টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ বাংলাদেশী দল.. প্ৰৱেশ ঘটিল এই দলৰ

টি-২০ বিশ্বকাপৰ পৰা ইতিমধ্যে বাহিৰ হৈছে বাংলাদেশ । দলটোক আনুষ্ঠানিকভাৱে বাহিৰ কৰিছে আইচিচিয়ে । ইয়াৰ পিছতে এতিয়া এই মেগা প্ৰতিযোগিতাত প্ৰৱেশ ঘটিছে এই দলৰ…

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ হ’ল বাংলাদেশ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে নিশ্চিত কৰিছে যে বাংলাদেশৰ ঠাইত স্কটলেণ্ডক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰা হৈছে । এই সিদ্ধান্তৰ বিষয়ে আইচিচিয়ে পত্ৰযোগে বাংলাদেশক অৱগত কৰিছে ।

বাংলাদেশক বাদ দিয়াৰ পিছত স্কটলেণ্ডে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত স্থান লাভ কৰিছে । স্কটলেণ্ডক গ্ৰুপ চিত স্থান দিয়া হৈছে, য’ত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল, ইটালীৰ বিৰুদ্ধে খেলিব দলটোৱে ।

আই চি চিৰ ভোটিঙত পৰাস্ত বাংলাদেশ-

উল্লেখ্য যে বাংলাদেশ আৰু আইচিচিৰ মাজত প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে এই বিতৰ্ক । বাংলাদেশে ভাৰতত বিশ্বকাপ খেলিব নোৱাৰাৰ লগতে নিজৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ বাবে জোৰ দিছিল । অৱশ্যে আইচিচিয়ে মেচসমূহ ভাৰতে অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰি দিছিল  । শেষত আইচিচি ব’ৰ্ডে ১৪-২ সংখ্যাগৰিষ্ঠতাৰে ভোটদানত ভাৰতত বাংলাদেশৰ খেলত অনুমোদন জনায় । এই ভোটিঙত কেৱল পাকিস্তানে বাংলাদেশৰ সপক্ষে ভোট দিয়ে ।

বিতৰ্কৰ সূত্ৰপাত-

এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল আই পি এল ২০২৬ৰ নিলামৰ পিছত । কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ৯.২০ কোটি ধনেৰে নিজৰ দলত অন্তৰ্ভূক্ত কৰে । কিন্তু এই পদক্ষেপে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বাতৰিৰ উদ্ধৃতি দি ভাৰতত প্ৰতিবাদৰ সূত্ৰপাত ঘটায় । ইয়াৰ পিছতে বিচিচিআইয়ে ৰহমানক আই পি এলৰ পৰা ৰিলিজ কৰি দিয়ে ।

এই সিদ্ধান্তই বাংলাদেশ ব’ৰ্ডক ক্ষুব্ধ কৰি তুলিছিল আৰু টি-২০ বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছিল । বিচিবিয়ে আইচিচিলৈ এখন পত্ৰ লিখি ভাৰতত নিজৰ মেচ খেলিব নোৱাৰিব বুলি উল্লেখ কৰে । দলটোৰ মেচসমূহ শ্ৰীলংকা বা পাকিস্তানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল বাংলাদেশে ।

বাংলাদেশে যুক্তি দিছিল যে ভাৰতত তেওঁলোকৰ খেলুৱৈৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে । অৱশ্যে আইচিচিয়ে নিজৰ নিৰাপত্তা প্ৰতিবেদনত কোনো ধৰণৰ সম্ভাৱ্য ভাবুকিৰ কথা অস্বীকাৰ কৰে । শেষত আইচিচিয়ে স্পষ্ট কৰি দিয়ে যে বাংলাদেশে ভাৰতত টি-২০ বিশ্বকাপ খেলিব লাগিব । যদি দলটো ভাৰতলৈ নাহে তেতিয়া প্ৰতিযোগিতাৰ বাহিৰ হ’ব লাগিব বুলি স্পষ্ট কৰি দিছিল আইচিচিয়ে ।

যেতিয়া বাংলাদেশে আইচিচিৰ এই নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰে, তেতিয়া আইচিচিয়ে ভোটিঙৰ সহায় লয়, য’ত বাংলাদেশে পৰাস্ত হয় । বাংলাদেশৰ ঠাইত এতিয়া স্কটলেণ্ডে টি-২০ বিশ্বকাপত স্থান লাভ কৰিছে ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

আইচিচিৰ সকীয়নিৰ পিছতো নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে বাংলাদেশে । ইয়াৰ পিছতে এতিয়া টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে দেশখন ।

