ৰোমাঞ্চকৰ পৰ্যায়ত টি-২০ বিশ্বকাপঃ ছুপাৰ ৮ত মুখামুখি হ’ব তালিকাৰ শীৰ্ষ চাৰি দল

টি-২০ বিশ্বকাপৰ লীগ পৰ্যায়ৰ চাৰিওখন মেচতে জয়লাভ কৰি ছুপাৰ ৮ পৰ্যায়ত প্ৰৱেশ কৰিছে ভাৰতীয় দল । এতিয়া ছুপাৰ এইটৰ বাবে সাজু হৈছে দলটো ।

ভাৰতীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপৰ লীগ পৰ্যায়ৰ চাৰিওখন মেচতে জয়লাভ কৰি ছুপাৰ ৮ পৰ্যায়ত প্ৰৱেশ কৰিছে । ছুপাৰ ৮ত ভাৰতীয় দলটোৱে মুখামুখি হ’বলগীয়া দলসমূহ বৰ্তমানলৈকে প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে । এইটোক গ্ৰুপ অৱ ডেথ বুলি কোৱা হৈছে কাৰণ এই গ্ৰুপৰ সকলো দলেই লীগ পৰ্যায়ত শীৰ্ষস্থান দখল কৰিছিল । দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু ৱেষ্ট ইণ্ডিজৰ লগতে ভাৰত এই গোটত আছে ।

ভাৰতৰ প্ৰথম সংঘৰ্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে-

ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ২০২৪ সংস্কৰণৰ ফাইনেলত জয়লাভ কৰিছিল । ভাৰতৰ দৰে দক্ষিণ আফ্ৰিকাইও লীগ পৰ্যায়ৰ চাৰিওখন মেচতে জয়লাভ কৰি চলিত সংস্কৰণৰ ছুপাৰ ৮ পৰ্যায়ত প্ৰৱেশ কৰে । ছুপাৰ ৮ ৰাউণ্ডত ভাৰতৰ প্ৰথমখন খেল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছে । এই খেলখন অহা ২২ ফেব্ৰুৱাৰী দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭:০০ বজাৰ পৰা অনুষ্ঠিত হ’ব ।

জয়ৰ ধাৰা অব্যাহত ৰাখিছে ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবুৱে-

ৱেষ্ট ইণ্ডিজে চলিত টি-২০ বিশ্বকাপৰ লীগ পৰ্যায়ত গ্ৰুপ চিৰ চাৰিওখন মেচতে জয়লাভ কৰে । শ্বাই হোপৰ অধিনায়কত্বৰ এই দলটোক চলিত এই প্ৰতিযোগিতাত বিপদজনক ৰূপত দেখা গৈছে । অধিনায়ক আৰু দলটোৰ বেটছমেনে বিস্ফোৰক ৰূপ ধাৰণ কৰিছে, বলাৰসকলে অভিজ্ঞ বেটছমেনকো প্ৰত্যাহ্বান জনাইছে ।

ৱেষ্ট ইণ্ডিজৰ দৰে জিম্বাবুৱেও এইবাৰ সকলোকে আচৰিত কৰি তুলিছে । গ্ৰুপ পৰ্যায়ত জিম্বাবুৱে এখনো মেচত পৰাস্ত নহ’ল । লগতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চলিত টি-২০ বিশ্বকাপত ডাঙৰ অঘটন ঘটায় দলটোৱে । তাৰ পিছত, তেওঁলোকৰ অন্তিমখন খেলত আয়োজক শ্ৰীলংকাক পৰাস্ত কৰে । এই দলটোৱে ভাৰতৰ বাবেও এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।

টি-২০ বিশ্বকাপ চুপাৰ ৮ সূচী (গ্ৰুপ ১)

২২ ফেব্ৰুৱাৰী : ভাৰত বনাম দক্ষিণ আফ্ৰিকা (নৰেন্দ্ৰ মোদী ষ্টেডিয়াম)

২৩ ফেব্ৰুৱাৰী : জিম্বাবুৱে বনাম ৱেষ্ট ইণ্ডিজ (ৱাংখেড়ে ষ্টেডিয়াম)

২৬ ফেব্ৰুৱাৰী : ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা (নৰেন্দ্ৰ মোদী ষ্টেডিয়াম)

২৬ ফেব্ৰুৱাৰী : ভাৰত বনাম জিম্বাবুৱে (এম এ চিদাম্বৰম ষ্টেডিয়াম)

১ মাৰ্চ : জিম্বাবুৱে বনাম দক্ষিণ আফ্ৰিকা (অৰুণ জেটলী ষ্টেডিয়াম)

