষ

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ সৈতে আলোচনা তেতিয়াহে হ’ব, যেতিয়া দুটা চৰ্ত পূৰণ কৰিব ।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে কূটনৈতিক আলোচনাৰ সন্দৰ্ভত দৃঢ় স্থিতি গ্ৰহণ কৰিছে।শান্তি আলোচনাৰ ঠিক আগতেই ইৰাণে আমেৰিকাক দুটা চৰ্ত দাখিল কৰিছে।ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে কয় যে- যেতিয়ালৈকে মূল চৰ্ত দুটা পূৰণ নহয়, তেতিয়ালৈকে কোনো প্ৰকাৰৰ আলোচনা সম্ভৱ নহয়। ইফালে শান্তি আলোচনা বিফল হ’লে আমেৰিকাই আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে গালিবাফে কয় যে,  আলোচনা আৰম্ভ হোৱাৰ আগতে দুয়োপক্ষৰ মাজত পাৰস্পৰিক সহমতত নিৰ্ধাৰিত কৰা দুটা অত্যাৱশ্যকীয় বিষয় সমাধান কৰিব লাগিব।প্ৰথমতে—লেবাননত তাৎক্ষণিক আৰু ফলপ্ৰসূ যুদ্ধবিৰতি কাৰ্যকৰী কৰিব লাগিব,আৰু দ্বিতীয়তে—ইৰাণৰ ব্লক কৰা ধন মুকলি কৰা হওক। এই দুটা চৰ্ত পূৰণ হোৱাৰ পিছতহে আলোচনা প্ৰক্ৰিয়া আগবাঢ়িব পাৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। অৰ্থাৎ ইৰাণে আলোচনাৰ পূৰ্বে কোনো ধৰণৰ ৰেহাই দিয়াৰ যে মুডত নাই সেয়া স্পষ্ট হৈ পৰিছে আৰু ইয়াৰ স্থিতি আৰু কঠোৰ হৈ পৰিছে।

মন কৰিবলগীয়া যে এই মন্তব্য তেতিয়া প্ৰকাশ কৰিছে, যেতিয়া শনিবাৰে পাকিস্তানত আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ কথা নিশ্চিত হৈছে।

লগতে পঢ়ক: ইৰাণৰ সৈতে শান্তি আলোচনাৰ বাবে পাকিস্তানলৈ ৰাওনা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি

শেহতীয়া প্ৰৱন্ধসমূহ