টি-২০ বিশ্বকাপত এই দিনটোত হ’ব ভাৰত-পাকিস্তানৰ যুঁজ, জানক সম্পূৰ্ণ সূচী

১২ জুনৰ পৰা ৫ জুলাইলৈ চলিব মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণ ।

১২ জুনৰ পৰা আৰম্ভ হ’ব মহিলা টি-২০ বিশ্বকাপ ২০২৬ । খিতাপৰ বাবে এই সংস্কৰণত বাৰটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব । এয়া প্ৰতিযোগিতাখনৰ দশমটো সংস্কৰণ হ’ব । উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব আয়োজক ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত ।

১২ জুনৰ পৰা ৫ জুলাইলৈ চলিব মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণ । বাংলাদেশ, আয়াৰলেণ্ড, স্কটলেণ্ড আৰু নেদাৰলেণ্ডে কোৱালিফায়াৰৰ জৰিয়তে মূল ড্ৰ’ৰ বাবে যোগ্যতা অৰ্জন কৰে । ১৩ জুনত অল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ সংঘৰ্ষ । ২০ জুনত ইংলেণ্ড আৰু স্কটলেণ্ডে প্ৰথমবাৰৰ বাবে ইংৰাজ মাটিত হেডিংলিত আইচিচিৰ ইভেণ্টত মুখামুখি হ’ব ।

৫ জুলাইত বিশ্বৰ আটাইতকৈ সন্মানীয় ক্ৰিকেট খেলপথাৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ফাইনেল । এই প্ৰতিযোগিতাত অভিষেক ঘটোৱা নেদাৰলেণ্ডে বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । ১৪ জুনত এডগবাষ্টনত ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব ।

মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ-

গ্ৰুপ এ : অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত, পাকিস্তান, বাংলাদেশ, নেদাৰলেণ্ড

গ্ৰুপ বি : ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, নিউজীলেণ্ড, শ্ৰীলংকা, আয়াৰলেণ্ড, স্কটলেণ্ড

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী-

১২ জুন (শুকুৰবাৰ): ইংলেণ্ড বনাম শ্ৰীলংকা

১৩ জুন (শনিবাৰ): স্কটলেণ্ড বনাম আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ বনাম নিউজীলেণ্ড

১৪ জুন (দেওবাৰ): ভাৰত বনাম পাকিস্তান, বাংলাদেশ বনাম নেদাৰলেণ্ড

১৬ জুন (মঙলবাৰ): নিউজীলেণ্ড বনাম শ্ৰীলংকা, ইংলেণ্ড বনাম আয়াৰলেণ্ড

১৭ জুন (বুধবাৰ): ভাৰত বনাম নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া বনাম বাংলাদেশ, দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান

১৮ জুন (বৃহস্পতিবাৰ): ৱেষ্ট ইণ্ডিজ বনাম স্কটলেণ্ড

১৯ জুন (শুকুৰবাৰ): নিউজীলেণ্ড বনাম আয়াৰলেণ্ড

২০ জুন (শনিবাৰ): অষ্ট্ৰেলিয়া বনাম নেদাৰলেণ্ড, পাকিস্তান বনাম বাংলাদেশ, ইংলেণ্ড বনাম স্কটলেণ্ড

২১ জুন (দেওবাৰ): দক্ষিণ আফ্ৰিকা বনাম ভাৰত, ৱেষ্ট ইণ্ডিজ বনাম শ্ৰীলংকা

২৩ জুন (মঙলবাৰ): নিউজীলেণ্ড বনাম স্কটলেণ্ড, শ্ৰীলংকা বনাম আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া বনাম পাকিস্তান

২৪ জুন (বুধবাৰ): ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ

২৫ জুন (বৃহস্পতিবাৰ): ভাৰত বনাম বাংলাদেশ, দক্ষিণ আফ্ৰিকা বনাম নেদাৰলেণ্ড

২৬ জুন (শুকুৰবাৰ): শ্ৰীলংকা বনাম স্কটলেণ্ড

২৭ জুন (শনিবাৰ): পাকিস্তান বনাম নেদাৰলেণ্ড, ৱেষ্ট ইণ্ডিজ বনাম আয়াৰলেণ্ড, ইংলেণ্ড বনাম নিউজীলেণ্ড

২৮ জুন (দেওবাৰ): অষ্ট্ৰেলিয়া বনাম ভাৰত, দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ

নকআউট মেচ-

৩০ জুন (মঙলবাৰ): ছেমি ফাইনেল ১

২ জুলাই (বৃহস্পতিবাৰ): ছেমি ফাইনেল ২

৫ জুলাই (দেওবাৰ): ফাইনেল

লগতে পঢ়ক : ভাৰতৰ বাবে কঠিন ছেমি ফাইনেলৰ পথ, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত কি হ’ব সমীকৰণ ?

