“মোৰ আৰু ট্ৰাম্পৰ নীতি একে,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব”; নেতান্যাহু

ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থনৰ শলাগ লয় নেতান্যাহুৱে।নেতান্যাহুৱে কয় যে আমেৰিকা আৰু ইজৰাইলৰ অংশীদাৰিত্ব পূৰ্বতকৈ অধিক শক্তিশালী হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ পিছত ইৰাণ সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে মোৰ নীতি আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতি একেই,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব। নেতান্যাহুৱে কয় যে কালি দুয়োগৰাকী নেতাৰ মাজত হৰমুজ প্ৰণালী মুকলি কৰাৰ সম্ভাৱ্য চুক্তিৰ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পৰ্কীয় আগন্তুক আলোচনাও হয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য দি নেতান্যাহুৱে কয় ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে তেওঁ ট্ৰাম্পক ধন্যবাদ জনায়। ‘শ্বাগত হাআৰী’ আৰু ‘এপিক ফিউৰি’ৰ দৰে অভিযানৰ উদ্ধৃতি দি তেওঁ কয় যে এই অভিযানসমূহত আমেৰিকা আৰু ইজৰাইলী বাহিনীয়ে ইৰাণৰ ভাবুকিৰ বিৰুদ্ধে একেলগে কাম কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মতে, দুয়োজন নেতাই এই কথাত একমত যে ইৰাণৰ সৈতে যিকোনো চূড়ান্ত চুক্তি গ্ৰহণযোগ্য হ’ব যদিহে ইয়াৰ পাৰমাণৱিক ভাবুকি সম্পূৰ্ণৰূপে নাইকিয়া হয়। তেওঁ কয় যে, ইয়াৰ বাবে ইৰাণৰ পাৰমাণৱিক সমৃদ্ধিৰ সুবিধাসমূহ ধ্বংস কৰা আৰু ইয়াৰ ভূখণ্ডৰ পৰা সমৃদ্ধ পাৰমাণৱিক সামগ্ৰী আঁতৰোৱাটো প্ৰয়োজনীয়।

লগতে পঢ়ক: মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত

হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত

হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয় । আইজেনহাৱাৰ এক্সিকিউটিভ অফিচ বিল্ডিং-ৰ ওচৰৰ ১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এনডব্লিউ-ৰ সংযোগস্থলত প্ৰায় ৩০ জাই গুলীৰ শব্দ শুনা যায় । এই ঘটনাত এজন সন্দেহযুক্ত বন্দুকধাৰী আৰু এজন পথচাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰক উদ্ধৃতি দি চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি, সন্দেহযুক্ত আক্ৰমণকাৰীজনে হোৱাইট হাউচৰ বাহিৰত থকা এটা নিৰাপত্তা বুথক লক্ষ্য কৰি অতৰ্কিতে গুলীচালনা কৰিছিল । উক্ত বুথটোত আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকল কৰ্তব্যৰত অৱস্থাত আছিল । ছিক্ৰেট ছাৰ্ভিচৰ কৰ্মীসকলে লগে লগে আত্মৰক্ষাৰ্থে ওলোটাই গুলী চলায় আৰু ইয়াৰ ফলতে সন্দেহযুক্ত আক্ৰমণকাৰীজন গুলীবিদ্ধ হৈ আহত হয় । এই ক্ৰছফায়াৰৰ মাজত পৰি এজন সাধাৰণ পথচাৰীও আঘাতপ্ৰাপ্ত হয় । অৱশ্যে ছিক্ৰেট ছাৰ্ভিচৰ কোনো বিষয়া এই ঘটনাত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

এই আকস্মিক আক্ৰমণৰ পিছতে হোৱাইট হাউচ কমপ্লেক্সত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সমগ্ৰ এলেকাটোত সাময়িকভাৱে লকডাউন জাৰি কৰা হয় । এবিসি নিউজৰ খবৰ অনুসৰি, গুলীচালনাৰ খবৰ ওলোৱাৰ লগে লগে ছিক্ৰেট ছাৰ্ভিচে অতি ক্ষিপ্ৰতাৰে হোৱাইট হাউচৰ সমগ্ৰ উত্তৰ লন খালী কৰি দিয়ে ।

ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফবিআই-ৰ ৱাশ্বিংটন ফিল্ড অফিচে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) এটা পোষ্ট কৰি কয়, “আমাৰ ইউএছ ছিক্ৰেট ছাৰ্ভিচৰ সহযোগীসকলক সহায় কৰিবলৈ এফবিআই ৱাশ্বিংটন ফিল্ড অফিচৰ এটা দল হোৱাইট হাউচৰ ওচৰত হোৱা গুলী চালনাৰ স্থানত উপস্থিত হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।”

আনহাতে, ছিক্ৰেট ছাৰ্ভিচৰ তৰফৰ পৰাও এক বিবৃতিত জনোৱা হৈছে, “১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এন ডব্লিউৰ ওচৰত গুলী চালনাৰ বাতৰি সম্পৰ্কে আমি সজাগ আছো । মাটিত থকা আমাৰ কৰ্মীসকলৰ সহায়ত এই তথ্য আৰু অধিক নিশ্চিত কৰিবলৈ তদন্ত চলাই থকা হৈছে ।”

এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰা হয় । পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহাৰ পিছত হোৱাইট হাউচৰ সাময়িক লকডাউন প্ৰত্যাহাৰ কৰা হয় ।

এই অনাকাংক্ষিত হিংসাত্মক ঘটনাক লৈ আমেৰিকাৰ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমেৰিকাৰ কংগ্ৰেছমেন ৰেণ্ডী ফাইন-এ এক্সত পোষ্ট কৰি হোৱাইট হাউচত থকা সকলোৰে সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । আনহাতে, আমেৰিকাৰ প্ৰতিনিধি নেন্সি মেচে এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰি কয়, “আমেৰিকাত ৰাজনৈতিক হিংসাৰ কোনো স্থান নাই । দুৰ্ভাগ্যবশতঃ, ই আমাৰ দেশৰ বাবে এটা নতুন স্বাভাৱিক কথাত পৰিণত হৈছে । আমি এইবোৰ দেখি দেখি বিৰক্ত হৈ পৰিছো । আপুনি যিয়েই নহওক বা আপোনাৰ বিশ্বাস যিয়েই নহওক কিয়, হিংসা কেতিয়াও কোনো সমাধান হ’ব নোৱাৰে । এইয়া অতি শীঘ্ৰে বন্ধ হ’ব লাগে ।”

লগতে পঢ়ক : ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ পৰিকল্পনা; আই আৰ জি চিৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ পৰিকল্পনা; আই আৰ জি চিৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। আই আৰ জি চিৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীয়ে তেওঁক হত্যাৰ চেষ্টা চলাইছিল।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ পৰা ডাঙৰ খবৰ ওলাইছে ।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ উন্মোচিত হৈছে।ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীয়ে এই কথা প্ৰকাশ কৰিছে, যে তেওঁ কাচেম ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ মতে, আই আৰ জি চিৰ সৈতে জড়িত এজন অভিযুক্তই ইভাংকাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।ধৃত অভিযুক্তজনে ইভাংকাৰ ঘৰৰ মানচিত্ৰ লৈ ঘূৰি ফুৰিছিল।

মন কৰিবলগীয়া যে অভিযুক্তই ইৰাকৰ নাগৰিক মহম্মদ বাকৰ আল সাদি বুলি জানিব পৰা গৈছে।তেওঁ কাতাইব হিজবুল্লাহ নামৰ সংগঠনটোৰ জ্যেষ্ঠ সদস্য।সমগ্ৰ আমেৰিকাৰ বিভিন্ন স্থানত বিস্ফোৰণ সংঘটিত কৰিবলৈ সাজু হৈছিল কাতাইব হিজবুল্লাহ। এই আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ নিৰাপত্তা সংস্থাসমূহে আশংকা কৰিছে যে ট্ৰাম্পৰ পৰিয়ালৰ সদস্যক লক্ষ্য কৰি লোৱা হ’ব পাৰে।

প্ৰতিবেদন অনুসৰি ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৩২ বছৰীয়া মহম্মদ বেকাৰ সাদ দাউদ আল-সাদিয়ে।তেওঁৰ পৰা ইভাংকা ট্ৰাম্পৰ ফ্ল’ৰিডাস্থিত ঘৰৰ ব্লুপ্ৰিণ্টো উদ্ধাৰ কৰিছে সংস্থাটোৱে।আল-সাদিৰ উদ্দেশ্য আছিল ড্ৰোন আক্ৰমণত নিহত ইৰাণৰ সামৰিক সেনাধ্যক্ষ কাচেম ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱা।