ভাৰতৰ বিৰোধিতা কৰিবলৈ গৈ মুখ থেকেচা খালে বাংলাদেশে । আইচিচিয়ে বান্ধি দিয়া সিদ্ধান্ত তথা সময়সীমা মানি নোলোৱাৰ পিছতেই টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ বাহিৰ হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সকীয়নি আৰু আল্টিমেটামৰ পিছতো বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি), খেলুৱৈ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া উপদেষ্টাই টি-২০ বিশ্বকাপ সন্দৰ্ভত নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে । বাংলাদেশে স্পষ্ট কৰি দিছে যে যদিহে খেলসমূহৰ স্থান ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত নহয় তেন্তে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ নকৰে ।

খেলুৱৈসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলে আইচিচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে আইচিচিয়ে বাংলাদেশক ন্যায় দিয়া নাই আৰু খেলুৱৈসকলৰ সুৰক্ষাক অৱহেলা কৰা হৈছে । আছিফ নাজৰুলৰ মতে, কোনো কাৰণতে নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নহ’ব বুলি চৰকাৰ, ক্ৰিকেট ব’ৰ্ড, খেলুৱৈসকলে সকলোৱে সহমত প্ৰকাশ কৰিছে ।

আছিফ নাজৰুলে স্পষ্টভাৱে কয় যে, “আমি কাৰো হেঁচাত তল মূৰ নকৰো । বাংলাদেশে বিশ্বকাপ খেলিব নোৱাৰিলে ইয়াৰ পৰিণতি বিশ্বই বুজিব লাগে । আমি আমাৰ খেলুৱৈৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰিব নোৱাৰো ।”

বৈঠকৰ অন্তত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডেও এই সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰে । ব’ৰ্ডে উল্লেখ কৰে যে সাম্প্ৰতিক পৰিস্থিতিত খেলিবলৈ ভাৰতলৈ যোৱাটো নিৰাপদ নহয় আৰু সেয়েহে স্থান শ্ৰীলংকালৈ সলনি কৰিব লাগে । অৱশ্যে প্ৰতিযোগিতাখনৰ খেলসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰ কৰা নহ’ব বুলি ইতিমধ্যে আইচিচিয়ে স্পষ্ট কৰি দিছে ।

আইচিচিৰ এই কঠোৰ সতৰ্কবাণীৰ পিছতো বাংলাদেশে নিজৰ সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰিছে । এই সমগ্ৰ বিতৰ্কই টি-২০ বিশ্বকাপৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সকলোৰে দৃষ্টি এতিয়া আইচিচিৰ পৰৱৰ্তী পদক্ষেপ আৰু এই সংঘাতৰ সমাধানৰ ওপৰত থাকিব ।

টি-২০ বিশ্বকাপৰ সূচী অনুসৰি বাংলাদেশক প্ৰথমে গ্ৰুপ C-ত স্থান দিয়া হৈছিল । ইয়াৰ প্ৰথম তিনিখন মেচ কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল । ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুম্বাইত নেপালৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলাৰ কথা আছিল বাংলাদেশে ।

লগতে পঢ়ক : আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

উত্তৰ দিয়াটো নিৰাপদ নহয়… ভাৰতত টি-২০ বিশ্বকাপ খেলাক লৈ মৌনতা ভংগ বাংলাদেশৰ অধিনায়কৰ

ভাৰতত টি-২০ বিশ্বকাপ খেলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক লিটন দাসে । এই প্ৰতিক্ৰিয়াই চলি থকা বিতৰ্কটোক আৰু অধিক জটিল কৰি তুলিছে ।

বাংলাদেশৰ অধিনায়ক লিটন দাসৰ শেহতীয়া বক্তব্যই টি-২০ বিশ্বকাপ ২০২৬ত বাংলাদেশৰ অংশগ্ৰহণক লৈ চলি থকা বিতৰ্কত অধিক ইন্ধন যোগাইছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত স্থান আৰু নিৰাপত্তাক লৈ হোৱা বিবাদে পৰিস্থিতি ইমানেই জটিল কৰি তুলিছে যে প্ৰতিযোগিতা আৰম্ভ হ’বলৈ মাত্ৰ কেইদিনমান বাকী থকাৰ সময়তে বাংলাদেশ ভাৰতলৈ আহিব নে নাহে সেয়া স্পষ্ট হোৱা নাই ।

বিচিবি-আইচিচিৰ যুঁজ-

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে দলটোৰ টি-২০ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে । নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছে ব’ৰ্ডে । কিন্তু আইচিচিয়ে এই দাবীত এতিয়াও সন্মতি দিয়া নাই আৰু কেইবাবাৰো বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো কোনো সিদ্ধান্তত উপনীত হোৱা নাই । এই অচলাৱস্থাই বাংলাদেশক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিছে । খেলুৱৈৰ পৰা অনুৰাগীলৈকে সকলোৱে চূড়ান্ত সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে ।