ভাৰতৰ বাবে কঠিন ছেমি ফাইনেলৰ পথ, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত কি হ’ব সমীকৰণ ?

ছুপাৰ-৮ৰ এইখনেই আছিল ভাৰতৰ প্ৰথমখন মেচ আৰু পৰাজয়ৰ পিছত দলটোৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা এতিয়া ধূসৰ হৈ পৰিছে ।

ভাৰতীয় দলে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় । দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত দক্ষিণ আফ্ৰিকাই ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে । ছুপাৰ-৮ৰ এইখনেই আছিল মেন ইন ব্লুৰ প্ৰথমখন মেচ আৰু পৰাজয়ৰ পিছত দলটোৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা এতিয়া ধূসৰ হৈ পৰিছে । গতিকে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ টিম ইণ্ডিয়াই এতিয়া কেনেদৰে ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰিব তাকে লৈ প্ৰশ্নৰ উদয় হৈছে ।

ভাৰতীয় দলে এতিয়া ২৬ ফেব্ৰুৱাৰীত জিম্বাবুৱে আৰু ১ মাৰ্চত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছুপাৰ-৮ত পৰৱৰ্তী দুখন মেচ খেলিব লাগিব । ছেমি ফাইনেলৰ আশা সজীৱ ৰাখিবলৈ সূৰ্য ব্ৰিগেডে প্ৰথমে বাকী থকা দুয়োখন মেচতে জয়লাভ কৰিব লাগিব । তেতিয়াহে যিকোনো সমীকৰণে তেওঁলোকক ছেমি ফাইনেললৈ লৈ যাব পাৰিব ।

সমীকৰণ কি ?

ভাৰতীয় দল ছেমিফাইনেললৈ যোৱাৰ পথ দক্ষিণ আফ্ৰিকাই বাকী থকা দুয়োখন মেচতে জয়লাভ কৰাৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে । এইদৰে ভাৰতীয় দলটোৱে গ্ৰুপৰ আন দুটা দল জিম্বাবুৱে আৰু ৱেষ্ট ইণ্ডিজতকৈ আগুৱাই যাব পাৰে ।

নেট ৰান ৰেট অতি গুৰুত্বপূৰ্ণ-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ নেট ৰান ৰেট যথেষ্ট হ্ৰাস পাই -৩.৮০০ হৈছে । গতিকে নেট ৰান ৰেটৰ বাবে আৰু যিকোনো সমস্যাৰ পৰা হাত সাৰিবলৈ বাকী থকা দুয়োখন মেচত বৃহৎ ব্যৱধানত জয়ী হ’ব লাগিব টিম ইণ্ডিয়া । যদি ভাৰতীয় দলটোৱে এনে পৰিস্থিতিত উপনীত হয় য’ত দুয়োটা দল পইণ্টৰ ক্ষেত্ৰত সমতাত থাকে আৰু নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হয় তেন্তে মেন ইন ব্লু লাভৱান হ’ব ।

এখন মেচত জয়ৰ সৈতে কি হ’ব সমীকৰণ ?

যদিহে ভাৰতীয় দলটোৱে ছুপাৰ-৮ৰ বাকী দুখন মেচৰ ভিতৰত এখন খেলত জয়লাভ কৰে তেন্তে ছেমিফাইনেলত প্ৰৱেশ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিব । বাকী দুখন মেচত ভাৰতীয় দলটোৱে কেনেদৰে জয়লাভ কৰে তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগীয়ে ।

লগতে পঢ়ক : ছুপাৰ-৮ৰ পৰৱৰ্তী মেচৰ বাবে চেন্নাইত উপস্থিত টিম ইণ্ডিয়া, প্ৰেয়সীৰ সৈতে দেখা গ’ল হাৰ্দিক পাণ্ডিয়াক

ছুপাৰ-৮ৰ পৰৱৰ্তী মেচৰ বাবে চেন্নাইত উপস্থিত টিম ইণ্ডিয়া, প্ৰেয়সীৰ সৈতে দেখা গ’ল হাৰ্দিক পাণ্ডিয়াক

পৰৱৰ্তী মেচৰ বাবে চেন্নাইত উপস্থিত হৈছে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্ব থকা টিম ইণ্ডিয়া ।

দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন ছুপাৰ-৮ মেচত বেটিং ব্যৰ্থতাৰ বাবে পৰাস্ত হয় টিম ইণ্ডিয়া । যাৰ বাবে ছেমি ফাইনেলৰ পথ এতিয়া দলটোৰ বাবে কঠিন হৈ পৰিছে । এতিয়া পৰৱৰ্তী মেচৰ বাবে চেন্নাইত উপস্থিত হৈছে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্ব থকা টিম ইণ্ডিয়া । এই সময়তে হাৰ্দিক পাণ্ডিয়াক প্ৰেয়সী মহিকা শৰ্মাৰ সৈতে বিমানবন্দৰত দেখা যায় । মেন ইন ব্লুৱে পৰৱৰ্তী সময়ত ছুপাৰ ৮ত জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব ।

ভাৰতীয় দলটো চেন্নাইত উপস্থিত হোৱাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে । ভিডিঅ’টোত হাৰ্দিকক প্ৰেয়সীৰ সৈতে দেখা গৈছে। এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । দলটোৰ বাকী সদস্যসকলকো হাৰ্দিকৰ পিছে পিছে বিমানবন্দৰৰ পৰা ওলাই অহা দেখা গৈছে । বিমানবন্দৰৰ পৰা ওলাই অহাৰ পিছত খেলুৱৈসকলে দলীয় বাছত উঠে । কেপ্তেইন সূৰ্যকুমাৰ যাদৱক তেওঁৰ পত্নী দেৱীশা শেট্টীৰ সৈতে দেখা যায় ।

২৬ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু জিম্বাবুৱেৰ ছুপাৰ-৮ৰ খেলখন । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ । ছেমি ফাইনেলৰ আশা সজীৱ কৰি ৰাখিবলৈ টিম ইণ্ডিয়াৰ বাবে এই মেচত জয়লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ হ’ব ।

উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াই প্ৰথমখন ছুপাৰ ৮ মেচ খেলিছিল । দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ১৮৭/৭ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ ডেভিদ মিলাৰে সৰ্বাধিক ৩৫টা বলত ৬৩ ৰান সংগ্ৰহ কৰে, য’ত ৭টা চাৰি আৰু তিনিটা ছয় আছিল ।

লক্ষ্যৰ অনুসৰণ কৰি টিম ইণ্ডিয়াই ১৮.৫ অভাৰত মাত্ৰ ১১১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই । শিৱম ডুবেই ৪২ ৰানৰ ইনিংছৰে দলটোক নেতৃত্ব দিয়ে । আনকি আন কোনো বেটছমেনে ২০ ৰানৰ ঘৰতো উপনীত হোৱাত ব্যৰ্থ হয় । ফলস্বৰূপে ছুপাৰ-৮ৰ প্ৰথমখন মেচত ৭৬ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় মেন ইন ব্লু ।

লগতে পঢ়ক : সলনি হ’ব ভাৰতীয় দলৰ মূল একাদশ, জিম্বাবৱেৰ বিৰুদ্ধে সুযোগ পাব এই ১১ গৰাকীয়ে

সলনি হ’ব ভাৰতীয় দলৰ মূল একাদশ, জিম্বাবৱেৰ বিৰুদ্ধে সুযোগ পাব এই ১১ গৰাকীয়ে

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত এতিয়া ছেমি ফাইনেলৰ বাট অনিশ্চিত হৈ পৰিছে ভাৰতীয় দলৰ । ইফালে দলটোৰ পৰৱৰ্তী মেচত চলিত টি-২০ বিশ্বকাপত অঘটন ঘটাই ছুপাৰ-৮ত প্ৰৱেশ কৰা জিম্বাবৱেৰ বিৰুদ্ধে আছে ।

চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হয় টিম ইণ্ডিয়া । দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাই ভাৰতীয় দলক ৭৬ ৰানত পৰাস্ত কৰে । এইখন মেচত পৰাস্ত হোৱাৰ পিছত এতিয়া ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ বাকী থকা দুয়োখন মেচতে জয়লাভ কৰিব লাগিব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ভাৰতীয় দলৰ মূল একাদশত কিছু পৰিৱৰ্তন হ’ব পাৰে ।