ৱাশ্বিংটনত থকা ইৰাকৰ দূতাবাসৰ প্ৰাক্তন বিষয়া এন্টিফাদ কানবাৰে এটা সাক্ষাৎকাৰত কৈছিল যে, কাচেম ছলেমানীৰ হত্যাৰ পিছত আল-ছাদীয়ে মানুহক ইভাংকা ট্ৰাম্পক হত্যা কৰিব লাগে বুলি কৈ ঘূৰি ফুৰিছিল,যাতে ড’নাল্ড ট্ৰাম্পেও সেই আঘাত অনুভৱ কৰক, যি আঘাত তেওঁলোকে পাইছে। ইৰাকৰ নাগৰিক মহম্মদ বাঘেৰ সাদ দাউদ আল ছাদীয়ে কাছেম ছলেমানীৰ মৃত্যু হোৱা আমেৰিকাৰ ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল।তেওঁৱেই ইভাংকাক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল বুলি অভিযোগ উঠিছে।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ সম্ভাৱনা;  জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ সম্ভাৱনা;  জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

জুন মাহত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।

অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰিব ।১৫ জুনৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই বৈঠক ফ্ৰান্সৰ ইভিয়ান-লেছ-বেইনছত অনুষ্ঠিত হ’ব।ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে প্ৰধানমন্ত্ৰী মোদীক জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে।যদিও ভাৰত জি-৭ৰ সদস্য নহয়, তথাপিও ফ্ৰান্সে ইয়াক অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে।

১৬ মাহতকৈ অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে।জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ফ্ৰান্স ভ্ৰমণ কৰিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।সংস্থাটোৰ মতে, এই সন্মিলন ১৫ জুনৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত হ’ব।

শেহতীয়াকৈ ফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ভ্ৰমণ নিশ্চিত কৰি এক বিবৃতি প্ৰকাশ কৰিছে।এই বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জিন-ন’ৱেলৰ মাজত হোৱা কথোপকথনৰ মূল উল্লেখযোগ্য দিশসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছিল।এই কথা-বতৰা ফ্ৰান্সৰ Abbaye des Vaux-de-Cernay জি-৭ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত হৈছিল।

ফ্ৰান্স চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে:দুয়োগৰাকী মন্ত্ৰীয়ে এইটো কথাত আদৰণি জনায় যে ইভিয়ান শীৰ্ষ সন্মিলনত (১৫–১৭ জুন) প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰাটো নিশ্চিত।এই কথা মনত ৰাখি দুয়োজন মন্ত্ৰীয়ে জি-৭ৰ কামত ভাৰতৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।’  

লগতে পঢ়ক: পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

‘ইৰাণৰ একোৱেই নাথাকিব…’;উচ্চ পৰ্যায়ৰ বৈঠকত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ ইংগিত ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ কৌশল সন্দৰ্ভত নিৰাপত্তা বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ শীৰ্ষ বিষয়াৰ সৈতে সাক্ষাৎ কৰে।এক সূত্ৰৰ উদ্ধৃতি দি চিএনএনে নিজৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।ট্ৰাম্পে অনুষ্ঠিত কৰা এই বৈঠকৰ উদ্দেশ্য আছিল ইৰাণৰ সৈতে যুদ্ধ সন্দৰ্ভত ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা।

এই বৈঠকৰ ট্ৰাম্পৰ সেই মন্তব্যৰ এদিন পিছত হৈছিল,য’ত তেহৰাণক সতৰ্কবাণী জাৰি কৰি তেওঁ কয় যে তেওঁলোকে যিমান পাৰি সোনকালে ব্যৱস্থা ল’ব লাগিব আৰু অতি দ্ৰুতগতিত কৰিব লাগিব, অন্যথা তেওঁলোকৰ একোৱেই বাকি নাথাকিব।

দেওবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ট্ৰাম্পে লিখিছে- ইৰাণৰ বাবে ঘড়ীৰ কাটা এতি দ্ৰুতগতিত ঘূৰি আছে, আৰু তেওঁলোকে যিমান পাৰি সোনকালে দ্ৰুত পদক্ষেপ ল’ব লাগিব,”নহ’লে সিহঁতৰ একো নাথাকিব। সময় অতি মূল্যৱান।”

ৰাষ্ট্ৰপতিৰ ভাৰ্জিনিয়া স্থিত গল্ফ ক্লাবত অনুষ্ঠিত এই সভাত উপ-ৰাষ্ট্ৰপতি জে.ডি. ভ্যান্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’, চিআইএৰ সঞ্চালক জন ৰেটক্লিফ আৰু বিশেষ দূত ষ্টিভ উইটকফৰ দৰে নেতাও উপস্থিত আছিল। এই বৈঠকখন চীন ভ্ৰমণৰ পৰা ট্ৰাম্পে ৱাশ্বিংটনলৈ উভতি অহাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে অনুষ্ঠিত হয়।

লগতে পঢ়ক: ‘লাহে লাহে ধৈৰ্য্য হেৰুৱাইছো’; ইৰাণ সন্দৰ্ভত ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

‘লাহে লাহে ধৈৰ্য্য হেৰুৱাইছো’; ইৰাণ সন্দৰ্ভত ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে লাহে লাহে ধৈৰ্য্য হেৰুৱাইছো।

ইৰাণৰ সৈতে উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ কঠোৰ স্থিতি প্ৰদৰ্শন কৰিছে। ট্ৰাম্পে স্পষ্ট ভাষাৰে কয় যে এতিয়া আৰু তেওঁলোকে ইৰাণৰ সন্দৰ্ভত আৰু বিশেষ ধৈৰ্য্য প্ৰকাশ নকৰে।তেওঁৰ এই বক্তব্যৰ পিছতে আকৌ এবাৰ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে আমেৰিকাই বৃহৎ সামৰিক আক্ৰমণৰ বাবে সাজু হৈছে নেকি?

এটা সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পে কয় যে- “মই আৰু বেছি ধৈৰ্য্য ধৰিব নোৱাৰো। তেওঁলোকে চুক্তি কৰিব লাগে।” ট্ৰাম্পৰ এই বক্তব্য এনে এটা সময়ত প্ৰকাশ পাইছে, যি সময়ত আমেৰিকা আৰু ইৰাণৰ মাজত পাঁচ সপ্তাহতকৈও অধিক পুৰণি যুদ্ধবিৰতি এতিয়া অত্যন্ত দুৰ্বল অৱস্থাত আছে বুলি ধৰা হৈছে।

লগতে পঢ়ক: পশ্চিম এচিয়াত উত্তেজনা হ্ৰাসৰ বাবে ভাৰতৰ যিকোনো পদক্ষেপক আদৰণি জনাব ইৰানে: উপ-বৈদেশিক মন্ত্ৰী

ৰাষ্ট্ৰপতি ঝি জিনপিংক সাক্ষাৎ কৰিবলৈ চীনত উপস্থিত ডনাল্ড ট্ৰাম্প

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ সৈতে এক উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প বুধবাৰে চীনত উপস্থিত হয় । চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ সৈতে এক উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে । ২০১৭ চনৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে এয়া ট্ৰাম্পৰ প্ৰথম চীন ভ্ৰমণ ।

ভব্য আদৰণি-

ৰাষ্ট্ৰপতি ট্ৰাম্প বেইজিঙত উপস্থিত হোৱাৰ লগে লগে চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙে তেওঁক উষ্ম আদৰণি জনায় । এই সময়ত চীনত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিদ পাৰ্ডুৰ লগতে চৰকাৰী উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । যোৱা অক্টোবৰত বুছানত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে দুই বিশ্ব নেতা মুখামুখিকৈ মিলিত হ’ব ।