অধিনায়ক লিটন দাসৰ প্ৰতিক্ৰিয়া-

মঙলবাৰৰ বাংলাদেশ প্ৰিমিয়াৰ লীগৰ খেলখনৰ পিছত প্ৰতিযোগিতাখনৰ পিটচসমূহ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সহায়ক হৈছে নে নাই বুলি সোধাত অধিনায়ক লিটন দাসে স্পষ্ট কৰি দিয়ে যে এই সময়ত তেওঁ এই বিষয়ত কথা ক’ব পৰা অৱস্থাত নাই ।

লিটন দাসে কয়, “আপুনি নিশ্চিতভাৱে কৈছেনে যে আমি টি-২০ বিশ্বকাপ খেলিম ? মই অনিশ্চিত, সকলোৱে অনিশ্চিত । মই ভাবো সমগ্ৰ বাংলাদেশ বৰ্তমান অনিশ্চিত । মই উত্তৰ নিদিওঁ । আপুনি কি সুধিছে মই বুজি পাইছো । উত্তৰ দিয়াটো মোৰ বাবে নিৰাপদ নহয় । মোৰ উত্তৰ নাই ।” এই বক্তব্যই সমগ্ৰ বিতৰ্কটোক খেলুৱৈসকলৰ সুৰক্ষা আৰু অৱস্থাৰ ওপৰত পুনৰ কেন্দ্ৰীভূত কৰিছে । ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে কি হেঁচাত অধিনায়কগৰাকীয়ে মুকলিকৈ কথা কোৱাত সমস্যাৰ সন্মুখীন হৈছে ।

ইয়াৰ পূৰ্বে বাংলাদেশ চৰকাৰৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলেও সংবাদ মাধ্যমত স্পষ্ট বক্তব্য আগবঢ়াইছিল যে আইচিচিয়ে ২১ জানুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰিলেও কোনো কাৰণতে বাংলাদেশে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাযায় ।

লগতে পঢ়ক : বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ শেষ সুযোগ, আজিৰে পৰা ভাৰত-নিউজীলেণ্ডৰ টি-২০ শৃংখলা

বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ শেষ সুযোগ, আজিৰে পৰা ভাৰত-নিউজীলেণ্ডৰ টি-২০ শৃংখলা

আজি নাগপুৰত শৃংখলাৰ প্ৰথমখন টি-২০ত মুখামুখি হ’ব ভাৰত-নিউজীলেণ্ড । আগন্তুক বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ শেষ সুযোগ এই শৃংখলা ।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চি টি-২০ বিশ্বকাপ । তাৰ পূৰ্বে টিম ইণ্ডিয়াই প্ৰস্তুতিৰ বাবে মাত্ৰ এটা সুযোগ লাভ কৰিছে । আজি, ২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টি-২০ শৃংখলা । ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন মেচ । ইয়াৰ পিছতে ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ মহাৰণ ।

বিশ্বকাপৰ অনুশীলন খেলৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই । গতিকে এই পাঁচখন খেলৰ শৃংখলা দুয়োটা দলৰ বাবে প্ৰস্তুতিৰ অন্তিম সুযোগ । ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিউজীলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নিজৰ আগ্ৰাসী বেটিং শৈলী পুনৰ প্ৰদৰ্শনৰ আশা কৰিছে । বুধবাৰে নাগপুৰত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

সূৰ্যকুমাৰৰ নেতৃত্বত ভাৰতৰ প্ৰদৰ্শন-

২০২৪ চনত টি-২০ৰ অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতৰ প্ৰদৰ্শন অত্যন্ত উৎকৃষ্ট  । দলটোৱে নিজৰ ৭২ শতাংশতকৈ অধিক মেচত জয়লাভ কৰিছে । অৱশ্যে এই সময়ছোৱাত সূৰ্য্যকুমাৰৰ নিজৰ বেটিং প্ৰদৰ্শন যথেষ্ট হ্ৰাস পাইছে । ঘৰুৱা মাটিত খেলি আৰু প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ ৰক্ষা কৰাৰ আশাৰে তেওঁৰ ওপৰত চাপ স্পষ্টভাৱে বৃদ্ধি পাইছে ।

নিউজীলেণ্ডে বিগত এবছৰত ভাৰতৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ অভিলেখ গঢ়িছে । টেষ্ট শৃংখলাত ক্লীন ছুইপ আৰু ভাৰতত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত জয়লাভ কৰিছে কিৱি দলটোৱে ।