ছুপাৰ-৮ পৰ্যায়ত ভাৰতৰ পৰৱৰ্তী মেচ জিম্বাবৱেৰ বিৰুদ্ধে । এই খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচৰ বাবে ইতিমধ্যে চেন্নাই উপস্থিত হৈছে ভাৰতীয় দল । যদিও জিম্বাবুৱে এটা সৰু দল, তথাপিও প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ দৰে ডাঙৰ দলক পৰাস্ত কৰি ছুপাৰ-৮ পৰ্যায়ত উপনীত হৈছে দলটো । গতিকে জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিযান সহজ নহ’ব ।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ খেলপথাৰ স্পীনাৰৰ বাবে অনুকূল বুলি বিবেচিত হৈছে । ইয়াত স্পীনাৰসকলে আধিপত্য বিস্তাৰ কৰে । গতিকে টিম ইণ্ডিয়াই তিনিজন স্পীনাৰ খেলপথাৰত নমাব পাৰে । তদুপৰি অক্ষৰ পেটেল দললৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । ৱাশ্বিংটন সুন্দৰক অক্ষৰৰ সলনি অন্তৰ্ভূক্ত কৰা হৈছিল যদিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত এতিয়া দলৰ মূল একাদশলৈ ‘বাপু’ৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি বিবেচিত হৈছে ।

ইফালে চলিত টি-২০ বিশ্বকাপ অভিষেক শৰ্মাৰ বাবে দুঃস্বপ্ন হিচাবে বিবেচিত হৈছে । এতিয়ালৈকে তেওঁ আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই । এতিয়া অভিষেকৰ ঠাইত সঞ্জু চেমচনক পৰৱৰ্তী মেচত অন্তৰ্ভূক্ত কৰাৰ বাবে চৰ্চা চলিছে । অৱশ্যে দল পৰিচালনা সমিতিয়ে অভিষেকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, যাৰ ফলত চেমচনে অপেক্ষা কৰিব লাগিব । পৰৱৰ্তী মেচত ভাৰতীয় দলত দুটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ মূল একাদশলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ।

জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

অভিষেক শৰ্মা, ঈশান কিষাণ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ/ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপত থমকিল ভাৰতৰ বিজয় ৰথ, ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়

ছুপাৰ-৮ত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ যুঁজ, টছত জিকি বেটিঙৰ সিদ্ধান্ত প্ৰটিয়াছৰ

দক্ষিণ আফ্ৰিকাই নিজৰ মূল একাদশত চাৰিটা পৰিৱৰ্তন কৰি ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ৰ মেচ । দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছে । মূল একাদশত কোনো পৰিৱৰ্তন অৱিহনে খেলপথাৰত প্ৰৱেশ কৰিছে ভাৰতে । ইফালে দক্ষিণ আফ্ৰিকাই নিজৰ মূল একাদশত চাৰিটা পৰিৱৰ্তন কৰি ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ।

চলিত টি-২০ বিশ্বকাপত ভাৰতে ছুপাৰ ৮লৈ শক্তিশালী দৌৰ আগবঢ়াইছে । আমেৰিকাৰ বিৰুদ্ধে দলটো হেঁচাত পৰা যেন দেখা গৈছিল যদিও তাৰ পিছত উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটাইছিল । নামিবিয়াক ৯৩ ৰানত পৰাস্ত কৰি ভাৰতে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে । পাকিস্তানৰ বিৰুদ্ধে হাই ভল্টেজ মেচখনো ভাৰতৰ বাবে সহজ বুলি প্ৰমাণিত হ’ল । তদুপৰি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত নেদাৰলেণ্ডক ১৭ ৰাণত পৰাস্ত কৰাৰ পাছত দলটোৱে চাৰিওখন মেচতে জয়লাভ কৰি শীৰ্ষস্থান দখল কৰে ।

ভাৰতে লক্ষ্য ৰক্ষা কৰি চাৰিওখন মেচতে জয়লাভ কৰি মাত্ৰ এবাৰহে টছত জয়লাভ কৰিছে । নেদাৰলেণ্ডৰ বিৰুদ্ধে দলটোৱে টছত জয়লাভ কৰে । ইফালে বেটিঙত ঈশান কিষানে চাৰিখন মেচত ১৭৬ ৰান আৰু ২০২.৩০ ষ্ট্ৰাইক ৰেটেৰে আগবাঢ়ি আছে । বৰুণ চক্ৰৱৰ্তীয়ে গড়ে ৬.৮৯ত ৯টা উইকেট দখল কৰি দলটোৰ সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হৈছে ।

