টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰত, নামিবিয়াৰ বিৰুদ্ধে ৯৩ ৰানৰ বৃহৎ জয়
টি-২০ বিশ্বকাপত বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন মেচত ভাৰতে নামিবিয়াক ৯৩ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ।
চলিত টি-২০ বিশ্বকাপত বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । বৃহস্পতিবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন মেচত ভাৰতে নামিবিয়াক ৯৩ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । এই মেচত ভাৰতে নামিবিয়াক জয়ৰ বাবে ২১০ ৰানৰ লক্ষ্য বান্ধি দিছিল । প্ৰত্যুত্তৰত নামিবিয়াই ১৮.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৬ ৰানহে কৰিবলৈ সক্ষম হয় । বেটে-বলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়োৱা হাৰ্দিক পাণ্ডিয়া প্লেয়াৰ অব্ দ্য মেচ বিবেচিত হয় ।
নামিবিয়াৰ ইনিংছ-
২১০ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা নামিবিয়াৰ আৰম্ভণি সুখকৰ নাছিল । চতুৰ্থ অভাৰত দলটোৰ নিৰ্ভৰযোগ্য বেটছমেন জান ফ্ৰাইলিংক ২২ ৰানত আউট হয় । তেওঁ আৰু জান নিকোল লফ্টী-ইটনে ৩৪ ৰানৰ অংশীদাৰিত্ব গঢ়ে । মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে লৰেন ষ্টিনকেম্পক (২৯) আউট কৰি অংশীদাৰিত্ব ভংগ কৰে । বৰুণে ইয়াতেই থমকি নৰয় আৰু একেটা অভাৰতে দুটা উইকেট দখল কৰে । তেওঁ জান নিকোল লফটি-ইটন (১৩ ৰান) আৰু জে জে স্মিট (০ ৰান)ক আউট কৰে ।
ইয়াৰ পিছতে নামিবিয়াই অধিনায়ক গেৰহাৰ্ড ইৰাছমাছ (১৮ ৰান)ৰ ৰূপত পঞ্চমটো উইকেট হেৰুৱাই । তেওঁ অক্ষৰ পেটেলৰ হাতত উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পাছতে অক্ষৰে মালান ক্ৰুগাৰক (৫ ৰান) আউট কৰি ভাৰতক ষষ্ঠটো উইকেট দিয়ে । বুমৰাহেও ৰুবেন ট্ৰাম্পেলমেনক (৬ ৰান) আউট কৰি দলৰ বিজয় চমু চপাই আনে ।
ঈশান আৰু হাৰ্দিকৰ বিস্ফোৰক অৰ্ধশতক-
টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ভাৰতে ৯ উইকেটত ২০৯ ৰান সংগ্ৰহ কৰে । ভাৰতীয় দলৰ আৰম্ভণি বেয়া আছিল, কম সময়তে সঞ্জু চেমছনৰ উইকেট হেৰুৱাইছিল দলে । সঞ্জুৱে ৮টা বলত ২২ ৰানৰ অৰিহণা যোগাই, য’ত তিনিটা ছয় আৰু এটা চাৰি আছিলৱ । সঞ্জুৰ উইকেটটো লয় বেন শ্বিকোংগোৱে । ইয়াৰ পিছত ঈশান কিষণ আৰু তিলক বাৰ্মাই দ্বিতীয় উইকেটৰ বাবে ৭৯ ৰানৰ অংশীদাৰিত্ব স্থাপন কৰে । মাত্ৰ ২০টা বলত ঈশানে পাঁচটা ছয় আৰু চাৰিটা চাৰিৰ সহায়ত অৰ্ধশতক সম্পূৰ্ণ কৰে ।
ষষ্ঠ অভাৰত জে জে স্মিথৰ বিৰুদ্ধে একেৰাহে চাৰিটা ছয় কোবাই ২৮ ৰান সংগ্ৰহ কৰে ঈশান কিষণে । ঈশানে ২৪টা বলত ৬১ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত ৬টা চাৰি আৰু ৫টা ছয় আছিল । ঈশানে বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাই নিৰাশ কৰে । সূৰ্যই ১২ ৰান, তিলকে ২৫ ৰান সংগ্ৰহ কৰে । তিলকৰ উইকেটৰ পতনৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ১২৪/৪ ।

ইয়াৰ পিছত হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই পঞ্চম উইকেটৰ বাবে ৮১ ৰান সংযোজন কৰি ভাৰতক বৃহৎ স্ক’ৰলৈ লৈ যায় । হাৰ্দিকে ২৮টা বলত ৫২ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত ৪টা ছয় আৰু চাৰিটা চাৰি আছিল । ২৭টা বলত হাৰ্দিকে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ বিপৰীতে শিৱম ডুবেই ২৩ ৰান অৰিহণা যোগায় । ১৯ অভাৰত দুয়োগৰাকী বেটছমেন আউট হয় । সেই অভাৰত গেৰহাৰ্ড ইৰাছমাছে অক্ষৰ পেটেলক ০ ৰানত আউট কৰে ।
ইয়াৰ পাছতে ভাৰতীয় দলটোৱে শেষ অভাৰত ৰিংকু সিং (১ ৰান) আৰু অৰ্শদীপ সিং (২ ৰান)ৰ উইকেট হেৰুৱায় ৷ অন্তিম দুটা অভাৰত ভাৰতে ৫টা উইকেট হেৰুৱাই মাত্ৰ ১০ ৰানহে কৰে । নামিবিয়াৰ অধিনায়ক গেৰহাৰ্ড ইৰাছমাছে চাৰিটা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । বাৰ্নাৰ্ড শ্বোল্টজ, বেন শ্বিকংগো, আৰু জে জে স্মিটে এটাকৈ উইকেট দখল কৰে ।
এই মেচখনৰ বাবে ভাৰতীয় দলটোৱে নিজৰ মূল একাদশত দুটা সালসলনি কৰিছিল । অ’পেনাৰ অভিষেক শৰ্মা সম্পূৰ্ণ ফিট নাছিল আৰু তেওঁৰ ঠাইত সঞ্জু চেমছনক ইনিংছ মুকলি কৰাৰ সুযোগ দিয়া হৈছিল । সোঁহাতৰ পেচাৰ মহম্মদ ছিৰাজৰ ঠাইত অভিজ্ঞ বেগী বলাৰ যশপ্ৰীত বুমৰাহক দলত অন্তৰ্ভূক্ত কৰা হয় ।
লগতে পঢ়ক : বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সাজু ভাৰত; মূল একাদশত হ’ব দুটাকৈ আচৰিত পৰিৱৰ্তন!