অৱশ্যে টি-২০ ফৰ্মেটত সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতক সম্পূৰ্ণ বেলেগ দল হিচাবে দেখা গৈছে । সূৰ্যকুমাৰৰ নেতৃত্বত ২৫ খন টি-২০ মেচৰ ভিতৰত ১৮ খন খেলত জয়লাভ কৰিছে ভাৰতে । অভিষেক শৰ্মাৰ বিস্ফোৰক আৰম্ভণি আৰু মধ্য অভাৰত বৰুণ চক্ৰৱৰ্তীৰ ৰহস্যজনক বলিং মূল কাৰক হিচাপে পৰিগণিত হৈছে ।

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত নিউজীলেণ্ডে ২১খন টি-২০ মেচৰ ভিতৰত ১৩খন খেলত জয়লাভ কৰিছে । ডেভন কনৱে, অধিনায়ক মিচেল ছেণ্টনাৰ, বেগী বলাৰ জেকব ডাফী আৰু অলৰাউণ্ডাৰ ডেৰিল মিচেল আৰু গ্লেন ফিলিপছৰ সৈতে কিৱি দলটোও কোনো কাৰণতে দুৰ্বল নহয় ।

শ্ৰেয়াছ নে ঈশান ?

ভাৰতৰ দৰে দলত শ্ৰেয়াছ আয়াৰৰ দৰে খেলুৱৈক সাধাৰণতে টি-২০ দলত অন্তৰ্ভুক্ত কৰা উচিত । তেওঁ আই পি এলৰ তিনিটা ভিন্ন দলক নেতৃত্ব দি ফাইনেললৈ যোৱাৰ লগতে এবাৰ খিতাপো লাভ কৰিছে । তিলক বাৰ্মাৰ অস্ত্ৰোপচাৰে শ্ৰেয়াছক সুযোগ দিছে । যদি তিলক সময়মতে সুস্থ হ’ব নোৱাৰে তেন্তে ৪ নম্বৰত শ্ৰেয়াছৰ উপস্থিতিয়ে সূৰ্য্যকুমাৰক নিজৰ পছন্দৰ ৩ নম্বৰ স্থানলৈ ঘূৰাই আনিব পাৰে ।

যদিও তিলক বাওঁহতীয়া বেটছমেন, ফৰ্মত থকা ঈশান কিষণো প্ৰতিদ্বন্দ্বী হ’ব পাৰে । পাৱাৰপ্লেত আক্ৰমণাত্মক বেটিং কৰাৰ বাবে ঈশান পৰিচিত আৰু ৩ নম্বৰত বেটিং কৰাটো তেওঁৰ বাবে অধিক উপযোগী প্ৰমাণিত হ’ব পাৰে ।

হাৰ্দিক, বুমৰাহ আৰু বৰুণৰ প্ৰত্যাৱৰ্তন-

এই টি-২০ শৃংখলাত এদিনীয়া শৃংখলাৰ সময়ত জিৰণি লোৱা হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহ ঘূৰি আহিছে । হাৰ্দিকে দলটোত ভাৰসাম্য বৃদ্ধি কৰে আৰু তেওঁৰ উপস্থিতিয়ে অতিৰিক্ত বিশেষজ্ঞ খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ সুবিধা দিয়ে ।

নিউজীলেণ্ডৰ খেলুৱৈৰ বাবে অচিনাকি বৰুণ চক্ৰৱৰ্তীও দললৈ ঘূৰি আহিছে । মিডল অভাৰত তেওঁৰ চাৰিটা অভাৰে প্ৰায়ে মেচৰ গতিপথ সলনি কৰে ।

কুলদীপ যাদৱৰ ফৰ্ম চিন্তাৰ বিষয় হৈ পৰিছে, গতিকে বৰুণে অধিক দায়িত্ব বহন কৰিব লাগিব । বিশেষকৈ ডেৰিল মিচেল আৰু গ্লেন ফিলিপছৰ বিৰুদ্ধে তেওঁৰ মেচ আপে শৃংখলাৰ ফলাফল নিৰ্ণয় কৰিব পাৰে ।

টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলঃ

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষণ, শ্ৰেয়াছ আয়েৰ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, ৰিংকু সিং, অৰ্শদীপ সিং, ৰবি বিষ্ণোই, হৰ্ষিত ৰাণা ।

লগতে পঢ়ক : সকীয়নিৰ পিছতো আইচিচিক ৰঙা চকু বাংলাদেশৰ; টি-২০ বিশ্বকাপক লৈ ক’লে এই কথা…

