শনিবাৰে নিশা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগত হোৱা গুলীচালনাৰ ঘটনাক লৈ ট্ৰাম্পে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰত গুলীচালনাৰ ঘটনাৰ পিছত এক সাক্ষাৎকাৰ দিয়ে।তেওঁ কয় যে, ‘যেতিয়া গুলীচালনা হৈছিল তেতিয়া মই মাটিত শুই দিছিলো।নিৰাপত্তা বাহিনীক তাৎক্ষণিকভাৱে সক্ৰিয় কৰাৰ কথা ট্ৰাম্পে কয় যে মই চাব বিচাৰিছিলো যে আচলতে কি হৈছে, আৰু মই তেওঁলোকৰ বাবে সহজ কৰি দিয়া নাছিলো।ভাল মানুহবোৰে মোক আগুৰি ধৰিছিল আৰু হয়তো মই তেওঁলোকক অলপ লাহে লাহে কাম কৰিবলৈ বাধ্য কৰালোঁ’।
সাক্ষাৎকাৰটোত ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল, “আপুনি জানেনে যে আপুনি শ্বুটাৰৰ লক্ষ্যত আছিল?” ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে, ‘মই জনা নাছিলো। মই এখন ইস্তাহাৰ পঢ়িলোঁ৷তেওঁ উগ্ৰপন্থী আছিল। তেওঁ খ্ৰীষ্টান বিশ্বাসী আছিল, আৰু তাৰ পিছত তেওঁ খ্ৰীষ্টান বিৰোধী হৈ পৰিছিল আৰু ইয়াৰ এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয় যে, আঘাতৰ বাবে মোৰ চিন্তা নাছিল।মই জীৱনটো বুজি পাওঁ।আমি পাগলৰে ভৰা এখন পৃথিৱীত বাস কৰোঁ’।
লগতে পঢ়ক: কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ,ভিডিঅ’ গেম ডেভেলপাৰ; কোন হয় ট্ৰাম্পক লক্ষ্য কৰি লোৱা যুৱক









