পুনৰ ট্ৰাম্পৰ ভাবুকি; ইৰাণৰ সৈতে ব্যৱসায় কৰিলে দিব লাগিব ২৫% শুল্ক

আমেৰিকাই ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশেই ইয়াৰ মূল্য দিব লাগিব বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে।আমেৰিকাই এনে দেশৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে,যদি কোনো দেশে ইৰাণৰ সৈতে ব্যৱসায় কৰে তেন্তে তেওঁলোকে আমেৰিকাৰ সৈতে হোৱা প্ৰতিটো ব্যৱসায়ৰ ওপৰত ২৫ শতাংশ কৰ দিব লাগিব।তেওঁ কয় এই নিয়ম তৎক্ষণাত কাৰ্যকৰী হ’ব আৰু ইয়াত কোনো সালসলনি কৰা নহ’ব।

চীন, ব্ৰাজিল, তুৰ্কি, ৰাছিয়াৰ দৰে দেশৰ ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছে আৰু এই সিদ্ধান্তই এই দেশসমূহৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে।

ইয়াৰ পূৰ্বেও ট্ৰাম্পে কৈছিল যে, আমেৰিকাই ইৰাণৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে আৰু ইৰাণৰ বিৰোধী নেতাসকলৰ সৈতেও তেওঁ যোগাযোগত আছে।

ইৰাণত প্ৰতিবাদকাৰীৰ মৃত্যুক লৈ তেওঁ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সামৰিক ব্যৱস্থাৰ সকীয়াই দিয়ে, যাৰ ফলত চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি পায়।

অৱশ্যে সোমবাৰে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ প্ৰথম পছন্দ এতিয়াও আলোচনা হে।

তেওঁ কয় যে আক্ৰমণ কৰাটো নিশ্চিতভাৱে এটা বিকল্প, কিন্তু ৰাষ্ট্ৰপতিয়ে প্ৰথমে আলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে।

লগতে পঢ়ক: নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ; শ্বেয়াৰ কৰিলে ফটো

নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ; শ্বেয়াৰ কৰিলে ফটো

এইবাৰ নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ বুলি দাবী কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। সামাজিক মাধ্যমত বিশেষ ফটোৰে কৰিলে ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্ট শ্বেয়াৰ কৰি দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে।

এই পোষ্টটোত ট্ৰাম্পৰ অফিচিয়েল এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে বৰ্তমান তেওঁ ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’।

লগতে তেওঁ নিজকে আমেৰিকাৰ ৪৫ আৰু ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপেও পৰিচয় দিছে,যিয়ে ২০২৫ চনৰ ২০ জানুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

এই পোষ্টটো সেই সময়ত দিছে যেতিয়া আমেৰিকাই ভেনিজুৱেলাৰ বিৰুদ্ধে শেহতীয়াকৈ “বৃহৎ পৰিসৰৰ” সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছিলে।

এই তদন্তৰ সময়ত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ আনে আৰু এতিয়া তেওঁলোকক জিম্মাত লৈ নিউয়ৰ্কত নিচাযুক্ত সন্ত্ৰাসবাদৰ অভিযোগত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ট্ৰাম্পে কয় যে, আমেৰিকাই ভেনিজুৱেলাৰ ক্ষমতা তেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব যেতিয়ালৈকে তাত এটা নিৰাপদ,উচিত আৰু বুজাবুজিৰ উপায়েৰে ক্ষমতা পৰিৱৰ্তন নকৰে। তেওঁ দাবী কৰে যে আমেৰিকাই ভেনিজুৱেলাৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই দায়িত্ব পালন কৰিছে।

ইয়াৰ মাজতে, ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি তথা তেল মন্ত্ৰী ডেলচি ৰড্ৰিগেজে দেশৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে,কিন্তু ট্ৰাম্পৰ এই দাবীৰ পিছত সেই অন্তৱৰ্তীকালীন চৰকাৰৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

লগতে পঢ়ক: খোমেইনীৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই… লণ্ডনলৈয়ো বিয়পিছে প্ৰতিবাদ

ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেই নহ’ল ভাৰত-মাৰ্কিন বাণিজ্য চুক্তি…