সকীয়নিৰ পিছতো আইচিচিক ৰঙা চকু বাংলাদেশৰ; টি-২০ বিশ্বকাপক লৈ ক’লে এই কথা…

আইচিচিয়ে আলটিমেটাম জাৰি কৰা পিছতো শিক্ষা গ্ৰহণ কৰা নাই বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে । শেহতীয়াকৈ টি-২০ বিশ্বকাপক লৈ পুনৰ আন এক বিবৃতি দিছে দেশখনৰ ক্ৰীড়া পৰামৰ্শদাতা আছিফ নজৰুলে ।

বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলৰ আন এক বিবৃতি জাৰি কৰিছে । তেওঁ কয় যে বিচিচিআইৰ হেঁচাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে যদি বাংলাদেশৰ ওপৰত অযুক্তিকৰ চৰ্ত আৰোপ কৰে তেন্তে সেয়া মানি লোৱা নহ’ব । নজৰুলে বিগত সময়ত উত্তেজনামূলক বক্তব্য আগবঢ়াইছে । কেইবা সপ্তাহ ধৰি চলি থকা এই বিতৰ্কৰ এতিয়াও কোনো সঠিক সমাধান ওলোৱা নাই ।

মঙলবাৰে সচিবালয়ত বক্তব্য ৰাখি আছিফ নাজৰুলে কয় যে, “বিচিচিআইৰ হেঁচাত আইচিচিয়ে যদি আমাৰ সন্মুখত কোনো অন্যায় চৰ্ত ৰাখে, তেন্তে আমি সেইবোৰ মানি নলওঁ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইয়াৰ উদাহৰণ আছে, যেতিয়া ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল আৰু আইচিচিয়ে স্থান সলনি কৰিবলগীয়া হৈছিল । আমি টি-২০ বিশ্বকাপৰ ভেন্যু সলনি কৰিবলৈ যুক্তিসংগত অনুৰোধ জনাইছো ।”

শেহতীয়া এক প্ৰতিবেদন অনুসৰি আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক ২১ জানুৱাৰীৰ ভিতৰত দলটোৱে খেলিবলৈ ভাৰতলৈ আহিব নে নাই সেয়া সিদ্ধান্ত ল’বলৈ এক উলটিমেটাম জাৰি কৰে । প্ৰতিবেদন অনুসৰি যদি বিচিবিয়ে নিজৰ দল ভাৰতলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ৰেংকিঙৰ ভিত্তিত স্কটলেণ্ডক তেওঁলোকৰ সলনি বিশ্বকাপত স্থান দিয়া হ’ব ।

অৱশ্যে বিচিবিৰ মিডিয়া কমিটীৰ অধ্যক্ষ আমজাদ হুছেইনে উল্লেখ কৰে যে ১৭ জানুৱাৰীত বিচিবিৰ বিষয়াসকলে আইচিচিৰ এজন প্ৰতিনিধিক সাক্ষাৎ কৰিছিল । হুছেইনৰ মতে, সেই বৈঠকৰ পিছত আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে শীঘ্ৰে পুনৰ সংযোগ স্থাপন কৰিব বুলি উল্লেখ কৰিছিল যদিও কোনো তাৰিখ প্ৰকাশ কৰা হোৱা নাই ।

ইফালে, ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ মূল সূচী সলনি কৰিবলৈ অনিচ্ছুক আইচিচি । বৰ্তমানৰ সূচী অনুসৰি বাংলাদেশক নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ, ইটালী আৰু নেপালৰ সৈতে গ্ৰুপ চিত স্থান দিয়া হৈছে । বাংলাদেশে অহা ৭ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

লগতে পঢ়ক : ৰোহিত-কোহলীৰ কোটি কোটি টকা পাৰিশ্ৰমিক কৰ্তন ! কেন্দ্ৰীয় চুক্তি সলনি কৰাৰ পথত বিচিচিআই

টি-২০ বিশ্বকাপৰ বিতৰ্কত এইবাৰ পাকিস্তানৰ এন্ট্ৰি… দিলে এই বিশেষ অফাৰ

টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে ভাৰতত নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পিছতে এতিয়া এই বিতৰ্কত এন্ট্ৰি মাৰিছে পাকিস্তানে…

ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছে । অৱশ্যে এই বিষয়ত এতিয়াও কোনো সঁহাৰি দিয়া নাই আই চি চিয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে বি চি বিয়ে ।