১ মাৰ্চ : ভাৰত বনাম ৱেষ্ট ইণ্ডিজ (ইডেন গাৰ্ডেনছ ষ্টেডিয়াম)

শীৰ্ষ দুটা দলে ছেমি ফাইনেলৰ বাবে অৰ্জন কৰিব যোগ্যতা-

টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ ৰাউণ্ডত প্ৰতিটো দলে নিজৰ গ্ৰুপৰ প্ৰতিটো দলৰ বিৰুদ্ধে এখনকৈ মেচ খেলিব । প্ৰতিটো গ্ৰুপত মুঠ ছখন খেল অনুষ্ঠিত হ’ব, প্ৰতিটো দলে তিনিখন মেচ খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ পৰা পইণ্ট টেবুলৰ শীৰ্ষ দুটা দল ছেমি ফাইনেললৈ আগবাঢ়িব, বাকী দল বাহিৰ হ’ব ।

লগতে পঢ়ক : ৰোমাঞ্চকৰ হৈ উঠিছে টি-২০ বিশ্বকাপ ২০২৬ : বাহিৰ হ’ল এই ৩টা দল, আন ৫টা দলৰ মৰণপণ যুঁজ

ৰোমাঞ্চকৰ হৈ উঠিছে টি-২০ বিশ্বকাপ ২০২৬ : বাহিৰ হ’ল এই ৩টা দল, আন ৫টা দলৰ মৰণপণ যুঁজ

টি-২০ বিশ্বকাপ ২০২৬ এতিয়া এনে এটা পৰ্যায়ত উপনীত হৈছে য’ত প্ৰতিখন মেচেই হ’ব পাৰে এটা দলৰ বাবে অন্তিম মেচ ।

টি-২০ বিশ্বকাপ ২০২৬ এতিয়া এনে এটা পৰ্যায়ত উপনীত হৈছে য’ত প্ৰতিখন মেচেই হ’ব পাৰে এটা দলৰ বাবে ‘জীৱনদান’ বা ‘বিদায়’ । ইতিমধ্যে লীগ পৰ্যায়ৰ মাজভাগত নেপাল, ওমান, নামিবিয়া বাহিৰ হৈছে । ইয়াৰ পিছত এতিয়া পাকিস্তানকে ধৰি পাঁচটা দল আছে, যাৰ ছুপাৰ ৮ত স্থান সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব তেওঁলোকৰ আগন্তুক মেচৰ ফলাফলৰ ওপৰত ।

পাকিস্তানৰ শেষ সুযোগ-

ভাৰতৰ বিৰুদ্ধে হোৱা শোচনীয় পৰাজয়ে পাকিস্তানৰ পৰিস্থিতি অত্যন্ত কঠিন কৰি তুলিছে । এই পৰাজয়ে কেৱল পইণ্ট টেবুলতে নহয় দলটোৰ নেট ৰান ৰেটতো প্ৰভাৱ পেলাইছে । বৰ্তমান গ্ৰুপ এৰ তৃতীয় স্থানত থকা পাকিস্তানৰ পৰৱৰ্তী মেচখন অতি গুৰুত্বপূৰ্ণ । যদিহে দলটোৱে লীগৰ অন্তিমখন খেলত জয়ী হ’ব নোৱাৰে তেন্তে তেওঁলোকৰ টি-২০ বিশ্বকাপৰ যাত্ৰা শেষ হ’ব পাৰে । এই মেচখন তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ।

কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন নেদাৰলেণ্ড-

গ্ৰুপ এৰ দ্বিতীয় দল নেদাৰলেণ্ডো বিপদৰ পৰা বাহিৰ হোৱা নাই । তেওঁলোকৰ পৰৱৰ্তী মেচ হ’ব শক্তিশালী ভাৰতীয় দলৰ বিৰুদ্ধে, যিটো দলে একেৰাহে জয়ৰ সৈতে উৎকৃষ্ট ফৰ্মত আছে । গতিকে নেদাৰলেণ্ডৰ বাবে জয় সহজ নহ’ব । এই মেচত পৰাস্ত হ’লে নেদাৰলেণ্ড ছুপাৰ ৮ৰ দৌৰৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত ।

আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ সংগ্ৰাম-

গ্ৰুপ বিত আয়াৰলেণ্ডৰ স্থান যথেষ্ট দুৰ্বল । তিনিখন মেচত মাত্ৰ এখনত জয় লাভ কৰি পইণ্ট টেবুলত পিছ পৰি আছে দলটো । এতিয়া বাকী থকা মেচবোৰত জয়ী হ’ব লাগিব দলটো । স্কটলেণ্ডৰ পৰিস্থিতিও একেধৰণৰ । গ্ৰুপ চিত থকা তেওঁলোকে এতিয়ালৈকে মাত্ৰ এটা জয়হে লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগবাঢ়ি যাবলৈ আগন্তুক মেচসমূহত ভাল প্ৰদৰ্শন কৰিব লাগিব ।

আশা সজীৱ ৰাখিছে আফগানিস্তানে-

বিগত সংস্কৰণৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আফগানিস্তানৰ দলটোৱে এইবাৰ আশানুৰূপ প্ৰদৰ্শন কৰিব পৰা নাই । প্ৰথম মেচত পৰাজয়ে ছুপাৰ এইটছলৈ যোৱাৰ পথ কঠিন হৈ পৰিছে দলটোৰ । অৱশ্যে সোমবাৰে ইউ এ ইৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত জয়লাভ কৰি ছুপাৰ এইটৰ আশা কিছু সজীৱ কৰিছে দলটোৱে ।

লগতে পঢ়ক : পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই, সূৰ্য বাহিনীৰ সন্মুখত পাকিস্তানৰ আত্মসমৰ্পণ

পাকিস্তানৰ বিৰুদ্ধে ঈষান কিষণৰ বেটিং বিক্ৰম, গঢ়িলে এই অভিলেখ

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে ।

দেওবাৰে আই চি চি পুৰুষ টি-২০ বিশ্বকাপত মুখামুখি হৈছে চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে । তেওঁ মাত্ৰ ৪০টা বলত ৭৭ ৰান সংগ্ৰহ কৰে, য’ত ১০টা চাৰি আৰু তিনিটা ছয় আছিল । টি-২০ ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ এয়া আছিল ঈশানৰ নৱমটো অৰ্ধশতক ।

এই মেচত উইকেটকীপাৰ বেটছমেন ঈশান কিষানে মাত্ৰ ২৭টা বলতে অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ লগে লগে তেওঁ ভাৰত-পাকিস্তান মাজত টি-২০ বিশ্বকাপৰ মেচত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হয় । ভাৰত-পাকিস্তান টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এজন বেটছমেনৰ এয়া তৃতীয় দ্ৰুততম অৰ্ধশতক । এই টেলিত গৌতম গম্ভীৰক অতিক্ৰম কৰি দুয়োখন দেশৰ টি-২০ মেচত তেওঁৰ ৭৭ ৰানেৰে ব্যক্তিগত স্ক’ৰ চতুৰ্থ শ্ৰেষ্ঠ স্ক’ৰ হিচাপে পৰিগণিত হয় ।

ভাৰত বনাম পাকিস্তান টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত দ্ৰুততম অৰ্ধশতক-

২৩ বল – মহম্মদ হাফিজ, আহমেদাবাদ, ২০১২

২৪ বল – অভিষেক শৰ্মা, ডুবাই ২০২৫

২৭ বল – ঈশান কিষাণ, কলম্বো আৰ পি এছ, ২০২৬

২৯ বল – যুৱৰাজ সিং, আহমেদাবাদ, ২০১২

টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰত বনাম পাকিস্তানৰ সৰ্বোচ্চ স্ক’ৰ

৮২* বিৰাট কোহলী (মেলবৰ্ণ, ২০২২)

৭৯* মহম্মদ ৰিজৱান (ডুবাই, ২০২১)

৭৮* বিৰাট কোহলী (কলম্বো আৰ পি এছ, ২০১২)

৭৭ ঈশান কিষাণ (কলম্বো আৰ পি এছ, ২০২৬)

৭৫ গৌতম গম্ভীৰ (জোহান্সবাৰ্গ, ২০০৭)

লগতে পঢ়ক : শ্ৰীলংকাত হোৱা নাই বৰষুণ; IND vs PAK খেলৰ সময়ত কেনেকুৱা হ’ব বতৰ?