ভাৰতে এই পৰ্যন্ত মুঠ ৩৫ টা উইকেট দখল কৰিছে, ১৮ গৰাকী বেগী বলাৰ আৰু ১৭ গৰাকী স্পীনাৰে উইকেট দখল কৰিছে । মন কৰিবলগীয়া যে অভিষেক শৰ্মাই এতিয়াও এই প্ৰতিযোগিতাত কোনো ৰান সংগ্ৰহ কৰিব পৰা নাই । তথাপিও দলটোৰ প্ৰদৰ্শন আকৰ্ষণীয় ।

ভাৰতৰ মূল একাদশ : অভিষেক শৰ্মা, ঈশান কিষাণ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক : ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন ভাৰতীয় দল, বাংলাদেশক পৰাস্ত কৰি জিনিলে খিতাপ

বৰষুণৰ বাবে পৰিত্যক্ত চুপাৰ-৮ৰ প্ৰথমখন মেচ, বাতিল নিউজীলেণ্ড-পাকিস্তানৰ খেল

কলম্বোত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন ধাৰাসাৰ বৰষুণৰ বাবে বাতিল হয় ।

আই চি চি টি-২০ বিশ্বকাপৰ উত্তেজনা এতিয়া চুপাৰ এইটৰ পৰ্যায়ত উপনীত হৈছে । অৱশ্যে চুপাৰ-৮ৰ প্ৰথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । শনিবাৰে কলম্বোত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন ধাৰাসাৰ বৰষুণৰ বাবে বাতিল হয় । টছ অনুষ্ঠিত হয় যদিও বৰষুণৰ বাবে মেচখন বাতিল হয় । টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছিল । কিন্তু প্ৰচণ্ড বৰষুণৰ বাবে এটাও বল নপৰিল ।

মেচ বাতিলৰ বাবে এতিয়া দুয়োটা দলে ১ পইণ্টকৈ সন্তুষ্ট হ’ব লাগিব । মেচ বাতিলৰ ফলত দুয়োটা দলৰ ওপৰত প্ৰভাৱ পৰিব । যদিও দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰিছে, তথাপিও প্ৰতিটো দলে চুপাৰ ৮ত মুঠ ৩খন মেচ খেলিব লাগিব । সেয়েহে প্ৰতিটো দলে যিমান পাৰি সিমান মেচত জয়ী হ’ব বিচাৰিব । কিন্তু বিষয়টো জটিল হৈ পৰিলে এই বৰষুণৰ সিদ্ধান্তই দল দুটাৰ ক্ষতি কৰিব পাৰে ।

উল্লেখ্য যে, পাকিস্তানৰ পৰৱৰ্তী মেচ ২৪ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে আছে । পাকিস্তানৰ চুপাৰ ৮ৰ অন্তিমখন খেল ২৮ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । দুয়োটা দল উৎকৃষ্ট ফৰ্মত আছে । গতিকে এই বৰষুণে পাকিস্তানৰ বাবে এক উল্লেখযোগ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

ইফালে নিউজীলেণ্ডৰ পৰৱৰ্তী মেচ ২৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে, আনহাতে তেওঁলোকৰ অন্তিমখন চুপাৰ-৮ মেচ ২৭ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । দুয়োটা দল এতিয়া কেনেদৰে আগবাঢ়িব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাদ পৰিব নেকি অভিষেক শৰ্মা ? দুৰ্বল ফৰ্মক লৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে দিলে প্ৰতিক্ৰিয়া

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাদ পৰিব নেকি অভিষেক শৰ্মা ? দুৰ্বল ফৰ্মক লৈ  অধিনায়ক সূৰ্যকুমাৰ যাদৱে দিলে প্ৰতিক্ৰিয়া

সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে ।

টি-২০ বিশ্বকাপ ২০২৬ৰ ভাৰতৰ প্ৰথমখন ছুপাৰ ৮ মেচ ২২ ফেব্ৰুৱাৰী দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে শনিবাৰৰ সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে । অৱশ্যে অধিনায়ক সূৰ্যই কয় যে তেওঁ অ’পেনিং বেটছমেনক লৈ চিন্তিত নহয়, বৰঞ্চ বিপক্ষৰ দলটোক চিন্তিত ।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ বিশ্বকাপ ২০২৬ ছুপাৰ ৮ৰ খেলখন । একেখন খেলপথাৰতে ভাৰতে নেদাৰলেণ্ডক পৰাস্ত কৰিছিল লগতে এই মেচতো একেৰাহে তৃতীয়বাৰৰ বাবে শূণ্যত আউট হৈছিল অভিষেক । ইয়াৰ পূৰ্বে তেওঁ আমেৰিকা আৰু পাকিস্তানৰ বিৰুদ্ধে শূণ্যত পেভিলিয়নমুখী হৈছিল । যদিও ভাৰত এতিয়ালৈকে প্ৰতিযোগিতাখনত পৰাস্ত হোৱা নাই, তথাপিও তেওঁৰ ফৰ্ম নিশ্চিতভাৱে চিন্তাৰ বিষয় । অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে অভিষেকৰ ফৰ্মক লৈ চিন্তিত নহয় বুলি উল্লেখ কৰে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে শনিবাৰে এখন সংবাদমেলত সূৰ্যকুমাৰে কয় যে, “অভিষেকক লৈ চিন্তিত হোৱাসকলৰ বাবে মই চিন্তিত । ভৱিষ্যতে অভিষেক শৰ্মাই কোনবোৰ দলৰ বিৰুদ্ধে খেলিব সেইবোৰৰ বাবে মই অধিক চিন্তিত । যোৱা বছৰ তেওঁ সকলো কৰিছিল, এতিয়া তেওঁৰ অৱদানৰ বাবে আমি তেওঁক পুৰস্কৃত কৰাৰ সময় আহি পৰিছে ।”

সূৰ্যকুমাৰ যাদৱে কয় যে প্ৰতিবাৰেই ২৫০ ৰান সংগ্ৰহ কৰাটো প্ৰয়োজনীয় নহয় । তেওঁ কয় যে উইকেটবোৰ অলপ বেলেগ । আগন্তুক মেচসমূহত আমি খেলপথাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম । উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছুপাৰ ৮ৰ খেলখন অনুষ্ঠিত হ’বলগীয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । নেদাৰলেণ্ডৰ বিৰুদ্ধে এই খেলপথাৰতে ভাৰতে জয়লাভ কৰে । অৱশ্যে দক্ষিণ আফ্ৰিকাইও চলিত সংস্কৰণত এই খেলপথাৰত দুখন মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে ।

লগতে পঢ়ক : ঘৰৰ মাটিতে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলা হেৰুৱালে অষ্ট্ৰেলিয়াই, স্মৃতি মন্ধানাই ভংগ কৰিলে ছবছৰীয়া অভিলেখ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচৰ পূৰ্বে বিপদত ভাৰতীয় দল, আঘাতপ্ৰাপ্ত এইগৰাকী তাৰকা খেলুৱৈ

দেওবাৰে ছুপাৰ এইটৰ নিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল

চলিত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্য়ায়ৰ আটাইকেইখন মেচতে জয়লাভ কৰি ছুপাৰ এইটত প্ৰৱেশ কৰিছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দেওবাৰে ছুপাৰ এইটৰ নিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল । কিন্তু গুৰুত্বপূৰ্ণ এই মেচখনৰ পূৰ্বে কিছু সমস্যাত পৰিছে দলটো । অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে দলৰ তাৰকা বলাৰ মহম্মদ চিৰাজ । চিৰাজৰ এই আঘাতে চিন্তা বৃদ্ধি কৰিছে মেনেজমেন্টৰ ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় বেগী বলাৰগৰাকী । নেটত অনুশীলনৰ সময়ত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ এটা বলে তীব্ৰ বেগত চিৰাজক আঁঠুত আঘাত কৰে আৰু তেওঁ লগে লগে মাটিত বহি পৰে । আঘাতৰ পিছতে চিৰাজে খেলপথাৰো ত্যাগ কৰে । চিৰাজৰ এই আঘাতে এতিয়া দলৰ চিন্তা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, হৰ্ষিত ৰানা আঘাতপ্ৰাপ্ত হৈ বাহিৰ হোৱাৰ পিছত ভাৰতৰ টি-২০ বিশ্বকাপৰ দলত অন্তিম পৰ্যায়ত স্থান লাভ কৰিছিল মহম্মদ চিৰাজে । চলিত প্ৰতিযেগিতাখনত এতিয়ালৈকে চিৰাজে কেৱল এখন মেচ খেলিছে যদিও ছুপাৰ এইট পৰ্যায়ৰ বাবে তেওঁ সুস্থ হৈ উঠাটো অত্যন্ত জৰুৰী ।

ইউ এছ এৰ বিৰদ্ধে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলখনত দলত স্থান লাভ কৰা চিৰাজে মেচখনত ২৯ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰিছিল ।

লগতে পঢ়ক : অভিষেক শৰ্মা নে তিলক বৰ্মা? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেইং ১১ৰ পৰা কাক দিয়া হ’ব বাদ?