আই পি এলৰ পৰা মুস্তাফিজুৰৰ ৰিলিজৰ পিছতে এক প্ৰকাৰৰ ক্ষোভ প্ৰকাশ কৰিছে বি চি বিয়ে । শেহতীয়াকৈ এতিয়া এই বিতৰ্কত প্ৰৱেশ কৰিছে পাকিস্তান । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ টি-২০ বিশ্বকাপৰ মেচ আয়োজনৰ বাবে যদি শ্ৰীলংকা অনুপলব্ধ হয়, তেন্তে আতিথ্য দিবলৈ পাকিস্তান সাজু বুলি পি চি বিয়ে প্ৰকাশ কৰিছে ।

জানিব পৰা মতে পাকিস্তানৰ সকলো খেলপথাৰেই টি-২০ বিশ্বকাপৰ খেলসমূহ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি প্ৰকাশ কৰিছে পি চি বিয়ে । পি চি বিয়ে ইতিমধ্যে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰ ২০২৫ৰ দৰে ডাঙৰ ইভেণ্ট সফলতাৰে আয়োজন কৰিছে আৰু সেয়েহে এই মেচসমূহ মসৃণভাৱে আয়োজন কৰিবলৈ সক্ষম বুলি উল্লেখ কৰিছে ।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে যোৱা ৪ জানুৱাৰীত স্পষ্ট কৰি দিছিল যে ২০২৬ চনৰ টি-২০ বিশ্বকাপত খেলিবলৈ ভাৰতলৈ নাযায় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশ অনুসৰি তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) দলৰ পৰা ৰিসিজ কৰি দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ ফলত দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু ৰাজনৈতিক উত্তেজনা আৰু অধিক গভীৰ হৈ পৰে ।

লগতে পঢ়ক : তামিম ইকবালক ভাৰতীয় এজেণ্ট আখ্যা, বাংলাদেশ ক্ৰিকেটত বিতৰ্ক

টি-২০ বিশ্বকাপৰ বাবে আহিবই লাগিব ভাৰত, অন্যথা… বাংলাদেশৰ দাবী নাকচ আই চি চিৰ

টি-২০ বিশ্বকাপৰ স্থানক লৈ বাংলাদেশে কৰা দাবীক নাকচ কৰিছে আই চি চিয়ে । ইয়াৰ পিছতে এতিয়া বিপদত পৰিছে বাংলাদেশ ক্ৰিকেট দলটো । বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিবই লাগিব বুলি আই চি চিয়ে বি চি বিক স্পষ্ট কৰি দিছে ।

টি-২০ বিশ্বকাপৰ স্থান স্থানান্তৰিত কৰাৰ বাংলাদেশৰ দাবী নাকচ কৰিছে আই চি চিয়ে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপ খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিবই লাগিব । অন্যথা পইণ্ট হেৰুৱাব লাগিব দলটোৱে ।

জানিব পৰা মতে আই চি চিয়ে ভাৰ্চুৱেল বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে যে সুৰক্ষাজনিত কাৰণত ভাৰতৰ বাহিৰত মেচ খেলাৰ তেওঁলোকৰ দাবী নাকচ কৰা হৈছে । খবৰ অনুসৰি আই চি চিয়ে বি চি বিক জনাই যে বাংলাদেশে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব লাগিব, অন্যথা পইণ্ট হেৰুৱাব লগা হ’ব । ইফালে বি চি বিয়ে জনোৱা মতে, আই চি চিয়ে এই অনুৰোধ নাকচ কৰাৰ বিষয়ে তেওঁলোকক অৱগত কৰা নাই ।

উল্লেখ্য যে, বি চি চি আইৰ নিৰ্দেশত শেহতীয়াকৈ আই পি এলৰ দল কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিছে । ঘৰুৱা প্ৰতিবাদৰ বাবেই বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ ভাৰতীয় জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে । ফলস্বৰূপে আই পি এলত ৰহমানক ক্ৰয় কৰাৰ বিৰোধিতা কৰিছিল ভাৰতীয় জনসাধাৰণে ।

বি চি চি আইয়ে মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে বাংলাদেশ চৰকাৰো এই বিতৰ্কত জপিয়াই পৰে । ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ বৰ্জন কৰাৰ ভাবুকি দিছিল বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে । আই চি চিলৈ লিখা এখন পত্ৰত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত তেওঁলোকৰ মেচ খেলিব নোৱাৰিব বুলি উল্লেখ কৰি সেই মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনায় ।

বাংলাদেশে যুক্তি দিছিল যে তেওঁলোকৰ খেলুৱৈসকলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ লোৱাটো প্ৰয়োজনীয় । ক্ষোভত বাংলাদেশে আনকি বাংলাদেশত আই পি এল সম্প্ৰচাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰে । কিন্তু এতিয়া আই চি চিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপৰ খেল খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিবই লাগিব ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

আই চি চিৰ সৈতে বৈঠকত বহিব বাংলাদেশ ক্ৰিকেট বৰ্ড, ভাৰতত মেচ নেখেলাৰ সিদ্ধান্তক লৈ হ’ব আলোচনা

আই চি চি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত টি–২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰা বিষয়টোলৈ বৈঠক অনুষ্ঠিত হ’ব । খেলুৱৈসকলৰ সুৰক্ষাক অজুহাত হিচাপে দেখুৱাই বি চি বিয়ে মেচৰ স্থান সলনি কৰাৰ দাবী উত্থাপন কৰিছিল ।

ভাৰতত টি–২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰা বিষয়টোলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি) আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বি চি বি)ৰ মাজত বৈঠক অনুষ্ঠিত হ’ব । নিৰাপত্তাৰ অজুহাত দেখুৱাই বাংলাদেশে ভাৰতত নিজৰ মেচসমূহ নেখেলাৰ দাবী উত্থাপন কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই সন্দৰ্ভত মঙলবাৰে আলোচনা হোৱাৰ সম্ভাৱনা আছে । বৈঠকত আই চি চিয়ে বি চি বিক বাংলাদেশ দলটোৱে বৰ্তমানৰ সূচী অনুসাৰেই যাতে ভাৰতত নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ খেলিবলৈ সন্মতি প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনাব ।

ভাৰতত খেলিব লাগিব চাৰিখন মেচ

টি–২০ বিশ্বকাপৰ আৰম্ভণি ৭ ফেব্ৰুৱাৰীৰ পৰা হ’ব । ভাৰত আৰু শ্ৰীলংকালৈ যৌথভাৱে টি-২০ বিশ্বকাপৰ এই সংস্কৰণ আয়োজন কৰিছে । বাংলাদেশে নিজৰ চাৰিখন লীগ মেচৰ ভিতৰত তিনিখন কলকাতাত আৰু এখন মুম্বাইত খেলিব লাগিব । বাংলাদেশৰ লীগ মেচসমূহ কলকাতাত ৱেষ্ট ইণ্ডিজ (৭ ফেব্ৰুৱাৰী), ইটালী (৯ ফেব্ৰুৱাৰী) আৰু ইংলেণ্ড (১৪ ফেব্ৰুৱাৰী)ৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব আৰু মুম্বাইত নেপাল (১৭ ফেব্ৰুৱাৰী)ৰ বিৰুদ্ধে খেলিব দলটোৱে । উল্লেখ্য যে, বাংলাদেশক গ্ৰুপ ‘চি’ত ইটালী, নেপাল, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে ।

আই চি চিলৈ পত্ৰ প্ৰেৰণ কৰিছিল বাংলাদেশ ক্ৰিকেট বৰ্ডে-

ইয়াৰ পূৰ্বে দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বি চি বি) আই চি চিলৈ পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছিল যে ভাৰতৰ সলনি বাংলাদেশৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত কৰা হওক । খেলুৱৈসকলৰ সুৰক্ষাক অজুহাত হিচাপে দেখুৱাই বাংলাদেশ ক্ৰিকেট বৰ্ডে মেচৰ স্থান সলনি কৰাৰ দাবী উত্থাপন কৰিছিল ।

প্ৰকৃততে, আই পি এলৰ পৰা মুস্তাফিজুৰ ৰহমানক বাহিৰ কৰা পিছৰে পৰাই বাংলাদেশ ক্ৰিকেট বৰ্ড অসন্তুষ্ট হৈ পৰিছে । ভাৰত আৰু বাংলাদেশৰ মাজত বিতৰ্ক তেতিয়াৰে পৰা অধিক তীব্ৰ হৈছে যেতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) আই পি এল ফ্ৰেঞ্চাইজী কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ক বাংলাদেশৰ ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে, কে কে আৰে যোৱা মাহত অনুষ্ঠিত হোৱা মিনি নিলামত মুস্তাফিজুৰক ৯.২০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল । কিন্তু বি চি চি আইৰ নিৰ্দেশ অনুসৰি কে কে আৰে এই বাংলাদেশী বলাৰগৰাকীক দলৰ পৰা বাহিৰ কৰি দিয়ে ।

আই চি চিলৈ প্ৰেৰণ কৰা পত্ৰত বি চি বিয়ে উল্লেখ কৰে যে, বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি ভাৰতত থকা বা ভাৰতলৈ যোৱা বাংলাদেশী নাগৰিকসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰা বাংলাদেশ চৰকাৰৰ পৰামৰ্শ অনুসৰি তেওঁলোকে এই সিদ্ধান্ত লৈছে । অৱশ্যে বি চি বিয়ে সতর্কতামূলক অৱস্থান গ্ৰহণ কৰিছে যদিও বাংলাদেশ চৰকাৰে এতিয়ালৈকে কোনো ভ্ৰমণ পৰামৰ্শ জাৰি কৰা নাই আৰু নিজৰ নাগৰিকসকলৰ ভাৰতলৈ অহা-যোৱা বা ভাৰতত থকাৰ ক্ষেত্ৰতো কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই ।

