ইৰাণৰ সৈতে শান্তি আলোচনাৰ বাবে পাকিস্তানলৈ ৰাওনা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি

পাকিস্তানৰ ৰাজধানী ইছলামবাদত ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি আলোচনা অনুষ্ঠিত হ’ব। আমেৰিকাৰ হৈ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে আলোচনাৰ নেতৃত্ব দিব। যাৰ বাবে পাকিস্তানলৈ ৰাওনা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি গৰাকী।

শুকুৰবাৰে পাকিস্তানৰ ইছলামবাগলৈ ৰাওনা হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স,য’ত তেওঁলোকে ইৰাণৰ সৈতে শান্তি আলোচনাৰ নেতৃত্ব দিব।এয়াৰ ফৰ্চ টুত উঠাৰ পূৰ্বে তেওঁ কয়, আলোচনাক লৈ আমি উৎসাহিত হৈ আছো।মই ভাবো এইটো ইতিবাচক হৈ থাকিব যদিও ইয়াৰ পিছত কি হ’ব আমি চাব লাগিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উদ্ধৃতিৰে ভ্যান্সে কয়, ‘যদি ইৰাণে সৎভাৱে আলোচনা কৰিবলৈ ইচ্ছুক, তেন্তে আমিও মুকলি হৃদয়েৰে আগবাঢ়ি যাম। কিন্তু যদি তেওঁলোকে আমাৰ লগত খেল খেলিবলৈ চেষ্টা কৰে তেন্তে আমাৰ দলটোৱে ইমান সহজ নহয়৷

মন কৰিবলগীয়া যে এই আলোচনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশেষভাৱে নিজৰ ঘনিষ্ঠ সহযোগী ভেন্সক বাছনি কৰিছে।ইৰাণৰ সৈতে হোৱা যুদ্ধক লৈ ভ্যান্সে কেইবাবাৰো সংশয় প্ৰকাশ কৰিছে আৰু ট্ৰাম্পে আশা কৰিছে যে তেওঁ ছয় সপ্তাহ পূৰ্বে আৰম্ভ হোৱা যুদ্ধৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰিব পাৰিব।  

লগতে পঢ়ক: “সাপক বিশ্বাস কৰিব পাৰিলেও বিজেপিক বিশ্বাস কৰিব নোৱাৰি’; মমতা বেনাৰ্জী

আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে; ১৫২টা ভোটৰ ব্যৱধানত জয়লাভ

আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে

দেশৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চি পি ৰাধাকৃষ্ণনক ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰাব।

মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি ৰাধাকৃষ্ণনে জয়লাভ কৰে।মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণন।

ৰাজ্যসভাৰ মহাসচিব তথা ৰিটাৰ্নিং অফিচাৰ পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে, ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰিছে,যাৰ ৯৮.২ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে।

লগতে পঢ়ক: ‘হাইড্ৰজেন বোমা আহিব, সকলো মচি পেলোৱা হ’ব’; ৰায়বৰেলীত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য

উপ ৰাষ্ট্ৰপতি নিৰ্বাচন : ভোটগ্ৰহণৰ পিছত আৰম্ভ ভোটগণনা, কিছু সময় পিছতে ঘোষণা হ’ব ফলাফল

উপ ৰাষ্ট্ৰপতি নিৰ্বাচন

মঙলবাৰে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি প্ৰায় আটাইকেইজন সাংসদে ভোটদান কৰে । এতিয়া ভোটদান শেষ হোৱাৰ পিছত ভোটগণনা আৰম্ভ হৈছে ।

উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী চি.পি. ৰাধাকৃষ্ণনে বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীৰ সৈতে প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা কৰিছে । দেশৰ ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয়ত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সদস্য (বৰ্তমান পাঁচখন আসন খালী), ১২ জন মনোনীত সদস্য আৰু ৫৪৩ জন নিৰ্বাচিত সদস্য (বৰ্তমান এখন আসন খালী) থাকে । নিৰ্বাচনী মহাবিদ্যালয়খনত মুঠ ৭৮৮ জন সদস্য আছে (বৰ্তমান ৭৮১ জন সদস্য) ।