কৌশলগত আলোচনাৰ প্ৰস্তুতি-

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুঅ’ জিয়াকুনে এক সংবাদ মেলত জানিবলৈ দিয়ে যে এই ভ্ৰমণকালত দুই ৰাষ্ট্ৰপ্ৰধানে চীন-আমেৰিকা সম্পৰ্কৰ লগতে বিশ্ব শান্তি আৰু উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰিব । জিয়াকুনৰ মতে, “ৰাষ্ট্ৰপ্ৰধানসকলৰ কূটনৈতিক আলোচনা চীন-আমেৰিকা সম্পৰ্কৰ বাবে অপৰিহাৰ্য । আমি এক সুস্থিৰ বিশ্বৰ স্বাৰ্থত সমতা আৰু পাৰস্পৰিক সন্মানৰ মাজেৰে কাম কৰিবলৈ সাজু ।”

চীনৰ ‘চাৰিটা ৰঙা ৰেখা’-

ট্ৰাম্পৰ এই ভ্ৰমণৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা চীনৰ দূতাবাসে এক গুৰুত্বপূৰ্ণ স্থিতি স্পষ্ট কৰিছে । সামাজিক মাধ্যম ‘এক্স’ (X) যোগে দূতাবাসে জানিবলৈ দিয়ে যে চীন-আমেৰিকা সম্পৰ্কত এনে চাৰিটা স্পৰ্শকাতৰ বিষয় আছে যিবোৰক চীনে “চাৰিটা ৰঙা ৰেখা” (Four Red Lines) বুলি গণ্য কৰে । এই ৰেখা কেইটা হ’ল : ১/ টাইৱান প্ৰশ্ন ২/ গণতন্ত্ৰ আৰু মানৱাধিকাৰ ৩/ পথ আৰু ৰাজনৈতিক ব্যৱস্থা ৪/ চীনৰ উন্নয়নৰ অধিকাৰ ।

দূতাবাসে স্পষ্ট কৰি দিছে যে ১৩ মে’ৰ পৰা ১৫ মে’লৈ চলিবলগীয়া এই ভ্ৰমণকালত এই চাৰিটা বিশেষ বিষয়ত কোনো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণযোগ্য নহ’ব । এই ভ্ৰমণে বৰ্তমানৰ অস্থিৰ গোলকীয় ৰাজনীতিত কিদৰে স্থিৰতা আনে, তাৰ ওপৰত এতিয়া বিশ্ববাসীৰ চকু নিৱদ্ধ হৈছে ।

লগতে পঢ়ক : ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি

জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল আক্ৰমণ’; উভতাই আনিলে হাজাৰ হাজাৰ আমেৰিকান সেনা

জাৰ্মানীৰ ওপৰত ‘ডাবল এটেক’ আৰম্ভ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে ৫ হাজাৰৰো অধিক সৈন্য প্ৰত্যাহাৰ আৰু ইউৰোপীয় বাহনৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

জাৰ্মানীৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি আকৌ এবাৰ কঠিন যেন লাগিছে।তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে জাৰ্মানীত নিয়োজিত আমেৰিকান সৈন্যৰ সংখ্যা কেৱল ৫ হাজাৰত সীমাবদ্ধ নাথাকিব বৰঞ্চ ইয়াতকৈ বহু বেছি কৰ্তন কৰা হ’ব। অৰ্থাৎ ৫,০০০ সৈন্য প্ৰত্যাহাৰৰ সৈতে আৰম্ভ হোৱা প্ৰক্ৰিয়াটো আগলৈ আৰু বেছি হ’ব পাৰে।ট্ৰাম্পে কয় যে, ৫ হাজাৰৰ অংকটো বহুত সৰু,আমি ইয়াতকৈ বহু বেছি সৈন্য প্ৰত্যাহাৰ কৰিবলৈ ওলাইছো, আৰু আমি সেনাবাহিনীত কৰ্তন কৰিম।’