আই চি চিৰ উত্তৰৰ অপেক্ষা

এই বিষয়টোৰ সন্দৰ্ভত আই চি চিয়ে এতিয়ালৈকে কোনো ৰাজহুৱা মন্তব্য কৰা নাই আৰু উত্থাপিত প্ৰশ্নসমূহৰো উত্তৰ দিয়া নাই । সোমবাৰে মুম্বাইস্থিত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত আই চি চিৰ শীৰ্ষ বিষয়াসকল (অধ্যক্ষ জয় শ্বাহো আছে)এই ঘটনাক্ৰম আৰু আগলৈ ল’বলগীয়া পদক্ষেপসমূহ সন্দৰ্ভত আলোচনা কৰিবলৈ উপস্থিত আছিল ।

বি চি বিৰ ক্ষেত্ৰত বুজা গৈছে যে এই বিষয়ত আই চি চি আৰু বাংলাদেশ চৰকাৰৰ সৈতে আলোচনাৰ বাবে বৰ্ডৰ সভাপতি আমিনুল ইছলাম আৰু মুখ্য কাৰ্যবাহী বিষয়া নিজামুদ্দিন চৌধুৰীকহে অধিকাৰ দিয়া হৈছে ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

ক্ৰিকেট যুদ্ধত ২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ?  জানক সকলো মেচৰ তাৰিখ

২০২৬ বৰ্ষত ক্ৰিকেট গ্ৰাওণ্ডত কেইবাবাৰো মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বি ভাৰত-পাকিস্তান । জানক কেতিয়া কেতিয়া অনুষ্ঠিত হ’ব এই মেচসমূহ…

২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । চেম্পিয়নছ ট্ৰফীৰ পৰা এছিয়া কাপ আৰু মহিলা এদিনীয়া বিশ্বকাপ ২০২৫লৈকে দুয়োটা দল মুখামুখি হৈছিল । এই মুখামুখিত প্ৰতিবাৰেই ভাৰতীয় দলে পাকিস্তানক পৰাস্ত কৰিছিল । ভাৰতীয় দলটোৱে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ খিতাপো লাভ কৰে । ২০২৬তো ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট মেচ অনুষ্ঠিত হ’বনে ?  যদি দুয়োটা দলৰ মাজত এই বৰ্ষত মেচ অনুষ্ঠিত হয়  তেন্তে কিমানবাৰ মুখামুখি হ’ব ?  

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানে এতিয়া কেৱল ডাঙৰ ডাঙৰ ইভেণ্টতহে মুখামুখি হয় । উত্তেজনাপূৰ্ণ ৰাজনৈতিক সম্পৰ্কৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই ।

২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ?

১৯ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপঃ ২০২৬ চনত কেইবাটাও ডাঙৰ ক্ৰিকেট ইভেণ্ট অনুষ্ঠিত হ’ব । ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৯ বছৰ অনুৰ্ধ পুৰুষ বিশ্বকাপ । ভাৰত আৰু পাকিস্তানক বেলেগ বেলেগ গ্ৰুপত স্থান দিয়া হৈছে, গতিকে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ নকআউট মেচত মুখামুখি হ’ব পাৰে দুয়োটা দল ।

পুৰুষৰ টি-২০ বিশ্বকাপঃ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ পুৰুষৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব । নামিবিয়া, নেদাৰলেণ্ড আৰু আমেৰিকাৰ লগতে ভাৰত আৰু পাকিস্তানক গ্ৰুপ এত স্থান দিয়া হৈছে । এই বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলখন ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায় আৰু পৰৱৰ্তী নকআউট পৰ্যায়তো ভাৰত-পাকিস্তানৰ মেচৰ সম্ভাৱনা আছে ।

মহিলা টি-২০ বিশ্বকাপঃ অহা ১২ জুনৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ । ভাৰত আৰু পাকিস্তানকে ধৰি ছটা দলক গ্ৰুপ এত স্থান দিয়া হৈছে । ১৪ জুনত ভাৰত বনাম পাকিস্তান মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেলখন ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা ইংলেণ্ড-নিউজীলেণ্ড ভ্ৰমণলৈ… ২০২৬ হ’ব ভাৰতীয় দলৰ বাবে অগ্নি পৰীক্ষা