টি-২০ বিশ্বকাপত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ! জানক সম্পূৰ্ণ সমীকৰণ

যদি অনুমান কৰা সমীকৰণ সঁচা হয় তেন্তে চলিত টি-২০ বিশ্বকাপত অনুগাৰীসকল পুনৰ ভাৰত-পাকিস্তান মেচৰ সাক্ষী হ’ব পাৰে ।

টি-২০ বিশ্বকাপ ২০২৬ক লৈ অনুৰাগীৰ মাজৰ উত্তেজনা এতিয়া তুংগত উঠিছে । এতিয়ালৈকে এই বিশ্বকাপত কেইবাখনো উতেতজনাপূৰ্ণ তথা হাইভল্টেজ খেল দেখা গৈছে । ২০২১ চনৰ চেম্পিয়ন অষ্ট্ৰেলিয়া গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাটো আছিল চলিত এই প্ৰতিযগিতাৰ আটাইতকৈ ডাঙৰ অঘটন । ইফালে জিম্বাবুৱেই নিজৰ প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰিছে । বহু দলে ছুপাৰ এইটৰ বাবে যোগ্যতা অৰ্জন কৰা নাছিল যদিও তেওঁলোকৰ খেলুৱৈসকলে বেট আৰু বল দুয়োটাৰে শিৰোনাম দখল কৰিছে । প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছিল যদিও এই সকলোবোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা মেচখনেৰে নিষ্পত্তি হৈছিল ।

ইফালে গ্ৰুপ এৰ এখন খেলত তীব্র প্ৰতিদ্বন্দ্বী পাকিস্তানক ৬১ ৰাণত পৰাস্ত কৰি টিম ইণ্ডিয়াই চবুৰীয়া দেশখনৰ দৰ্প চূৰ্ণ কৰে । প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল, যাৰ বাবে ক্ৰিকেট পণ্ডিত আৰু অনুৰাগীৰ ব্যাপক সমালোচনাৰ সৃষ্টি হৈছিল । আই চি চিৰ ধমকৰ আশংকাত পাকিস্তানে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ঠিক আগতেই ইউ টাৰ্ণ মাৰি ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সন্মত হয় ।

গ্ৰুপ পৰ্যায়ত ভাৰতে পাকিস্তানক পৰাস্ত কৰে যদিও এতিয়া পুনৰ চিৰ প্ৰতিদ্বন্দ্বি এই দুয়োখন দেশৰ মাজত টি-২০ বিশ্বকাপ ২০২৬ত মুখামুখি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ বিশেষজ্ঞই । যদি অনুমান কৰা সমীকৰণ সঁচা হয় তেন্তে চলিত টি-২০ বিশ্বকাপত অনুগাৰীসকল পুনৰ ভাৰত-পাকিস্তান মেচৰ সাক্ষী হ’ব পাৰে ।

গ্ৰুপ পৰ্যায়ৰ শীৰ্ষত ভাৰত, দ্বিতীয় স্থানত পাকিস্তান-

ভাৰতীয় দলটোৱে গ্ৰুপ এৰ সকলো খেলতে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে । ইফালে পাকিস্তানে গ্ৰুপ এত চাৰিখন খেলৰ তিনিখন খেলত জয়লাভ কৰি দ্বিতীয় স্থান দখল কৰে । ছুপাৰ এইটত প্ৰৱেশ কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল যদিও নামিবিয়াৰ বিৰুদ্ধে অন্তিমখন খেলত জয়লাভ কৰি ছুপাৰ এইটৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল দলটোৱে । ২০০৯ চনৰ টি-২০ চেম্পিয়ন পাকিস্তানে অসংখ্য ত্ৰুটি প্ৰদৰ্শন কৰিছিল আৰু প্ৰথম মেচতে নেদাৰলেণ্ডৰ হাতত পৰাস্ত হোৱা হ’লে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’লহেঁতেন । পাকিস্তানে নেদাৰলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ এ মেচত তিনিটা বল বাকী থকা অৱস্থাত জয়লাভ কৰে ।

আকৌ হ’ব নেকি ভাৰত-পাকিস্তান মেচ ?

