পাকিস্তানৰ ৰাজধানী ইছলামবাদত ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি আলোচনা অনুষ্ঠিত হ’ব। আমেৰিকাৰ হৈ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে আলোচনাৰ নেতৃত্ব দিব। যাৰ বাবে পাকিস্তানলৈ ৰাওনা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি গৰাকী।
শুকুৰবাৰে পাকিস্তানৰ ইছলামবাগলৈ ৰাওনা হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স,য’ত তেওঁলোকে ইৰাণৰ সৈতে শান্তি আলোচনাৰ নেতৃত্ব দিব।এয়াৰ ফৰ্চ টুত উঠাৰ পূৰ্বে তেওঁ কয়, আলোচনাক লৈ আমি উৎসাহিত হৈ আছো।মই ভাবো এইটো ইতিবাচক হৈ থাকিব যদিও ইয়াৰ পিছত কি হ’ব আমি চাব লাগিব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উদ্ধৃতিৰে ভ্যান্সে কয়, ‘যদি ইৰাণে সৎভাৱে আলোচনা কৰিবলৈ ইচ্ছুক, তেন্তে আমিও মুকলি হৃদয়েৰে আগবাঢ়ি যাম। কিন্তু যদি তেওঁলোকে আমাৰ লগত খেল খেলিবলৈ চেষ্টা কৰে তেন্তে আমাৰ দলটোৱে ইমান সহজ নহয়৷
মন কৰিবলগীয়া যে এই আলোচনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশেষভাৱে নিজৰ ঘনিষ্ঠ সহযোগী ভেন্সক বাছনি কৰিছে।ইৰাণৰ সৈতে হোৱা যুদ্ধক লৈ ভ্যান্সে কেইবাবাৰো সংশয় প্ৰকাশ কৰিছে আৰু ট্ৰাম্পে আশা কৰিছে যে তেওঁ ছয় সপ্তাহ পূৰ্বে আৰম্ভ হোৱা যুদ্ধৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰিব পাৰিব।
লগতে পঢ়ক: “সাপক বিশ্বাস কৰিব পাৰিলেও বিজেপিক বিশ্বাস কৰিব নোৱাৰি’; মমতা বেনাৰ্জী