বিজু জনতা দল (বিজেডি), ভাৰত ৰাষ্ট্ৰ সমিতি আৰু শিৰোমণি আকালি দলে নিৰ্বাচনৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এনে পৰিস্থিতিত মুঠ ভোটদানৰ সংখ্যা হ’ব পাৰে প্ৰায় ৭৭০টা । মঙলবাৰে পুৱা ১০ বজাৰ পৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজাত শেষ হয় । সন্ধিয়াৰ ভিতৰত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগানৰ সৈতে সংসদ ভৱনৰ ১০১ নং কোঠাত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মোদীয়ে ভোটদান কৰে । বানপীড়িত হিমাচল প্ৰদেশ আৰু পঞ্জাৱ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মোদীয়ে ‘এক্স’ৰ এটা পোষ্টত কয় যে, “২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান কৰা হৈছে ।”

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু চৈয়দ নাছিৰ হুছেইনেও পুৱাতে ভোটদান কৰে ।

হুইল চেয়াৰত উঠি ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৯২ বছৰীয়া দেৱগৌড়া । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে হাতে হাতে ধৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজ কাঢ়ি যোৱা দেখা যায় । সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, জাতীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰ, এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেছিকে ধৰি বহু নেতাইও ভোটদান কৰে ।

লগতে পঢ়ক : আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা

জগদীপ ধনখড়ৰ বিৰুদ্ধে ৰাজ্যসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ !

ৰাজ্যসভাত অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে অনাস্থা প্ৰস্তাৱ । বিৰোধীয়ে উচ্চ সদনত এই সন্দৰ্ভত জাননী দিছে । বিৰোধী দলসমূহে মঙলবাৰে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে অনুচ্ছেদ ৬৭বিৰ অধীনত জাননী দিছিল । জাননীখন ৰাজ্যসভাৰ মহাসচিব পি চি মোদীক হস্তান্তৰ কৰা হৈছে । ইয়াৰ পূৰ্বে, সোমবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিৰোধী দলসমূহৰ নেতাসকলৰ মাজত সংঘৰ্ষ শীৰ্ষত উপনীত হয় । সংঘৰ্ষৰ পিছত, বিৰোধীয়ে ধনখড়ক তেওঁৰ কাৰ্যকালৰ পৰা আঁতৰাবলৈ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয় ।

সূত্ৰ অনুসৰি, কংগ্ৰেছ, আৰ জে ডি, টি এম চি, চি পি আই, চি পি আই-এম, জে এম এম, আপ, ডি এম কে-কে ধৰি প্ৰায় ৬০ জন বিৰোধী সাংসদে জাননীখনত স্বাক্ষৰ কৰিছে । বিৰোধী দল আৰু ৰাজ্যসভাৰ অধ্যক্ষৰ মাজত চলি থকা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ নেতৃত্বত জাননীখন আহিছিল । উপ ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰিবলৈ নিম্নতম প্ৰয়োজনীয় ভোটৰ সংখ্যা হৈছে ৫০ ।

প্ৰকৃততে, বিৰোধী বহুতো বিষয়ত ধনখৰৰ ওপৰত ক্ষোভিত । শেহতীয়াকৈ তেওঁ শাসকীয় দলৰ সদস্যসকলক উচ্চ সদনত কংগ্ৰেছ-ছৰোছ সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিবলৈ অনুমতি দিছিল । কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিঙে ৰাজ্যসভাৰ অধ্যক্ষক পক্ষপাতদুষ্ট বুলি অভিযোগ কৰিছিল । চলিত বৰ্ষৰ আগষ্ট মাহৰ আৰম্ভণিতে, বিৰোধী মিত্ৰজোঁটৰ দলসমূহে উপ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে জাননী দিয়াৰ কথা বিবেচনা কৰিছিল । 

সংবিধানৰ অনুচ্ছেদ ৬৭ (খ) অনুসৰি, ৰাজ্যসভাৰ তদানীন্তন সকলো সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা ৰাজ্যসভাৰ দ্বাৰা গৃহীত এক প্ৰস্তাৱৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতিক তেওঁৰ কাৰ্যালয়ৰ পৰা আঁতৰ কৰিব পাৰি । ইয়াৰ উপৰিও, লোকসভাৰ সেউজ সংকেতো পাব লাগে ।