নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ; শ্বেয়াৰ কৰিলে ফটো

নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ; শ্বেয়াৰ কৰিলে ফটো

এইবাৰ নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ বুলি দাবী কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। সামাজিক মাধ্যমত বিশেষ ফটোৰে কৰিলে ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্ট শ্বেয়াৰ কৰি দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। এই পোষ্টটোত ট্ৰাম্পৰ অফিচিয়েল এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে

এইবাৰ নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ বুলি দাবী কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। সামাজিক মাধ্যমত বিশেষ ফটোৰে কৰিলে ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্ট শ্বেয়াৰ কৰি দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে।

এই পোষ্টটোত ট্ৰাম্পৰ অফিচিয়েল এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে বৰ্তমান তেওঁ ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’।

লগতে তেওঁ নিজকে আমেৰিকাৰ ৪৫ আৰু ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপেও পৰিচয় দিছে,যিয়ে ২০২৫ চনৰ ২০ জানুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

এই পোষ্টটো সেই সময়ত দিছে যেতিয়া আমেৰিকাই ভেনিজুৱেলাৰ বিৰুদ্ধে শেহতীয়াকৈ “বৃহৎ পৰিসৰৰ” সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছিলে।

এই তদন্তৰ সময়ত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ আনে আৰু এতিয়া তেওঁলোকক জিম্মাত লৈ নিউয়ৰ্কত নিচাযুক্ত সন্ত্ৰাসবাদৰ অভিযোগত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ট্ৰাম্পে কয় যে, আমেৰিকাই ভেনিজুৱেলাৰ ক্ষমতা তেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব যেতিয়ালৈকে তাত এটা নিৰাপদ,উচিত আৰু বুজাবুজিৰ উপায়েৰে ক্ষমতা পৰিৱৰ্তন নকৰে। তেওঁ দাবী কৰে যে আমেৰিকাই ভেনিজুৱেলাৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই দায়িত্ব পালন কৰিছে।

ইয়াৰ মাজতে, ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি তথা তেল মন্ত্ৰী ডেলচি ৰড্ৰিগেজে দেশৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে,কিন্তু ট্ৰাম্পৰ এই দাবীৰ পিছত সেই অন্তৱৰ্তীকালীন চৰকাৰৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

লগতে পঢ়ক: খোমেইনীৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই… লণ্ডনলৈয়ো বিয়পিছে প্ৰতিবাদ