আচৰিত কথাটো হ’ল যে পেন্টাগনে নিজেই প্ৰথম অৱস্থাত মাত্ৰ ৫ হাজাৰ সৈন্যৰ কথা কৈছিল,অৱশ্যে ট্ৰাম্পৰ এই শেহতীয়া বক্তব্যই সকলোকে চিন্তিত কৰি তুলিছে। আনকি আমেৰিকাৰ ভিতৰতো এই সিদ্ধান্তৰ বিৰোধিতা আৰম্ভ হৈছে। বহু বিশিষ্ট নেতাই কৈছে যে যদি আমেৰিকান সৈন্যই জাৰ্মানী এৰি যায়, তেন্তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে নিজৰ শক্তি প্ৰদৰ্শনৰ স্পষ্ট সুযোগ পাব।বিশেষকৈ তেতিয়া, যেতিয়া ইউক্ৰেন আৰু ৰাছিয়াৰ যুদ্ধৰ ৫ বছৰ সম্পূৰ্ণ হ’বলৈ ওলাইছে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে ইউৰোপ ইউনিয়নৰ গাড়ী আৰু ট্ৰাকৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ কথাও ঘোষণা কৰিছিল।যাৰ প্ৰভাৱ বিশেষকৈ জাৰ্মানীৰ ওপৰত পৰিব পাৰে। ট্ৰাম্পৰ অসন্তুষ্টিৰ কাৰণ হৈছে বাণিজ্যিক চুক্তিসমূহ সঠিকভাৱে পালন নকৰা।তেওঁ মুকলিকৈ কৈছে যে ইউৰোপীয় সংঘই প্ৰতিশ্ৰুতি পালন কৰা নাই।গতিকে অহা সপ্তাহৰ পৰা তাত নিৰ্মিত গাড়ী আৰু ট্ৰাকসমূহৰ ওপৰত ২৫% কৰ আৰোপ কৰা হ’ব।এই সিদ্ধান্ত বাহন নিৰ্মাণৰ বাবে পৰিচিত জাৰ্মানীৰ বাবে মোক্ষম আঘাত বুলিব পাৰি।

লগতে পঢ়ক: তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাইঃ ইৰানৰ ১৪ দফীয়া প্ৰস্তাৱ মানি ল’বলৈ অমান্তি ট্ৰাম্প

তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাইঃ ইৰানৰ ১৪ দফীয়া প্ৰস্তাৱ মানি ল’বলৈ অমান্তি ট্ৰাম্প

ট্ৰাম্পে কয় মই অতি সোনকালে ইৰানে আমাক পঠোৱা পৰিকল্পনাটো পৰ্যালোচনা কৰিম কিন্তু মই কল্পনা কৰিব নোৱাৰো যে ই গ্ৰহণযোগ্য হ’ব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শনিবাৰে কয় যে তেওঁ ইৰানৰ পৰা শেহতীয়াকৈ লাভ কৰা এটা নতুন প্ৰস্তাৱ পৰ্যালোচনা কৰি আছে । অৱশ্যে ইয়াৰ ফলাফলক লৈ তেওঁ গভীৰ সন্দেহ প্ৰকাশ কৰি যুক্তি দিছে যে তেহৰানে নিজৰ অতীতৰ কৰ্মৰ বাবে এতিয়ালৈকে “উপযুক্ত মূল্য ভৰা নাই”।

ট্ৰুথ ছ’চিয়েলত কৰা এটা পোষ্টত ট্ৰাম্পে কয়, “মই অতি সোনকালে ইৰানে আমাক পঠোৱা পৰিকল্পনাটো পৰ্যালোচনা কৰিম, কিন্তু মই কল্পনা কৰিব নোৱাৰো যে ই গ্ৰহণযোগ্য হ’ব । কাৰণ যোৱা ৪৭ বছৰত তেওঁলোকে মানৱতা আৰু বিশ্বৰ প্ৰতি যি কৰিছে, তাৰ বাবে তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাই ।”

ফ্ল’ৰিডাত এয়াৰ ফৰ্চ ৱানত উঠাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ কিছু সময়ৰ পিছতে এই পোষ্টটো পোহৰলৈ আহে । তাত সাংবাদিকসকলে তেওঁক এই ১৪ দফীয়া প্ৰস্তাৱটো দেখিছে নেকি বুলি সোধাত তেওঁ উত্তৰ দিয়ে, “নাই, মই দেখা নাই । মই ইয়াত (বিমানত) চাই আছো ।” তেওঁ লগতে কয়, “হয়, মই আপোনালোকক এই বিষয়ে পিছত জনাম ।”

