ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা অব্যাহত আছে,যুদ্ধবিৰতিৰ সময়সীমা শেষ হোৱাৰ পাছতো দুয়োখন দেশে নিজ নিজ স্থিতিত অটল হৈ আছে। এইবাৰ নাটোক সকীয়নি দিছে ট্ৰাম্পে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাটো দেশসমূহক পৰামৰ্শ দি কয়,”…ইৰাণক আপোনালোকে পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে।কাৰণ তেওঁলোকে ইয়াক ইজৰাইলৰ ওপৰত, মধ্যপ্ৰাচ্যত আৰু ইউৰোপতো অতি বেছিকৈ ব্যৱহাৰ কৰিব।আৰু মই ভাবো আমি পৰৱৰ্তী হ’ম,আৰু সেইটো কেতিয়াও হ’ব নোৱাৰে…তেওঁলোকৰ ১৫৯খন জাহাজ আছে।বৰ্তমান প্ৰতিখন জাহাজ সমুদ্ৰৰ তলত ডুব গৈছে…”। এই কথা কোৱাৰ পিছত ট্ৰাম্পে পুনৰবাৰ ইমানুৱেল মেক্ৰনক উপহাস কৰে, তেওঁ দাবী কৰে যে, আমি তেওঁলোকক ২৫০% শুল্ক দিয়াৰ ভাবুকি দি ঔষধৰ উচ্চ মূল্য গ্ৰহণ কৰিবলৈ বাধ্য কৰিলোঁ।
ট্ৰাম্পে কয় যে, ইৰাণে আমাৰ প্ৰত্যাশিত চুক্তিসমূহ মানি চলা নাই।আমি এইটো সঠিকভাৱে সম্পূৰ্ণ কৰিম আৰু তিনি বছৰৰ পাছতো আমি এই সমস্যাৰ সন্মুখিন হ’বলৈ অকালতে পিছুৱাই নাযাওঁ।তেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, আন বস্তুৰ দাম যথেষ্ট কম, কিন্তু পেট্ৰ’লৰ দাম বেছি।কিন্তু যেতিয়া সকলো শেষ হ’ব, তেন্তে আপোনাৰ ওচৰত ইৰাণৰ সৈতে পাৰমাণৱিক অস্ত্ৰমুক্ত এখন পৃথিৱী থাকিব।যদি আপুনি ইৰাণক পাৰমাণৱিক অস্ত্ৰ ৰখাৰ অনুমতি দিয়ে,তেতিয়া পৃথিৱীখন ভয়াৱহ বিপদত পৰিব।গতিকে, সেইটো হ’ব নোৱাৰে…”।