কলম্বোত ভাৰত-পাকিস্তানৰ হাইভল্টেজ যুঁজঃ মেচৰ পূৰ্বে জানক মূল একাদশ, হেড টু হেড ৰেকৰ্ডৰ সবিশেষ

ভাৰত আৰু পাকিস্তানে এই পৰ্যন্ত ১৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । এই সংঘৰ্ষত ভাৰত ১৩-৩ ব্যৱধানত আগবাঢ়ি আছে ।

দেওবাৰে কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ টি-২০ বিশ্বকাপৰ হাই ভল্টেজৰ মেচ । দুয়োটা দলে এই পৰ্যন্ত অপৰাজিত হৈ গ্ৰুপ এৰ শীৰ্ষ দুটা স্থান দখল কৰিছে । টুৰ্ণামেণ্টৰ আৰম্ভণিৰ খেলখনত ভাৰতে আমেৰিকাক ২৯ ৰানত পৰাস্ত কৰাৰ পিছত দ্বিতীয়খন মেচত নামিবিয়াক ৯৩ ৰানত পৰাস্ত কৰে । ভাৰতে ৪ পইণ্ট আৰু +৩.০৫০ নেট ৰান ৰেটেৰে টেবুলত আগবাঢ়ি আছে ।

আনহাতে পাকিস্তানে প্ৰথমে নেদাৰলেণ্ডক ৰোমাঞ্চকৰ মেচত পৰাস্ত কৰিছিল, তাৰ পিছত আমেৰিকাৰ বিৰুদ্ধে জয়লাভ কৰিছিল । +০.৯৩২ নেট ৰান ৰেটেৰে তালিকাত দ্বিতীয় স্থানত আছে দলটো ।

ভাৰত আৰু পাকিস্তানে এই পৰ্যন্ত ১৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । এই সংঘৰ্ষত ভাৰত ১৩-৩ ব্যৱধানত আগবাঢ়ি আছে । টি-২০ বিশ্বকাপত এই ব্যৱধান আৰু অধিক । এই প্ৰতিযোগিতাত ভাৰত ৮খন মেচত ৭-১ ব্যৱধানত আগবাঢ়ি আছে ৷

দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশ-

ভাৰত (সম্ভাৱ্য মূল একাদশ): অভিষেক শৰ্মা, ঈশান কিষণ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

পাকিস্তান (সম্ভাৱ্য একাদশ) : ছাইম আয়ুব, চাহিবজাদা ফাৰহান, ছলমান আলী আঘা (অধিনায়ক), বাবৰ আজম, উছমান খান (উইকেটকীপাৰ), ছাদাব খান, মহম্মদ নৱাজ, ফাহীম আছৰাফ, শ্বাহীন আফ্ৰিদী, উছমান তাৰিক, আব্ৰাৰ আহমেদ ।

ভাৰত বনাম পাকিস্তান :  আন্তঃৰাষ্ট্ৰীয় টি-২০ হেড টু হেড

মুঠ মেচ : ১৬

ভাৰত: ১৩ (বল আউটৰ জৰিয়তে ১)

পাকিস্তানঃ ৩

টাই: ১ (বল আউটৰ জৰিয়তে ভাৰত জয়ী)

কোনো ফলাফল নাই: ০

টি-২০ বিশ্বকাপত মুখামুখি-

মুঠ মেচ: ৮

ভাৰত: ৭ (বল আউটৰ দ্বাৰা ১)

পাকিস্তান: ১

টাই: ১ (বল আউটৰ দ্বাৰা ভাৰত জয়ী)

কোনো ফলাফল নাই: 0

অভিষেক আৰু তাৰিকৰ ওপৰত থাকিব চকু-

এই মেচখনৰ পূৰ্বে সকলোৰে দৃষ্টি পাকিস্তানৰ উছমান তাৰিক আৰু ভাৰতৰ অভিষেক শৰ্মাৰ ওপৰত আছে । মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত দুয়োগৰাকী খেলুৱৈৰ কথা উল্লেখ কৰা হৈছিল । পাকিস্তানৰ অধিনায়ক ছলমান আঘাই কয় যে তেওঁ অভিষেকে ভাল মেচ নিশ্চিত কৰিবলৈ খেলাটো বিচাৰে । ইফালে সূৰ্যকুমাৰ যাদৱে উছমানৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰি অভিষেকে এই মেচ খেলিব বুলিও কয় ৷

লগতে পঢ়ক : হেণ্ডশ্বেকৰ পৰা অভিষেক শৰ্মালৈ… ভাৰত-পাকিস্তান মেচৰ পূৰ্বে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে অধিনায়ক সূৰ্যই

হেণ্ডশ্বেকৰ পৰা অভিষেক শৰ্মালৈ… ভাৰত-পাকিস্তান মেচৰ পূৰ্বে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে অধিনায়ক সূৰ্যই

ভাৰত-পাকিস্তান খেলখনক লৈ চলা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে ।

চলিত টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তান মহাৰণৰ পূৰ্বে শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ মেচখনৰ সৈতে জড়িত কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে । যাদৱে কয় যে দলটো যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে আৰু এতিয়া তেওঁৰ মনোযোগ কেৱল ক্ৰিকেটতহে আছে ।

“আমি সাজু আছিলো, আমাৰ বিমানো বুকিং হৈছিল”

খেলখনক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে । তেওঁ কয়, “আমি সূচী অনুসৰি প্ৰস্তুতি চলাই আছিলো । আমাৰ বিমানো বুকিং হৈছিল । আমি পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু আছিলো ।”

কলম্বো পিটচৰ বিষয়ে কি ক’লে ?

লগতে তেওঁ কয় যে দলটোৱে শ্ৰীলংকাত বহু দ্বিপাক্ষিক শৃংখলা খেলিছে, গতিকে পৰিস্থিতি নতুন নহয় । সূৰ্যকুমাৰ যাদৱে কয় যে আমি ইয়াত বহুত ক্ৰিকেট খেলিছো, গতিকে পৰিস্থিতি আৰু পিটচৰ বিষয়ে আমি ভালদৰেই জানো । উল্লেখ্য যে, পাকিস্তানৰ দলটো শ্ৰীলংকাত থকা প্ৰায় এসপ্তাহ হ’ল । সেয়েহে পাকিস্তানে প্ৰস্তুতি চলাবলৈ অধিক সময় লাভ কৰিছে নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

অভিষেক শৰ্মাৰ লৈ দিলে উত্তৰ-

পাকিস্তানৰ অধিনায়কয়কে অভিষেক শৰ্মাক খেলোৱাৰ ইচ্ছা প্ৰকাশ কৰাক লৈ সূৰ্যকুমাৰে হাঁহি হাঁহি উত্তৰ দিয়ে । তেওঁ কয়, ‘যদি পাকিস্তানে বিচাৰে যে আমি কাইলৈ ​​অভিষেকক খেলাব লাগে তেন্তে ঠিকেই আছে, আমি তেওঁক খেলাম ।’

অতিৰিক্ত পেচাৰ নে স্পীনাৰ ?

দলৰ মূল একাদশ সন্দৰ্ভত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল দলটোৱে অতিৰিক্ত বেগী বলাৰক সুযোগ দিব নে অতিৰিক্ত স্পীনাৰক অন্তৰ্ভূক্ত কৰিব । অধিনায়কগৰাকীয়ে স্বীকাৰ কৰে যে এই সিদ্ধান্ত সহজ নহয় । তেওঁ কয়, “আমাৰ হাতত মানসম্পন্ন স্পীনাৰ আৰু মানসম্পন্ন পেচাৰ দুয়োটা আছে । অতিৰিক্ত পেচাৰ আৰু অতিৰিক্ত স্পীনাৰৰ মাজৰ পৰা এটা বাছনি কৰাটো সহজ নহয় । ই এক অতি কঠিন সিদ্ধান্ত ।”

কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ এই মেচখনে গ্ৰুপৰ শীৰ্ষ স্থান নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে । দলৰ গঠন আৰু কৌশল দুয়োটা গুৰুত্বপূৰ্ণ হ’ব । উছমান তাৰিকৰ বিষয়ে কোৱাৰ সময়ত সূৰ্যই কয় যে আমাৰ দলটো সম্পূৰ্ণৰূপে সাজু আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু ।’

হেণ্ডশ্বেক সম্পৰ্কে কি ক’লে সূৰ্যই ?

মেচৰ আগত আৰু পিছত হেণ্ডশ্বেক কৰা হ’ব নেকি বুলি সোধাত সূৰ্যকুমাৰ যাদৱে পৰিৱ্শটো লঘু কৰে । তেওঁ ক’য়, “মেচৰ ওপৰত এৰি দিয়ক । আজি ভালকৈ টোপনি যাওক আৰু চাওক কাইলৈ ​​কি হয় ।” সূৰ্যই হাঁহি হাঁহি এই কথা কয় ।

লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ; অভিষেক শৰ্মাক লৈ আহিল ডাঙৰ আপডেট

পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ; অভিষেক শৰ্মাক লৈ আহিল ডাঙৰ আপডেট

অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ বিুৰুদ্ধে মেচৰ পূৰ্বে অভিষেক শৰ্মাক লৈ ডাঙৰ মন্তব্য কৰিছে ।

টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ । এই মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্বে অধীৰ আগ্ৰহেৰে ৰৈ থকা ভাৰতীয় অনুৰাগীয়ে লাভ কৰিছে এটা ভাল খবৰ । অধিনায়ক সূৰ্যকুমাৰ যাদৱে শনিবাৰে নিশ্চিত কৰিছে যে দেওবাৰে কলম্বোত অভিষেক শৰ্মাই চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব । বিস্ফোৰক বেটছমেনগৰাকীয়ে শেহতীয়াকৈ নামিবিয়াৰ বিৰুদ্ধে খেলখনৰ বাবে ভাৰতীয় মূল একাদশ স্থানত স্থান লাভ নাছিল । অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তাৰ পিছত তেওঁক যাবলৈ দিয়া হয় ।

অভিষেকৰ প্ৰত্যাৱৰ্তন-

টি-২০ বিশ্বকাপৰ এই হাই ভল্টেজ সংঘৰ্ষৰ পূৰ্বে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিশ্চিত কৰে যে অভিষেক শৰ্মাই এই মেচত খেলিব । তেওঁ কয়, “আপোনালোক সকলোৱে যদি অভিষেক শৰ্মাই খেলাটো বিচাৰে তেন্তে আমি তেওঁক খেলোৱাম ।” চলিত প্ৰতিযোগিতাত অভিষেকে এতিয়ালৈকে মাত্ৰ এখন খেলহে খেলিছে । আমেৰিকাৰ বিৰুদ্ধে তেওঁ শূণ্যতে আউট হয় । লগতে অসুস্থতাৰ বাবে নামিবিয়াৰ বিৰুদ্ধে খেলখনত অংশ ল’ব নোৱাৰিলে তেওঁ । এতিয়া পাকিস্তানৰ বিৰুদ্ধে খেলখনৰ বাবে দললৈ উভতি আহিব বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মা ।

লগতে পঢ়ক : ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি

টি-২০ বিশ্বকাপ ২০২৬ত বৃহৎ অঘটন, অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জিম্বাবুৱেই গঢ়িলে এই অভিলেখ

টি-২০ বিশ্বকাপত শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ২৩ ৰানত পৰাস্ত কৰে জিম্বাবৱেই ।

চলিত টি-২০ বিশ্বকাপত প্ৰথমটো অঘটন সংঘটিত হৈছে । শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ২৩ ৰানত পৰাস্ত কৰে জিম্বাবৱেই ।

এই প্ৰতিযোগিতাৰ ইতিহাসত একেৰাহে দ্বিতীয়বাৰৰ বাবে জিম্বাবুৱেই অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলক পৰাস্ত কৰিছে । ইয়াৰ পূৰ্বে ২০০৭ চনৰ টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল জিম্বাবৱেই । সামগ্ৰিকভাৱে জিম্বাবুৱেই টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুবাৰ মুখামুখি হৈছে আৰু দুয়োবাৰেই জয়লাভ কৰিছে ।

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ বিৰ ১৯ সংখ্যক খেলখন কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হয় । প্ৰথমে বেটিং কৰি জিম্বাবুৱেই ২০ অভাৰত ২ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বলিং কৰিবলৈ সিদ্ধান্ত লয় । জিম্বাবৱেৰ হৈ ব্রায়ান বেনেটে ৫৬টা বলত অপৰাজিত ৬৪ ৰান সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াৰ হৈ মাৰ্কাছ ষ্টয়নিছ আৰু কেমেৰুন গ্ৰীনে এটাকৈ উইকেট দখল কৰে ।

জিম্বাবুৱেই বান্ধি দিয়া ১৬৯ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি বিপৰ্যয়ৰ সন্মুখীন হয় । দলটোৱে ১৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৪৬ ৰানহে কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : শ্ৰীলংকাত ভাৰত-পাকিস্তানৰ হাইভল্টেজ যুঁজ; টি-২০ বিশ্বকাপত কাৰ শক্তি অধিক ?

শ্ৰীলংকাত ভাৰত-পাকিস্তানৰ হাইভল্টেজ যুঁজ; টি-২০ বিশ্বকাপত কাৰ শক্তি অধিক ?

১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বি ভাৰত-পাকিস্তান ।

টি-২০ বিশ্বকাপ ২০২৬ৰ আটাইতকৈ প্ৰত্যাশিত মেচখনৰ দিন চমু চাপিছে । ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বি ভাৰত-পাকিস্তান । এইখন গ্ৰুপ এ-ৰ মেচ যদিও ইয়াৰ গুৰুত্ব আৰু উন্মাদনা ফাইনেলতকৈ কম নহয় বুলি গণ্য কৰা হয় ।

ভাৰত আৰু শ্ৰীলংকাই এইবাৰৰ টি-২০ বিশ্বকাপ আয়োজন কৰিছে । নিৰাপত্তা আৰু ৰাজনৈতিক কাৰণত পাকিস্তানৰ সকলো মেচ শ্ৰীলংকাত অনুষ্ঠিত হৈছে । সেয়ে দেশত প্ৰথম দুখন মেচ খেলাৰ পাছত এতিয়া ভাৰতীয় দলটো শ্ৰীলংকালৈ যাত্ৰা কৰিব, য’ত ইতিমধ্যে পাকিস্তান উপস্থিত আছে ।

দুয়োটা দলৰ এই পৰ্যন্ত যাত্ৰা-

চলিত প্ৰতিযোগিতাত ভাৰতীয় দলটো উৎকৃষ্ট ফৰ্মত আছে । আৰম্ভণিৰ দুয়োখন মেচতে জয়লাভ কৰা দলটোৱে বেটে-বলে আগ্ৰাসী প্ৰদৰ্শন অব্যাহত ৰাখিছে । আগ্ৰাসী বেটিং আৰু তীক্ষ্ণ বলিঙে এই মেগা প্ৰতিযোগিতাত ভাৰতক শক্তিশালী আৰম্ভণি দিছে । অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটো আত্মবিশ্বাসী যেন দেখা গৈছে । যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙে ফাষ্ট বলিং বিভাগত প্ৰভাৱ পেলোৱাৰ বিপৰীতে স্পীন বিভাগটোও শক্তিশালী দেখা গৈছে ।

আনহাতে পাকিস্তানেও দুখন মেচত জয়লাভ কৰি ভাল ফৰ্ম প্ৰদৰ্শন কৰিছে । নতুন নেতৃত্বৰ অধীনত দলটোৱে সংযম আৰু আক্ৰমণাত্মকতাৰ ভাৰসাম্য প্ৰদৰ্শন কৰিছে । শ্বাহীন আফ্ৰিদী আৰু নছিম শ্বাহৰ ফাষ্ট বলিং যুটিয়ে যিকোনো বেটিং অৰ্ডাৰক প্ৰত্যাহ্বান জনাব পাৰে । এই মেচখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে ।

কলম্বোৰ পিটচ ৰি’পৰ্ট-

সাধাৰণতে স্পীন বলাৰৰ বাবে কলম্বোৰ পিটচ উৎকৃষ্ট । গতিকে মিডল অভাৰত স্পীনাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । যিটো দলে চাপ ভালদৰে চম্ভালিব, সেই দলেই জয়ী হোৱাৰ সম্ভাৱনা আছে ।

টি-২০ বিশ্বকাপত ভাৰত বনাম পাকিস্তান-

মুঠ যুঁজ : ৮

ভাৰতৰ জয়ঃ ৭

পাকিস্তানৰ জয়: ১

পাকিস্তানৰ একমাত্ৰ জয় : ২০২১

প্ৰথম স্মৰণীয় মেচ: ২০০৭ চনৰ টি-২০ বিশ্বকাপ

শেষৰখন খেল: ২০২৪ চনৰ টি-২০ বিশ্বকাপ

পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে টি-২০ বিশ্বকাপ ভাৰতৰ হাতত আছে । কিন্তু পাকিস্তানেও ডাঙৰ প্ৰতিযোগিতাত অঘটন ঘটোৱাৰ ক্ষমতা দেখুৱাইছে । এইবাৰ গ্ৰুপ পৰ্যায়ত দুয়োটা দল শক্তিশালী স্থানত থকাৰ বাবে এই খেলখনৰ গুৰুত্ব আৰু অধিক । বিজয়ী দলটোৱে ছুপাৰ ৮ৰ দিশত এক শক্তিশালী পদক্ষেপ ল’ব ।

কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব মেচ ?

