ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাহে এতিয়া প্ৰকৃত ৰাষ্ট্ৰসংঘ । তেওঁ সংস্থাটোক সমালোচনা কৰি কয় যে ৰাষ্ট্ৰসংঘই বিশ্বৰ বহু সংঘাতৰ সমাধানত ব্যৰ্থ হৈছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকা এতিয়া বাস্তৱিক ৰাষ্ট্ৰসংঘত পৰিণত হৈছে । ট্ৰাম্পে কয় যে ৰাষ্ট্ৰসংঘই বহু দেশৰ সংঘাত আৰু যুদ্ধ সমাধানৰ বাবে বিশেষ কাম কৰিব পৰা নাই । থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যুদ্ধবিৰতি স্থাপন হোৱাৰ সময়তে ট্ৰাম্পে এই মন্তব্য কৰে । ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত আৰু যুদ্ধকে ধৰি আঠটা সংঘাত আৰু যুদ্ধৰ সমাধান কৰা বুলিও দাবী কৰে ট্ৰাম্পে ।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত উল্লেখ কৰে যে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যুদ্ধ এতিয়া শীঘ্ৰেই বন্ধ হ’ব আৰু দুয়োখন দেশ পুনৰ শান্তিৰে থাকিব । তেওঁ উল্লেখ কৰে যে এই সিদ্ধান্ত দুয়োখন দেশৰ মাজত পূৰ্বতে হোৱা চুক্তি অনুসৰি লোৱা হৈছে । ট্ৰাম্পে দুয়োখন দেশৰ নেতাসকলক ক্ষীপ্ৰ আৰু ন্যায্য সমাধানৰ বাবে প্ৰশংসা কৰে ।
ৰাষ্ট্ৰসংঘই বিশেষ অৱদান আগবঢ়োৱা নাই : ট্ৰাম্প
ট্ৰাম্পে কয় যে আমেৰিকাই শান্তি অনাত সহায় কৰা ভূমিকাক লৈ গৌৰৱ অনুভৱ কৰিছে । তেওঁ সংস্থাটোক সমালোচনা কৰি কয় যে ৰাষ্ট্ৰসংঘই বিশ্বৰ বহু সংঘাতৰ সমাধানত ব্যৰ্থ হৈছে । ট্ৰাম্পে দাবী কৰে যে দ্বিতীয় কাৰ্যকালৰ প্ৰথম ১১ মাহত তেওঁ ৮খন যুদ্ধ বন্ধ কৰাত সহায় কৰিছিল । তেওঁ কয় যে এই বিষয়সমূহত ৰাষ্ট্ৰসংঘই বিশেষ অৱদান আগবঢ়োৱা নাই বাবেই আমেৰিকা এতিয়া প্ৰকৃত ৰাষ্ট্ৰসংঘত পৰিণত হৈছে ।
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে তাত পৰিস্থিতি গুৰুতৰ আৰু সংস্থাটোৱে ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰা নাই । তেওঁ কয় যে সৰ্বোচ্চ সংস্থাটোৱে এতিয়া বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অধিক সক্ৰিয় হ’ব লাগিব । ট্ৰাম্পে দেওবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ফ্ল’ৰিডাৰ পাম বিচত থকা নিজৰ বাসগৃহত সাক্ষাৎ কৰাৰ কথা । এই বৈঠকত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ সম্ভাৱ্য শান্তি পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ’ব ।
ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰসংঘক সমালোচনা কৰিছিল ট্ৰাম্পে-
ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত সাধাৰণ পৰিষদত ভাষণ দি তেওঁ কয় যে তেওঁ বহু বিষয়ত ব্যৱস্থা ল’ব লাগিব, আনহাতে ৰাষ্ট্ৰসংঘই সহায়ৰ চেষ্টাও কৰা নাছিল । ট্ৰাম্পে সমাধান কৰা বুলি দাবী কৰা আঠটা সংঘাতৰ ভিতৰত আছে থাইলেণ্ড আৰু কম্বোডিয়া, ভাৰত আৰু পাকিস্তান, ক’ছ’ভ’ আৰু ছাৰ্বিয়া, কংগো আৰু ৰুৱাণ্ডা, ইজৰাইল আৰু ইৰাণ, ইজিপ্ত আৰু ইথিওপিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজৰ সংঘাত ।
উল্লেখ্য যে, ৭ ডিচেম্বৰৰ পৰা থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যুদ্ধ পুনৰ আৰম্ভ হয় । ৰাষ্ট্ৰসংঘই স্বীকাৰ কৰে যে সীমান্তৰ পৰা আঁতৰত থকা অঞ্চলত আক্ৰমণ বৃদ্ধি পাইছে । আমেৰিকাই দুয়োখন দেশক কুৱালালামপুৰ শান্তি চুক্তিৰ চৰ্তসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : ‘সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা’… নাইজেৰিয়াৰ ISISৰ ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক