টি-২০ বিশ্বকাপ ২০২৬ত বৃহৎ অঘটন, অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জিম্বাবুৱেই গঢ়িলে এই অভিলেখ

টি-২০ বিশ্বকাপ ২০২৬ত বৃহৎ অঘটন, অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জিম্বাবুৱেই গঢ়িলে এই অভিলেখ

টি-২০ বিশ্বকাপত শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ২৩ ৰানত পৰাস্ত কৰে জিম্বাবৱেই । চলিত টি-২০ বিশ্বকাপত প্ৰথমটো অঘটন সংঘটিত হৈছে । শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ২৩ ৰানত পৰাস্ত কৰে জিম্বাবৱেই । এই প্ৰতিযোগিতাৰ ইতিহাসত একেৰাহে দ্বিতীয়বাৰৰ বাবে জিম্বাবুৱেই

টি-২০ বিশ্বকাপত শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ২৩ ৰানত পৰাস্ত কৰে জিম্বাবৱেই ।

চলিত টি-২০ বিশ্বকাপত প্ৰথমটো অঘটন সংঘটিত হৈছে । শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ২৩ ৰানত পৰাস্ত কৰে জিম্বাবৱেই ।

এই প্ৰতিযোগিতাৰ ইতিহাসত একেৰাহে দ্বিতীয়বাৰৰ বাবে জিম্বাবুৱেই অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলক পৰাস্ত কৰিছে । ইয়াৰ পূৰ্বে ২০০৭ চনৰ টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল জিম্বাবৱেই । সামগ্ৰিকভাৱে জিম্বাবুৱেই টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুবাৰ মুখামুখি হৈছে আৰু দুয়োবাৰেই জয়লাভ কৰিছে ।

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ বিৰ ১৯ সংখ্যক খেলখন কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হয় । প্ৰথমে বেটিং কৰি জিম্বাবুৱেই ২০ অভাৰত ২ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বলিং কৰিবলৈ সিদ্ধান্ত লয় । জিম্বাবৱেৰ হৈ ব্রায়ান বেনেটে ৫৬টা বলত অপৰাজিত ৬৪ ৰান সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াৰ হৈ মাৰ্কাছ ষ্টয়নিছ আৰু কেমেৰুন গ্ৰীনে এটাকৈ উইকেট দখল কৰে ।

জিম্বাবুৱেই বান্ধি দিয়া ১৬৯ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি বিপৰ্যয়ৰ সন্মুখীন হয় । দলটোৱে ১৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৪৬ ৰানহে কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : শ্ৰীলংকাত ভাৰত-পাকিস্তানৰ হাইভল্টেজ যুঁজ; টি-২০ বিশ্বকাপত কাৰ শক্তি অধিক ?