অহা ১৫ ফেব্ৰুৱাৰীত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । সন্ধিয়া ৬:৩০ বজাত অনুষ্ঠিত হ’ব টছ । খেলখনৰ প্ৰথমটো বল ৭ বজাত বলিং হ’ব । অনুৰাগীয়ে এই মহাকাব্যিক যুদ্ধখনৰ লাইভ চাব পাৰিব ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক আৰু জিঅ’ হটষ্টাৰত ।

লগতে পঢ়ক : নামিবিয়াক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় দলে… টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ঘটিল এই ঘটনা

নামিবিয়াক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় দলে… টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ঘটিল এই ঘটনা

চলিত প্ৰতিযোগিতাত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলৰ এয়া আছিল একেৰাহে দ্বিতীয়টো জয় । নামিবিয়াক৯৩ ৰানত পৰাস্ত কৰে দলটোৱে । লগে লগে দলটোৱে অৰ্জন কৰিলে আন এক কৃতিত্ব ।

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় দলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে । দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ১২ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা গ্ৰুপ এ-ৰ এখন মেচত ভাৰতে নামিবিয়াক ৯৩ ৰানত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে নামিবিয়াক জয়ৰ বাবে ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দলটোৱে ১৬.২ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰি অল আউট হয় ।

চলিত প্ৰতিযোগিতাত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলৰ এয়া আছিল একেৰাহে দ্বিতীয়টো জয় । ইয়াৰ পূৰ্বে গ্ৰুপৰ প্ৰথমখন খেলত আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰিছিল ভাৰতীয় দলে । এই জয়ৰ পিছতে ভাৰতীয় দলটোৱে এতিয়া পাকিস্তানক অতিক্ৰম কৰি গ্ৰুপ এৰ স্থানত শীৰ্ষস্থান দখল কৰিছে । ভাৰতীয় দলটোৱে এতিয়া ১৫ ফেব্ৰুৱাৰী দেওবাৰে গ্ৰুপৰ তৃতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিব । এই খেলখন কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

নামিবিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়ত হাৰ্দিক পাণ্ডিয়াই আলৰাউণ্ড প্ৰদৰ্শন আগবঢ়ায় । ৫২ ৰান সংগ্ৰহ কৰাৰ লগতে দুটা উইকেট দখল কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তেওঁ । ভাৰতৰ এই জয়ত ঈশান কিষণ আৰু মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তেও গুৰুত্বপূৰ্ণ ভূমিকা লয় । অ’পেনাৰ ঈশানে ২৪টা বলত ৬১ ৰানৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে বৰুণে ৭ ৰানত তিনিটা উইকেট দখল কৰে ।

ভাৰতীয় দলটোৱে নামিবিয়াৰ বিৰুদ্ধে ৯৩ ৰানত জয়লাভ কৰি টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ হিচাপত সৰ্বাধিক জয় লাভ কৰে । ইয়াৰ পূৰ্বে ২০১২ চনৰ টি-২০ বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰতে ইংলেণ্ডক ৯০ ৰানত পৰাস্ত কৰিছিল । ভাৰতীয় দলটোৱে সেই অভিলেখ আৰু অধিক উন্নত কৰিছে ।

ভাৰতৰ সৰ্ববৃহৎ টি-২০ বিশ্বকাপ জয় (ৰাণত)

-৯৩ ৰান বনাম নামিবিয়া, দিল্লী, ২০২৬

-৯০ ৰান বনাম ইংলেণ্ড, কলম্বো আৰ পি এছ, ২০১২

-৭৩ ৰান বনাম অষ্ট্ৰেলিয়া, মিৰপুৰ, ২০১৪

-৭১ ৰান বনাম জিম্বাবুৱে, মেলবৰ্ণ, ২০২২

-৬৮ ৰান বনাম ইংলেণ্ড, প্ৰভিডেন্স, ২০২৪

এই কৃতিত্ব অৰ্জন কৰা ভাৰত প্ৰথমটো দল-

কেৱল এয়াই নহয়, টি-২০ বিশ্বকাপৰ ইতিহাসত একেৰাহে দহখন মেচত জয়ী হোৱা প্ৰথমটো দল হিচাবে পৰিগণিত হৈছে ভাৰত । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় দলটোৱে একেৰাহে আঠখন মেচত জয়লাভ কৰিছিল । সেই সময়ত কানাডাৰ বিৰুদ্ধে খেলখন টছ নোহোৱাকৈ পৰিত্যক্ত হৈছিল । চলিত বিশ্বকাপত দুয়োখন মেচতে জয়লাভ কৰিছে ।

একেৰাহে সৰ্বাধিক টি-২০ বিশ্বকাপত জয়-

১০*- ভাৰত (২০২৪-২০২৬)

৮- দক্ষিণ আফ্ৰিকা (২০২৪)

৮- অষ্ট্ৰেলিয়া (২০২২-২০২৪)

৭- ইংলেণ্ড (২০১০-২০১২)

৭- ভাৰত (২০১২-২০১৪)

লগতে পঢ়ক : টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰত, নামিবিয়াৰ বিৰুদ্ধে ৯৩ ৰানৰ বৃহৎ জয়