ইৰানৰ সৈতে কোনো চুক্তিত আৱদ্ধ হোৱাতকৈ আমেৰিকাই ইয়াৰ পৰা আঁতৰি থকাই ভাল হ’ব বুলি তেওঁ পূৰ্বে কৰা মন্তব্যৰ কথা সাংবাদিকসকলে সোঁৱৰাই দিয়াত ট্ৰাম্পে সেই কথা অস্বীকাৰ কৰে । তেওঁ কয়, “মই তেনেদৰে কোৱা নাছিলোঁ । মই কৈছিলোঁ যে যদি আমি এতিয়া গুচি যাওঁ, তেন্তে তেওঁলোকক পুনৰ নিৰ্মাণ কৰিবলৈ ২০ বছৰ সময় লাগিব । কিন্তু আমি এতিয়াই গুচি যোৱা নাই । আমি এইটো এনেকৈ সমাধান কৰিম যাতে কোনেও ২ বছৰ বা ৫ বছৰৰ পিছত আকৌ ঘূৰি আহিবলগীয়া নহয় ।” প্ৰস্তাৱটোৰ বিষয়ে পুনৰ সোধাত তেওঁ কয়, “তেওঁলোকে মোক চুক্তিখনৰ ধাৰণাটোৰ বিষয়ে জনাইছে । এতিয়া তেওঁলোকে মোক ইয়াৰ সঠিক শব্দবোৰ দিব ।”

তথ্য অনুসৰি, ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰক এখন ১৪ দফীয়া আঁচনি দাখিল কৰিছে, য’ত লেবাননকে ধৰি সকলো মোৰ্চাতে “যুদ্ধ সমাপ্ত কৰা”ৰ লক্ষ্যৰে এক ব্যাপক গাঁথনিৰ ৰূপৰেখা দাঙি ধৰা হৈছে । এই প্ৰস্তাৱটো ৱাশ্বিংটনে পূৰ্বে প্ৰেৰণ কৰা ন দফীয়া আঁচনিৰ প্ৰত্যুত্তৰত আহিছে, য’ত কথিতভাৱে যুদ্ধবিৰতিৰ বাবে দুমাহৰ সময়সীমা অন্তৰ্ভুক্ত কৰা হৈছিল । অৱশ্যে ইৰানে কোনো বৰ্ধিত অন্তৱৰ্তীকালীন ব্যৱস্থা নাকচ কৰিছে বুলি কোৱা হৈছে । তেওঁলোকে ইয়াৰ পৰিৱৰ্তে ৩০ দিনৰ ভিতৰত এক পূৰ্ণাংগ সমাধান আৰু সাময়িক যুদ্ধবিৰতিৰ পৰিৱৰ্তে স্থায়ীভাৱে “যুদ্ধৰ অন্ত” পেলোৱাৰ ওপৰত জোৰ দিছে ।

প্ৰতিবেদন অনুসৰি, ইৰানৰ প্ৰস্তাৱত দৃঢ় সুৰক্ষা গেৰাণ্টি অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে ইৰানৰ বিৰুদ্ধে ভৱিষ্যতে যিকোনো সামৰিক আগ্ৰাসন নিষিদ্ধ কৰিব আৰু ইৰানৰ “চুবুৰীয়া পৰিৱেশ”ৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন হ’ব । ইয়াত বিদ্যমান নৌ-নিষেধাজ্ঞা আৰু অৱৰোধ প্ৰত্যাহাৰ কৰাৰ লগতে বিদেশত থকা ইৰানৰ জব্দ কৰা সম্পত্তি মুকলি কৰি দিয়া আৰু নিষেধাজ্ঞা তথা সামৰিক চাপৰ বাবে হোৱা ক্ষতিৰ ক্ষতিপূৰণৰো দাবী জনোৱা হৈছে ।

অৰ্থনৈতিকভাৱে এই পৰিকল্পনাত ইৰানৰ ওপৰত আৰোপ কৰা আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো নিষেধাজ্ঞা সম্পূৰ্ণৰূপে আঁতৰোৱাৰ দাবী কৰা হৈছে । আঞ্চলিকভাৱে এই প্ৰস্তাৱটো ইৰান-আমেৰিকাৰ উত্তেজনাৰ বাহিৰলৈও বিস্তৃত হৈছে আৰু ইয়াত “সকলো মৰ্চাতে যুদ্ধ”ৰ সমাপ্তি ঘটাবলৈ কোৱা হৈছে, য’ত স্পষ্টভাৱে লেবাননৰ সংঘাতকো অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি