পুনৰ ট্ৰাম্পৰ ভাবুকি; ইৰাণৰ সৈতে ব্যৱসায় কৰিলে দিব লাগিব ২৫% শুল্ক

পুনৰ ট্ৰাম্পৰ ভাবুকি; ইৰাণৰ সৈতে ব্যৱসায় কৰিলে দিব লাগিব ২৫% শুল্ক

আমেৰিকাই ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইৰাণৰ

আমেৰিকাই ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশেই ইয়াৰ মূল্য দিব লাগিব বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে।আমেৰিকাই এনে দেশৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে,যদি কোনো দেশে ইৰাণৰ সৈতে ব্যৱসায় কৰে তেন্তে তেওঁলোকে আমেৰিকাৰ সৈতে হোৱা প্ৰতিটো ব্যৱসায়ৰ ওপৰত ২৫ শতাংশ কৰ দিব লাগিব।তেওঁ কয় এই নিয়ম তৎক্ষণাত কাৰ্যকৰী হ’ব আৰু ইয়াত কোনো সালসলনি কৰা নহ’ব।

চীন, ব্ৰাজিল, তুৰ্কি, ৰাছিয়াৰ দৰে দেশৰ ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছে আৰু এই সিদ্ধান্তই এই দেশসমূহৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে।

ইয়াৰ পূৰ্বেও ট্ৰাম্পে কৈছিল যে, আমেৰিকাই ইৰাণৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে আৰু ইৰাণৰ বিৰোধী নেতাসকলৰ সৈতেও তেওঁ যোগাযোগত আছে।

ইৰাণত প্ৰতিবাদকাৰীৰ মৃত্যুক লৈ তেওঁ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সামৰিক ব্যৱস্থাৰ সকীয়াই দিয়ে, যাৰ ফলত চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি পায়।

অৱশ্যে সোমবাৰে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ প্ৰথম পছন্দ এতিয়াও আলোচনা হে।

তেওঁ কয় যে আক্ৰমণ কৰাটো নিশ্চিতভাৱে এটা বিকল্প, কিন্তু ৰাষ্ট্ৰপতিয়ে প্ৰথমে আলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে।

লগতে পঢ়ক: নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ; শ্বেয়াৰ কৰিলে ফটো

শেহতীয়া প্ৰৱন্ধসমূহ