ইৰাণৰ ৰাজপথলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী; ইণ্টাৰনেট আৰু টেলিফোন সেৱা কৰ্তন

ইৰাণৰ ৰাজপথলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী; ইণ্টাৰনেট আৰু টেলিফোন সেৱা কৰ্তন

ইৰাণৰ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে প্ৰতিবাদ পুনৰ তীব্ৰতৰ হৈ পৰিছে।ৰাজধানী তেহৰাণকে ধৰি কেইবাখনো ডাঙৰ চহৰত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। ইৰাণত মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ অব্যাহত আছে। এই প্ৰতিবাদ দেশখনৰ বহু চহৰলৈ বিয়পি পৰিছে। ইৰাণৰ ৰাজধানী তেহৰাণকে ধৰি মাছহাদ আৰু ইছফাহানৰ

ইৰাণৰ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে প্ৰতিবাদ পুনৰ তীব্ৰতৰ হৈ পৰিছে।ৰাজধানী তেহৰাণকে ধৰি কেইবাখনো ডাঙৰ চহৰত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।

ইৰাণত মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ অব্যাহত আছে। এই প্ৰতিবাদ দেশখনৰ বহু চহৰলৈ বিয়পি পৰিছে।

ইৰাণৰ ৰাজধানী তেহৰাণকে ধৰি মাছহাদ আৰু ইছফাহানৰ দৰে ডাঙৰ চহৰত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ।

বৃহস্পতিবাৰে নিশা (৮ জানুৱাৰী) এই প্ৰতিবাদ অধিক হিংসাত্মক হৈ পৰে,যেতিয়া ইৰাণৰ নিৰ্বাসিত ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱীয়ে জনতাক ঘৰৰ পৰা ওলাই আহি ইছলামিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল।

ৰেজা পাহলৱীৰ এই আহ্বানৰ পিছতে বৃহৎ সংখ্যক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিল ।ইফালে ইৰাণ চৰকাৰে নিৰাপত্তা বাহিনী মোতায়েন কৰি পথ মুকলি কৰিছে।

ইৰাণৰ পৰা অহা ছবিসমূহে স্পষ্টভাৱে ইংগিত দিয়ে যে এতিয়া প্ৰতিবাদকাৰীসকলে খামেইনিৰ শাসনক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে।পৰিস্থিতি ইমানেই বেয়া হৈছে যে পথত গাড়ী জ্বলি থকা দেখা গৈছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ জনসাধাৰণক সমৰ্থন কৰি কয় যে,যদি তেওঁলোকৰ কণ্ঠ দমন কৰাৰ প্ৰয়াস কৰা হয়, আমি তেওঁলোকক এৰি নিদিও।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি ইৰাণৰ শাসনে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে টেলিফোন লাইনো কৰ্তন কৰিছে।

লগতে পঢ়ক: ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