বুমৰাহক লৈ অনিশ্চয়তা, সুযোগ পাব নেকি ঈশান কিষণে ? আমেৰিকাৰ বিৰুদ্ধে কেনে হ’ব ভাৰতৰ সম্ভাব্য মূল একাদশ ?
ইফালে টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন মেচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতীয় তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে খেলাৰ সম্ভাৱনা অতি কম বুলি প্ৰকাশ পাইছে ।
আজিৰে পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ ২০২৬ । প্ৰথম দিনাই এই প্ৰতিযোগিতাৰ খেলপথাৰত নামিব ভাৰতীয় দল । ভাৰতে প্ৰথমখন মেচ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব । অৱশ্যে এই মেচৰ পূর্বে ভাৰতীয় দল পৰিচালনাৰ বাবে চিন্তা বৃদ্ধি পাইছে ৷
ইফালে টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন মেচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতীয় তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে খেলাৰ সম্ভাৱনা অতি কম বুলি প্ৰকাশ পাইছে । ভাইৰেল জ্বৰৰ সৈতে যুঁজি থকা বুমৰাহক জিৰণি দিয়াৰ পক্ষত থকা দল পৰিচালনা সমিতিয়ে শনিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত তেওঁক অনাৰ কোনো উদ্দেশ্য নাই ।
জানিব পৰা মতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বুমৰাহক জিৰণি দিয়া হ’ব । মেচৰ প্ৰাকক্ষণত তেওঁ খেলপথাৰত উপস্থিত হৈছিল যদিও অনুশীলনত অংশগ্ৰহণ কৰা নাছিল । গতিকে মহম্মদ ছিৰাজ মূল একাদশত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ।
এই মেচখনৰ বাবে বৰ্তমান ভাৰতীয় দলৰ মাত্ৰ ১৩ গৰাকী ফিট খেলুৱৈ উপলব্ধ । অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই আৰু বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত চূড়ান্ত ফিটনেছ ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি আছে । সুন্দৰৰ অনুপস্থিতিয়ে দল নিৰ্বাচনৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি কৰিছে ।
আনহাতে ৪ ফেব্ৰুৱাৰীত নাৱী মুম্বাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচখনত বেগী বলাৰ হৰ্ষিত ৰাণা আঁঠুৰ আঘাতৰ সন্মুখীন হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ বাবে শেষ মুহূৰ্তত মহম্মদ ছিৰাজক দলত অন্তৰ্ভুক্ত কৰা হয় ।
বেটিং অৰ্ডাৰৰ সন্দৰ্ভত ঈশান কিষণ আৰু অভিষেক শৰ্মাই ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচখনত ঈশান কিষণে অ’পেনাৰ হিচাপে ৫৩ ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে ট্ৰিভান্দমত নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ মেচত তিনি নম্বৰত বেটিং কৰিবলৈ আহি ১০৩ ৰান সংগ্ৰহ কৰিছিল তেওঁ ।
সঞ্জু চেমছনৰ ফৰ্মৰ অভাৱৰ বাবে দল পৰিচালনা সমিতিয়ে অৰ্ডাৰৰ শীৰ্ষত থকা ঈশান কিষণৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু তেওঁক হয়তো ইনিংছ মুকলি কৰাৰ দায়িত্ব দিয়া হ’ব ।
লগতে পঢ়ক : টিম ইণ্ডিয়াত সালসলনি ! হৰ্ষিত ৰাণাৰ সলনি এতিয়া খেলিব এইজন স্পীডষ্টাৰ !