প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ এটা ফোন নকৰাৰ বাবেই নহ’ল ভাৰত-আমেৰিকা বাণিজ্য চুক্তি । পূৰ্বে সহমতত উপনীত হোৱা এই চুক্তিৰ পৰা আমেৰিকা এতিয়া পিছুৱাই গৈছে বুলিও মন্তব্য কৰে লুটনিকে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেই নহ’ল ভাৰত-মাৰ্কিন বাণিজ্য চুক্তি । এই দাবী কৰিছে আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে । লুটনিকে এটা প’ডকাষ্টত কয়, “মই চুক্তিখন প্ৰায় চূড়ান্ত কৰিছিলো । কিন্তু ইয়াৰ বাবে এটা চৰ্ত আছিল যে, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক এটা ফোন কৰিব লাগিব । তেওঁলোক (ভাৰত) এই কথাত অস্বস্তিত পৰে । সেয়েহে মোদীয়ে ফোন কৰা নাছিল ।”

এটা প’ডকাষ্টত লুটনিক এই দাবী কৰি কয় যে তেওঁ প্ৰথমে আন দেশৰ সৈতে আলোচনা কৰিছিল কাৰণ তেওঁৰ বিশ্বাস আছিল যে, ভাৰতৰ সৈতে হোৱা বাণিজ্য চুক্তি প্ৰথমে চূড়ান্ত হ’ব ।

আমেৰিকাৰ বাণিজ্য সচিবগৰাকীৰ মতে, “অকপটে ক’বলৈ গ’লে এয়া ট্ৰাম্পৰ চুক্তি । এয়া তেওঁ চূড়ান্ত কৰে । সকলো ছেট হৈছিল, মাত্ৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক ফোন কৰিব লাগিছিল । ফোন কৰিবলৈ তেওঁ অস্বস্তি অনুভৱ কৰিছিল । গতিকে, মোদীয়ে ফোন কৰা নাছিল । সময় পাৰ হোৱাৰ পিছত, পৰৱৰ্তী সপ্তাহত আমি ইণ্ডোনেছিয়া, ফিলিপাইনছ, ভিয়েটনামৰ সৈতে চুক্তি কৰিলোঁ, আমি বহু চুক্তিৰ কথা ঘোষণা কৰিলোঁ ।”

ভাৰত আৰু আমেৰিকাই যি চৰ্তত বাণিজ্যিক চুক্তি চূড়ান্ত কৰিব লাগিছিল, সেই চৰ্তসমূহ এতিয়া ট্ৰেকত নাই বুলিও দাবী কৰে লুটনিকে । লুটনিকে কয় যে আমি পূৰ্বে সহমতত উপনীত হোৱা বাণিজ্যিক চুক্তিৰ পৰা আমেৰিকা পিছুৱাই গৈছে । আমি এতিয়া ইয়াৰ বিষয়ে বিবেচনা কৰা নাই ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিপাক্ষিক ৰুছ প্ৰতিবন্ধক বিধেয়কত অনুমোদন জনোৱাৰ এদিন পিছতে লুটনিকে এই মন্তব্য কৰিছে । এই বিধেয়কখনে ট্ৰাম্পক ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ৰাছিয়াৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত শাস্তি আৰোপ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে । ৰাছিয়াৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ভিতৰত আছে ভাৰত, চীন, ব্ৰাজিল । এই আইনখনৰ অধীনত আমেৰিকাই যিকোনো দেশৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ৫০০% শুল্ক আৰোপ কৰাৰ অধিকাৰ থাকিব যিয়ে ৰাছিয়াৰ পৰা তেল, পেট্ৰলিয়াম সামগ্ৰী বা ইউৰেনিয়াম ক্ৰয় কৰি থাকিব ।

লগতে পঢ়ক : ভাৰতৰ সৈতে সম্পৰ্কক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য; ক’লে— ‘প্ৰধানমন্ত্ৰী মোদী মোক লৈ সুখী নহয় কাৰণ…’

মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আক্ৰমণ কৰিব আমেৰিকাই! ড’নাল্ড ট্ৰাম্পে কৰিলে ঘোষণা

মেক্সিকোক এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ ঘোষণা কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিব লেণ্ড ষ্ট্ৰাইক ।

এইবাৰ মেক্সিকোত স্থল আক্ৰমণ চলাব বুলি প্ৰকাশ কৰিছে আমেৰিকাই।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছে যে,’আমি এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো’।

‘মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীয়ে শাসন কৰে।সেই দেশৰ অৱস্থা দেখি অতি দুখ লাগে,কিন্তু ড্ৰাগছ সৰবৰাহকাৰীয়ে শাসন কৰে আৰু তেওঁলোকে আমাৰ দেশত প্ৰতি বছৰে তিনি লাখ লোকক হত্যা কৰি আছে।’

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত দাবী কৰিছিল যে, ড্ৰাগছ সৰবৰাহৰ সাগৰীয় পথত আমেৰিকাই ডাঙৰ সফলতা লাভ কৰিছে আৰু এতিয়া ইয়াৰ গুৰুত্ব হ’ব স্থলপথৰ ওপৰত।

তেওঁ কয় যে, ‘আমি সাগৰৰ মাজেৰে অহা ৯৭ শতাংশ ড্ৰাগছ বন্ধ কৰি দিছো আৰু এতিয়া আমি কাৰ্টেলৰ বিৰুদ্ধে লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো।

মেক্সিকো ড্ৰাগছ কাৰ্টেলৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰ্টেলে মেক্সিকো চলাই আছে। এইটো বৰ দুখৰ কথা।সেই দেশখনৰ লগত কি হৈছে?

লগতে পঢ়ক: ইৰাণৰ ৰাজপথলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী; ইণ্টাৰনেট আৰু টেলিফোন সেৱা কৰ্তন

ইৰাণৰ ৰাজপথলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী; ইণ্টাৰনেট আৰু টেলিফোন সেৱা কৰ্তন

ইৰাণৰ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে প্ৰতিবাদ পুনৰ তীব্ৰতৰ হৈ পৰিছে।ৰাজধানী তেহৰাণকে ধৰি কেইবাখনো ডাঙৰ চহৰত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।

ইৰাণত মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ অব্যাহত আছে। এই প্ৰতিবাদ দেশখনৰ বহু চহৰলৈ বিয়পি পৰিছে।

ইৰাণৰ ৰাজধানী তেহৰাণকে ধৰি মাছহাদ আৰু ইছফাহানৰ দৰে ডাঙৰ চহৰত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ।

বৃহস্পতিবাৰে নিশা (৮ জানুৱাৰী) এই প্ৰতিবাদ অধিক হিংসাত্মক হৈ পৰে,যেতিয়া ইৰাণৰ নিৰ্বাসিত ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱীয়ে জনতাক ঘৰৰ পৰা ওলাই আহি ইছলামিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল।

ৰেজা পাহলৱীৰ এই আহ্বানৰ পিছতে বৃহৎ সংখ্যক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিল ।ইফালে ইৰাণ চৰকাৰে নিৰাপত্তা বাহিনী মোতায়েন কৰি পথ মুকলি কৰিছে।

ইৰাণৰ পৰা অহা ছবিসমূহে স্পষ্টভাৱে ইংগিত দিয়ে যে এতিয়া প্ৰতিবাদকাৰীসকলে খামেইনিৰ শাসনক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে।পৰিস্থিতি ইমানেই বেয়া হৈছে যে পথত গাড়ী জ্বলি থকা দেখা গৈছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ জনসাধাৰণক সমৰ্থন কৰি কয় যে,যদি তেওঁলোকৰ কণ্ঠ দমন কৰাৰ প্ৰয়াস কৰা হয়, আমি তেওঁলোকক এৰি নিদিও।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি ইৰাণৰ শাসনে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে টেলিফোন লাইনো কৰ্তন কৰিছে।

লগতে পঢ়ক: ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

ভাৰতৰ সৈতে সম্পৰ্কক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য; ক’লে— ‘প্ৰধানমন্ত্ৰী মোদী মোক লৈ সুখী নহয় কাৰণ…’

ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে এক উল্লেখযোগ্য বক্তব্য আগবঢ়াইছে । ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী মোদী এজন অতি ভাল মানুহ, তেওঁ জানে যে মই অসন্তুষ্ট ।

ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক উল্লেখযোগ্য বক্তব্য আগবঢ়াইছে । ট্ৰাম্পে উল্লেখ কৰে যে তেওঁ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত ভাল সম্পৰ্ক আছে যদিও বৰ্তমান মোদী তেওঁৰ ওপৰত অসন্তুষ্ট । ট্ৰাম্পৰ মতে, ইয়াৰ কাৰণ হ’ল ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে, যাৰ ফলত উচ্চ শুল্ক আৰোপ কৰা হৈছে ।

এখন বৈঠকৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক সাক্ষাতৰ বাবে অনুৰোধ জনাইছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়েও আলোচনা কৰি কয় যে ভাৰতে বছৰ বছৰ ধৰি আপাচি হেলিকপ্টাৰলৈ অপেক্ষা কৰি আছিল । তেওঁ কয়, ভাৰতে ৬৮খন আপাচি হেলিকপ্টাৰ অৰ্ডাৰ দিছে ।

ইয়াৰ পূৰ্বে এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী মোদী এজন অতি ভাল মানুহ । তেওঁ জানে যে মই অসন্তুষ্ট । মোক সুখী কৰাটো গুৰুত্বপূৰ্ণ । ইয়াৰ পূৰ্বে দিয়া বিবৃতিত ট্ৰাম্পে কৈছিল যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য হয়, কিন্তু আমেৰিকাই ইচ্ছা কৰিলে ভাৰতৰ ওপৰত শুল্ক অতি শীঘ্ৰে বৃদ্ধি কৰিব পাৰে ।

ট্ৰাম্পে পূৰ্বে কৈছিল, “তেওঁলোকে (ভাৰত) ব্যৱসায় কৰে আৰু আমি তেওঁলোকৰ ওপৰত অতি সোনকালে শুল্ক বৃদ্ধি কৰিব পাৰো ।” ইয়াৰ পূৰ্বে ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰে বুলি ইংগিত দিছিল । তেওঁ কয় যে ৰাছিয়াৰ তেল ক্ৰয়ত তেওঁ অসন্তুষ্ট বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জানে । ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰখা দেশসমূহৰ বিৰুদ্ধে আমেৰিকাই কঠোৰ ব্যৱস্থা ল’ব পাৰে বুলিও ট্ৰাম্পে সকীয়াই দিছে ।

যোৱা বছৰ ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে শুল্ক সন্দৰ্ভত আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছিল । তেওঁ ভাৰতৰ ওপৰত ২৫ শতাংশ পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল । ইয়াৰ উপৰিও ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ জৰিমনা শুল্ক আৰোপ কৰা হৈছিল । ইয়াৰ ফলত কিছু শিতানত মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পায় । এই সিদ্ধান্তই ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক যথেষ্ট কঠিন কৰে । ভাৰতে সেই সময়ত স্পষ্ট কৰি দিছিল যে ভাৰতে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু শক্তি সুৰক্ষাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ ডাঙৰ মন্তব্য… কি ক’লে জয়শংকৰে ?

‘সাহস আছে যদি আহা, মোক উঠাই নিয়া…’ ড’নাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ ?

ড’নাল্ড ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান জনালে কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে । তেওঁ যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলি ট্ৰাম্পক সকীয়াই দিয়ে ।

ভেনিজুৱেলাত আমেৰিকাৰ সামৰিক পদক্ষেপৰ পিছত লেটিন আমেৰিকাত উত্তেজনা অধিক গভীৰ হৈ পৰিছে । চৰ্চা চলিছে এতিয়া আমেৰিকাৰ পৰৱৰ্তী লক্ষ্য কলম্বিয়া হ’ব পাৰে । কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই নিজেই এই দাবী কৰিছে । তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সকীয়াই দি কয় যে, “যদি সাহস আছে, তেন্তে আহক, মই আপেক্ষা কৰি আছো ।”

ভেনিজুৱেলা অভিযানৰ পিছত ড’নাল্ড ট্ৰাম্পে এক বিবৃতিত কয় যে কলম্বিয়াক এজন অসুস্থ নেতাই চলাই আছে, যিয়ে আমেৰিকালৈ ককেইন পঠায় । আনকি ট্ৰাম্পে কলম্বিয়াৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰাটো এটা ভাল পদক্ষেপ হ’ব পাৰে বুলিও মন্তব্য দিছিল । এই মন্তব্যই বগোটা (কলম্বিয়াৰ ৰাজধানী)ত ৰাজনৈতিক তৎপৰতা তীব্ৰ কৰি তুলিছিল ।

যদি আক্ৰমণ হয় তেন্তে সংঘাত হ’ব- পেট্ৰ’

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই ট্ৰাম্পক কয় যে যদিহে আমেৰিকাই আক্ৰমণ কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিব । তেওঁ সকীয়াই দিয়ে যে আমেৰিকাৰ আক্ৰমণত দেশখনে অস্ত্ৰ তুলি ল’বলৈ বাধ্য হ’ব পাৰে আৰু পূৰ্ণাংগ গেৰিলা সংঘাতৰ সূচনা কৰিব পাৰে । পেট্ৰ’ই লগতে কয় যে যদি কোনো জনপ্ৰিয় ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰা হয় তেন্তে জনতাৰ ক্ষোভ জাগুৱাৰৰ দৰে ফাটি পৰিব ।

অস্ত্ৰ ত্যাগ কৰা পেট্ৰ’ৰ ডাঙৰ মন্তব্য-

প্ৰাক্তন বাওঁপন্থী গেৰিলা পেট্ৰ’ই কয় যে তেওঁ দশক পূৰ্বে অস্ত্ৰ ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিলে তেওঁ সংঘাতলৈ ঘূৰি আহিবলৈ সাজু হ’ব । কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুলভাৱে চৰ্চিত হৈছে ।

কিন্তু ৰাষ্ট্ৰপতিগৰাকীৰ এই চোকা বক্তব্যৰ পিছতে কলম্বিয়াৰ বৈদেশিক মন্ত্ৰালয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে কলম্বিয়াই আলোচনা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিচাৰে আৰু কোনো ধৰণৰ ভাবুকি বা বল প্ৰয়োগ গ্ৰহণ নকৰে ।

পূৰ্বেও আমেৰিকা-কলম্বিয়াৰ সম্পৰ্কত আহি পৰিছিল তিক্ততা-

ট্ৰাম্প আৰু পেট্ৰ’ৰ মাজত এয়াই প্ৰথম সংঘাত নহয় । অক্টোবৰ মাহত আমেৰিকাই ড্ৰাগছ সৰবৰাহৰ অভিযোগত পেট্ৰ’ আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । কলম্বিয়াক বিশ্বৰ সৰ্ববৃহৎ কোকেইন উৎপাদন কেন্দ্ৰ হিচাপে গণ্য কৰা হয়, যিটো পৰিস্থিতিয়ে দীৰ্ঘদিন ধৰি আমেৰিকাক ক্ষুব্ধ কৰি আহিছে ।

লগতে পঢ়ক : ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ

ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫০ মিলিয়ন বেৰেল তেল বিক্ৰী কৰিব বুলি ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপটি ড’নাল্ড ট্ৰাম্পে । তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে ।

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলা সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত উল্লেখ কৰে যে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫০ মিলিয়ন বেৰেল উচ্চমানৰ তেল বিক্ৰী কৰিব । ট্ৰাম্পৰ মতে এই তেল বজাৰ মূল্যত লাভ কৰিব আমেৰিকা ।

ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তেল বিক্ৰীৰ পৰা পোৱা ধনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু এই ধন দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে ব্যৱহাৰ কৰা হ’ব । তেওঁ লগতে কয় যে তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে । ষ্ট’ৰেজ জাহাজৰ জৰিয়তে পোনপটীয়াকৈ আমেৰিকাৰ আনলোডিং ডক আৰু বন্দৰলৈ তেল পৰিবহণ কৰা হ’ব ।

হোৱাইট হাউছে জাৰি কৰিলে বিবৃতি-

ইফালে, শুকুৰবাৰে অ’ভাল অফিচত ভেনিজুৱেলাৰ তেল ব্যৱসায় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে হোৱাইট হাউছে । এই বৈঠকত এক্সন, চেভ্ৰন, কন’কোফিলিপছৰ দৰে আমেৰিকাৰ প্ৰধান তেল কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । বৈঠকত ভেনেজুৱেলাৰ তেল চুক্তি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে ।

ভেনিজুৱেলাত বিশাল তেল ভাণ্ডাৰ-

উল্লেখ্য যে, ভেনেজুৱেলাত বিশ্বৰ ভিতৰতে সৰ্বাধিক খাৰুৱা তেলৰ মজুত আছে যদিও ইয়াৰ পিছতো ইয়াৰ পৰা গড়ে প্ৰতিদিনে মাত্ৰ ১০ লাখ বেৰেল তেলহে উৎপাদন হয় । যদি আমেৰিকাৰ সৈতে তুলনা কৰা হয় তেন্তে অক্টোবৰ মাহত প্ৰতিদিনে গড়ে ১ কোটি ৩৯ লাখ বেৰেল উৎপাদন কৰিছিল আমেৰিকাই । ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি আমেৰিকাই যদি প্ৰায় ৫৬ ডলাৰত এক বেৰেল তেল ক্ৰয় কৰে তেন্তে ভেনিজুৱেলাৰ তেলৰ মূল্য হ’ব প্ৰায় ২.৮ বিলিয়ন ডলাৰ ।

লগতে পঢ়ক : গ্ৰীণলেণ্ড বিবাদ… ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইউৰোপীয় দেশ !

গ্ৰীণলেণ্ড বিবাদ… ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইউৰোপীয় দেশ !

গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ ইংগিত দিয়া ট্ৰাম্পৰ মন্তব্যক লৈ ইউৰোপৰ কেইবাজনো নেতাই তীব্ৰ আপত্তি প্ৰকাশ কৰে । তেওঁলোকে দ্বীপটো ইয়াৰ জনসাধাৰণৰ বুলি উল্লেখ কৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ ইংগিত দিয়া মন্তব্যক লৈ মঙলবাৰে ইউৰোপৰ কেইবাজনো নেতাই তীব্ৰ আপত্তি প্ৰকাশ কৰে । তেওঁলোকে এক বিবৃতি প্ৰকাশ কৰি কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু খনিজ সমৃদ্ধ আৰ্কটিক দ্বীপটো ইয়াৰ জনসাধাৰণৰ বুলি দৃঢ়তাৰে উল্লেখ কৰে ।

এই যৌথ বিবৃতিত স্বাক্ষৰ কৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, জাৰ্মান চেন্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ, পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে । ডেনমাৰ্কৰ স্ব-শাসিত ভূখণ্ড গ্ৰীণলেণ্ডৰ বিষয়ে ট্ৰাম্পে কৰা মন্তব্যৰ পিছতে ইউৰোপীয় নেতাসকলে দ্বীপ ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে উঠি-পৰি লাগিছে ।

যৌথ বিবৃতিটোত কোৱা হৈছে যে আৰ্কটিক অঞ্চলৰ নিৰাপত্তা কেৱল সামূহিকভাৱেহে নিশ্চিত কৰিব পৰা যাব—নাটোৰ মিত্ৰ দেশসমূহৰ (আমেৰিকাকে ধৰি) সহযোগিতাত—ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিসমূহ ৰক্ষা কৰি । ইয়াৰ ভিতৰত সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা, আৰু সীমান্তৰ লংঘন নকৰা আদি অন্তৰ্ভুক্ত আছে । এইবোৰ সাৰ্বজনীন নীতি আৰু আমি ইয়াৰ ৰক্ষা কৰাটো কেতিয়াও বন্ধ নকৰো । এই প্ৰচেষ্টা আমেৰিকা অপৰিহাৰ্য অংশীদাৰ, নাটোৰ মিত্ৰ হিচাপে আৰু ১৯৫১ চনত ডেনমাৰ্ক আৰু আমেৰিকাৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিৰ অধীনত । গ্ৰীণলেণ্ড ইয়াৰ জনসাধাৰণৰ । ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ড সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ ।

ইয়াৰ পূৰ্বে হোৱাইট হাউছৰ ডেপুটী চীফ অব্ ষ্টাফ ষ্টিফেন মিলাৰে সোমবাৰে কয় যে ফ্ৰেডেৰিকচেনে সকীয়াই দিছিল যে আমেৰিকাৰ গ্ৰীনলেণ্ড দখল কৰাটো নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰাৰ দৰে হ’ব । মিলাৰে কয় যে ৰাষ্ট্ৰপতিয়ে কেইবামাহো ধৰি স্পষ্ট কৰি আহিছে যে আমেৰিকা সেইখন দেশ হ’ব লাগে যাৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ অংশ গ্ৰীণলেণ্ড ।

লগতে পঢ়ক : ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