এই প্ৰতিযোগিতাত ২০ টা দলে অংশগ্ৰহণ কৰিছে । সকলো দলকে পাঁচটাকৈ দলৰ চাৰিটা গোটত ভাগ কৰা হৈছিল । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ এইট ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰে । ছুপাৰ এইট ৰাউণ্ডত এতিয়া চাৰিটাকৈ দলৰ দুটা গ্ৰুপ আছে আৰু আইচিচিয়ে ইতিমধ্যে প্ৰস্তুত তালিকা অনুসৰি দল নিৰ্ধাৰণ কৰা হৈছে । ছুপাৰ এইট ৰাউণ্ডত ভাৰতক গ্ৰুপ ১ত স্থান দিয়াৰ বিপৰীতে পাকিস্তানক গ্ৰুপ ২ত স্থান দিয়া হৈছে । টিম ইণ্ডিয়াৰ গ্ৰুপত ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱে অন্তৰ্ভুক্ত আছে । পাকিস্তানৰ গ্ৰুপত ইংলেণ্ড, নিউজিলেণ্ড আৰু শ্ৰীলংকা আছে ।

ছুপাৰ এইট ৰাউণ্ডত প্ৰতিটো গ্ৰুপৰ পৰা এটা দলে নিজৰ গ্ৰুপৰ বাকী তিনিটা দলৰ বিৰুদ্ধে এখন মেচ খেলিব । যিহেতু ভাৰত আৰু পাকিস্তান দুটা বেলেগ বেলেগ গোটত আছে, গতিকে দল দুটা মুখামুখি নহয় । ছুপাৰ এইটৰ দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । অৱশ্যে ছেমি ফাইনেলত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষৰ সম্ভাৱনা নথকা নহয় । যদি ভাৰত আৰু পাকিস্তানে নিজ নিজ গ্ৰুপত শীৰ্ষ দুটা স্থানত অন্ত পেলায় তেন্তে ছেমি ফাইনেলত সংঘৰ্ষ হ’ব পাৰে ।

ছেমিফাইনেল মেচৰ সমীকৰণ-

ছেমিফাইনেল ফৰ্মেটটো এটা ক্ৰছ অভাৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে :

গ্ৰুপ ১ৰ শীৰ্ষ দল বনাম গ্ৰুপ ২ৰ দ্বিতীয় স্থানৰ দল ।

গ্ৰুপ ২ৰ শীৰ্ষ দল বনাম গ্ৰুপ ১ৰ দ্বিতীয় স্থানৰ দল ।

ভাৰত-পাকিস্তানে কেনেকৈ ছেমি ফাইনেল খেলিব ?

প্ৰথম সমীকৰণ-

-নিজৰ গ্ৰুপত প্ৰথম স্থান দখল কৰিছে ভাৰতে ।

-এই গ্ৰুপত দ্বিতীয় স্থান লাভ কৰিছে পাকিস্তানে ।

-এনে ক্ষেত্ৰত দুয়োটা দল ছেমি ফাইনেলত মুখামুখি হ’ব পাৰে ।

দ্বিতীয় সমীকৰণ-

নিজৰ গ্ৰুপত প্ৰথম স্থানত আছে পাকিস্তান ।

-তেওঁলোকৰ গ্ৰুপত দ্বিতীয় স্থান লাভ কৰিছে ভাৰতে ।

-তেতিয়াও ছেমিফাইনেলত সংঘৰ্ষ সম্ভৱপৰ ।

দুয়োটা ছেমি ফাইনেল কেতিয়া নহয় ?

-যদি দুয়োটা দলে নিজৰ নিজৰ গ্ৰুপত প্ৰথম স্থান লাভ কৰে ।

-যদি দুয়োটা দলে নিজ নিজ গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে ।

-এনে ক্ষেত্ৰত ছেমি ফাইনেলত ইটোৱে সিটো দলৰ বিৰুদ্ধে খেলিব নোৱাৰিব ।

একেটা স্থানত ফাইনেলত সংঘৰ্ষৰ পথ মুকলি কৰিব-

যদি দুয়োটা দলে একেটা স্থানতে ছুপাৰ ৮ স্থানত অন্ত পেলায় (যেনে, দুয়োটা প্ৰথম বা দুয়োটা দ্বিতীয়), তেন্তে তেওঁলোকে পৃথক ছেমি ফাইনেল খেলিব । যদি দুয়োজনে নিজ নিজ ছেমি ফাইনেলত জয়লাভ কৰে তেন্তে ফাইনেলখন হ’ব পাৰে ভাৰত বনাম পাকিস্তানৰ গ্ৰেণ্ড প্ৰতিযোগিতা ।

লগতে পঢ়ক : ৰোমাঞ্চকৰ পৰ্যায়ত টি-২০ বিশ্বকাপঃ ছুপাৰ ৮ত মুখামুখি হ’ব তালিকাৰ শীৰ্ষ চাৰি দল